অ’ মোৰ সুৰীয়া মাত – নিৰ্মালী সন্দিকৈ
অ’ মোৰ সুৰীয়া মাত – নিৰ্মালী সন্দিকৈ
:মোৰ ল’ৰা ‘ডিজনী হোম’ত পঢ়িব। এইটো মোৰ অপিনিয়ন নহয়, লাষ্ট ডিচিছন। তুমি তাৰ ফৰ্ম আনিবলৈ লাইনত খাড়া হ’বও নালাগে। মই আৰ্লি মৰ্নিং গৈ নিজে লাইন পাতিম। তুমি জাষ্ট প্ৰে’ কৰিবা। যদি তাকো নকৰা, মোৰ নৌ প্ৰব্লেম। আই ৱিল মেনেইজ।
:সি ওমলা ঘৰলৈ যাব। তাকো তিনিবছৰ সম্পূৰ্ণ কৰি। এইটো মোৰো লাষ্ট ডিছিচন।
:ঔ ৰিয়েল্লী? লগৰ চবেই তাক বুদ্ধু বুলি মাতিব জানা। বনিহঁতে ৰাইমচ্ গালে সি “কল কল কল আহাঁ দল বল” গাই শুনাব, আৰু যেতিয়া সি ইনফ্যুৰিটি কমপ্লেক্সত ভুগিব তেতিয়া তোমাৰ একো নহ’ব পাৰে। বাট মোৰ ইগৌ হাৰ্ট হ’ব। মই এটলিষ্ট সেইটো কেতিয়াও হ’ব নিদিওঁ। মোৰ ল’ৰাই চবৰ লগত কম্পিট কৰিব পাৰিব লাগিব আৰু তাক মই বনামো তেনেকৈয়ে।
:মোৰ ল’ৰা মোৰ ল’ৰা বুলি যে চিঞৰিছা, সি মোৰো ল’ৰা। ‘ডিজনী হোম’ আৰু ওমলা ঘৰৰ চেইম ষ্টেণ্ডাৰ্ড। কাকতিদাহঁতৰ আৰ্হিকো তাতেই দিব। কাকতিদাহঁতৰ ষ্টেণ্ডাৰ্ড নাই নে কেপাচিটি নাই ‘ডিজনী হোম’ত দিবলৈ?বেজবৰুৱা ৰচনাৱলী আনি যে থৈছা, ড্ৰয়িংৰুমত সজাবলৈহে আনিলা নেকি? পঢ়িবা সেইবোৰ।
:থৈ দিয়া হে, তোমাৰ বেজবৰুৱাৰ বাজে কথা। নিজৰ বাচ্চা কেইটাৰ মুখতে অসমীয়া ফুটাব নোৱাৰিলে দেখোন। ইমান বিয়াগোম মানুহ। ফাৰ্ষ্ট অৱ অল নিজৰ পত্নী আৰু সন্তানক মাতৃভাষা শিকাই ল’ব লাগিছিল। তেওঁৰ সন্তানে বাংলাভাষাত ‘বাবা’ সম্বোধন কৰি লিখা চিঠি দেখুৱাম তোমাক। চাই ল’বা, আৰু তোমাৰ সেই চাহিত্য চভাৰ ডাঙৰ ডাঙৰ লেৱেল ফটাই থকা মখাই নিজৰ সন্তানক এছামীজ মিডিয়ামত পঢ়ুৱাটো কম্পালচৰী কৰিলেনে? কৰিব লাগিছিল দেখোন। ক’বলৈ সহজ। এচামীজ পঢ়ুৱাব লাগে, ক’ব লাগে। মইও জানো। বাট এচামীজ পঢ়ি ল’ৰাই ইণ্ডিয়াৰ বাহিৰে ভিতৰে কোনটো ইন্সটিট্যুটত পঢ়িবলৈ পাব, ক’ত ভাল জব্ পাব মোক এবাৰ কোৱা। ইভেন, হৌল লাইফ সি তোমাক এচামীজ মিডিয়ামত পঢ়ুওৱাৰ কাৰণে কচি থাকিব।
:তোমাৰ লগৰ মঞ্জিতাই গাঁৱৰ এল পি স্কুলত পঢ়িয়ে এতিয়া মাল্টি নেচনেল কোম্পানীৰ এম ডি হৈ আছেগৈ। প্ৰদীপ্ত যে, চিনিঅৰ পাইলট হ’ল। বাগানৰ স্কুলত পঢ়া সি। এজনীয়া শিক্ষক থকা স্কুল আছিল তাৰ। এমেৰিকান এচেন্টৰ ইংলিছ শুনিছা?
:সেয়া লাক্ বাই চ্চান্স। চব তোমাৰ প্ৰদীপ্ত হ’বলৈ নোৱাৰে। লাকেও ফেভাৰ কৰিব লাগিব। তোমাৰ ল’ৰাক মই চবৰ লগত এডজাষ্ট কৰিব ট্ৰাই কৰিছো। তাৰ ফাৰ্ষ্ট ষ্টেপ হিচাপে একদম গ্ৰাচৰুটৰ পৰাইটো কেয়াৰ ল’ব লাগিব ন। তাত তোমাৰ ইমান প্ৰব্লেম কিহৰ? মইতো তাৰ দুচমন নহয়। মই কি তাৰ বেয়াতো ভাবিম নেকি? আৰে কিবা ফেমিলি ফাংচন এটা হ’লেও চব বাচ্চা একলগ হ’ব। তাতে তোমাৰ ল’ৰাই বেলপুং টাইপ মুখ মেলি থাকিব আৰু বাকী চবেই ইংলিচত টকিং কৰি থাকিব। তেতিয়া তোমাৰ খুব প্ৰাউড ফীল হব নহয় জানো? এইবোৰ জাতীয়তাবাদ চেন্টি মোৰ আগত নেদেখাবা।
শেষৰ ফাললৈ লাইলীয়ে চিঞৰি উঠিল। তাইৰ চিঞৰতে গুড্ডু সাৰ পালে। সি কান্দিব খুজিছিল। কিন্তু চকু মেলিয়ে মাক-দেউতাকক দেখি সি ফেলেক্ কৈ হাঁহিলে।
:মা মা, কোচত কোচত, সি সকলো শব্দ দুবাৰকৈ কয়, মাকে তাক ডবিয়ালে। ‘মাম্মা’, ‘কোৱা বেটা’।
গুড্ডু তভক মাৰি ৰ’ল। মাকক সি মাম্মা বুলি নক’লে।বৰঞ্চ বিচনাৰ পৰা নামি সি ককাকৰ কোঠালৈ দৌৰ মাৰিলে।
“আইতা আইতা, দাঙি দাঙি, সাধু সাধু।”
গুড্ডুৱে তাৰ থুনুক থানাক মাতেৰে আইতাকক আব্দাৰ ধৰিলে। লাইলীয়ে শুনিলে, অভিকেও শুনিলে, গুড্ডুৱে আইতাকৰ কোঠাত “বাঁহৰ মূঢ়া বগৰীৰ গুড়া” গাইছে।
মাজে মাজে সি সুৰ লগাই উকিয়াইছেও। উকিটো অসমীয়া ডেকাই বিহু গাওঁতে মৰাৰ দৰে একেই।
লাইলীয়ে অভিকৰ মুখলৈ নেচালে, অভিকেও।।
☆ ★ ☆ ★ ☆
8:58 pm
সুন্দৰ লেখনিৰে আলোচনী উজলাই তোলাৰ বাবে ফটাঢোল ই-আলোচনীৰ হৈ আন্তৰিক কৃতজ্ঞতা জনাইছো
9:40 pm
এটা নিৰবিচ্ছিন্ন অন্তৰ্দন্দ, খুব ধুনীয়াকৈ প্ৰকাশ কৰিলে৷ ভাল লাগিল পঢ়ি৷ লিখি থাকিব৷