ফটাঢোল

বাটে-ঘাটে – খনিন্দ্ৰ ভূষণ মহন্ত

(১)
ডাকঘৰত কিবা কাম এটা আছিল। আজি যাম-কাইলৈ যাম কৰি থাকোঁতে থাকোঁতে প্রায় এসপ্তাহ পাৰ হ’ল। এই কথাই কথা নহয় বুলি সেইদিনা কলেজৰ পৰা বাহিৰে- বাহিৰেই পোনাই দিলোঁ। বাহিৰত চৌফলীয়া ৰ’দ যদিও অমুকা সেইবোৰলৈ কেৰেপ কৰা প্রাণী নহয়। জনাই জানে বাৰু।

বেগত থকা ‘চান-গ্লাচ’যোৰ লগাই ল’লোঁ। কলেজৰ মূল তোৰণখন পাৰ হৈছোঁ মাত্র, পাছফালৰ পৰা কোনোবাই মাতিলে, “মহন্ত, কেনিবা যায় হ’বলা?”- ছাৰ এজনে হাতত দীঘল নালৰ ক’লা ছাতি (আমি সেইটো বুঢ়া ছাতি বুলি কওঁ) এটা লৈ আহি আছে। মই মনতেহে বোলোঁ, “নাই। ইমান ঠাণ্ডা লাগিছে। সেয়ে অলপ ৰ’দতে খোজ কাঢ়ি গাটো টঙাই লৈছোঁ।” হেৰৌ, দেখিছেই বাছ-ষ্টপৰ দিশে গৈ আছোঁ। আকৌ সেইটো সুধিলেহে হয়নে! ভোৰ্‌ভোৰণিটো মুখৰ ভিতৰতে গিলি উগাৰ এটা মাৰি ক’লোঁ, “অঁ ছাৰ, টাউনৰ পৰা আহোঁ।” এইবাৰ তিনি আলিলৈকে তেখেতেও মোৰ লগতে খোজ দিলে। লগতে তেখেতৰ জীৱনৰ বিচিত্র অভিজ্ঞতাসমূহৰ চুটি ব্যাখ্যা দিবলৈয়ো নাপাহৰিলে। আগতে এনেকুৱা দিনত ইমান গৰম নহৈছিল, কিয় নহৈছিল, তেওঁলোকে কেনেকৈ পথাৰত মাছ ধৰিবলৈ গৈছিল ইত্যাদি ইত্যাদি…। গোটেই সময়খিনিত মোৰ মাথোঁ এটাই কাম আছিল, ‘অঁ’, ‘হয়’ জাতীয় দুই-এটা শব্দৰে কথাখিনি শলাগি যোৱা। বাছ-ষ্টপটো পাওঁ- পাওঁ হৈছোঁ আৰু। তেনেতে তেওঁ সুধিলে-

: ছাতি অনা নাই?

: নাই ছাৰ। নালাগে।

: কিয় নালাগে? ৰ’দটো বহুত বেছি। মই ইয়াতে গাড়ীত উঠিম। একে ডাকঘৰৰ পদূলিতহে নামিম। মোৰটোকে লৈ যোৱা।

মই বিভিন্ন অজুহাত দেখুৱাই ছাতিয়ে-মানুহে তাতে এৰি ধুম-ধাম মেজিক এখনত উঠি টাউন অভিমুখে যাত্রা কৰিলোঁ। মনতে ছবি এখন আঁকিছোঁ, ‘পিঞ্চ’ কলাৰৰ টি-চার্ট, ভৰি চেপা খোৱা জিঞ্চ, ‘স্পর্টচ্ শ্বু’, ষ্টাইলিচ গাগলচ্, কান্ধত এটা বেগ আৰু হাতত সেই বুঢ়া ছাতিটো! ঈশ্বৰ! সেইটো ৰূপত ফটো এখন তুলি ফেচবুকত দিলে মুখ-মেলা আৰু ৰঙালাউৰ দোকান দিব পাৰিম যে ‘গেৰাণ্টি’।

(২)
শিৱসাগৰলৈ গৈছিলোঁ মাজতে। যোৰহাটৰ ISBT-ত গাড়ীত উঠিলোঁ। Maa Lakshmi বাছৰ তিনিজনীয়া ‘চিট’ৰ খিড়িকীৰ কাষত থকা চিটটোত বহিলোঁ। মানুহ ভর্তি হোৱা নাই বাবে গাড়ীখন ৰৈ আছে। মোৰ কাষৰ ‘চিট’ দুটাও তেতিয়ালৈকে খালী। গতিকে বৰ এটা কথা চিন্তা নকৰি মই বহা ঠাইকণত ইমান দেৰি ঘাম মচি থকা ৰুমালখন চিন হিচাপে থৈ তললৈ নামি গ’লোঁ।

ISBT-ৰ পৰিৱেশটোৰ বিষয়ে জনাসকলে জানে। কঁঠালৰ বাদুৰ দৰে ঠাহ্ খুৱাই বিভিন্ন ঠাইলৈ যাবলৈ শাৰী-শাৰী গাড়ীবোৰ ৰৈ থাকে। খাপ পিতি থাকে গাড়ীবোৰৰ কণ্ডাক্টৰ, হেণ্ডিমেনসকল। চালকজনে ‘ষ্টার্ট’ দিয়ে থয়, যান এই যাওঁ, এই যাওঁ। মানুহক আকর্ষণ কৰাৰ কোবত ঠাইৰ নামবোৰেও বেলেগ ৰূপ লয়গৈ। নগাঁও হয়গৈ ‘নগৌ’, শিৱসাগৰ হয়গৈ ‘চিবচাগ’ ʼ। ইফালে পানী বটল, বাদাম আদি বিক্রী কৰি ফুৰাবোৰৰ টনা-আঁজোৰা আছেই। মই ওচৰতে থকা দোকান এখনৰ পৰা পানীৰ বটল এটা আৰু চিপচ্ এপেকেট কিনি গাড়ীত উঠিলোঁ।

নিজৰ চিটলৈ আহি আচৰিত হ’লোঁ। মোৰ ঠাইত এগৰাকী আদহীয়া ব্যক্তি বহি আছে, কাষতে বয়সীয়াল মহিলা । মই ভদ্রভাৱে ক’লোঁ,

: দাদা, এইটো চিটত মই বহি আছিলোঁ। এয়া কিনিবলৈহে নামি গৈছিলোঁ। (আচলতে মোৰ খুড়া বুলিহে সম্বোধন কৰিবলৈ মন গৈছিল। কিন্তু মিছাতে ‘ফায়াৰ’ হৈ যায় বুলিহে!)

: কি কথা ক’বলৈ আহিছা হে’! তোমাৰ বুলি ইয়াত নাম লিখা আছে নেকি?

: আপুনি বহি থকা ঠাইত বগা ৰুমাল এখন পাইছিলনে?

: সৌখন (কাষৰ খালী চিটটোলৈ আঙুলিয়াই দেখুৱালে)। কিয়, আপোনাৰ নেকি সেইখন?

: হয় দাদা। ময়েই থৈ গৈছিলোঁ।

: (নিজকে অলপ দোষী দোষী যেন দেখুৱাই) বেয়া নাপাবা দেই। আমি মানে ভবাই নাছিলোঁ। কোনোবাই ভুলতে এৰি থৈ যোৱা বুলি ভাবিহে…!

ভাগ্য ভাল, এওঁলোকেও যে মানি লৈছে, “মানুহজন নথকা অৱস্থাত ৰুমালে সেই ব্যক্তিজনৰ উপস্থিতিৰ স্বাক্ষৰ বহন কৰে।“ নহ’লে শৰাইঘাটৰ আন এখন যুদ্ধ হোৱাৰ পৰিৱেশ এটা গঢ় লৈ উঠিছিলেই।

(৩)
বিশেষ প্ৰয়োজন এটাত ষ্টেট বেঙ্কলৈ গৈছিলোঁ। কাম মানে, মোৰ হাতত থকা এ টি এম কার্ডখন নৱীকৰণ কৰিবলৈ তেওঁলোকৰ ফালৰ পৰা জাননী দিছিল। প্রথমে কথাষাৰ ভুৱা বুলি বৰ বিশেষ একো চিন্তা নকৰাকৈ থাকিলোঁ। পাছত এদিন গʼম পালোঁ যে, কথাটো সঁচা। কাজেই বাকী সকলো লেঠা পেলাই থৈ বেঙ্কলৈ বাট পোনালোঁ। ইফালে বতৰ বৰষুণীয়া। ভিতৰত মানুহৰ অত্যন্ত ভিৰ। বেছি সংখ্যকেই মোৰ দৰে একে অসুবিধা নির্মূল কৰিবলৈ অহা বুলি হাতত থকা ‘ফর্ম’খনৰ পৰা নিশ্চিত হ’লোঁ। শাখাটোৰ ভিতৰত ইমানখিনি মানুহ বহিব পৰাকৈ পর্যাপ্ত সুবিধা নাছিল। আচলতে প্রয়োজনো নহয়। বতৰ বৰষুণীয়া বাবেহে ৰাইজ ভিতৰত।

মই সেই টিনৰ নে লোহাৰ একেলগে লাগি থকা চাৰি-পাঁচজনীয়া চোফা জাতীয় চকীবোৰৰ ওচৰতে থিয় দি মানুহবোৰৰ আলেখ-লেখ চাই আছোঁ। পিঠিত ক’লা বেগটো। হাততে ‘ফর্ম’খন আৰু চোলাৰ জেপত কলমটো। মাজে-মাজে চকীখনলৈয়ো চকু নিদিয়াকৈ থকা নাই। পাছে, সুবিধাটো পোৱা নাই। যেনে হ’লেও মোৰ দৰেই কেইবাজনেও জোপ লৈ আছে। থাকিবই বাৰু।

এপাকত সুবিধাটো পাই বহি ল’লোঁ। বেগটো কোঁচত। মোৰ দুই কাষে দুগৰাকী জ্যেষ্ঠ ব্যক্তি। এজন পুৰুষ, এগৰাকী মহিলা। কথাৰ পৰা গʼম পালোঁ, দুয়ো পেঞ্চনৰ কামত আহিছে। মহিলাগৰাকীয়ে হাতত লৈ থকা দর্খাস্তখন দেখুৱাই কিবা এটা সুধিছিল মোক। মই নাজানো। মোৰ কাষত থকা পুৰুষজনে জানিব বুলি তেখেতক সুধিলোঁ। তেওঁ জানো বুলি কোৱাত মই পুৰুষজনৰ সৈতে ঠাইখন সলাই ল’লোঁ। দুয়ো নিজৰ ভাগে কামটো সমাপন কৰি ল’লে। তেনেতে হওক ‘লাঞ্চ টাইম’। কি কৰোঁ, কি নকৰোঁ ভাবি পাৰ পোৱা নাই। ইফালে বাহিৰত বৰষুণৰ কোব বেছিহে হৈছে! আটাইতকৈ ডাঙৰ কথা, মোৰ কাষৰ দুজন ক’ৰবাৰ দূৰৰ চিনাকি ওলাল। মানে এজনৰ মোমায়েকৰ ঘৰৰ ওচৰৰ পৰা আনজনৰ ভায়েকে বিয়া পাতিছে জাতীয়। তাৰ পাছত আৰু কোনে পায়! মই বোলো এওঁলোকে পাতক। মই ‘হে’ডফোন’ডালকে লগাই গানকে শুনো। বেগত খেপিয়াই চাইছোঁ, উঃ, কালি ৰাতি গান শুনি বিছনাতে এৰিলোঁ সেইভাগ। ইফালে কথা পাগত উঠিছে। উপায়হীন হৈ মই কথা শুনাতে লাগিলোঁ।

এতিয়া তেওঁলোকৰ গাঁৱৰ “কোনটো ল’ৰাই কিমান জোৰত বাইক চলায়”, “বাইকত কাৰ জীয়েকক উঠাই ফুৰে”, “কোন ছোৱালীয়ে কাৰ ঘৰত ভাত খালে”, “কোন কালৈ পলাই যাব” ইত্যাদি তৰহ্-তৰহৰ গৰম-গৰম খবৰ মোৰ নখ-দর্পনত।

সেইবুলি আক’ মই আনৰ কথা শুনি থকা ভকত নহয়। কৈ দিছোঁ।

☆ ★ ☆ ★ ☆

One comment

  • AURAVINDA GOSWAMI

    সৰু সৰু উপভোগ্য কা হি ী।ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *