চিজিল পতিৰ বেচিজিল পত্নী – ৰীতা সোণোৱাল
বিয়া হোৱাৰ পাছত ন কইনা চাবলৈ অলেখ মানুহ আহে। মই কইনা হৈ নতুন ঘৰখনলৈ অহাৰ পাছত মোক চাবলৈও যথেষ্ট মানুহ আহিছিল। আলহী অহাৰ পাছত পাকঘৰলৈ যাওঁ চাহ জলপানৰ যোগাৰ কৰিবলৈ। মই পাকঘৰত সোমোৱাৰ লগে লগে এওঁ প্ৰায় দৌৰ মাৰি আহে মোৰ কাষলে। মই মনতে ভাবোঁ, মই যে কিমান লাকী! মোক সহায় কৰিবলৈ দৌৰি আহিছে। আলহীৰ বাবে চাহ জলপান সজাওঁ, এওঁ ওচৰত ৰৈ চাই থাকে। লাহেকৈ কয়, মিঠাইৰ ৰঙটো প্লেটখনৰ লগত নাই মিলা। এইবাৰ এওঁ লাগি যায় প্লেট সজাবলৈ…. চিকচিকিয়া কাচৰ প্লেটখনত ৰঙচুৱা গোলাপ জামুন কেইটা গোল কৈ, তাৰ কাষতে কেৰেচীয়া কৈ বগা বৰফি কেইটা ৰাখে। আন এখন প্লেটত শাৰী শাৰীকৈ বিস্কুট আৰু কেক। কাচৰ চিকচিকোৱা বাটি এটাত চানা বা ভুজিয়া। মই ট্ৰেখনত কেৱল বস্তুবোৰ উঠাই লৈ গ’লেই হ’ল।
তামোল দিবৰ বেলিকা আৰু এখোপ চৰা হয়। পানবোৰৰ দীঘ আৰু প্ৰস্থ সকলোৰে সমান, বটাত এশাৰী পান আৰু কাষতে চকল চকলকৈ কটা একে জোখৰ তামোল। এওঁ সকলো সজাই মেলি থৈ দিয়ে। প্ৰথম অৱস্থাত খুব ভাল লাগিছিল। ভাবিছিলোঁ, বাহ! মোৰ কি কপাল। কিন্তু সেই কপালেই যে এদিন মোৰ চকুৰ পানী নাকৰ পানী একাকাৰ কৰিব ভবাই নাছিলোঁ। এদিন স্কুললৈ যাওঁতে বাছত বাইদেউ এজনীক মোৰ দুখৰ কথাবোৰ কৈ আছোঁ। বোলো বাইদেউ আপোনাৰ মানুহজনে পাকঘৰ চাফা কৰে নে? বাইদেউৱে বোলে “ক’ত পাকঘৰ চাফা কৰিবলৈ যাব? পাকঘৰত সোমাই ঢাকনি উদঙাই বস্তুবোৰ খাব আৰু হাতখন পেণ্টতে মচিব। উল্টা মোৰ কাম বঢ়াই হে”। মই বোলো আপুনি যে কিমান লাকী! বাইদেউৱে মোলৈ আচৰিত হৈ চায়।
এইবাৰ মই কওঁ “আমাৰ এওঁ পাকঘৰত সোমাই এফালৰ পৰা সকলো চাফা কৰিব, ফ্ৰিজ, গেছ বাৰ্ণাৰ একো বাদ নপৰে, চাফা কৰাৰ সমানে সমানে মুখখনো চলি থাকিব।” মোৰ কথা শুনি কাষতে থকা আন এগৰাকীয়ে টপৰাই মাত দিলে “অ’ বাইদেউ মোৰ জনো একেই জানে” তেওঁ ক’বলৈ ধৰিলে….. “ৰাতিপুৱা শুই উঠিয়েই বিচনা চাফা কৰিব, বিচনা চাদৰখন উঠাব, জোকাৰিব, যিমান পাৰে টানি টুনি চিধা কৰি পাৰিব, গাৰুটো ল’ব, জোকাৰিব, গিলিপৰ ভিতৰৰে হাতখন ভৰাই গাৰুটো ধপ ধপ কৈ মাৰি সমান কৰিব, তাৰপাছত হে বিচনাৰ কাষত গাৰুবোৰ এটা এটা কৈ সজাই থ’ব, কম্বলখনৰ বেলিকাও একেই। ঘৰৰ বস্তুবোৰ অলপ ইফাল সিফাল হৈ থাকিলে ইমান বকে নহয়…. আমি জানো ইমান লেতেৰী হয় বাইদেউ?” -তেওঁ মোক প্ৰশ্ন কৰিছে। মনতে ভাবিলোঁ এইজন দেখোন কামে কাজে সাইলাখ আমাৰ প্ৰভূ ঈশ্বৰ। চিজিল পতি সকলৰ পত্নীও যদি সমানে চিজিল নহয়, তেতিয়া বহু নগুৰ নাগতি হয়। আমাৰ এওঁ য’তেই নাথাকক কিয়, ঘৰত যদি কিবা বস্তু বিচাৰিব লগা হয় তেওঁ তাৰপৰাই ফোন কৰি ক’ব যে অমুক জেগা টুকুৰাত অমুক বস্তটো আছে চোৱাচোন। কথা মতেই কাম, সঁচাকৈয়ে বস্তটো গৈ তাতেই পাওঁ। মই কিন্তু এতিয়াও এইবোৰ গুণ আয়ত্ব কৰিব পৰা নাই। তথাপিও এওঁ যিহেতু আজিকালি ঘৰৰ বাহিৰত থাকে, ঘৰলৈ আহিম বুলি ক’লেই মই লাইটৰ চুইছ বৰ্ড কেইখনলৈকে মোহাৰি থওঁ। নহ’লেটো ক’ব নোৱাৰি, এওঁ ক’ত ক’ত ধূলি দেখা পায়। এইবাৰ বিহুত লাৰু, পিঠা বনালোঁ। এওঁ পিঠা এখন খাই ক’লে… পিঠা খাবলৈ বৰ ভাল হৈছে। পিচে লেঠাটো লাগিল পাকঘৰত সোমাই যাওঁতে হে। এওঁ গৈ গেছৰ বাৰ্ণাৰটোৰ কাষতে পিঠা গুৰি কেই ফুটমান দেখা পালে। লাহেকৈ ক’লেই, ইয়াত পিঠাগুৰি পৰি আছে দেখোন। ময়ো ক’লোঁ…. “বাৰ্ণাৰটো মচিছিলোঁৱেই, কিন্তু কেনেকৈ এইকন পিঠাগুৰি থাকি গ’ল জানো……?”
আজিকালি বেচিজিল পতিসকলৰ পত্নীসকললৈ হিংসাই লাগে। গাড়ীত বহিব নোৱাৰোঁ জোতাত বা কি লাগি আহিল, গাড়ীৰ চিটটো কিয় এবাৰ মোহাৰি লোৱা নাই, মহটো কিয় খিৰিকীখন খুলি ওলিয়াই দিয়া নাই? ইফালে গাড়ীত মোৰ এখন ভৰি থওঁহে তেতিয়ালৈকে।
☆ ★ ☆ ★ ☆
7:34 pm
হাঃ হাঃ এইবোৰ কথা পাবলিক কিয় কৰিছা? কিবাকে আমাৰ এওৰ কানত পৰিলে আমিবোৰচোন নিগমে মৰিম?
3:51 am
মোৰ স্বামী বেচিজিলৰ এক নম্বৰ ।আপোনাক ভাগ্যৱতী বুলিহে ক’ম ।