সৌন্দৰ্য্য, প্ৰশংসা, প্ৰশংসক ইত্যাদি-উৎপলা শইকীয়া-(সঁচা অভিজ্ঞতাৰ কাহিনীৰে)
মই সৰু থাকোঁতে আমাৰ ওচৰৰ খুড়া এজনে নাটকত পুৰস্কাৰ পাইছিল। তেখেতক এটা চলন্ত বঁটা দিছিল। বঁটাটোৰ গোটেই অৱয়ৱটো এতিয়া ভালকৈ মনত নাই যদিও এটা কথা ভালকৈ মনত আছে – বঁটাটো দেখাত শৰাইৰ বঁটাখনৰ দৰেই আছিল। তেতিয়া আমাৰ গাঁৱৰ চুবুৰীটোৰ ইঘৰ সিঘৰৰ চোতালৰ কোনো সীমা নাছিল (আজিও নাই)। সকলোৰে চোতালবোৰ যেন এখনেই তেনেকুৱা লাগিছিল দেখাত। অৰ্থনৈতিক দিশত পিছপৰা এখন গাঁৱৰ বাসিন্দা আমিবোৰৰ কাৰো ঘৰত কেমেৰা নাছিল। কিবা কাৰণত ফটো উঠিব লগা হ’লে কেমেৰামেন মাতি উঠিব লাগিছিল। সেই খুড়াজনৰ সৰু ছোৱালীজনী লাহৰি৷ তাই মোৰ নলেগলে লগাতকৈয়ো বেছি আপোন বান্ধৱী৷ সেইদিনা যিহেতু তাইৰ দেউতাকে পুৰস্কাৰ পাইছিল তাই খেলৰ মাজে মাজে অলপ বাহাদুৰি মাৰি গপতে যেন উফণ্ডি আছিল। মনতে ভাবিলোঁ হুহ আমাৰ দেউতাই পুৰস্কাৰ পাওক ৰহ তেতিয়া ময়ো দেখুৱাম মোৰ ফিটাহি। পিছে মনত ভাবিলে হ’বনো কি জীৱনটো বদলি হৈ ঘূৰি ফুৰা মোৰ দেউতাই নাটক কৰাটোতো বহুত দূৰৈৰ কথা, কেতিয়াও চাগৈ নাটকৰ নামত ষ্টেজতে উঠি পোৱা নাছিল তেতিয়ালৈ। বাৰু যি নহওক ল’ৰালিৰ বন্ধুত্বৰ ঠেঁহ-পেচবোৰ বাৰিষাৰ আকাশখনৰ দৰেই হয়। এই পেচ লাগি গোমা হয় এই পলকতে এচাটি হালধীয়া ৰ’দ হয়। বঁটা পোৱাৰ দুদিন পিছত গম পালোঁ সিহঁতৰ দেউতাকৰ বঁটাৰে সৈতে ফটো ল’বলৈ কেমেৰামেন আহিব৷ কথাটো জনাৰ পিছত আমি পোৱালীবোৰক আৰু কোনে পায়! সবেই ভৰি হাত ধুই কাপোৰৰ পৰা ধূলি মাকতি জাৰি জোকাৰি ৰেডি৷ এতিয়া আমি ৰেডি হৈ ৰৈছোঁহে ৰৈছোঁ কেমেৰামেনৰ দেখা দেখিয়ে নাই। কেমেৰামেন অহালৈ আমি ল’ৰা ছোৱালীবোৰে আমাৰ ঘৰৰ বহল চোতলখনতে কাবাদী খেলাৰ যো-যা কৰিলোঁ৷ ইফালে আমি খেলিবলৈ গোটাওঁতেই কেমেৰামেন আহি পালে৷ খুড়াজনক মাজত লৈ সকলোবোৰ দুইফালে এলাইন হৈ বহিল আৰু আমি ল’ৰা-ছোৱালীবোৰ পিছফালে ঠিয় হ’লোঁ৷ লাহৰি আৰু মই যিহেতু সমান ওখ আছিলোঁ আৰু ফটো উঠিবলগা সকলোতকৈ আমি চাপৰ আছিলোঁ সেয়ে আমি পিছফালে গ’লে ফটোত নাহিম বুলি কেমেৰামেনে আমাক আনি বঁটাটো থোৱা টুলখনৰ পিছতে ঠিয় কৰাই দিলে। ফটো উঠিলোঁ। কেইদিনমান পিছত ফটো আহিল। সকলোৱে প্ৰথমে টনা-আঁজোৰাকৈ ফটোখন চালে। আমি যেনিবা সকলোৰে শেষত চাবলৈ সুযোগটো পালোঁ। কিন্তু এইয়া কি? মই দেখোন ফটোতেই নাই! মই আকৌ ফটো তোলা দিনটোৰ কথা মনত পেলালোঁ। হাৰে মই দেখোন লাহৰিৰ লগত ডিঙিত ধৰা ধৰিকৈ উঠিছিলোঁ৷ লাহৰি ক’ত? ফটোখন ভালকৈ নিৰীক্ষণ কৰি লাহৰিৰ ফ্ৰকৰ ফুট ফুট কেইটা চকুত পৰিল। ভালকৈ চাওঁতে যেনিবা মোৰ সোঁহাতখনো দেখিলোঁ৷ মই লাহৰিক চিঞৰি উঠিলোঁ…..
“ঐ তহঁতৰ ফটোত মই কেলেই নুঠিলোঁ? হুহ বেছি কৰ কিবা৷ যাহ আজিৰ পৰা তোক নামাতোঁ৷”
মোৰ অভিমান শুনি ওচৰতে থকা বৰদেউতাৰ ল’ৰা দাদাই ক’লে বোলে–
“তোৰ চেহেৰাহে যিটো, তই বঁটাৰ ঠাৰিডালৰ আঁৰতে লুকাই থাকিলি৷ এনেইয়ো তোৰ ৰঙে ঠাৰিডালৰ ৰঙে একেই”। এইষাৰ শুনি সেই তেতিয়াৰ মোৰ কণমানি মনটোত কি লাগিছিল সেইয়া হয়তো মই এতিয়া কৈ বুজাব নোৱাাৰিম।
আকৌ চালোঁ ভালকৈ ৷ হয়তো, মোৰ কেটেং মেটেং চেহেৰাটো সঁচাকৈ বঁটাটোৰ ঠাৰিডালৰ আঁৰতে থাকিল। যি বা মুখখন ওলাইছিল তাকো চকুহালতে বঁটাটোৰ ওপৰৰ চেপেটা ভাগটো পৰি মোক একেবাৰে চকুত পটি বন্ধা গান্ধাৰীৰ লেখিয়া বনাই পেলালে৷ কেৱল মূৰৰ ওপৰভাগটো আৰু চুলি কেইডালহে থাকিলগৈ ফটোত মোৰ নাম জহেই নাই! জনা হোৱাৰে পৰা জীৱনৰ প্ৰথম গ্ৰুপ ফটোৰ অভিজ্ঞতা সেয়াই প্ৰথম আছিল মোৰ জীৱনত৷ সৰুতে একদম লাহিপাহি জনীয়ে আছিলোঁ। ক’লা ৰঙটোৰ বাবে সৰুৰে পৰা সকলোৱে কাট মৰা সহি সহিয়ে ডাঙৰ হলোঁ। এতিয়া বুঢ়ী হোৱাৰ পথত।
এতিয়া দিনকাল সলনি হ’ল৷ সেই আগৰ কেটেং মেটেং (মোৰ বাবে আক’ মই লাহি পাহিয়ে দেই) ছোৱালীজনী লাহে লাহে শকত হ’বলৈ ধৰিলোঁ৷ খালেও বাঢ়োঁ, নাখালেও বাঢ়োঁ। বেমাৰ আজাৰেও চেহেৰা তলাব নোৱাৰাকৈ চক্ৰবৃদ্ধি হাৰত বাঢ়িয়ে থাকিলোঁ। এলাহো বাঢ়িল৷ তাতে আক’ বহি থাকিব লগা চাকৰিয়ে মোৰ দেহত মেদ অৰ্জনত হাত উজান দিলে৷ সেই তেতিয়াৰ কেটেঙী, চুটি চাপৰ আৰু আপচু ছোৱালীজনী আহি এতিয়া ঘৰে পৰে প্ৰশংসক সকলৰ মুখত হিড়িম্বা, কোমোৰা, ডেৰফুটীয়া ইত্যাদি ইত্যাদি অনেক নাম পালোঁ৷ কোনোবাই যদি ধেমালিত কোনোবাই আক’ ইতিকিঙৰ সুৰত, মুঠতে ভূঁয়সী প্ৰশংসাৰ পাত্ৰ হৈ পৰিলোঁ। শহুৰৰ ঘৰততো এখোপ ওপৰলৈ গৈ বৌ এগৰাকীয়ে মোৰ ৰঙটোৰ বাবে মোৰ লগতে মোৰ গোটেই জিলাখনকে আঁজুৰিহে পেলালে- “বোলে তোমাৰ নগাঁও জিলাৰ সব জিঞা ক’লায়ে নেকি হা”
প্ৰশংসাবোৰৰ কথাই কেতিয়াবা কাণৰ কাষেৰেও পাৰ হ’ব নোৱাৰে যদিও কেতিয়াবা কোনোবাখিনিত বিন্ধিও যায়। তথাপি কাকো একো নকওঁ। মোক লৈ, মোক এষাৰ শুনাই যদি কওঁতাজনে তৃপ্তি পাইছে তেনেহ’লে দেখোন মোৰ পূণ্যই হৈছে৷ কাৰোবাক কিবা প্ৰকাৰেতো তৃপ্তি দিছোঁ৷ লাগিলে ইতিকিং কৰা সকলৰ তৃপ্তিটো মোৰ মানত আসুৰিক তৃপ্তিতে নপৰক কিয়! তেওঁলোকে তেওঁলোকৰ সৌন্দৰ্য্যৰ আঁৰ লৈ কাৰোবালৈ এচটা শিল দলিয়াই মোক মানুহ আৰু মানসিকতা চিনি পাবলৈ সুযোগ এটাতো দিছে। এইটোৱেই সান্তনা মোৰ৷
সত্যম শিৱম সুন্দৰম!! সুন্দৰতা সকলোৰে কাম্য৷ ধুনীয়া ফুলপাহি, ধুনীয়া ছবিখন, ধুনীয়া চেহেৰা এটাই সকলোৰে মন কাঢ়ি নিয়ে৷ ময়ো তাৰ ব্যতিক্ৰম নহওঁ৷ মোৰো এটা সৌন্দৰ্য্য পিয়াসী মন আছে। ধুনীয়া সকলো বস্তুৱেই মনত আনন্দ দিয়ে কিন্তু সেই ধুনীয়াৰ আঁৰৰ কুৰূপ চেহেৰাটোৱে যেতিয়া চকুত বা মনত ধৰা দিয়ে তেতিয়া সেই ধুনীয়াৰ মূল্য পদ পথৰ জাৱৰ সদৃশ হৈ পৰে আপোনাৰ, মোৰ দৃষ্টিত৷ তেতিয়া তেনে ধুনীয়া মানুহ সকলৰ কথা ভাবিলে মোৰ পুতৌ জন্মে। মনলৈ ভাৱ আহে –
“বিশ্ব এথেলেটিকচৰ প্ৰায় সকলো দিশতে উজলি থকা আফ্ৰিকান দেশবোৰৰ কোনোবাখনত যদি এইসকলৰ দৰে প্ৰশংসক জন্ম হ’ল হয় তেতিয়া বাৰু কি হ’ল হয়? তাততো প্ৰায় সকলো লোকেই ক’লা৷ নিজেই উত্তৰ কেইটাও ভাবি লওঁ-
হয়, কেনিয়াৰ দৰে ক’লা মানুহৰ দেশৰ পৰা ইহঁতবোৰ পলাই পত্ৰং দিলে হয়, নহ’লে তাত এইদৰে কৰা প্ৰশংসাৰ বাবে সেই খুড়াজনে পোৱা বঁটাখনৰ দৰে চৰ, লাঠি, ভুকুৰে (তাতবা আক’ আমাৰ ইয়াৰ চৰ লাঠিবোৰৰ পৰিবৰ্তে কি চলে কোনে জানে) সদায় বিভূষিত হ’ল হয় চগৈ৷
উপসংহাৰ:
সৌন্দৰ্য্য থাকে চাওঁতাজনৰ দৃষ্টিত। ফাগুন বহুতৰে বাবে ভাইৰাছ আৰু বীজানুৰ আধিক্যৰে বদনামী এটা কুটচিৎ মাহ আন কাৰোবাৰ বাবে আক’ ফাগুন মানে ৰঙৰ উৎসৱে আৱৰি ৰখা কেইটিমান মিঠা মিঠা লগা দিনৰ সমষ্টি, যি সংগোপনে কঢ়িয়াই আনে সেউজীয়াৰ বতৰা..বসন্তৰ ঠিকনা।
☆ ★ ☆ ★ ☆
8:45 am
সুন্দৰ লেখনিৰে আলোচনীখন সমৃদ্ধ কৰাৰ বাবে কৃতজ্ঞতা জনাইছো
5:09 pm
অতি সুন্দৰ লিখনি আৰু সকলোৱে সকলো সময়তে মনত ৰাখিবলগীয়া এক শিক্ষা৷ মানুহ সুন্দৰ হয় গুণেৰেহে৷