ফটাঢোল

ৰূপালী পর্দাত মই – মানসী বৰা

:-আৰু এটা
:-আৰু এটা
জাউৰিয়ে জাউৰিয়ে হাত চাপৰিৰ অন্তত ভাঁহি আহিছিল

মাথো এই দুই শব্দ ।মঞ্চত এটা নৃত্য পৰিবেশণৰ পিছত উৎসাহিত মইজনীয়ে দ্বিতীয়টো নৃত্য নাচিবলৈ সাজু হৈছিলো। প্রায়বোৰ অনুষ্ঠানতে বিশেষ আকর্ষণীয় অনুষ্ঠান হিচাপে মোৰ নৃত্যানুষ্ঠানৰ নাম লোৱা হৈছিল। মাধুৰীৰ এক দ’ তিন শীৰ্ষক গীতত মোৰ নৃত্যই বহুতৰ মাজতে মোক পৰিচয় কৰাই দিছিল। নৃত্যৰ বিভিন্ন প্রতিযোগিতাত অংশ লৈও পুৰস্কাৰ বুটলিছিলো।

একাদশ শ্রেণীত পঢ়ি থাকোতে এদিন ঘৰলৈ মোক বিচাৰি দুজন ব্যক্তি আহিল। মই বোলে অসমীয়া ছবি এখনৰ গানৰ দৃশ্যাংশত ওলাব লাগে। অহা মাহৰ পৰা গুৱাহাটী-শ্বিলঙত শ্বুটিং। কথাটো শুনি উৎসাহৰ কোনো সীমাই নোহোৱা হ’ল। নীলা জিনচ,ক’লা বুট জোতা,বগা টি চার্ট আদিকে ধৰি লগত কি কি বস্তু লৈ যাব লাগিব তাৰো তালিকা এখন মোক দিয়া হ’ল। আগতে পিন্ধা আছিল যদিও নতুনকৈ প্ৰায়বোৰ বস্তুৱেই কিনিলো। যিহেতু কেমেৰাৰ আগত ওলোৱাৰ কথা। অসমবাসী ৰাইজে মোক দেখিব।

মনত আনন্দ লৈ বেডিং পত্র বান্ধি গুৱাহাটী পালোগৈ। লগত অভিভাৱক হিচাপে মা। নৃত্য-শিল্পীসকলৰ বাবে থকা-শোৱাৰ ব্যৱস্থা সকলো একেলগে কৰা হৈছে। তাত গৈহে জানিব পাৰিলোযে মোৰ দৰে অসমৰ বিভিন্ন ঠাইৰ পৰা আন বহু নৃত্যশিল্পী আমন্ত্রিত হৈছে। মানে নায়ক-নায়িকাৰ পিছত নাচিবলৈ বহুত ল’ৰা-ছোৱালীৰ প্ৰয়োজন আছে। সেইসকলৰ অবিহনে গীতৰ কৰিয়’গ্ৰাফী নচলে। সকলোৰে সৈতে পৰিচয়হৈ দুদিনতে ভাল বন্ধুত্বও গঢ়লৈ উঠিল। একেলগে মিলি-জুলি এমাহজোৰা কাম কৰিলো। দক্ষিণৰ কৰিয়’গ্ৰাফাৰৰ নৃত্যৰ তালে তালে সকলোৱে নাছিলো। দেহা মাৰি শ্বুটিং লোৱা হ’ল। তিনিটা গানৰ দৃশ্যাংশত কাম কৰিলো। এটা গানৰ আধাখিনি ওৰণিৰে মুখ ঢাকিও নাছিলো।

এটা গান আকৌ হলিগীতৰ আছিল। নায়ক-নায়িকা সকলোৱে ৰং সানিব লাগে।ফিচকাৰী মাৰিব লাগে। সেই গানৰ শ্বট দিবলৈ আমাক বগা চুৰিদাৰ লগা হ’ল। কপাহী কাপোৰ কিনি তাতেই চিলোৱাই ল’লো। সেইটো গানৰ দুদিনধৰি শ্বুটিং হ’ল। প্রথম দিনা শ্বুটিঙত পুৱাৰ পৰা গধুলিলৈকে ফাকুৰ ৰঙত তিতি-বুৰি শ্বট দিলো। সিফালে মাৰ থকা নতুন কপাহী কাপোৰ ভিজি পিছল পিছল,আঠা আঠা হ’ল। সেই তিতা কাপোৰ আকৌ গাতে লাগি খজুৱাবলৈ ধৰিলে। খজুৱটিত অৱস্থা একেবাৰে বেয়া। জীয়েকৰ সেই কষ্ট দেখি মা ৰৈ থাকেনো কেনেকৈ। সেইদিনা ৰাতিয়েই পিছদিনা শ্বুটিঙত পিন্ধিব পৰাকৈ চুৰিদাৰজোৰ ধুই বতাহতে মেলি শুকুৱাই দিলে তেওঁ। পুৱা সেই ধুই থোৱা ফ্রেচ চুৰিদাৰযোৰ গাত সোমোৱাই ভাল লাগি গ’ল। ইউনীতৰ গাড়ীত উঠি বশিষ্টত হোৱা শ্বুটিং স্থলী পালোগৈ। পৰিচালকে মোক দেখাৰ লগে লগে মাতি নিলে। মই যেন ডাঙৰ এক অপৰাধ কৰিলো। তেওঁ বোলে এবাৰ ৰঙেৰে লেতেৰা হোৱা চোলা পিছৰ শ্বুটিঙত চাফাকে ওলালে ভুল হ’ব। দৰ্শকৰ চকুত পৰিব।গতিকে শ্বট দিয়াৰ আগতে আকৌ কাপোৰত মই ৰং সানি ল’ব লাগিব।

কথাটো আহি মাক ক’লো। যিহেতু মা মোৰ লগে লগে আছেই। মায়ে ওপৰে ওপৰে ৰঙা-নীলা-হালধীয়া ৰং হাতেৰে লগাই চাফা বগা চোলাটো পুণৰ লেতেৰা কৰি দিলে। তথাপি শুকান চোলাটো পিন্ধি অতি আৰামতে পিছৰ শ্বটকেইটা দিলো।

মোৰ লগতে আন সকলোৱে বহুত কষ্ট কৰিলে। নায়ক-নায়িকাৰো ভীষণ কষ্ট। দিন-ৰাতি একাকাৰ কৰি শ্বুটিং হ’ল। সেই শ্বুটিঙৰ দিনকেইটাত নাচোনৰ কোবত ২৮ ৰ ককালটো গৈ ২৪ হ’লগৈ। মুখৰ বৰণ ৰ’দত দেই-পূৰি সম্পূর্ণ সলনি হ’ল। সেইবোৰ কথাই পিছে সেইদিনত মনত অলপো প্রাধান্য পোৱা নাছিল। ৰূপালী পর্দাত নিজক চোৱাৰ উৎকন্ঠাৰোযে অন্ত নাছিল। নতুন আশা এটিয়েহে বুকুত ঠন ধৰি উঠিছিল। সেয়ে ছবিখন মুক্তি পোৱালৈ বাট চালো।

ইফালে পঢ়া-শুনাতো কিছু ক্ষতি হৈছিল। ইংৰাজী টিউচনৰ ক্লাচ ক্ষতি কৰাৰ বাবে ছাৰৰ কঠোৰ বাক্যবাণ কাণেৰে সৰকি গ’ল। নিজৰ লোকচানৰ কথা ভাৱি অলপ বেয়াও লাগিল। কিবা এটা পাবলৈ যেন কিবা এটা হেৰুৱাব লগা হয়। লগৰ সতীর্থ সকলোৱে জানে মই চিনেমা কৰিবলৈ যোৱা বুলি। সেয়ে নিজৰ নোটবহী দি সিহঁতে সহায়ো কৰিলে। সেইদিনত প্রতিবেশী- পৰিচিত বহুজনেই বাটে-ঘাটে লগ পাই সোধে ছবিখন মুক্তি পোৱাৰ কথা। মানে মোক চাবলৈ মোৰ শুভাকাংক্ষীসকলো বাট চাই আছিল। এদিন দুদিনকৈ সময় উকলিল।সময়ত ছবিখন এদিন মুক্তি পালে। ছবিঘৰত তিনি সপ্তাহ চলিল। নিজকে চোৱাৰ হেঁপাহটো লৈ প্রথম দিনাই ছবিগৃহত সোমালো। এটা এটাকৈ তিনিটা গানৰ দৃশ্যাৱলী চকুৰ আগতে শেষ হ’ল। মুখ ঢাকি ওলাৱা গানটোত নিজেইহে নিজক চিনিলো। এটা গানত দলীয়ভাৱে জপিয়াই জপিয়াই দিয়া বিশেষ শ্বটটোত নিজকে বিচাৰিলো।ক’ত মই? সৌজনী মূৰলে। অস্পষ্টকৈ দুবাৰমান অলপ অলপ দেখিলো। হলি গানটোৰ দৃশ্যাংশৰ কথা কি ক’ম। কোনেও কাকো চিনি নোপোৱা চেহেৰা। আনহে নালাগে নায়িকাৰ ৰূপেই কিম্ভূত কিমাকাৰ হ’ল। মই চাফা চোলা পিন্ধা নাইবা লেতেৰা চোলা পিন্ধাৰ কোনো অৰ্থ নাই। দর্শকৰ ধৰাৰো সাধ্য নাই। চিলিক চিলিক বিজুলীৰ চমকণি আৰু মোৰ মাজত মই কোনো পার্থক্য দেখা পোৱা নাছিলো।।দুবাৰমান ঘৰৰ মানুহখিনিয়েও চিনি পাবলৈ চিঞৰি চিঞৰি আঙুলিটোৱাই ক’লো

:-সেইজনী মই ,চোৱা চোৱা ।সেইজনী সেইজনী..হিৰোটোৰ পিছত সোঁফালে। সৌজনী সৌজনী,হিৰোয়িনৰ পিছত বাওঁফালৰ পৰা দুই নম্বৰৰজনী। সেই প্রথমত দৌৰি যোৱাজনী। সেইজনী সেইজনী। সেই একেবাৰে শেষত বাই বাই দিয়াজনী।

সেইদিনা মনতে ভাৱ হ’ল
:-ধেততেৰি কিটো চাবলৈ গাত গোঁসাই নাইকীয়া হৈ আছিল বাৰু? মোৰ শুভাকাংক্ষীসকলে মোক জানো চিনি পাব? মই নিচিনালে দেখুন আন কোনেও মোক চিনাৰ সাধ্য নাই। ছবিখন চাই আহি সেইদিনা ঘৰত কৰা মোৰ বিশেষ অনুৰোধটো আছিল এইযে কোনেও যেন মই গানৰ দৃশ্যাংশত কেনেকৈ, কোনশাৰীৰ কিমান নম্বৰত ওলাইছিলো সেইলৈ আনৰ সৈতে যাতে কোনোধৰণৰ আলোচনাতে মিলিত নহয়।

(বি:দ্র:- কেমেৰাৰ সমুখত সেইয়া জীৱনৰ এক অভিজ্ঞতা। নজনা বহু কথাই শিকিলো। সেই অভিজ্ঞতাৰ অন্যতম ফলাফল এইযে এই অমুকীয়ে তাৰ পিছৰে পৰা ছবিত নায়ক-নায়িকাৰ পিছত হাঁহি হাঁহি নাচি থকাসকলকো চোৱা হ’লো। বেচেৰা-বেচেৰিহঁতে অলপ দেহা মাৰি কাম নকৰে কিন্তু।।)

☆ ★ ☆ ★ ☆

6 Comments

  • অভিজিত কলিতা

    মজা লাগিল পঢ়ি। আত্মবাজন সুন্দৰ হৈছে। ভৱিষ্যতেও এনে ৰসলগা কাহিনী পঢ়িবলৈ পাম বুলি আশা কৰিলো

    Reply
    • মানসী বৰা

      আন্তৰিক ধন্যবাদ ..

      Reply
  • anjan sadhanidar

    তেতিয়া মাধুৰি মাফিকেই আছিলাা ভাল লাগিল পঢ়ি

    Reply
    • মানসী বৰা

      বহুত বহুত ধন্যবাদ দাদা..

      Reply
  • হেমন্ত কাকতি

    ধেত তেৰি! বৌম দুখ লাগিল, হাঁহিও উঠিল বেচেৰী!

    Reply
    • মানসী বৰা

      নিজৰো দুখ লাগিছিল সেইদিনা..

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *