ফটাঢোল

বাঘ ঔ বাঘ – বিজু গগৈ

মই সৰুৰেপৰা এবিধ জীৱৰ লয়লাস গতি চাই খুউৱ ভাল পাইছিলোঁ‌, কিন্তু দূৰৰ পৰাহে দেই৷ বাৰীৰ এজোপা বাঁহগছৰ পৰা সিজোপালৈ যাওঁতে চিকমিকাই থকা শৰীৰৰ কি সুন্দৰ নাচোন, চাই চাই আপোনবিভোৰ হৈ পৰোঁ‌। মৌগলী পঢ়ি ‘ক্কাৰ’ নাচোন কল্পনা কৰা মানুহ মই। পাছলৈ এনে কি ঘটিলে যে মই ‘জানীদুশমন’ চিনেমাখন চাওঁতেও সৰুভনীয়ে সহায়কাৰীৰ ভূমিকা লৈ “বাই চকু মুদ, চকু মেল” আদি নিৰ্দেশ দিবলগা হ’ল তাকে বেকত কৰিবলৈ এবকলা মেলিলোঁ‌ আৰু সেই ‘কাণতলীয়াটো’, আস্! এতিয়াও গালখন ফৰফৰাই উঠে৷ (যেন টিভিৰ পৰ্দাৰ পৰাও মোকেই খেদি আহিব।)

হাইস্কুলত পঢ়া দিনৰে কথা৷ ৰুমৰ এখন বিচনাত মই আৰু আইতা আনখনত সৰুপেহীৰ লগত ভণ্টী। মাজৰাতি ভণ্টীৰ চিঞৰ “সাপ সাপ” লগতে শিতানৰ ফালে বিচনাৰ পৰা নমাৰ জোৰদাৰ চেষ্টা। কাৰণ, এটা ভৰি পেহীয়ে ধৰি থৈছে এইজনীয়ে সপোনত চিঞৰিছে নামি বাহিৰলৈ যাবগৈ বুলি৷ টনা আঁজোৰাত ভনী উফৰি পৰিও লাইট জ্বলালেগৈ৷ পোহৰত দেখিলোঁ‌ বিচনাৰ ওপৰত সকা সাপ এটি দেখিয়েই টেটুফালি চিঞৰ আমাৰ৷ চিঞৰ শুনি দেউতাৰ লগতে ওচৰৰ দাদা, দাইহঁত আহি সাপক বাহিৰলৈ নি গতি লগালেগৈ৷

পিছদিনা একেবাৰে যুদ্ধংদেহী মনোভাৱত ৰজাৰ দৰে আহি সেই বিচনাত মই ৱালৰফালে, মাজত সাহসী সেনাপতিৰ ভাৱত আপাদেউৰ ছোৱালী আৰু নিমাখিত প্ৰজা পেহী সিকাষত৷ মাজৰাতিলৈ ভাওনা আৰম্ভ হৈ গ’ল৷ সেনাপতিয়ে সপোনতে “মোক ধৰিবলৈ এইটো কি আহিছে বচা ঐ” বুলি মোক সাৱটি ধৰিলে (তাইক সপোনত ক’লাম’লা কিবা এটাই ধৰিছিল) ময়ো টোপনিৰ জালত সাপ এটা চুই পালোঁ‌, অকস্মাৎ বিদ্যুতশিহৰণ বৈ গ’ল আৰু ”সাপ সাপ” বুলি টেটু ফালিবলৈ ধৰিলোঁ‌৷ চিঞৰি চিঞৰি পলাবলৈ বাট বিচাৰি আঠুৱাৰ ৰচি চিঙি পকাত ঢেপেচকে পৰিলোঁ‌, তথাপিও চিঞৰত গগণ ফালিছোঁ‌, চকুৱেই নেমেলোঁ‌, হঠাৎ পেহীৰ এটা কাণতলীয়া চৰত মোৰ চকু মেল খালে (সেয়াই প্ৰথম খাইছোঁ‌ চৰ।) ইতিমধ্যে আগদিনাৰ সৈন্যদল হাজিৰ আমাৰ ৰুমত৷ মোলৈ চাই কটাক্ষ সৈন্যদলৰ, “গৰখীয়াৰ গল্প হ’বগৈ কোনোবাদিনা বুজিছ। বাঘ ঔ বাঘ খালে ঔখালে।” মানে মই টোপনিৰ উখামুখাত পেহীৰ আটিলকৈ বান্ধি ৰখা দীঘল বেণীডালহে চুইছিলোঁ আৰু সকলোকে মাজৰাতিখন লটিঘটি কৰিলোঁ৷ সেই ৰাতিৰ ভয় এতিয়াও যোৱা নাই মোৰ৷

☆ ★ ☆ ★ ☆

2 Comments

  • হেমন্ত কাকতি

    হাঃ হাঃ কি যে হব আৰু! এতিয়া ভয় কমিছে নে নাই?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *