ফটাপ্ৰেম – মৃদুলা গগৈ
বহুতদিনৰ আগতে এটা বিহুগীত আছিল ।
” প্ৰথমতে পাতিছিলোঁ মৰমত ভনী
কথাদিলে হ’ব বোলে জীৱন সংগিনী…..”
এনেকুৱা এটা আশাতে মইও বহুত দিন ৰৈ আছিলোঁ। পিছে নহ’লগৈ।
কিয় ৰৈছিলোঁ তাকে লিখিছোঁ এইবাৰ।
হায়াৰ ছেকেণ্ডেৰী পাচ কৰি কলেজলৈ আহিলোঁ। কলেজ ঘৰৰ পৰা দূৰত গতিকে হোষ্টেলত আছিলোঁ ।
ঘৰত থাকোতে একেবাৰে শান্ত শিষ্ট ছোৱালী জনী হোষ্টেলত থাকিবলৈ লোৱাৰ লগে লগে সাংঘাতিক পৰিৱৰ্তন হলোঁ। পৰুৱাৰ পাখি গজিলে হোৱা পৰিৱৰ্তনৰ দৰেই। সুবিধা পালেই উৰি গৈ জুইতো পৰি দিয়া বিধৰ। ইমান পৰিৱৰ্তনৰ বতাহ বলি থকা সময়ছোৱাত প্ৰেমৰ বতাহে চুই নাযাবনে। চুই যোৱাই নহয় উৰুৱাই নিবলৈহে বাকী থাকিল।
কলেজৰ পৰা দল এটাক গ্ৰন্থমেলাত প্ৰগ্ৰেম এটা কৰাৰ সুবিধা দিছিল। ভাগ্যক্ৰমে মইও দলটোৰ লগত আছিলোঁ। বিৰাট ব্যস্ত আৰু প্ৰগ্ৰেমটোক লৈ। এমাহ আগৰে পৰা ৰিহাৰ্চেল। কলেজৰ পৰা গৈ তিহাৰ জেলত সোমোৱাৰ দৰে হোষ্টেলত সোমাই থাকিব লাগে, কিন্তু সেইকেইদিন ৰিহাৰ্চেলৰ বাবে সদায় পিছবেলা উলাই আহিবলৈ পাওঁ। বান্ধত থকা গৰু মুকলি হোৱাৰ দৰে অৱস্থা। ৰিহাৰ্চেলৰ সময়ৰ আগতেই হোষ্টেলৰ পৰা ওলাই আহি ঘূৰি ফুৰোহি। দলটোৰ সকলোৰে লগত কথাৰ গল্প কৰি হাঁহি ধেমালিৰে সময়খিনি পাৰ কৰোঁ।
প্ৰগ্ৰেম হৈ গ’ল ভালে ভালে কিন্তু কাণত অনবৰতে বাজি থাকিবলৈ ধৰিল মোৰ আবৃত্তিৰ লগত গীটাৰত বাজি উঠা সুৰটো। কিন্তু অকল সুৰটোৱে বাজি থকা হ’লে ভাল আছিল কিন্ত গীটাৰ বজোৱাজনৰ মুখখনেও চকুৰ আগত অগা-দেৱা কৰিবলৈ ধৰিল। দিনটোত এবাৰ দেখা পাবলৈ মনটো উগুল-থুগুল লাগি থাকে।
আমাৰ কলেজ হোষ্টেলকেইটাৰ মাজত ইন্টাৰ হোষ্টেল বাৰ্ষিক ক্ৰীড়া সপ্তাহ হয়। বয়জ হোষ্টেল দুটা আৰু গাৰ্লচ হোষ্টেল এটা। ছোৱালীৰ খেলবোৰ আমাৰ হোষ্টেলৰ ছোৱালীখিনিৰ মাজতে হয় যদিও ল’ৰাবোৰো উপস্থিত থাকে। খেলবোৰ পৰিচালনা কৰাৰ দায়িত্ব ল’ৰাবোৰৰ ওপৰতে পৰে। গীটাৰ বজোৱাজনো বয়জ হোষ্টেলৰ আছিল। প্ৰায়বোৰ খেলেই পৰিচালনা কৰিবলৈ আগবাঢ়ি আহে। এইবাৰ আৰু কোনে পায়, মইও জানো তল পৰি দিয়া বিধৰ! দেখুৱাব লাগিব তেওঁক মইও অলৰাউণ্ডাৰ বুলি। তেওঁ যিটো খেলেই পৰিচালনা কৰে মইও সেইটোকেই খেলোঁগৈ। প্ৰাণটাকি খেলিছোঁ। প্ৰেমত পৰিলে মানুহে অসম্ভৱকো সম্ভৱ কৰিব পাৰে বুলি এনেই নকয়, প্ৰমাণ পাই গৈছোঁ নিজে। কাবাদী, ৰিলে ৰেচ, চটফুট, ডিচকাচ একো বাদ দিয়া নাই । কোনোদিন বল এটা হাতেৰে চুই নোপোৱাজনীয়ে গীটাৰবাদকক ভলীবলৰ ৰেফাৰি কৰা দেখি ভলীবল খেলিবলৈও দিলোঁগৈ গ্ৰুপত সোমাই।
ৰেফাৰিয়ে হুইচেল বজাই খেল আৰম্ভ কৰিলে। পাকৈত খেলুৱৈৰ দৰে জঁপিয়াই আছোঁ। বলটো এইবাৰ আহিল মোৰ ফালে। গাটো থৰথৰে কঁপিছে,বল নহয় যেন ৰাক্ষস এটাইহে মোক গিলিবলৈ আহিছে। কৃষ্ণ.. কৃষ্ণ.. কৰি হাতদুখন মুঠি মাৰি গাৰ জোৰে বলটো মাৰি লৈ আই অ’.. .বুলি চিঞৰিবলৈ লৈও যেনতেন ধৈৰ্য ধৰি ৰৈছোঁ। হাতখন ভাঙিলেই নে আছেই গম নাপাওঁ আৰু! হাত পোন কৰিবলৈ নাপাওঁতেই আকৌ বলটো আহে। বল নামাৰি এৰি দিলেও লগৰ কেইজনীয়ে সুখেৰে এৰিবনে? সহিছোঁ আৰু যিমান পাৰোঁ। চকুৰে পানী ওলাই বব ধৰিছে। মনৰ ভিতৰতে ভগৱানৰ নাম লৈ লৈ কিবাকৈ খেলখন শেষ কৰিলোঁ। হাতৰ বিষত ৰেফাৰিলৈ এবাৰো চাবলৈ নহ’ল। বেজি লৈহে হাত ভাল কৰিছোঁ।
পিছদিনাৰ পৰা খেলিবলৈ যোৱা দূৰৰে কথা চাবলৈও যাব নোৱাৰা হলোঁ।
সকলো খেল চাবলৈ যায় । মই ৰুমত সোমাই থাকোঁ। বেণ্ডেজ কৰা হাতখন লৈ যাওঁনো কেনেকৈ! মনৰ দুখত বিচনাতে পৰি থাকোঁ।
ৰুমমেট জনীয়ে খেল চাই আহি চিঞৰি আহিছে,
: কি খুৱাবি ক নহ’লে চবকে ক’ম।
: যি খাৱ তাকে খুৱাম প্ৰথমে কথাটো ক কি হ’ল।
ফুল লগা ৰঙীন খাম এটা উলিয়াই দিলে তাই। দৌৰি গৈ ৰুমৰ ভিতৰত সোমাই সেইখন খুলি ল’লোঁ।
লেটাৰ পেডত লিখা এখন চিঠি ….
মৰমৰ
ভণ্টি মৃদুলা ………..
……………………………………
প্ৰথমৰ খিনি কি আছিল নিলিখোঁ । শেষৰ ফালে লিখা আছিল —
……….অহা সপ্তাহত মই হোষ্টেলৰ পৰা যামগৈ । আকৌ কেতিয়া আহিম নাজানোঁ। আহিলে তোমাক লগ কৰি যাম। তুমি ভাল ছোৱালী । ভাল দৰে পঢ়া-শুনা কৰিবা।
ইতি
………দাদা
চিঠি খন পঢ়ি মই থৰ লাগিলোঁ। গীটাৰবাদক P. G ৰ ফাইনেল বৰ্ষৰ ছাত্ৰ আছিল। কথাবোৰ মোৰ দৰে পাতলকৈ নলয়। “মন কৰিলেই ছন” বোলা কথাষাৰো সকলোতে নাখাটে। তেওঁ কথাবোৰ যুক্তি সহকাৰে ভাবে কাৰণে মোকো বুজাবলৈ চেষ্টা কৰিলে। তথাপিতো তেওঁৰ বুজনি মোৰ মগজত ভালদৰে নোসোমাল ।
মোৰ মনৰ কথা ” হ’ব ..দাদা “বুলি মাতিবহে লাগিছে।
অলপ দিনলৈ হোষ্টেললৈ গীটাৰবাদক দাদাৰ পৰা চিঠি মাজে মাজে আহি থাকিল। নতুন বছৰত ডিয়েৰ চিষ্টাৰ বুলি গ্ৰিটিংছ। ভনীৰ পৰা আৰু আগলৈ নগ’ল। চকুৰ আঁতৰ হ’লে মনৰো আঁতৰ হয়। লাহে লাহে ভনীয়েকলৈ মনত পৰাও কমি আহিল। মোৰো একেই হ’ল।
যি হ’ল হ’ল ভালেই হ’ল মনৰ হেঁপাহো নাইকিয়া হ’ল বুলি সেই প্ৰেমক তাতেই সামৰণি মাৰিলোঁ।
☆ ★ ☆ ★ ☆
9:46 pm
চিধাই ভণ্টীয়ে পাতে অ বা মোকো। সেয়াই দুখ। বঢ়িয়া লাগিল
2:44 pm
গিটাৰ বাদক দাদাহে হ’লগৈ।ভাল লাগিল পঢ়ি।
10:03 am
বৰ দুষ্ট গীটাৰিষ্ট। পঢ়ি খুব ভাল লাগিল।