ন শিকাৰুৰ লটিঘটি – পুৰবী বৰুৱা
ঘটনা (১) :
“বাঘ দেৱী বাঘ্ৰেশ্বৰী বাঘে চৰিয়াই সন্তৰতে আছা তুমি আমি দেখা নাই। বাঘে চৰিয়াই অ বাঘে চৰিয়াই আমি সৰু লৰা আই দিবা চৰণতে ঠাই।” যি হে সুৰ লগাই গাইছে অ ঈশ্বৰ আমি ঘৰৰ মানুহ সোপাই অবাক। এইগৰাকী কোন নতুন বাঘ্ৰেশ্বৰী আই ওলাল। ভাইটিয়ে স্কুলত নাম লগোৱাৰ চাৰি মাহমানৰ পাছৰ কথা এইটো। মায়ে ক’লে তহঁতে স্কুলত গোৱা প্ৰাৰ্থনাটো গাচোন। তেতিয়াই কোনোবা বাঘ্ৰেশ্বৰী আইৰ কথা শুনিলোঁ লগতে প্রার্থনাত বাঘে চৰিয়াই? ৰাতিটো ভাবি চিন্তি পাৰ নাপাই এই কথাই কথা নহয় ভাবি তাৰ লগত স্কুললৈ ওলালোঁ। যাওঁতে ভাবি গৈছোঁ আজি থৈয়েই গুচি নাহো প্ৰাৰ্থনা শুনিহে আহিম।
প্ৰাৰ্থনা আৰম্ভ হোৱাত শুনি হাঁহি আছোঁ বাহিৰতে সমস্বৰে গাওঁতে ময়ো বাঘে চৰিয়াই যেনেই শুনিছোঁ। আচল প্ৰাৰ্থনাষাৰ…..”বাগ দেৱী বাগেশ্বৰী বাগেশ্বৰী আই অন্তৰতে আছা তুমি আমি দেখা নাই। বাগেশ্বৰী আই অ বাগেশ্বৰী আই আমি সৰু ল’ৰা আই দিবা চৰণতে ঠাই।”
ঘটনা (২) :
এইবাৰ ঘটনাৰ নায়িকা খোদ মই। ক্লাছ এইটত ইংৰাজী বিষয়ত এটা শব্দত প্ৰকাশ কৰিবলৈ আহিল A person who is liked and known by everyone কলম কামুৰি ভাবিবলৈ লাগিলোঁ like আছে লগত a person আছে। a peson মানে মতা মানুহ মানে ল’ৰা লগত like কৰা ইউৰেকা ইউৰেকা ধেৎ এনেই মাথা মাৰি আছোঁ lover হ’ব এইটো। টোটেলি ১০১% কনফিডেন্সত লিখি থৈ আহিলোঁ ‘lover’। ঘৰত প্ৰশ্ন কাকত চাই কি লিখিলি সোধোঁতে নাই লিখা বুলি ক’লোঁ। পাৰি নেকি ক’ব lover বুলি, এনেও দেখিবই বহী ঘূৰাই দিলে। বহী ঘূৰাই দিয়াৰ পাছত টিউচনৰ ছাৰে দুই চাট ভালকৈ দি কৈছে হেৰৌ এইটো popular হ’ব। হুহ lover লিখে তাই। শিকিলিয়েই নেকি লাভাৰ চাভাৰ। এনে লাজ পালোঁ ঐ যি কনফিডেন্সত লিখিছিলোঁ সকলো চুৰমাৰ হৈ গ’ল।
☆ ★ ☆ ★ ☆
7:59 pm
হাহাহা বাঘে চৰিয়াই