ফটাঢোল

বেজী – প্ৰীতম

চাৰিওফালে ছোৱালী। ইজনীতকৈ সিজনী চৰা, কোনজনীক কওঁঁ… এজনীক ক’বতো লাগিবই… কইনাৰ পাছফালে ঠিয় হৈ থকা বগীকৈ মৰমলগা ছোৱালীজনী, তাইক কোৱাই ভাল হ’ব। কিন্তু মানুহৰ আগত কোৱাতো ভাল হ’ব জানো, তাই যদি কিবা বেয়াকৈ কৈ দিয়ে! এহ্ কিনো ক’ব তাই, এতিয়া কোৱাই ভাল হ’ব। এনেই এবাৰ চালোঁ তাইলৈ, তায়ো মোৰ ফাললৈ চাই আছে… চাৰি চকুৰ মিলন নে বুলি কথা এষাৰ আছে যে অসমীয়াত, তেনেকুৱা কথা! তাইক কথাষাৰ কেনেকৈ কওঁ ভাবি মোৰ তত নাই, ইফালে মই যিমানবাৰ তাইৰ ফাললৈ চাওঁ তাইকো মোৰ ফাললৈ চাই থকাই পাওঁ।

জীৱনত প্ৰথমবাৰৰ বাবে ছোৱালীক এই কথাষাৰ ক’বলৈ গৈছোঁ, অফকৰ্চ টেনছন হ’বই! ইফালে পিছফালৰ পৰা লগৰ দুটাই খুচখুচাই আছে,

“ক ক কৈ দে, তায়ো তোৰ ফালে চাই আছে, নকৱ কিয় ঐ!”

বুকুত সাহ গোটাই এখোজ-দুখোজকৈ তাইৰ কাষ পালোগৈ। লাহেকৈ গৈ মাত দিলোঁ,

: ভণ্টি শুনাচোন।

লাজ লাজকৈ তাই ক’লে,

: কওক।

: মানে বেয়া নোপোৱা যদি অলপ একাষৰীয়াকৈ আহিবা নেকি।

লাহেকৈ উঠি আহিল তাই, মানুহৰ ভিৰৰ পৰা অলপ দূৰত আহি তলমূৰ কৰি ক’লে,

: কওক।

: মানে, হেৰি ….

দুঘণ্টা আগৰ কাহিনী :

দৰাঘৰৰ পদূলি, উদুলি-মুদুলি। দৰা ওলাবলৈ বেছি পৰ নাই। হোষ্টেলৰ ৰূমমেটৰ দাদাকৰ বিয়া। আমি পাঁচটা আহিছোঁ। বন্ধুৰ দাদাকৰ বুলেট এখন আছিল, আগে-পিছে তাৰ ঘৰলৈ আহিলে সেইখন চলাওঁ। অৱশ্যে ঠিক চলাওঁ বুলি ক’লে আমাৰ চালনাটোৰ বেইজ্জতি কৰা হ’ব, কিয়নো প্ৰত্যক্ষদৰ্শীয়ে কোৱামতে, আই মিন গোচৰ দিয়ামতে ‘চলি’ থকা অৱস্থাত বাহনখনত যদি এয়াৰফইলৰ ব্যৱস্থা থকা পাখি দুখনমান লগাব পৰা যায় তেতিয়াহ’লে অতি সহজে সেইখিনি বেগেৰেই বাহনখন আকাশতো উৰুৱাব পৰা যাব (প্ৰত্যক্ষদৰ্শী ফিজিক্সৰ প্ৰবক্তা আছিল!)। যি কি নহওক, সেই বুলেটখনৰ উপৰিও আমাৰ লগৰ দীপ বোলা এটাই তাৰ বাইকখন লৈ আহিছে। নতুনকৈ ডেকা হোৱাৰ পাছত তেজৰ পিৰপিৰণি বুলি বস্তু এটা থাকে যে, আমি সেইটোত আক্ৰান্ত। সিদ্ধান্ত লোৱা হ’ল যে আমি বাছত নাযাওঁ, বাইকত যাম। দুখন বাইক, পাঁচটা ল’ৰা…হিচাপটো মোটামুটি ঠিকেই আছিল। কিন্তু আমাৰ লগৰ এটাক সেইসময়তে কিহে কামুৰিলে জানো সি সিদ্ধান্ত ল’লে যে সি বাইকত নাযায়, বাছত যাব….তাকো বাছৰ বডিৰ ওপৰত বহি অকলে। আমি কিবা কোৱাৰ আগতে সি গপগপাই গৈ ষ্টাৰ্ট দি যাবলৈ সাজু হৈ থকা বাছ এখনৰ বডিত উঠি ল’লেগৈ। বাছখনৰ পিছে পিছে আমিও কইনাঘৰলৈ বুলি বাইক দৌৰাই দিলোঁ। বাকী আটাইবোৰ বাইক আগে-আগে ওলাই গৈছে, দুখন বাছৰ ভিতৰত সেইখন বাছেই একেবাৰে পিছত, আৰু বাছখনৰ পিছফালে, মানে ৰেলীটোৰ একেবাৰে শেষত, দুখন বাইকত আমি চাৰিটা আৰু পঞ্চমজন বডিৰ ওপৰত।

ৰাস্তাটো তুলনামূলকভাৱে ঠেক, সেয়েহে অভাৰটেক কৰি যাবলৈ বৰ এটা সুবিধা পোৱা নাই। দহমিনিটমান ঠেক ৰাস্তাটোৰে গৈ বহল পকী ৰাস্তাত উঠিব পাৰি। বাছখন পকীৰাস্তাত উঠিবলৈ গতিবেগ অলপ কমাওঁতেই চান্স পাই অভাৰটেক কৰি অলপ আগবাঢ়িছিলোঁহে মাত্ৰ, সিখন বাইকৰ পৰা দীপে চিঞৰিলে,

: অই ৰখাচোন ৰখা।

চৰম বিৰক্তিত ৰখালোঁ।

: ক কি হ’ল?

: ই, ৰাজে চিঞৰাযেন শুনিলোঁ অ’।

: ধেই, পাগল হলি নেকি, সি বডীৰ ওপৰতহে আছে।

: নহয় বে, সি কুকুৰে (অশ্লীল) ওপৰৰ পৰা কেনেবাকৈ বাগৰি পৰা নাইতো!!

: মই ইয়াত আছোঁ ঐ (অশ্লীল), সোনকালে মোক ইয়াৰ পৰা নমোৱাৰ ব্যৱস্থা কৰ হেৰামীহঁত। – আকাশবাণীৰ লেখীয়াকৈ অহা বাণীষাৰ শুনিলে অলপধতুৱা মানুহৰ যি চুলিৰ আগেদি জীৱ গ’লহেঁতেন সেইটো নিশ্চিত। আমি শব্দৰ উৎসৰ ফালে চাই অবাক। এজাত বৰ ওখ ওখ কলগছ থাকে যে, বেছিকৈ ৰাস্তাৰ কাষৰ বা ঘৰৰ সীমাৰ ঢাপবোৰত থাকে, কেকুঁৰিটোৰ তেনে এডাল কলগছৰ এথোক কলত গাৰ জোৰেৰে সাৱটি ধৰি ৰাজ মাটিৰ পৰা সাতফুটমান ওপৰত ওলমি আছে , তাৰ ভৰত গছডাল ভাঙি বাগৰি পৰো পৰো কৰিছে। জোনাক ৰাতি তেনেকৈ কলথোকত ধৰি ওলমি থকা দৃশ্যটো চাবলগীয়া হৈছিল।

আচলতে ঘটনাটো হৈছিল এনেকুৱা – টাৰ্ণিঙটোত বাছখন একমুহূৰ্তৰ বাবে শ্লো কৰি দিয়াত তাৰ চকু পৰিল চকুৰ সমুখতে থকা পকাকলথোকত। লগে লগে সি বান্দৰৰ মনত আইডিয়াটো আহিল যে এইথোক কেনেবাকৈ ছিঙি ল’ব পাৰিলে বাছৰ ওপৰত বহি অকলে খাই খাই যাবলৈ বেচ ভাল লাগিব। কথাষাৰ মনত পৰাৰ পাছত ৰৈ থকাৰ প্ৰশ্নই নুঠে। মুহূৰ্ততে শৰীৰৰ সমস্ত শক্তিৰে কলথোকত ধৰি টানিবলৈ আৰম্ভ কৰিলে সি। টানত নহা যেন দেখি সি এইবাৰ কলথোকত ধৰি ওলমি দি হ’লেও ছিঙি আনিবলৈ চেষ্টা কৰিলে, তেতিয়াই ঘটিল অঘটনটো। বাছখনে আকৌ যাবলৈ আৰম্ভ কৰিলে, সিও ভুলতে কলথোক এৰাৰ সলনি দুভৰি দাঙি বাছখনহে এৰি দিলে। তাৰ ঠিক তিনিমিনিট পাছত মানুহ যে সঁচাকৈয়ে বান্দৰৰ পৰাই বিৱৰ্তন হৈছিল সেই বৈজ্ঞানিক সত্যটো আকৌ এবাৰ প্ৰমাণ কৰি বন্ধু আমাৰ পৰা সাতফুট ওপৰত ওলমি ছিম্পল হাৰমনিক ম’চন কৰাত ব্যস্ত!

: জপিয়াই দে ঐ, জপিয়াই দে…সেইডাল ভাঙিব এতিয়া, ওলোটাফালে পৰিব লাগিলে কিন্তু নিৰ্ঘাত পুখুৰীত পৰিবি।

দীপ আৰু লগৰকেইটাই তাক সঠিক দিশত জঁপিয়াবলৈ মটিভেড কৰাত ব্যস্ত।

: মাৰ জাঁপ, ভয় নকৰিবি।

মোৰ এইষাৰ কথাতে তাৰ মটিভেচনৰ থ্ৰেচহোল্ড ৰেটটো পাৰ হৈ গ’ল নেকি, দিলে চকু-কাণ মুদি ওপৰৰ পৰা জাঁপমাৰি, পৰিলহি মোৰ গাৰওপৰত। দুটামান লুটি-বাগৰ খাই এটাসময়ত দুয়ো ৰাস্তাৰ কাষৰ বেৰ এখনৰ ওচৰত ৰ’লোঁগৈ।

শুৱলা মাত এফাঁকি মুখত ফুটাই উঠিবলৈ লৈছিলোঁহে, বেৰখনৰ পৰা ওলাই থকা জেং এডালত লাগি কেৰেচকৈ শব্দ এটা কৰি গ’ল কিবা এটা ফালি, শব্দ শুনিয়েই বুজিছিলোঁ যি গ’ল ভালকৈয়ে গ’ল! ৰাস্তালৈ বুলি উঠি আহি চালো, চাৰ্টটোৰ বাওঁহাতখন কান্ধৰ ওচৰৰ পৰা ধুনীয়াকৈ ফালি আহিছে, চোলাটোৰ হাত বোলা অংশটো বাকী অংশটোৰ লগত এতিয়া ঠিক অসম ভাৰতৰ লগত সংযোগ হৈ থকা অংশটোৰ লেখীয়াকৈ সামান্য কাপোৰেৰেহে সংযোগ হৈ আছে।

: ধেই (অশ্লীল), কি কৰিবি এতিয়া?

: কৰিবলৈ আৰু কিটো আছে, কইনাঘৰীয়াত তাত গৈ কিবা কৰিবি বল, ইয়াত ৰৈ থকাৰ সময় নাই, বল বল।

তাৰ ঠিক দুঘণ্টা পাছত মই এতিয়া কইনাঘৰত। কুকুৰাযুঁজ খেলিলে যেনেকৈ এখন হাতেৰে সিখন কান্ধত ধৰি লোৱা হয়, তেনে এটা ভংগীত মই কইনাৰ সম্পৰ্কীয় ভনীয়েকজনীৰ লগত মই ৰভাঘৰৰ এচুকত।

: মানে, হেৰি….বেজি এটা পাম নেকি? এইখিনি চিলাই ল’ব লাগিছিল?

খাবলৈ বুলি মুখৰ ওচৰলৈ নিয়া মাংসৰ টুকুৰাটো শিলগুটি বুলি জনাৰ পিছত যেনেকুৱা লাগে ছোৱালীজনীৰ মুখতো তেনে এটা এক্সপ্ৰেচনেই ফুটি উঠিল। নাকৰ পাহি দুটা ফুলাই ‘নাপাব’ বুলি জোকাৰ এটা মাৰি থৈ গজং-গজংকৈ খোজ দি ছোৱালীজনী আগৰ ঠাইলৈ উভতি গ’ল।

ধ্যুৰ জিন্দেগী!!

অলপ পাছত ৰভাঘৰৰ বহি থকা আইতা এজনীৰ কাষলৈ গৈ,

: হেৰি মানে আইতা পিন এটা পাম নেকি?

পিছফালৰ পৰা কোনোবাই টানিলে। দীপ।

: কি হ’ল ঐ? এইবাৰ আকৌ কোনোবা তামোলগছত বগালে নেকি?

: নহয় (অশ্লীল), এইফালে আহ,

দমকলৰ পাৰলৈ লৈ গৈ সি তাৰ ছাৰ্টৰ তলৰ পৰা আৰু এটা ছাৰ্ট উলিয়াই ক’লে,

: হো ল এইটো পিন্ধ।

লৰালৰিকৈ ফটাচাৰ্টটো খুলি সেইটো পিন্ধি সুধিলোঁ,

: ক’ত পালি এইটো?

: তই আম খা, গছৰ খবৰ কিয় লাগে?

পিন্ধিলোঁ। কইনা আনি দৰাঘৰ সুমুওৱাৰ পাছত তাক সুধিলোঁ,

: এইটো কাৰ চাৰ্ট অ’?

: নাজানো।

: নাজান? কোনে দিলে এইটো তেনেহ’লে?

: কোনেও দিয়া নাই।

: কি? পিছে পালি ক’ত এইটো?

: আলনাত।

: কি? কাৰ আলনাত?

: কাৰ হ’ব আৰু, কইনাঘৰৰ। কইনাৰ কোনোবা দাদাক বা ভায়েকৰে ছাৰ্ট হ’ব চাগে!!

: ধ্যুৰ (অশ্লীল)!

তেতিয়াহে মই বুজিলোঁ সেইদিনা কিয় কইনাৰ দাদাকে মোৰ ফালে বাৰে বাৰে ঘূৰি ঘূৰি চাইছিল।

ছমাহমান পিছত আকৌ এদিন সিহঁতৰ ঘৰলৈ যাওঁতে সি চাহ দিবলৈ অহা বৌৱেকৰ লগত চিনাকি কৰাই দিছিল,

: বিয়াৰ দিনা তোমালোকৰ পৰা ছাৰ্ট চুৰ কৰা ল’ৰাজনেই এইজন বুলি!

এষাৰ কথা মনে মনে কৈ থওঁ, এই এটা দুখ মোৰ জীৱনলৈ থাকি গ’ল। সেই সময়ত ছোৱালীজনীৰ চকুত যিটো আশাৰ ৰেঙণি আৰু কিবা বোলেনে ফিলিংছ দেখিছিলোঁ, সেইটো ইমানদিনে অকল হিন্দী চিনেমাতহে দেখি আহিছিলোঁ। এতিয়াও মাজে মাজে ভাবোঁ, সেইদিনা তাইক বেজিটো নুসুধি অইন কিবা এষাৰ সুধি দিয়াহ’লেই ভাল আছিল নেকি! কিন্তু সেইসময়ত মোৰ অইন কিবাতকৈ বেজিটোৰ প্ৰয়োজনহে বেছি আছিল, অভাৰঅল মানুহৰ মৌলিক প্ৰয়োজন খাদ্য, বাসস্থান আৰু বস্ত্ৰই নহয় জানো!

☆ ★ ☆ ★ ☆

One comment

  • anjan sadhanidar

    ভূল এনেকুৱাই৷ কৰিলে পস্তাবাাই ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *