মে’ক আপ – চুইটলেনা দাস
ঘটনাটো অমুকীৰে। কাণ্ডটো ঘটিছিল মোৰ আঙুঠি পিন্ধোৱা পৰ্বৰ দিনা। আঙঠি পিন্ধোৱাৰ দিনা কি চখ হ’ল যে মইও মেকআপ কৰি সাজি কাচি সুন্দৰী হৈ ওলাম বুলি ভাবিলো। সেই নিমিত্তে লগৰ চাহিন আৰু ৰীতাক ক’লো, কি ক’ত আছে লৈ আনিবি মোক সজাবলৈ। ৰাতিপুৱা আকৌ চাহিনক ফোন কৰি ক’লো বোলো চকুত লগাবলৈ আইলেচ লৈ আহিবি। (চকুৰ ওপৰত লগোৱা নোমবোৰক যিমান দূৰ সম্ভৱ আইলেচ বুলিয়ে কয়, মই নাজানো ভালকৈ)।
যথা সময়ত সিহঁত দুজনী আহি পালে, কিন্তু মই ইমানেই ব্যস্ত ঘৰৰ কামত যে নিজকে সজাবলৈ সময় পোৱা নাই। ইফালে ল’ৰাৰ ঘৰৰ মানুহে ফোন কৰিলে যে আৰু পোন্ধৰ মিনিটৰ পিছত তেওঁলোক আহি পাবহি আমাৰ ঘৰ। লগে লগে মোৰ হুলস্থুল লাগি গ’ল।
সিহঁত দুইজনীৰে মূৰ গৰম কৰি মই উৎপাত কৰিবলৈ ধৰিলোঁ যে মোক সোনকালে সজাই দিব লাগে। দুইজনীয়ে গালি দি দি মোক সজাবলৈ লাগিল। কিন্তু কেণা লাগিল আইলেচ লগাবৰ সময়তে। এডাল কেনেবাকৈ চকুত ৰ’ল যদিও ইডাল কোনো কাৰণতে নৰয় চকুত। যিমান লগাবলৈ চেষ্টা নকৰক কিয় এফালে দাং খাই থাকে। শেষত ৰীতায়ে ক’লে যে আঠা লগাই দিয়া যাওক। তাইৰ বুদ্ধি মতে আঠা লগাই দিয়া হ’ল যদিও অলপ সময় থকা পিছত আকৌ দাং খাই গ’ল আইলেচডাল।
ইফালে মোৰ মূৰত তেল দিবৰ বাবে সমাজলৈ মাতি আছে শেষত দাং খোৱা আইলেচৰ সৈতে আহি মই ৰাইজৰ মাজত বহিলোহি। ইফালে মুখত মেকআপ, সিফালে চুলিত তেল দি দি সকলোৱে ডিঙিত ধৰি ধৰি কন্দা কটা কৰাত মোৰো শোকে খুন্দা মাৰি ধৰিলে আৰু মেকআপৰ চিন্তা বাদ দি কান্দিবলৈ ধৰিলো। তেনেকুৱাতে মোৰ বৰমা এগৰাকী আহি মূৰত তেল দি তেল লগা হাতখনেৰে মৰমতে মোৰ মুখত হাতখন ফুৰাই দিলে আৰু ঠিক তেতিয়াই ঘটিল সেই অঘটনটো।
বৰমাৰ মৰমৰ অত্যাচাৰত চকুৰ ভাল হৈ থকা আইলেচডাল মোৰ কোলাত পৰি থাকিল আৰু দাং খাই থকা আইলেচডাল তেনেকৈয়ে নিজৰ ঠাইত ৰৈ থাকিল আৰু মোৰ সন্মুখত যে ফটো মাৰিবলৈ ৰৈ আছিল সেই বন্ধুৰূপী শত্ৰু দুজনী, মানে ৰীতা আৰু চাহিন, সিঁহত দুজনী খিলখিল হাঁহিত ফাটি পৰিল মোৰ অৱস্থাটো দেখি। দৰা ঘৰৰ মানুহৰ আগত মোৰ কম লটিঘটি হৈছিল নে সেইদিনা!
☆ ★ ☆ ★ ☆
8:29 pm
ধেৎ তেৰি। বেচেৰীজনী।
8:57 pm
ধেত তেৰি! সেই কাৰনে এইবোৰ জেঙ কাম কৰিব নেলাগে৷
ভাল লাগিল চুয়েটলানা
11:17 pm
ঘটনাটো মনত পৰি গ’ল..☺☺☺