ফেচবুকীয়া প্ৰেমৰ লটিঘটি – অমূল্য কুমাৰ কলিতা
বিপুলে নিৰ্ধাৰিত সময়ত ছয়মাইলৰ ফ্লাইঅভাৰৰ তলত চিমিক লগ কৰিলে। তাইৰ সৈতে তাৰ প্ৰথমে ফেচবুকৰ জৰিয়তে চিনাকি; তাৰপাছত প্ৰেম। এয়া দ্বিতীয় বাৰৰ বাবে লগ কৰিছে তাইক। লগ মানে সি তাইৰ ঘৰলৈ যাব, তাৰ সৈতে তাইৰ বিয়াৰ প্ৰস্তাৱ দিবলৈকে। সি তাইক কৈছিল তাৰ কথা ঘৰত ক’বলৈ। কিন্তু তাই নাচোৰবান্দা। নকয়। তাইৰ হেনো লাজ লাগে। বিপুলে কলেজ এখনত শিক্ষকতা কৰে। চাকৰিলৈ বাট চাওঁতে চাওঁতে তাৰ দুকুৰিৰ দেওনা পাৰ হৈ দুমাহ গ’ল। অৱশেষত চাকৰিটো হোৱাত বিয়াৰ বাবে মন মেলিছে।
তাৰ গাড়ীতে উঠি চিমিয়ে ৰাস্তা দেখুৱাই দিয়া মতে সিহঁতৰ ঘৰ পালেহি। তাই তাক ড্ৰইংৰুমত বহিবলৈ দি মাকক মাতিবলৈ গ’ল। দেউতাক অফিচলৈ গৈছে।
সি আমন জিমনকৈ বহি তাৰ সন্মুখত থকা টি টেবুলৰপৰা মেগাজিন এখন হাতত লৈ পাতবোৰ এনেয়েই লুটিয়াই আছে। হঠাৎ পৰ্দা দাঙি কোনোবা ভিতৰলৈ সোমাই অহাত সি মূৰ দাঙি দেখি অবাক হ’ল। এইয়া দেখোন কলেজত তাৰ সৈতে এইচ এচলৈকে পঢ়া ইন্দিৰা। অলপ গাম্ভীৰ্য্য বাঢ়িছে। দেখিবলৈ একেই আছে; মাত্ৰ সাধাৰণ শকত হৈছে। তায়ো তাক দেখি আচৰিত হৈ চিঞৰি উঠিল – “আৰে বিপুল দেখোন। ইমান বছৰৰ মূৰত দেখা দেখি। তোমাৰ সৈতে এইচ এচ পঢ়ি থাকোঁতেই ফাইনেল নিদিয়াকৈ মোৰ বিয়া হ’ল নহয়।”
কথাখিনি কৈ কৈয়েই তাই তাৰ ওচৰৰ চোফাখনত বহি ল’লে। তাৰ অৱস্থা শিল পৰা কপৌৰ দৰে হ’ল। কি ক’ব ভাবি নাপাই সি বেঙাৰ দৰে হাঁহি এটা মাৰিলে।
ইন্দিৰাই পুনৰ আৰম্ভ কৰিলে – “আচ্ছা তুমি বৰ্তমান ক’ত? কি কৰি আছা?”
সিও স্বাভাৱিক হ’বলৈ যত্ন কৰি তাইৰ উত্তৰবোৰ দিলে।
পুনৰ তাই সুধিলে – “তুমি আমাৰ চিমিক কেনেকৈ চিনি পালা? তাইয়েই আমাৰ একমাত্ৰ ছোৱালী, আৰু কোনো নাই।”
সি ভিতৰি ভিতৰি ভগৱানৰ নাম ল’বলৈ ধৰিলে। হে প্ৰভু ৰক্ষা কৰা। সি ক্ৰমান্বয়ে ঘামিবলৈ ধৰিলে। কোনোমতে সেপ ঢুকি মিছাকৈয়ে ক’লে – “অ’ অ’ তাইৰ বান্ধৱী এজনী মোৰ ছাত্ৰী; তাইৰ সৈতে তোমাৰ ছোৱালী চিমি থিয় হৈ আছিল। তাই চিমিৰ সৈতে মোক চিনাকি কৰি দি, তাই ক’ৰবালৈ যাব লগা হোৱাত চিমিয়ে মোক ঘৰলৈ বুলি লৈ আহিল।”
ইন্দিৰাই হাঁহি হাঁহি ক’লে – “ভালেই হৈছে। তোমাক আজি লগ পালো। পিছে তোমাৰ ল’ৰা ছোৱালী কি? কিমান ডাঙৰ হ’ল?”
কঁপনিত তাৰ জিভাখন জঠৰ হোৱাত সি মদ খোৱা মানুহৰ দৰে ক’বলৈ ধৰিলে – “মো..মোৰ ল…ল’ৰা এটা। বয়স সা…সা …সাত বছৰ।”
ইন্দিৰাই তাৰ উত্তৰ শুনি ডাঙৰকৈ চিঞৰি ক’লে- “ইচ যদি তোমাৰ ল’ৰা ডাঙৰ হ’লহেঁতেন আমাৰ চিমিৰ সৈতেই তাৰ বিয়াখন পাতি দিলোহেঁতেন। হাঃহাঃহাঃ।”
ইতিমধ্যে তাৰ মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে। কিবাকৈ পলাব পাৰিলেই ৰক্ষা। অৱশেষত সি বুদ্ধি এটা খটুৱাই ক’লে – “ইন্দিৰা মোৰ এটা জৰুৰী কাম আছে। পাঁচ মিনিটৰ ভিতৰত গৈ পাব লাগে।” কথাখিনি কৈয়েই সি যাবলৈ উদ্যত হ’ল।
ইন্দিৰাই তাৰ হাতত থাপ মাৰি ধৰি ক’লে – “নহয় চাহ একাপ খাই যাব লাগিব। চিমিয়ে চাহ বাকি আছে।”
“নাই নাই ইন্দিৰা জোৰ নকৰিবা।”
তাইৰ হাতৰপৰা তাৰ হাতখন কিবাকৈ এৰুৱাই একেকোবে সি গাড়ীখনৰ ওচৰ পালেহি। চিমিক মাত দিয়া দূৰৰে কথা; তাইৰ চকুলৈকে চাবলৈ তাৰ সাহস নহ’ল।
ইতিমধ্যে সি তাৰপৰা বুদ্ধিমত্তাৰে পলাই ইজ্জতটো কিবাকৈ বচাই ৰাস্তাত ভাবিলে – ‘আজি অলপ পলম হ’লেই কি যে হৈ গ’লহেঁতেন; ভগৱানে আজি মোক ভাল বচালে।’ সি প্ৰতিজ্ঞাবদ্ধ হ’ল – জীৱনত কেতিয়াও ফেচবুকত চেনীৰামী নকৰে; জীয়াই থকালৈকে ফেচবুক আৰু নোখোলে।
সি বিৰবিৰালে,
“হে প্ৰভু কেনেকৈ যে মোক বচালা! হে প্ৰভু তোমাক শতকোটি প্ৰণাম। হে প্ৰভু……….”
☆ ★ ☆ ★ ☆