বৰুৱাৰ বজাৰত খাদ্য-সংকট : ঈশান জ্যোতি বৰুৱা
: কেৰাহীত তেল ধেৰ ঢালিছিল নেকি? দালিত পাঁচফোৰণ দিছিলনে? নেমু চেপি দিবলৈ হ’বলা পাহৰিলে! আৰু কি কি খাইছিল? মাছ? মঙহ? বৰুৱা জানো ভেজেটেৰিয়ান আছিল? আচ্ছা, ভূত জলকীয়াৰ আচাৰ খাইছিল? ক’ৰ ? তেজপুৰৰ নে নাগালেণ্ডৰ?
ৰক্তজবাৰ সমুখত এতিয়া শ-শ প্ৰশ্ন৷ কোনটোৰ উত্তৰ কেনেকৈ দিম, কেনেকৈ মনত পেলাই দিম-তাকে ভাবি থাকোঁতে সেইপিনে স্বামীদেৱতাৰ প্ৰাণবায়ুৱে পৃথিৱীৰ পবিত্ৰভূমি ত্যাগ কৰি অজান্তিমুলুকলৈ গমন কৰেহে লাগে৷ এইহেন শ্বাসৰূদ্ধকৰ মুহূৰ্তত ৰক্তজবাই চিকিৎসক গোস্বামীয়ে সোধা প্ৰশ্নবোৰৰ উত্তৰেই দিব নে স্বামীৰ পৰৱৰ্তী ঠিকনা সৰগ হয় নে নৰক হয় অথবা সৌভাগ্যবশতঃ এই মৰত হয়-সেইবোৰৰে চিন্তাত মগন হ’ব! বৰ আহুকলীয়া পৰিস্থিতি সঁচাকে৷ ডাক্তৰৰ আশে-পাশে থিয়দঙা দি থকা বৰুৱাৰ গুণমুগ্ধসকলৰ ফুচফুচনি অনুসৰি; ছাৰৰ দৰে ‘সাংঘাতিক-সাংঘাতিক’ মানুহবোৰৰ স্থান কোনোপধ্যেই নৰকত হ’ব নোৱাৰে ৷ দস্তুৰমত সৰগতেই হ’ব লাগিব; তাকো ৰিজাৰ্ভড্ কেটেগৰীত৷ অন্যথা ছাৰৰ দৰে বাচকবনীয়া মানুহবোৰক প্ৰবঞ্চনা কৰা হ’ব৷ অৱশ্যে আমাৰ ছাৰৰ ব্যক্তিত্বৰ যিহে বহুমাত্ৰিক বৈচিত্ৰ্য, সৰগতো গৈ ৰাজসভা কঁপাই দিয়াৰ সামৰ্থ্য আছে৷ ৰূপেই চাবা নে গুণেই চাবা! ফুলকুমলীয়া পেটটো ৰাতিটোৰ ভিতৰতে ফুলি গ’ল বুলিহে, নহ’লে কামদেৱতকৈ কোনোগুণে কম নহয় আমাৰ ছাৰ! আৰু ছাৰৰ কথা! কি ক’ম! ছাৰৰ মৌবৰষা সাৰগৰ্ভ বক্তৃতা শুনিবলৈ ধলপুৱাতেই হেজাৰ-বিজাৰ মৌ-মাখি, গুবৰুৱা, কেৰেলুৱা, পঁইতাচোৰা আদি সৰীসৃপ, পোক-পতংগৰ আগমন ঘটে৷ এইসকলৰ লগতে ‘মানুহ’ নামৰ দুঠেঙীয়া ঘৰচীয়া জীৱবিধতো আছেই৷ গতিকে সেইজন নক্ষত্ৰসদৃশ মানুহে সৰগত স্থান নাপাব বুলি ক’লে মূৰটো টঙনিয়াই ভাঙি নিদি অইন কি কৰিব পাৰি!
: মানুহটো বাছিবনে গোস্বামী? আপুনি কিবা এটা কৰক! বৰুৱাৰ ৰঙালাওৰ দৰে ফুলি অহা পেটটোলৈ চাই ৰক্তজবাই চকুলো টুকি টুকি সুধিলে৷
: মিছেছ বৰুৱা, আমি পুৰা চেষ্টা কৰি আছোঁ৷ চিন্তা নকৰিব৷ কিবা এটা কৰিম৷
: অথনিৰেপৰা তাকে শুনি আছোঁ৷ কিবা এটা কৰিম, কিবা এটা কৰিম! কিন্তু একোৱেই দেখোন কৰা নাই! চেলাইন এটাকে দি নিদিয়ে কিয়! নহ’লে পেট ফুলা বন্ধ হোৱা ইনজেকচনকে দিয়ক দুটামান৷ ইমান লাহী পেটটোৰ কি যে হৈ গ’ল হঠাতে! হুক্ হুক্!
: চম্পা ! হেই চম্পা !
চিকিৎসক গোস্বামীয়ে ৰক্তজবাৰ বহুমূলীয়া উপদেশক পাত্তাই নিদিলে৷ চকুপানীলৈও কেৰেপ নকৰিলে৷ তাৰ পৰিৱৰ্তে তেওঁ আঁতৰত ৰৈ থকা নাৰ্চজনীকহে আগ্ৰহেৰে মাতিলে৷ নাৰ্চৰ নামটো চম্পা৷ মাতটো ঠুনুকা৷ ঘৰ আকৌ উত্তৰ গুৱাহাটীত৷ তাই খৰখেদাকৈ গোস্বামী ডাক্তৰৰ কাষলৈ আহিল৷
: কওক ছাৰ৷ কি কৰিব পাৰোঁ মই?
: শুনা৷ তুমি এতিয়াই বৰুৱাৰ অ’ফিচলৈ ফোন কৰা আৰু কালি দিনটোত তেওঁ কি কি কৰিছিল, কি কি খাইছিল-সেইবোৰৰ ডিটেইলছ কালেক্ট কৰা৷ লাওৰ পৰা পোলাওলৈ, বন্ধাকবিৰ পৰা অক্সিজেনলৈ-ক’ত খাইছিল আৰু কেনেকৈ খাইছিল, সকলো তথ্য মোক দিয়াহি৷ যোৱা৷ দেৰি নকৰিবা৷
: অকে ছাৰ৷ মই এতিয়াই আহি আছোঁ৷ নোটটো লিখোঁতে এলফাবেটিকেল অৰ্ডাৰটো ফল’ কৰিম ন ছাৰ?
: একদম চম্পা৷ যোৱা৷
বনগাঁও আৰক্ষী থানাৰ ফোন নম্বৰটো ডায়েল কৰি কৰি চম্পা কোঠাৰ বাহিৰ হ’ল ৷
বজাৰ :
: হেৰি ছাৰ, শুনকচোন৷ অ’.চি. সদানন্দ বৰুৱা কোনফালে থাকে? কালৈকো নোচোৱাকৈ, ক’তো নোৰোৱাকৈ চিধা-চিধি সোমাই যাব৷ প্ৰায়বোৰ টেবুলতে অজস্ৰ ফাইল৷ মোটামুটি এশ-দুশ৷ নাচাব৷ সেইবোৰলৈ নাচাব৷ মূৰ ঘূৰাই মাটিত পৰি যাব৷ গৈ গৈ আপুনি এখন চমৎকাৰী দুৱাৰ দেখিব-য’ত হালধীয়া ৰঙেৰে লিখা আছে, “নিৰ্ভয়ে সোমাই আহক৷” পৰ্দাৰ ফাঁকেৰে চালে দেখিব, মানুহজন বহি থকা টেবলখনত এটাও ফাইল নাই৷ পুৰা চাফা৷ আপুনি ভয়-চয় সকলো খিৰিকীৰে দলিয়াই দি দুপ্দুপ্কৈ কোঠাটোলৈ সোমাই যাব৷ সেইটোৱেই সদানন্দ বৰুৱাৰ অস্থায়ী বাসস্থান৷
: আপোনাক অশেষ ধন্যবাদ৷
: ম’বাইলত ‘ফ’ন পে’ এপটো আছে নহয়!
: কিয় সুধিলে?
: নহয়৷ আজিকালি ডিজিটেল পেইমেণ্টৰ যুগ যে! মোক আপুনি এহাজাৰ টকাটো ডিজিটেলি ট্ৰেন্সফাৰ কৰাই দিব৷ এই যে অতবোৰ তথ্য আপোনাক দিলোঁ, সেইবোৰতো ভাই গছৰ পৰা পকা আম সৰাদি সৰি পৰা নাই৷ মোৰ মগজুৰ পৰাহে সৰি পৰিছে৷ গতিকে তাৰ এটা বজাৰ-মূল্য আছে৷ মূল্যটো এহাজাৰ টকা, জিএছটি লগাই-মেলি৷ টকাটো দিলে আপোনাৰ ভৱিষ্যত উজ্জ্বল, নিদিলে অন্ধকাৰ৷ অমাৱস্যাতকৈও বেছি৷
: কিন্তু..
: আগতীয়াকৈ কৈ থওঁ-বাকী খুজি লাজ নিদিব৷
: ঠিক আছে৷ একাউণ্ট নম্বৰটো দিব৷
চল্লিছ বছৰীয়া সুঠাম, তেজাল ডেকা পদ্মপাণি মজুমদাৰে এহাজাৰ টকাটো কনিষ্টবল ৰাজেশ্বৰ চহৰীয়াৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি সদানন্দ বৰুৱাৰ কোঠাটোলৈ বাট পোনালে৷ কথাটো হয়, মানুহজনৰ টেবুলখন একেবাৰে খালী৷ মনটো বৰ ভাল লাগিল পদ্মপাণিৰ৷ কামটো হ’বগৈ মানে!
: ছাৰ, সোমাইছোঁ৷
: আহাঁ, আহাঁ৷ নিৰ্ভয়ে সোমাই আহা৷
: ছাৰ, মই মানে হেৰি..
: কি হেৰি!
: মানে ছাৰ! অহা মাহত লণ্ডনলৈ যাম৷
: যোৱা ভাই৷ আমি হ’বলা তোমাৰ বাট ভেটি ধৰিছোঁগৈ! যাত্ৰা শুভ হওক৷
: মানে ছাৰ, মোৰ পাচপ’ৰ্টখন ভেৰিফিকেশ্যন কৰিব লাগিছিল৷ ইয়াতে পৰি থকা আঢ়ৈমাহ হ’ল৷
: আচ্ছা!
: আজি পামনে ছাৰ?
: কিয় নেপাবা! নিশ্চয় পাবা৷ চহৰীয়া, অ’ চহৰীয়া!
সদানন্দ বৰুৱাই কনিষ্টবল চহৰীয়াক চিঞৰে৷ চহৰীয়াইও মুখে-চুখে হাঁহি এসোপা ওলোমাই সোমাই আহে৷
: চহৰীয়া, এওঁৰ পাচপ’ৰ্টখন কি হ’ল! লৈ আনক এতিয়াই৷
: আনোগৈ ছাৰ৷ ৰ’ব দেই৷
হাঁহিৰ উজ্জ্বলতা নকমোৱাকৈয়ে চহৰীয়া ততালিকে কোঠাৰ পৰা বাজ হ’ল আৰু একমিনিটৰ ভিতৰতে হাতত পাচপ’ৰ্টখন লৈ কোঠাটোলৈ সোমাই আহিল৷
: লোৱা৷
চহৰীয়াৰ হাতৰ পৰা পাচপ’ৰ্টখন লৈ বৰুৱাই আলফুলেৰে মজুমদাৰৰ হাতত তুলি দিলে৷ আৰক্ষী বিষয়া সদানন্দ বৰুৱাৰ এই বিস্ময়কৰ তৎপৰতা আৰু কৰ্তব্যপৰায়ণতা দেখি পদ্মপাণি হতবাক-স্তব্ধ৷ মুখত ভাষা নাই৷ অন্তৰখন কৃতজ্ঞতাৰে অথনিয়েই পূৰ হৈ গৈছে ৷ তথাপিও ভ’কেল কৰ্ডডাল ঠেলি-হেচি পদ্মপাণি মজুমদাৰে ধন্যবাদসূচক মাত এষাৰ দিবলৈ আগবাঢ়ি গ’ল৷
: ৰ’বা৷ তুমি ধন্যবাদ জনোৱাৰ আগতেই মোক কিবা এটা ক’বলৈ দিয়া৷
পিচে, পদ্মপাণিৰ মুখেৰে ‘ধন্যবাদ’ৰ ‘ধ’টোৱেই নোলাল, সেইফালৰ পৰা বৰুৱাই মাতটো দিলে৷
: কওক ছাৰ!
খাদ্য:
: পোন্ধৰ, ষোল্ল, সোতৰ, ওঠৰ, ঊনৈশ আৰু এইয়া ছাৰ হৈ গ’ল…বিশ৷ হিচাপ কৰি লওক দেই৷ পাঁচশ টকীয়া নোট বিশখন৷ অৰ্থাৎ দহ হাজাৰ৷
খিৰিকীৰে সোমাই অহা ৰ’দৰ পোহৰত জিলিকি থকা নোটকেইখন আন্তৰিকতাৰে সদানন্দ বৰুৱাৰ হাতলৈ আগবঢ়াই পদ্মপাণি মজুমদাৰে স্বস্তিৰ নিশ্বাস দুটামান ঘনঘনকৈ এৰিলে৷ কালি বৰুৱাক কথা দি থৈ যোৱা মতে আজি পদ্মপাণিয়ে হাতত দহ হাজাৰ টকা লৈ পুনৰ থানালৈ আহিছে৷
: হ’ব,হ’ব৷ তুমি গন্তি কৰোঁতে মই চায়েই আছিলোঁ৷ ঠিকেই আছে৷ চহৰীয়া!
: ঠিক আছে, ছাৰ৷
বৰুৱাৰ কেনেধৰণৰ ইংগিত বুজি চহৰীয়াই ‘ঠিক আছে, ছাৰ’ বুলি সঁহাৰিটো জনালে, পদ্মপাণিয়ে ঠিক ধৰিব নোৱাৰিলে৷ তেওঁ মাথোন চহৰীয়াৰ গতিবিধি চোকা নজৰেৰে পৰ্যবেক্ষণ কৰি থাকিল৷
চহৰীয়াই গৈ বৰুৱাৰ পিছফালে থকা প্ৰকাণ্ড আলমাৰীটো খুলিলে৷ আলমাৰীত হাজাৰ-বিজাৰ কাগজ-পাতি, ফাইলৰ দ’ম৷ একেবাৰে বিৰ দি বাট নোপোৱা অৱস্থা৷ অতসোপা ফাইল কেনেকৈ যে সেই আলমাৰীডালত সোমাই আছে, একমাত্ৰ ওপৰজনাইহে জানে৷ তেনেকুৱা সুউচ্চ দ’ম এটাৰ তলতে হালধীয়া বেটুপাতৰ এখন লোদোৰ-পোদোৰ বহী পৰি আছিল৷ কনিষ্টবল চহৰীয়াই সেইখন উলিয়াই আনিলে৷
: ছাৰ, এইখন কি?
কৌতূহল দমাব নোৱাৰি পদ্মপাণিয়ে সুধিলে৷
: পদ্মপাণি, তুমি হোটেল এখনত সোমাই কিবা-কিবি খোৱা, আৰু সেই কিবা-কিবিবোৰ খাই হোৱাৰ পাছত মালিকৰ হাতত টকাকেইটা দিয়া, দিয়া নে নাই?
: দিওঁ ছাৰ৷
: দিয়া৷ মালিকে তাৰপিছত কি কৰে?
: তেওঁৰ খাটাখন উলিয়াই ধনৰ পৰিমাণটো লিখি ৰাখে৷
: একজেকলি৷ ময়ো এতিয়া তাকেই কৰিম৷
: তুমি যে পাচপ’ৰ্টখন মোৰ পৰা নিলা অৰ্থাৎ, হোটেলৰ ভাষামতে ‘খালা’ আৰু সেইখন খাই মোকো তুমি এই টকা দহ হাজাৰ খোৱালা, অৰ্থাৎ হোটেলৰ মালিকক টকাটো দিলা, সেইটো কথা মই এই খাটাখনত লিখি ৰাখিম৷ বুজিছা?
: অ’…বুজিলোঁ ছাৰ৷
: এতিয়া যোৱা৷
: বাৰু, ছাৰ আহিছোঁ৷
: ছাৰ!
যাবলৈ ওলাই পদ্মপাণি পুনৰ দুৱাৰৰ ওচৰৰ পৰা উভতি আহিল৷
: কোৱাচোন৷
: এটা কথাহে বুজি নেপালোঁ৷
: কি কথা?
: এই থানাখনৰ সববোৰ টেবুলতে দ’ম-দ’ম ফাইল৷ আপোনাৰ টেবুলত নাই কিয়?
: স্বচ্ছ ভাৰতৰ নাম শুনা নাই!
: শুনিছোঁ ছাৰ৷
: তেন্তে এইটোও শুনা৷ আমি থানাতে দিনৰ দিনটো হাৱা খাই থাকোঁতে বাহিৰলৈ গৈ বেলেগ বস্তু চাফা কৰিব নোৱাৰোঁ৷ সেয়ে সমুখৰ টেবুলখনৰ পৰা ফাইলবোৰ আলমাৰীটোলৈ নি টেবুলখন চাফা কৰি ৰাখিছোঁ৷ কথাটো তুমি ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’ বুলিও ক’ব পাৰা, নাইবা ‘স্বচ্ছ ভাৰত অভিযান’ বুলিও ক’ব পাৰা৷ আমি দ্বিতীয়টো কওঁ৷ তুমিবা কোনটো কোৱা!
: হেঃহেঃহেঃ হেঃহেঃহেঃ আপুনি বৰ বুধিয়ক ছাৰ৷
: জানো৷
: মিঠাইকেইটা খাব ছাৰ৷
: বাৰু, খাম৷
সদানন্দ বৰুৱাই গৌৰৱসূচক হাঁহি এটা মাৰিলে আৰু পদ্মপাণিক বিদায় দিলে৷ তাৰপিছত ‘দৈনন্দিন খাদ্য’ৰ বিশাল হালধীয়া বহীখনত পদ্মপাণিৰ নাম, ঠিকনা আৰু প্ৰাপ্ত ধনৰাশিৰ পৰিমাণ লিখিবলৈ কলমটো আগ্ৰহেৰে তুলি ল’লে৷ লিখি থকাৰ মাজতেই সমুখতে থকা মিঠাইৰ টোপোলাটো খুলি থাওকতে কালাকান্দ এটাও সুমুৱাই ল’লে৷
সংকট :
আৰু তাৰপিছত সন্ধ্যা সদানন্দ বৰুৱাই হাতত দহ হাজাৰ টকা লৈ ঘৰলৈ হাঁহিমুখে উভতি আহিল৷ ঘৰলৈ আহি আপোনাক মানে বৰুৱাৰ পত্নী শ্ৰীমতি ৰক্তজবা বৰুৱাক টকাখিনি গন্তি কৰি কৰি দেখুৱাই থাকোঁতেই মানুহজনৰ মূৰটো ঘূৰালে আৰু ধপচকৈ মাটিত বাগৰি পৰিল৷ ভাতৰ কাঁহী টেবুলতেই থাকিল৷ লুচি ফুলাদি পেট-চেট ফুলি গ’ল আৰু মানুহজন আহি চিধাই হাস্পতাল৷
: ছাৰ, এইয়াই হৈছে বৰুৱাৰ যোৱা দুদিনৰ দৈনন্দিন কৰ্মৰাজীৰ থূলমূল আভাষ৷ মই থানালৈ ফ’ন কৰি তথ্যবোৰ কালেক্ট কৰিলোঁ৷ চহৰীয়া বোলা কনিষ্টবলজনে বৰ সহায় কৰিলে ছাৰ৷
নাৰ্চ চম্পাই মুখস্থ কৰি অনা টোকাটো গোস্বামী ডাক্তৰক গাই শুনালে৷ সিপিনে গোস্বামীয়ে তৰ্জনী আঙুলিটোৰে নিজৰ কেশহীন মূৰটোত তাধিন-ধিনা বজাই বজাই ইফালৰ পৰা সিফাললৈ কোঠাটোতে পায়চাৰি কৰিবলৈ ধৰিলে৷ কি হৈছে? হৈছে কি! টকাই হওক বা মাংসয়েই হওক, বছৰৰ বাৰমাহেই খোৱাৰ সময়ত খাইছে, গিলাৰ সময়ত গিলিছে৷ মদ খাই হলহলকৈ বমি কৰাৰ সময়ত বমিও কৰিছে, আকৌ পিছদিনাই ৰঙমনেৰে দুই-তিনিবটল মদ আৰু দহ-বিশহাজাৰ টকাসহ চহৰীয়াৰ লগত লং ড্ৰাইভতো গুচি গৈছে৷ তেনে এটা এক্টিভ মানুহৰ হঠাতে কি হৈ গ’ল!
: নোটখিনি আপোনাৰ লগত আছেনে?
চলি থকা ভৰিহালক হঠাতে ৰখাই গোস্বামীয়ে চকুহাল ডাঙৰ কৰি ৰক্তজবালৈ পেন্দোৱাকৈ চালে৷
: হয় ছাৰ৷
: দিয়কচোন৷
বেগৰ পৰা উলিয়াই টকা দহ হাজাৰ ৰক্তজবাই গোস্বামীৰ হাতত চমজালে৷
গোস্বামীয়ে ওচৰতে থকা মেগ্নিফায়িং গ্লাছখনেৰে নোটবোৰ এখিলা-দুখিলাকৈ চুবলৈ ধৰিলে৷ এখোজ-দুখোজকৈ আগুৱাই আহি চম্পা আৰু ৰক্তজবাই চকু-টকু ডাঙৰ কৰি ছাৰৰ কাণ্ড নিৰীক্ষণ কৰি থাকিল৷ ছাৰে নোটবোৰ লিৰিকি-বিদাৰি চাইছে৷ নোটৰ হৃদস্পন্দন, ৰক্তচাপ পৰীক্ষা কৰিছে৷ মাজে-মাজে ‘ছেহ্’ ‘ছেহ্’ বুলি হতাশাও প্ৰকাশ কৰিছে আৰু কোনোবাপৰত ফুটবলত গ’ল দিয়া মানুহৰ দৰে ‘ইয়েছ’ বুলিও আনন্দ কৰিছে৷ এইফালে চম্পা-ৰক্তজবাই উৎকণ্ঠা আৰু কৌতূহলৰ মাজত ডুবি থাকি তেওঁৰ পৰীক্ষা-পদ্ধতি মনোযোগেৰে চাব লাগিছে৷ হঠাতে..
‘হাঃহাঃহাঃহাঃ হাঃহাঃহাঃহাঃ’
: ছাৰ কি হ’ল! অসুৰৰ দৰে হাঁহিছে যে!
: নাহাঁহি কি কৰিম কোৱা!
: কিয় হাঁহিছে সেইটো কওক৷
: নোটবোৰ নকল৷ মানে জাল নোট৷
: কি?
ৰক্তজবা আৰু চম্পাই একেলগে বিচূৰ্তি খাই উঠিল৷ ততালিকে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিলে৷ কি আজৱ কাণ্ড!
: একদম ৰিয়েল৷ মানে মোৰ পৰ্যবেক্ষণ একদম ৰিয়েল৷ নোটবোৰ নকলী বুইছা৷ নকলী৷
: সেইকাৰণেই মানুহজন বাগৰি পৰিল নেকি?
ৰক্তজবাই সুধিলে৷
: একদম কাৰেক্ট৷
: এতিয়া কি হ’ব?
: চিন্তা নকৰিব৷ এইপালি ঔষধ মোৰ হাতত আছে৷ চম্পা, আমাৰ কেছ কাউণ্টাৰৰ পৰা টকা দহহাজাৰ লৈ আহাচোন ৷
: অকে ছাৰ ৷
চম্পাই হুকুম পায়েই ততালিকে কেছ কাউণ্টাৰৰ ফালে দৌৰ মাৰিলে৷ আৰু মিনিটটো শেষ নৌহওঁতেই ওভতি আহিল৷
: লওক ছাৰ৷
চম্পাৰ পৰা দহ হাজাৰ টকা লৈ গোস্বামী পোনে পোনে শুই থকা সদানন্দ বৰুৱাৰ ওচৰলৈ গ’ল৷ তাৰপিছত এখিলা-দুখিলাকৈ নোটবোৰ বৰুৱাৰ নাকৰ সমুখেৰে ঘূৰাই ফুৰাবলৈ ধৰিলে৷ ৰক্তজবা আৰু চম্পাই চকু মেলি চাই থকাৰ বাহিৰে আৰু একো কৰিব নোৱাৰিলে৷ এনেকুৱা অদ্ভুত, বিচিত্ৰ চিকিৎসা তেওঁলোকে আজিলৈকে দেখা নাই৷
গোস্বামীয়ে নোটৰ বাণ্ডিলটো বৰুৱাৰ লম্বা নাকটোৰ সমুখেৰে ঘূৰাই-ঘূৰাই দহটামান ৰাউণ্ড সম্পূৰ্ণ কৰিলে৷ এঘাৰ নম্বৰ ৰাউণ্ডটো আৰম্ভ কৰিছিলহে, তেনেতে দেখা গ’ল, শুই থকা বৰুৱাৰ নাকৰ পাহিকেইটা ধৰফৰ কৰিছে৷ পিছমুহূৰ্ততে তেওঁৰ চকুহাল খপজপকৈ মেল খাইছে৷ গোস্বামীৰ মুখত হাঁহি বিৰিঙিল৷ ঔষধে কাম দিছে৷ সংকট আঁতৰিছে৷
: মই ক’ত আছোঁ? চ..হ..ৰী..য়া৷ গা…গা…গান্ধীজী..
চাই থাকোঁতেই সদানন্দ বৰুৱাৰ থোকাথুকিকৈ মাতটো ওলাল৷ ৰক্তজবা আৰু চম্পা উধাতু খাই বৰুৱাৰ ওচৰলৈ আহিল৷
: তুমি এতিয়া হাস্পতালত৷ কালি মানে…
: ৰক্তজবাই বৰুৱাৰ হাতখনত ধৰি কালিৰেপৰা এতিয়ালৈকে হোৱা আটাইবোৰ ঘটনা গাই শুনালে৷
: বুজিছে বৰুৱা৷
ৰক্তজবাৰ আখ্যান শেষ হোৱাত গোস্বামীয়ে মুখ মেলিলে৷
: থেংক ইউ গোস্বামী৷ পেটৰ বিষটো কিয় উঠিল, সেইটোহে গম নাপালোঁ৷
: পদ্মপাণিয়ে যে যোৱাপৰত কালাকান্দ খুৱাই থৈ গৈছিল, সেইবোৰো ভেঁজাল গাখীৰত তৈয়াৰ কৰা হৈছিল৷ অৰ্থাৎ, আপোনাৰ থানাৰ বজাৰখনত হোৱা খাদ্য-সংকটটোৱে শৰীৰ আৰু মন–দুয়োটা বস্তুকেই থকা-সৰকা কৰি পেলালে৷ এতিয়া আৰু চিন্তা নাই৷
: কালিৰে পৰা আকৌ হালধীয়া বহীখন উলিয়াই ল’ম বুলি ভাবিছোঁ৷
: কাইলৈ কিয়! আজিয়েই যাওক৷ এইহেন উৎসৱৰ বতৰত বজাৰত অসংখ্য গ্ৰাহক৷ মাথোঁ, নোটবোৰ ভালকৈ চাই-চিতি ল’ব৷ খাওঁতে ভালকৈ চাই-চিতি খাব৷ এইখন লগত ৰাখক৷ পকেটত সুমুৱাই ৰখা মেগ্নিফায়িং গ্লাছখন গোস্বামীয়ে বৰ আনন্দেৰে সদানন্দ বৰুৱাৰ হাতত তুলি ধৰিলে ৷
: থেংক ইউ গোস্বামী৷ আপোনাৰ উপকাৰ কেতিয়াও পাহৰিব নোৱাৰিম৷
: হ’ব, হ’ব৷ বাৰু৷ পিচে এটা কথা নহয় বৰুৱা!
: কওকচোন৷
: এই যে আপুনি সাৰ পায়েই চহৰীয়াৰ নামটো ল’লে, বুজি পালোঁ৷ কিন্তু জাতিৰ পিতা মহাত্মা গান্ধীৰ নামটো কিয় ল’লে, সেইটো বুজি নেপালোঁহে ৷
: হেঃহেঃহেঃ
: হাঁহিলে যে !
: আমাৰ ভাৰতীয় নোটবোৰত আপোনাৰ ছবি থকাহেঁতেন, আপোনাৰ নামেই মোৰ মুখেৰে ওলালহেঁতেন৷ কিন্তু আছে গান্ধীজীৰ ছবি৷ গতিকে মুখেৰে গান্ধীজীৰ নাম ওলাইছে৷ এনিটাইম টকাৰ ওপৰতে শুই-বহি থকাৰ কাৰণে গান্ধীজীৰ ছবিখন, তেওঁৰ নামটো মুখৰ আগতে থকা হ’ল৷ হেঃহেঃহেঃ!
: আপুনি বৰ সাংঘাতিক মানুহ বৰুৱা৷ গোস্বামীয়ে তাজ্জুব মানিলে৷
: জানো৷
বৰুৱাই গোস্বামীক সমৰ্থন কৰিলে৷ নকৰাকৈ থাকে কেনেকৈ! ওঁঠত তেওঁৰ এটা গৌৰৱৰ হাঁহি৷
হাঁহিটো পদ্মপাণি বোলা ল’ৰাজনৰ সমুখত মৰা হাঁহিটোৰ সৈতে একেই৷ নিৰ্ভেজাল৷
☆ ★ ☆ ★ ☆
2:53 pm
ক্ষুৰধাৰ। তোমাৰ লেখা পঢ়াৰ আমেজেই সুকীয়া হে ঈশান
6:26 pm
অপূৰ্ব সুন্দৰ।
6:55 pm
বঢ়িয়া লাগিল পঢ়ি