বৰুৱাৰ ডায়েৰী – অভাৱেই আৱিষ্কাৰৰ মূল : মৃদুল নাথ
(১)
: মৰিলি নেকি ঐ তই?
দৰ্জাৰ ঢকঢকনিৰ মাজতে বৰুৱা দাৰ উষ্ম কণ্ঠস্বৰৰ প্ৰকোপত মই হঠাৎ সাৰ পাই গ’লোঁ। মবাইলটো চাই দেখিলোঁ ৰাতিপুৱা সাত বাজিছে, তাৰমানে মাত্ৰ পাঁচ ঘণ্টাহে শুব পালোঁ।
যোৱা ৰাতি টিভিত চিনেমা এখন চাই থাকোঁতে ভালেখিনি ৰাতি হ’ল। সচৰাচৰ ৰাতিৰ সাঁজটো মই চাৰে ন মান বজাতে খাওঁ আৰু চাৰে দহ বজাত মোৰ নাসিকা গৰ্জন আৰম্ভ হয়। ‘খোৱা’ৰ পিছতে যদি মই ভালপোৱা কিবা আন কাম আছে, সেয়া হৈছে ‘শোৱা’। বহুতকে কোৱা শুনোঁ, নিজৰ বিছনাখন নহ’লে হেনো টোপনি ভালকৈ নাহে, মোৰ বাবে পিছে সেইবিলাক গুৰুত্বহীন কথা। বিছনাখনৰ অৱস্থা যেনেকুৱাই নহওক কিয়, টোপনি মোৰ আহিবই। মই পিছে আঠুৱাখনহে তৰিবলৈ কষ্ট পাওঁ, সেয়া মোৰ দ্বাৰা কোনোপধ্যেই নহ’ব। আগতে হোষ্টেলত থাকোতেও মোৰ বিছনাৰ আঠুৱাখন সদায় জাগ্ৰত অৱস্থাত আছিল, চুক এটা দাঙি সাউতকৈ ভিতৰলৈ সোমাই গ’লে হ’ল। বৰ্তমান আঠুৱা তৰাৰ সমস্যা নাই, খিড়িকীত নেট লগোৱা আছে, তাৰোপৰি ‘গুডনাইট’টোৱে সন্ধিয়াৰে পৰা গুড নাইট দিয়ে থাকে। তথাপি কেতিয়াবা কাণৰ কাষত দুই এটা মহে সংগীত জুৰিলে গাত অড’মছৰ প্ৰলেপ ঘহি লওঁ। মুঠতে আঠুৱা! ওহোঁ, নহব।
খাই উঠি চিধাই বিছনাত পৰা হয়, অলপ সময় বাতৰিৰ হেডলাইন কেইটা চোৱাৰ পিছতে চকু দুটাই বিদ্ৰোহ ঘোষণা কৰি দিয়ে। কালি পিছে অলপ ব্যতিক্ৰম হ’ল, চিনেমা খন কিবা এটা ভাল লাগিল, চকু দুটা জোৰকৈ মেলি ধৰি হ’লেও চাই শেষ কৰা মানে ৰাতি দুটা বাজিল। পিছদিনা দেওবাৰ হোৱা বাবে সিমান এটা চিন্তা কৰিব লগীয়া নাছিল। দুপৰীয়া লৈকে শুই থাকিলেও আপত্তি কৰিবলৈ কোনো নাই যেতিয়া শুই শুই ভাগৰ নলগালৈকে ফস্তি মাৰি শুব পৰা যাব।
পিছে বাটত থকা কণা বিধিয়ে পালেতো আৰু উপায় নাই! ৰাতিপুৱা হঠাতে টোপনি ভাগি গ’ল, দৰ্জাত কোনোবাই ভীষণভাৱে আঘাত কৰি আছে। খপ-জপকৈ উঠি চকু দুটা মোহাৰি মবাইলটো চাই দেখোঁ যে সাত বাজি দহ মিনিট হৈছে, আৰু মবাইলটোত বৰুৱা দাৰ দহটা মান মিছ ক’ল। এইবাৰ বাহিৰৰ পৰা আকৌ একে কেইটা শব্দ উৰি আহি মোৰ কাণত পৰিল, “মৰিলি নেকি ঐ তই?”
আৰু ৰব নোৱাৰি, বৰুৱাদাৰ মাতষাৰ ইতিমধ্যে চিঞৰলৈ ৰূপান্তৰিত হৈছে, লগতে সম্বোধনটোও হৈ পৰিছে ‘তুমি’ ৰ পৰা ‘তই’। লৰালৰিকৈ উঠি গৈ দৰ্জাখন খুলি দিলোঁ।
: কি মানুহ হে তুমি, ইমান ফোন কৰি আছোঁ ৰাতিপুৱাৰে পৰা। খা খবৰ নাই।- খংটো বৰ এটা কমা নাই যদিও সম্বোধনটো আকৌ ‘তুমি’লৈ ঘূৰি আহিল।
: ছৰি বৰুৱাদা, মবাইলটো চাইলেণ্ট কৰি থোৱা আছে, ৰাতি বহু দেৰি হ’ল কালি। পিছে আপুনি কেতিয়া আহিল?
: পোন্ধৰ মিনিটৰ পৰা ঢকিয়াই আছোঁ।
: সেইটো সোধা নাই অ বৰুৱা দা, বাংগালোৰলৈ গৈছিল যে, কেতিয়া আহিল?
: হে হে হে, কালি সন্ধিয়াই আহি পালোঁ, বৰ ভাগৰ লাগিছিল বাবে তোমাক নামাতিলোঁ। বহু লটি-ঘটি হ’ল হে বুজিছা এইবাৰ। তোমাক নোকোৱাকৈ শান্তি পোৱা নাই। ব’লা ব’লা আমাৰ তালৈকে ব’লা, বৌৱেৰাক চাহ বনাবলৈ কৈ থৈ আহিছোঁ।
হাঁহি টোৱে কয়, বৰুৱা দা বৰ্তমান একেবাৰে স্বাভাৱিক ৰূপত।
: বৰুৱা দা, মোক মাত্ৰ আধা ঘণ্টা দিয়ক, ফ্ৰেছ হৈ গৈ আছোঁ মই। আপুনি আগবাঢ়ক।
: বেছি দেৰি নকৰিবা, বৌৱেৰাই লুচি বনাই আছে। ঠাণ্ডা হ’লে লাভ নাই পিছত।
এয়া যে মোৰ বাবে টোপ, সেয়া খুব ভালদৰে উপলব্ধি কৰিব পাৰোঁ মই। আচলতে বৰুৱাদাই কথাখিনি মোক নোকোৱাকৈ যে শান্তি নাপায়, সেয়া মই ভালদৰে জানোঁ। গৰম গৰম ফুলা লুচিৰ লগত ধোঁৱা ওলাই থকা চাহকাপ খাই বৰুৱাদাৰ লটি-ঘটিৰ কাহিনী শুনাৰ আমেজেই বেলেগ হ’ব। কি বা অথন্তৰ ঘটাই আহিছে এইবাৰ!
কথাষাৰ কল্পনা কৰোতেই মোৰ টোপনি উৰি গ’ল। সোনকালে নিত্যকৰ্ম সমাপন কৰিবলৈ মই লৰালৰিকৈ বাথৰুমৰ ফালে আগবাঢ়িলোঁ। মোৰ চকুৰ আগত তেতিয়া বৌয়ে বনাই থকা ফুলা ফুলা লুচি কেইখন আৰু ধোঁৱা ওলাই থকা চাহ কাপ।
(২)
সাধাৰণতে নিত্যকৰ্ম সমাপন কৰি গা পা ধুই আজৰি হবলৈ সময় মোক ভালেখিনিয়ে লাগে। চকু দুটা মোহাৰি মোহাৰি গৈ কমোডটো কোনোমতে বিচাৰি লৈ তাৰ ওপৰত আৰামেৰে বহি লৈ আৰু পাঁচ-দহ মিনিট মান বৰশী বোৱাৰ পিছতহে মোৰ চকু দুটা ভালকৈ মেল খায়। আজিৰ কথাটো পিছে বেলেগ, মাত্ৰ পোন্ধৰ মিনিটতে কাৰ্য সমাপন হ’ল, কাৰণটো যে বৰুৱাদাৰ ঘৰত মোৰ বাবে ৰৈ থকা ফুলা লুচিকেইখন, সেয়া নকলেও বুজাজনে বুজিছে।
বৰুৱা দাৰ ঘৰ পাই কলিং বেলটো বজাব লৈছোঁ, তেনেতে দৰ্জাখন খুলি দি বৰুৱা দাই কলে, “দেৰি কৰিছা হে ডেকা লৰা, আহা আহা।” বৰুৱাদাৰ মুখত সচৰাচৰ লাগি থকা হাঁহিটো। অলপ পিছতে বৌ সোমাই আহিল, চিৰপৰিচিত হাঁহিটোৰে বৌয়ে মাত দিলে, ” আহিলা, ইমান দেৰি কৰিছা! পুৱাৰে পৰা মূৰটো চোবাই আছে এইজনে। তুমি আহিলা যেতিয়া এতিয়া তোমাৰ পাল।” এই হাঁহিটো মুখত লাগি নাথাকিলে দুয়োজনেই মোৰ বাবে অচিনাকি হৈ পৰে।
: বাৰু বৰুৱা দা, এতিয়া কওকচোন কি ইমান লটি ঘটি খন ঘটিলে আপোনাৰ লগত। ৰাতিপুৱাৰে পৰা কৌতুহলৰ ভৰ মগজুৱে দাঙিব নোৱৰা অৱস্থা হৈ গৈছে।- সঁচা কবলৈ হ’লে মনত ভালকৈয়ে কৌতুহল জাগিছে, কাৰণ সাত ঘাটৰ চেঙেলী এই বৰুৱা জীৱনৰ বিভিন্ন ভাল বেয়া অভিজ্ঞতাৰে পুষ্ট। সেইজনাক কোনোবাই সহজে জব্দ কৰাটো মুঠেও উজু কাম নহয়। কিন্তু বৰুৱাদাৰ কথাৰ পৰাই বুজিছোঁ যে এইবাৰ নগুৰ-নাকতি অলপ হৈছে খাটাং। পিছে ঘটনাটো কি আৰু সেয়া কি পৰিস্থিতিত পৰি ঘটিল সেয়াহে আচল কথা, জানিব নোৱাৰিলে এই জীৱন বৃথা।
: নতুন পৰিৱেশ পৰিস্থিতি এটাৰ লগত নিজকে খাপ খুৱাবলৈ আমাক সকলোকে কিছু সময় লাগে। নিজৰ আগ্ৰহ থাকিলে শিকিবলৈ বেছি সময় নালাগে। কিন্তু কেতিয়াবা পৰিস্থিতি এনেকুৱা হয় যে আগ্ৰহ নাথাকিলেও আমি নতুন পৰিৱেশ এটাক আঁকোৱালি লবলৈ বাধ্য হৈ পৰোঁ। কিন্তু বিপদ তেতিয়া আহে যেতিয়া তেনে পৰিস্থিতিত খাপ খাবলৈ খুব কম সময় পোৱা যায়।- বৰুৱাদাৰ তত্ব গধুৰ ভাষণ শুনি মোৰ মেলা মুখ মেল খায়েই থাকিল। একো নুবুজি মই পাকঘৰৰ ফালে চালোঁ, কিজানি বৌৰ দৰ্শন পাওঁ। বৌ লগত থাকিলে বৰুৱাদাই সাধাৰণতে কথাবোৰ দীঘলীয়া নকৰে, আমনি পাই মুখতে কৈ দিয়ে, “হৈছে, হৈছে, তাতে ব্ৰেক মাৰক আৰু আচল পইণ্টলৈ ঘূৰি আহক।”
ডাঙৰ ট্ৰে এখনত তিনিখন প্লেটত ফুলা লুচি, কাষত মচমচীয়াকৈ ভজা আলু ভাজি, তিনিটা অমলেট আৰু তিনি কাপ চাহ লৈ বৌ আহি যেতিয়া আমাৰ সন্মুখত ৰৈ দিলে, সেয়া সাক্ষাৎ মা অন্নপূৰ্ণাৰ দৰ্শন পোৱা যেন লাগিল। ইমান সময় যে মনে প্ৰাণে তাকে বিচাৰি আছিলোঁ।
: খাই খাই শুনো, নে কি কয় বৰুৱা দা!
: ঠিকেইতো, দেৰি কৰি লাভ নাই, শ্ৰী গনেশ কৰি দিয়া, নহলে ঠাণ্ডাই হব।- লুচি এডোখৰ ছিঙি লৈ তাৰ মাজত আলু-ভাজি অলপ লৈ মুখত ভৰাই অলপ সময় চোবাই চোবাই বৰুৱা দাই তেওঁৰ কাহিনী আৰম্ভ কৰিলে।
: বুজিছা,বাংগালোৰ পৰা বাহিৰে বাহিৰে মই পুনেলৈ যাব লাগে, ৰাতিপুৱাৰ বাৰ বজাত ফ্লাইট। হোটেলৰ পৰা প্ৰায় এঘন্টাৰ ৰাস্তা। দেওবাৰ বুলি ট্ৰেফিক অলপ কম হব যদিও ৰিস্ক লব নোৱাৰি। গতিকে নটা বজাত গাড়ী ৰেডি কৰিবলৈ হোটেলৰ মেনেজাৰক আগদিনা ৰাতিয়ে কৈ থৈছিলোঁ। ৰাতিপুৱা আঠ বজাত সাৰ পাই টিকেট খন ভালকৈ চাই দেখোঁ, সৰ্বনাশ।
বৰুৱা দাৰ কথাত চক খাই উঠিলোঁ। মনতে ভাবিলোঁ ছিয়’ৰ সময়ৰ খেলি-মেলি কৰিলে। তথাপি খু-দুৱনি মাৰিবলৈ সুধিলোঁ,
: কি হ’ল? সময় ভুলকৈ দেখা পালে নেকি?
: তাকে হে, দেখিলোঁ পুণেত লেণ্ডিং টাইম বাৰটা, বৰ্ডিং টাইম দহবজাত। মূৰত আকাশ ভাঙি পৰিল বুজিছা। ভাগ্যে আগদিনা ৰাতিয়ে পেকিং কৰা আছিল। যি কি নহওক, লগে লগে মেনেজাৰক ফোন কৰি এতিয়াই গাড়ী এখন দিবলৈ কলোঁ, লগতে কলোঁ ভাল ড্ৰাইভাৰ হব লাগিব, আধা ঘণ্টাৰ পৰা পঞ্চলিশ মিনিটত এয়াৰপোৰ্ট পাব লাগিব। চকু মুখত পানী মোহাৰি, গাৰ কাপোৰ সলাই একেলৰে লাগেজ লৈ দহ মিনিটত আহি ৰিচেপচন পালোঁ। “
: তাৰ পিছত? ফ্লাইট মিছ তাৰমানে!!- এইবাৰ বৌৰ মুখত কৌতুহলৰ চাপ।
: ধেই, তোমালোক তিৰোতা বিলাকে বৰ সোনকালে কনক্লুজন ড্ৰ’ কৰা হে। একতা কাপুৰৰ চিৰিয়েলৰ ডাইৰেক্ট প্ৰভাৱ এয়া।
: হেৰি, কি হ’ল নকয় কিয়? কিয়নো এনে এনে মাজত একতাজনীক লৈ আহে।
বৌৰ ধমক খাই বৰুৱা দা আকৌ আগৰ ঠাইলৈ ঘূৰি আহে। অমলেট এটুকুৰা মুখত ভৰাই ময়ো কলোঁ,
: হয়, হয় বৰুৱা দা, তাৰ পিছত কি হ’ল, সেইটো কওকচোন?
বৰুৱা দাই পুনৰ আৰম্ভ কৰে, “মেনেজাৰ জনে গাড়ী এখন যোগাৰ কৰি দিলে, মোক কলে ব্ৰেকফাষ্ট টো কৰি লবলৈ। ড্ৰাইভাৰ জন হেনো ওস্তাদ, আধা ঘণ্টাত পোৱাই দিব, দেওবাৰে ট্ৰেফিক কম থাকে। ইপিনে মোৰ ব্ৰেকফাষ্ট কৰিবলৈ মন নাই, কাৰণ ৰাতিপুৱা নিত্যকৰ্ম কৰিবলৈ সময় নহল। হোটেলৰ ‘হেভি ব্ৰেকফাষ্ট’ খালে যে বাথৰুমলৈ এপাক যাবলৈ মগজুৱে দেহাটোক নিৰ্দেশ দিব, সেয়া মই প্ৰায় খাটাং। মেনেজাৰে জোৰ কৰা বাবে কিবা কিবি খালোঁ। খাই উঠি চিধা গাড়ীত বহি যাত্ৰা আৰম্ভ কৰিলোঁ। কিন্তু বিপদে জানো লগ এৰে ইমান সোনকালে! অলপ দূৰ গৈয়ে পেটত ভুটুক ভাটাক আৰম্ভ হ’ল। মনটোৱে মোক ঠিকেই বাধা দিছিল! “
: চেহ, তাৰমানে ৰাস্তাত কৰবাত গাড়ী ৰখাব লগা হ’ল !- বৌয়ে অলপো ‘চাচপেঞ্চ’ সহ্য কৰিব নোৱৰা হৈ গৈছে। বৰুৱা দাই খঙেৰে বৌৰ ফালে চালে আৰু মোৰ ফালে মুখ খন ঘুৰাই কলে, “ড্ৰাইভাৰক কলোঁ, ভাই আজি কুৰুক্ষেত্ৰৰ ৰণলৈ ওলাইছোঁ, এতিয়া মই অৰ্জ্জুন আৰু তুমি স্বয়ং শ্ৰীকৃষ্ণ মোৰ বাবে। যদি আধা ঘণ্টাত কুৰুক্ষেত্ৰ অৰ্থাৎ এয়াৰপোৰ্ট নাপাওঁ, মহাভাৰতৰ ইতিহাস, ভূগোল চব সলনি হৈ যাব।নাজানোঁ তেওঁ কি বুজিলে, কিন্তু ভিতৰুৱা ৰাস্তা এটাৰে আমাৰ গাড়ী চেকুৰিব ধৰিলে।”
: সচাঁকৈ সিদিনা ড্ৰাইভাৰজন মোৰ বাবে ভগৱানৰ অৱতাৰ হৈ আহিছিল, ভবাতকৈ বহু সোনকালে এয়াৰপোৰ্ট পাই গলোঁ। দৌৰাদৌৰিকৈ চিকিউৰিটি চেক কৰি চিধা দৌৰিছোঁ বাথৰূম বিচাৰি। ইফাল সিফাল চাওঁতে দেখা পালোঁ বাথৰূমটো। সিদিনা সেই মুহূৰ্তত বাথৰূমটো সন্মুখত দেখি হাতত স্বৰ্গ পোৱাদি পাইছিলোঁ।”
কথাখিনি কৈ বৰুৱা দা অলপ সময় ৰ’ল, চকু দুটা মুদি ধ্যানমগ্ন হোৱাৰ দৰে হৈছে। হয়তো, চকু মুদি মনৰ চকুৰে দেখা পাইছে, কিদৰে সিদিনা স্বৰ্গৰ ভিতৰত স্বৰ্গদেউ হৈ কমোডৰূপী সিংহাসনত বহি আছিল।
: তাতে তাৰমানে কাহিনী শেষ, কিনো লটিঘটিটো হ’ল। এনেই হুলস্থুল খন কৰি চাচপেঞ্চত ৰাখিলে।- বৌয়ে মনে বিচৰা পৰিসমাপ্তি নাপাই অসন্তুষ্টি প্ৰকাশ কৰিলে। তাকে দেখি বৰুৱাদাই কলে, “ধেই, আচল লটি-ঘটিটো তাৰ পিছৰ পৰা হে আৰম্ভ হয়। বৰ অধৈৰ্যহে তোমালোক নাৰী সকল।”
: ঘূৰাই লওক শেষৰ বাক্যটো, সমগ্ৰ জাতিটোক লৈ এনেকুৱা মন্তব্য কোনোপধ্যেই মানি লোৱা নহব।- বৌৰ হুংকাৰ দেখি মই মধ্যস্থতাকাৰীৰ ভাও ল’ব লগা হ’ল। পুনৰ চাঞ্চল্যৰ গোন্ধ পাই মই অাথে-বেথে সুধিলোঁ, “কি কয় হে বৰুৱা দা, তাৰ পিছত কি হ’ল?”
: বাথৰূমটোৰ সন্মুখত দীঘলীয়া শাৰী, ময়ো দেৰি নকৰি ততাতৈয়াকৈ লাইনত থিয় দিলোঁ। পেটটো মাজে মাজে খামোচ মাৰি ধৰে, মাজে মাজে এৰি দিয়ে। সৰুতে বিজ্ঞানত পঢ়ি শিকিছিলোঁ কিদৰে ‘এক্সপান্সন’ আৰু ‘কনট্ৰেক্টশ্বন’ ৰ ফলত শিলো ক্ষয় যায়। আজি হাৰে হিমজুৱে বুজিছোঁ। মোৰ পাল পৰাত লগে লগে বাথৰূমৰ ভিতৰত সোমাই শান্তিৰ নিশ্বাস এৰিলোঁ। কাম সমাধা হোৱাৰ পিছত নিজকে চাফা কৰিবলৈ খুজি হে বিপাঙত পৰিলোঁ। চাৰিওফালে চকু ফুৰাব ধৰিলোঁ, পানী ওলোৱাৰ বাবে একো সা সৰঞ্জাম নাই। সাধাৰণতে বাথৰুম বোৰৰ ভিতৰত পানীৰ টেপ, পাইপ আৰু টিছ্ছু পেপাৰ থাকে। ইয়াত টিছ্ছু পেপাৰ নেদেখা নহয়, কিন্তু অমুকাহে সেইবিধ ব্যৱহাৰ কৰিবলৈ অপাৰগ। পানী ওলোৱা একো সৰঞ্জাম বিচাৰি নাপাই মোৰ মূৰ আচন্দ্ৰাই ধৰা যেন পালোঁ। ইপিনে দেৰি হোৱা দেখি এজনে বাহিৰৰ পৰা দৰ্জাত ঢকিয়াব ধৰিছে। সেই ফালেও নিশ্চয় ‘কনট্ৰেক্টশ্বন’-‘এক্সপান্সন’ৰ খেল। দৰ্জাৰ ঢকঢকনিৰ শব্দ বেছি হোৱা দেখি এয়াৰ কণ্ডিশ্বনড এয়াৰপোৰ্টৰ ভিতৰতো মই জ্বৰ ঘমাদি ঘামিব ধৰিলোঁ।- কথাখিনি শুনি বৌ হাহাকাৰ কৰি উঠিল। মনৰ কৌতুহল দমাব নোৱাৰি বৌয়ে কলে, “হে ঈশ্বৰ, তাৰ মানে আপুনি নোধোৱাকৈ…!চেহ চেহ…..!
: ধেই ৰ’বাহে, ইমান পেক পেক কৰে কথাৰ মাজত। শুনা, তাৰ পিছত কি হ’ল। পানীৰ অভাৱে মোক জুৰুলা কৰিছে, মনতে ভাবিব ধৰিলোঁ, কিবা উপায় নিশ্চয় আছে যিটোৰ বিষয়ে মই সম্পূৰ্ণ অজ্ঞ। মগজু স্থিৰ কৰি সুক্ষ্মভাৱে চাৰিওফালে নিৰীক্ষণ কৰি থাকোঁতে হঠাত হাতৰ কাষত এটা সৰু কিবা এটাৰ ওপৰত চকু পৰিল, ভালকৈ চাই দেখিলোঁ সেইটো পকাই দিয়াৰ সুবিধা আছে। ইষ্ট দেৱতাক সুঁৱৰি অলপমান সেইটো পকাই দিলোঁ। লগে লগে তলফালে শীতল কিবা এটাৰ পৰশ অনুভৱ কৰোঁ, বুজিলোঁ সেয়া পানী। তাৰ পিছত সকলো ফৰকাল, পানীৰ আৰু অভাৱ নহল, যি অভাৱৰ ফলত নতুন আৱিষ্কাৰ এটা কৰিব পৰা গ’ল, নতুন কিবা এটা শিকিব পৰা গ’ল।
: তাৰমানে আপুনি ধুব পাৰিলে? উহ প্ৰভু, ভাল ৰক্ষা কৰিলা এইবাৰলৈ। চলচলীয়া চকুৰে বৌয়ে কিছুসময় আকাশৰ পিনে চাই ৰ’ল। সচাঁকৈ এয়া এক নতুন পৰিৱেশ, যাৰ লগত বৰুৱাদাৰ পৰিচয় ঘটিল। অলপ কষ্ট হলেও বৰুৱাদাই পৰিৱেশটোৰ লগত খাপ খাই পৰিল। কিন্তু একেই পৰিস্থিতি কালি আন দুজনৰ লগতো হ’ব পাৰে, সেয়ে সজাগতাৰ দৰকাৰ আছে। লাহেকৈ বৰুৱাদাক কলোঁ, “দাদা, যিমানে যি নহওক, এয়া নতুন চিষ্টেম আমাৰ বাবে, পৰিচয় হোৱা নাই এতিয়াও। কালিলৈ এই বিপদ মোৰো হ’ব পাৰে, গতিকে আপোনাৰ আৱিষ্কাৰটো আমাৰ দৰে গাৱঁলীয়া মানুহৰ হিতাৰ্থে প্ৰচাৰ হব লাগে।”
মিচিকিয়াই হাঁহি বৰুৱাদাই কয়, “মনৰ কথা কৈছা।সেয়ে ফটো এখন তুলি আনিছোঁ। জনহিতাৰ্থে প্ৰচাৰ হওক।”
উদৰ পূৰাই খাই উঠি ঘৰলৈ উভতিছোঁ। ঘূৰি আহোঁতে কিন্তু বাৰে বাৰে বৰুৱাদাৰ কথাই মনলৈ আহি আছে। সচাঁকৈ জটিল পৰিস্থিতি আছিল সেয়া। তেনে এক প্ৰতিকুল পৰিস্থিতিৰ পিছতো আৱিষ্কাৰ সম্ভৱ হৈছে, অভাৱে আৱিষ্কাৰৰ মূল, মাথোঁ লাগে অসীম ধৈৰ্য আৰু ইচ্ছা-শক্তি। তথাপি কিন্তু মই এনে পৰিস্থিতিৰ সন্মুখীন নোহোৱাটোৱে বিচাৰিম, কাৰণ মোৰ ধৈৰ্যও কম, লগতে ইচ্ছা-শক্তিও কম।
☆ ★ ☆ ★ ☆
1:54 pm
জমনি
7:43 pm
তামাম জমনি লাগিল দেই কাহিনীটো৷ বৌয়েকৰ কি টেনচন নহবহে, মোৰে ইমান টেনচন৷
9:41 pm
জমনি দেই।