ফটাঢোল

দুহেজাৰ টকীয়া আখ্যান-ডাঃ কুমাৰ পাৰ্থ প্ৰতিম

মনত পৰেনে ২০১৬ চনৰ শেষৰফালৰ সেই ৰোমাণ্টিক দিনবোৰৰ কথা? সেই যে আপুনিয়ে ময়ে ঘূৰি ফুৰিছিলোঁ?
ৰ’বহে, আচৰিত নহ’ব৷ ৰোমাণ্টিক নহ’ব পাৰে, একেলগে নুঘূৰিব পাৰোঁ, কিন্তু ঘূৰাটো সত্য৷ সইত সইত তিনি সইত সত্য৷ তাকো এটিএমে এটিএমে? মনত পৰেনে? বাৰু এনেই মনত নপৰিলেও এতিয়া পৰিছেনে? সেই যে দুহেজাৰটকীয়া দিনবোৰ? সেই যে হয়তো এটিএম বন্ধ, নহয়তো খালী, নহয়তো নগদ দুহেজাৰটকীয়া খমখমীয়া নোটখন? মানে সহজ অৰ্থত ক’বলৈ গ’লে, য়ে ওন দিন’কী বাত হে, যব হম ’দুহেজাৰটকীয়া’ ’দুহেজাৰটকীয়া’ খেলতে থে! বাৰু,পাতনি দীঘলীয়া নকৰি, আহক ফটাঢুলীয়া ৰাইজ, দুটি খণ্ডচিত্ৰৰে আমাৰ স্মৃতি ‘তাজা’ কৰোঁ৷
খণ্ডচিত্ৰ ১:
শ্ৰীমতী, মানে প্ৰণামীয়ে চেম্বাৰৰপৰা ওলাই গেলামালৰ দোকান এখনত সোমাই নিত্য ব্যৱহাৰ্য্য দুটা বস্তু কিনিলে৷ বিল হ’ল ষাঠি টকা৷ পাৰ্ছৰপৰা সগৌৰৱে খমখমীয়া নোট এখন উলিয়াই দোকানীলৈ বুলি আগবঢ়াই দিয়াত দোকানীজন উচপ খাই উঠিল৷ প্ৰণামীৰ হাতত সেইখন দুহেজাৰ টকীয়া নোট নহৈ যেনিবা গুলীভৰ্তি ৰাইফলহে!
“হেই হেই বাইদেউ, কি কৰে, কি কৰে৷ ”
পাৰ্ছৰপৰা চুপ-চাপ ২০ টকীয়া নোট তিনিখন উলিয়াই দোকানীক দি প্ৰণামী দোকানখনৰপৰা বাহিৰ ওলাই আহিল৷ তেওঁৰ কাণে কাণে ক’লোঁ,“হেৰা, মই ঠিক কৰি দিয়া বাকী দোকানখনৰপৰা নলৈ এই নতুন দোকানখনত সোমাই দোকানীজনক ভয় খুওৱাৰ কি প্ৰয়োজন আছিল বাৰু! ভাগ্য ভাল যে বেচেৰাই হাৰ্ট ফেইল নকৰিলে৷ ”
খণ্ডচিত্ৰ ২:
মানুহজন বৰ ৰসাল৷ চিনি নাপাওঁঁ তেখেতক৷ আগতে লগো পোৱা নাই৷ অকস্মাতে লগ পালোঁ সেইদিনা এ টি এম এটাত৷ মানে, ডিউটিৰপৰা ওলাই এ টি এমটোৰ সন্মুখত গাড়ী ৰাখিছিলোঁ৷ লাইনত কেইজনমান মানুহ থিয় হৈ আছিল ইতিমধ্যেই৷ গতিকে বুজিলোঁ যে এ টি এমটোত পইচা আছে৷ ওপৰৱালাক ধিয়ালোঁ এবাৰ৷
ৰ’ব, এটিএমত সোমেৱাৰ সময়ত ভক্তিত গদগদ হৈ ভগৱানক ধ্যান কৰাৰ কাৰণ আছিল দুটা৷ প্ৰথম কাৰণ, যাতে মই পইচা উলিওৱাৰ আগতেই এ টি এমটোত পইচা শেষ নহয়৷ দ্বিতীয়টো, যাতে দুহেজাৰটকীয়াতকৈ সৰু কিবা নোট পাওঁ৷ ভগৱানক চিন্তি লাইনত থিয় হ’লোঁ৷ মনতে হিচাপ এটা কৰিলোঁ, মোৰ সন্মুখত মুঠ আঠজন মানুহ৷ বেছি নহয় বাৰু, গতিকে বেছি সময় নালাগিব৷ মোৰ সন্মুখৰজনে তেখেতৰ সন্মুখৰজনৰ লগত কিবা কথা পাতি আছিল৷ বেলেগ কথা নহয়, সেই ‘ডি-মানিটাইজেছন’ৰ কথাই৷ মনৰ খুদুৱনি মাৰিবলৈ তেখেতক সুধিলোঁ,
“পাঁচশ টকীয়া আছেনে নাই গম পাইছে নেকি বাৰু? ”
তেখেতে ক’লে,“আছে বুলি শুনিয়েই ময়ো লাইনত৷ আগৰ দুই এজনে উলিয়াইছেও৷ আমিহে পাওঁনে নাপাওঁঁ ঠিক নাই ৰ’ব৷ ”
ইয়াৰ পিছতে সুধিম বুলি ভাবিছিলোঁ যে কেনেবাকৈ এশটকীয়া পোৱাৰো সম্ভাৱনা আছে নেকি, মানে সিমানখিনি সৌভাগ্যৱানো হ’ব পাৰোঁ নেকি, কিন্তু মোৰ ফটা মুখখন মেল খোৱাৰ আগতেই প্ৰশ্নটো আহিল মোৰ পিছপিনৰপৰা৷ ল’ৰা এজনে মাত লগালে,“হেৰি নহয় দাদা, এশটকীয়া আছে নেকি? এশটকীয়া? ”
পিছলৈ ঘূৰি চালোঁ৷ ইতিমধ্যেই আৰু চাৰিজন লাইনত যোগ হ’লেই৷ মোৰ সন্মুখৰ মানুহজনে তামাম ৰস পালে৷ হোঁ হোঁৱাই হাঁহি তেখেতে ক’লে,“আপুনি বৰ বেছিয়েই উচ্চাকাংক্ষী বুজিছে৷ ”
মানুহজনৰ হাঁহি যেন বন্ধই নহ’ব৷ পিছৰজনৰ অলপ খঙেই উঠিল৷
“ইমানকৈ হাঁহিবলৈ কি হ’ল? কিনো একেবাৰে নুসুধিবলগীয়া প্ৰশ্নটো সুধিলোঁ? ”
সন্মুখৰজনে আৰু অলপমান হাঁহি তাৰ পিছতহে কথা ক’ব পৰা হ’ল৷
“বুজিছে, ৰাতিপুৱা পাঁচশ টকীয়া বিচাৰি ইটোৰ পিছত সিটোকৈ কেইবাটাও এ টি এম ঘূৰিলোঁ৷ লাইনত থিয় হৈ হৈ যেতিয়াই পাঁচশটকা লাগে বুলি টিপোঁ, তেতিয়াই কেৱল ‘কেছ কেন নট বি ডিছপেন্সড’ বুলিহে ওলায়৷ তেনেদৰেই ৰাতিপুৱা এযোৰ চেন্দেল চিঙিলোঁ৷ এতিয়া এইটোত পাঁচশটকীয়া আছে বুলি শুনি নতুন চেন্দেল এযোৰা পিন্ধি আহি ইয়াত লাইনত৷ আৰু আপোনাক লাগে এশটকীয়া৷ ”
মানুহজনে আকৌ এবাৰ হেঁপাহ পলুৱাই হোঁ হোঁৱাই হাঁহি পুনৰ ক’লে, “হেৰি, আগতেয়োনো এ টি এমত কেইদিন এশটকীয়া পাইছিল হে? নাহাঁহি কি কৰিম কওক৷ বুজিছে, এই পাঁচশটকীয়াতে সন্তুষ্ট হওকচোন৷ পকেটত দুহেজাৰটকীয়া নোটখন লৈ একো এটা বজাৰ কৰিব নোৱাৰি লঘোণে ভোকে মৰাৰপৰাতো বাচিব অন্ততঃ! ”কথাখিনি শেষ কৰি মানুহজনে আকৌ হোঁ হোঁৱাই হাঁহি দিলে৷ মোৰ পিছৰজন বাদ দি লাইনত থকা বাকী সকলোৱে হাঁহিলে৷ পিছৰজনলৈ চালোঁ, লাজত মুখখন কিবা সেই ক’লা পৰি গ’ল বেচেৰাৰ৷
তেওঁৰ মুখখন দেখি ময়ো হোঁ হোঁৱাই হাঁহি দিলোঁ৷ তেওঁ লাজ পোৱাৰ সুখত নহয়, কিন্তু মই সুধিম বুলি ভবা কথাষাৰ নিজে সুধি মোক যে তেওঁ এই দুৰ্দশাৰপৰা বচালে, তাৰ সুখত৷ আকৌ এবাৰ হাঁহি দিওঁ দিয়ক, নহ’লে এনেই কয়নে যে উপকাৰীক অজগৰে খায়? হোঁ হোঁ হা হা৷
☆ ★ ☆ ★ ☆

One comment

  • HEMANTA KAKATI

    বঢ়িয়া লাগিল পাৰ্থ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *