বন্ধৰ দিনৰ মস্তি – কমলা দাস
স্কুল বন্ধৰ দিনকেইটা ইম্মান যে আনন্দ লাগে নহয়!! এক টো স্কুল যাব নালাগে! দেৰিকৈ শুই উঠিয়ে নিজৰ ভাগত পৰা বাহী বন খন কৰি, মুখ ধুই চাহ খাই এঘণ্টামান কিতাপ পঢ়ি আজৰি আৰু! ৰাতিপুৱাৰ ভাত খাই উঠি লগৰ কিজনীৰ লগত ঘুৰি ফুৰা, খেলা, মাহতলীত গৈ মাহৰ চেঁই খোৱা, মাছ মৰা আদি কৰি দিনটো আমাৰ কিমান যে কাম ! চবতকৈ ভাল লগা কামটো হ’ল নদীত গা ধুৱা! সেই কাৰণে আমি ইয়াৰ বাৰীৰ মধুৰী, তাৰ বাৰীৰ জলফাই আদি খাই খাই আমুৱালে নদীলৈকে যাওঁ আৰু।
সিদিনাও ৰাতিপুৱাৰ পন্তা ভাত কেইটামান, আলু পুৰাৰে খাই উঠি আমাৰ গেং টো ওলালোঁ আৰু! গোটেই কিজনী লগ হোৱাৰ কাৰণে মাতিবলৈ আমাৰ কিছুমান চিগনেল আছিল। যেনে—এজনী ৰাস্তাত ওলাই আহি কুউউউ কৈ দিলে বাকী কিজনীয়ে গমেই পাই যায় যে ওলাবৰ হ’ল আৰু! এনেই চিঞৰি চিঞৰি মাতিলে মা হতৰ গালি খাওঁ। কোনে মৰে গালি খাই! সেয়েহে চিগনেল দিয়েই মাতো আমি। সিদিনাও চিগনেলৰ জৰিয়তে আমি গোটেই কিজনীয়ে লগ হৈ ওৰ নোহোৱা কথা পাতি পাতি ক’ত যাম, ক’ত নাযাম কৈ গাওঁৰ ৰাস্তাৰে পুলুং ,পালাং কৈ গৈ আছিলোঁ । এনেত তৰু হতৰ ঘৰৰ পাছফালে থকা মধুৰী জোপাত পকা পকা মধুৰী লাগি থকা দেখি গোটেই জাকে তাতেই উবুৰি খাই পৰিলোঁ গৈ। উঠিব জনা কেইজনীয়ে লপলপাই গছত উঠি পকা মধুৰী চিঙি ভালটো আগতে নিজে একামোৰ মাৰি খাই ললো। বাকী খিনি মুখত লৈ থাকি পাছত হে চিঙি চিঙি তলত থকা কেইজনীলৈ পেলাই দিলোঁ কেইবাটাও। এনেদৰে এসোপামান চিঙি দি গছৰ পৰা নামি আহি আমি কথা পাতি পাতি ঠিকছে মধুৰী খালোঁ। মধুৰী খোৱা হোৱাত আকৌ চিন্তা এইবাৰ কি কৰোঁ! এজনীয়ে ক’লে বল নদীলৈ যাওঁ! তাই কবলৈ হে পালে, কোনে পায় আৰু আমাক! আটাইকেইজনীয়ে দৌৰি গৈ ঘৰৰ পৰা গা ধুই সলোৱা কাপোৰ লৈ আনি চিধাই নদীলৈকে পোনালো। নদীৰ পাৰত কাপোৰ থৈ গোটেই মখাই হোৰহোৰাই নদীলৈ নামি গলো। নদীত গা ধুব গলে আমি এটা কাম সদায় কৰোঁ। সেইয়া হ’ল পানীৰ তলৰ পৰা বালি অলপ উঠাই আনি দাতঁ ঘঁহা। আজিও বালিৰে দাতঁ মাজিলো। দাতঁ ঘঁহি উঠি তাৰ পাছত কিছু সময় নদীৰ সোত নোহোৱা অংশত মাছ ধৰিলোঁ। মেতেকাৰ চোপত থকা মিছা মাছ ধৰি সিপাৰৰ তপত বালিৰ তলত সোমাৱাই থলো। কিছু সময় তেনেদৰে থলে মিছা মাছ ৰঙা পৰি সিজিব। তেতিয়া আমি খাম। মাছ সিজিব দি আমি এইবাৰ সাতুৰিব ধৰিলোঁ। ওলোটা সাঁতোৰ, থিয় সাঁতোৰ, শব্দ হোৱা সাঁতোৰ, শব্দ নোহোৱা সাঁতোৰ, যিয়ে যেনেকৈ পাৰো, ঠিকছে সাতুৰিলোঁ। সাতুৰি, সাতুৰি আমনি লাগিল। এইবাৰ ওখ গৰাৰ পৰা দ’ পানীলৈ জপিয়াওৱা খেল খেলিম। ভবা মতেই কাম! লগৰ কিজনীয়ে এজনী এজনীকৈ জপিয়াবই ধৰিলে! জপিয়াই ঢপলং, ঢপলং কৈ পানীত পৰি আছে! সিহঁতে পানীত পৰাৰ আগে আগে ভয়তে যিটো হে চিঞৰ মাৰে , তাকে শুনি আমাৰ হাঁহিৰ ৰোল উঠে। সিহঁতক তেনেদৰে জপিওৱা দেখি মোৰো কিন্তু ভয় লাগি আহি আছে! মনতে ভাবিছো পাৰিম নে ঔ ইমান ওখৰ পৰা জপিয়াবলৈ! ভয় লাগিছে বুলি আকৌ লাজতে সিহঁতৰ আগত কবও পৰা নাই! অৱশেষত মোৰ পাল পৰিল! মইও জাঙিয়াটো ভালকৈ ওপৰলৈ ডাঙি ধৰি লৈ জপিয়াবলৈ সাজু হলো! মনতে কৃষ্ণক চিন্তি আৰু – এক, দুই ,তিনি — মা- আ -ৰ জ্জাপ !!
উহ্ , আই ঔ ,, — মৰিলো দেই ঐ! কিনো আছিল ঐ পানীৰ তলত!
খকমকাই সাৰ পাই দেখো, আঠুৱাৰে সতে জোঁটপোট খাই মই বিচনাৰ তলত! উহ্ , কিলাকুটিটো ডাঙিবকে পৰা নাই বিষত!!!
উহ্, হ’ল বুলিনো পৰি মৰিবলৈকে এই বয়সত সৰু কালৰ সপোন দেখিলেহে হয়নে!!
☆ ★ ☆ ★ ☆
9:29 am
হা হা মাহী। বয়স বাঢ়িলেও মনটো সদায়েই সৰু যে।