ফটাঢোল

নিমখত দিয়া নেমু- চন্দনা শইকীয়া

ঘটনাটো মই ক্লাছ চিক্স মানত পঢ়ি থকাৰ সময়ৰ। স্কুলৰ বন্ধত মাহীৰ ঘৰলৈ ফুৰিবলৈ গৈছিলোঁ। মাহীয়ে “স্কুল বন্ধয়েই যেতিয়া দুদিনমান থাক” বুলি ৰাখি থ’লে মোক। মাহীহঁ‌তৰ ছোৱালী নাই, তিনিওটা ল’ৰা, পঢ়াত মন-কাণ নোহোৱা উৎপতীয়া। গতিকে তাত থকা কেইদিন মাহীৰ ঘৰুৱা কাম কাজৰ সহায়িকা ময়েই। মাহী যদিও সহজ সৰল মহাক আকৌ সম্পূৰ্ণ গব্বৰ সিং টাইপ। মই খুব ভয় কৰিছিলোঁ। নকৰিমনো কিয় নপঢ়াৰ বাবে আৰু বদমাচিৰ বাবে  ল’ৰাকেইটাই যি ভয়ঙ্কৰ গৰু পিটন খাইছিল নিজেই বহুবাৰ সাক্ষী আছিলোঁ। যদিওবা  মই কাহানিও পিটন খাই পোৱা নাছিলোঁ, তথাপিও মহাৰ আগত থাকিলে এক প্ৰকাৰ ভাইব্ৰেচনত থকা মোবাইল ৰিং হ’লে যেনে অৱস্থা হয়, ঠিক তেনেকুৱাই হৈছিল মোৰো। কিবা ভুল পালেই মোকো মাৰিবই নেকি বুলি অনবৰতে সচেতন হৈ থাকিছিলোঁ।
এতিয়া কথা হ’ল সেইদিনা পুৱা মহাই বেলকনিত পেপাৰ পঢ়ি আছিল৷ পেপাৰ পঢ়াৰ সময়ত কোনেও মাত দিয়াতো তেওঁ কোনো পধ্যেই সহ্য নকৰিছিল। গতিকে মাহীয়ে মহাক মাত নিদিয়াকৈয়ে মোক  “মহাৰে পেপাৰ পঢ়া হ’লেই ভাত বাঢ়ি দিবি দেই।  খাই লৈ বজাৰলৈ যাব। মই সেই নাথনীক  কিবা এটা খবৰ দিবলগীয়া আছে, কৈয়েই গুচি আহিম।” বুলি কৈ ওলাই গ’ল। ল’ৰাকেইটায়ো চাঞ্চতে  মনে মনে খেলিবলৈ বুলি বাহিৰলৈ দৌৰ মাৰিলে। ঘৰত থাকিলোঁ মই আৰু মহা। সেই মুহূৰ্তত মোৰ  নিজকে সিংহৰ গুহাত বন্দী হৈ পৰা হৰিণটো যেন ‘ফীল’ হৈছিল, বিদ্যা। এই যেন যিকোনো সময়তে  সিংহটোৱে গুঁজৰি উঠিব আৰু মই ভয়তে হাৰ্ট ফেইল হৈ মৰি থাকিম। ভয়ে ভয়ে ভিতৰৰ ৰূমত কিতাপ পঢ়ি বহি থাকিলোঁ। মনতে বাৰে বাৰে ওপৰৱালাক প্ৰাৰ্থনা কৰি থাকিলোঁ যাতে মাহী ঘূৰি অহালৈ মহাৰ পেপাৰ পঢ়া নহওক। পিছে হ’ব কি, কথাতে আছে  নহয়, “য’তে বাঘৰ ভয় ত’তেই ৰাতি হয়”। অনতি পলমেই মহাই মাহীক মাতিবলৈ ধৰিলে। মই কোনোমতে মাত দি ক’লোঁ যে মাহী কিবা কামত ওলাই গৈছে, মোকেই ভাত বাঢ়ি দিবলৈ কৈ গৈছে। পিছত মহাৰ অনুমতি মৰ্মেই ভয়ে ভয়ে ভাত সাজ  টেবুলত ধুনীয়াকৈ সজাই মেলি দিলোঁ যাতে ধমকি খাব লগা নহয়। ভাতৰ পাতত চকু দি মহাই ক’লে – “পাক ঘৰৰ বৈয়ামত নিমখত দিয়া নেমু আছে, প্লেট এখনত তাৰে এটুকুৰা লৈ আহ যা।”
মই ‘উম’ বুলি দৌৰ মাৰি পাক ঘৰ পালোঁগৈ। গেছ টেবুলত থকা বৈয়ামবোৰৰ মাজৰ পৰা নিমখৰ বৈয়ামটো বিচাৰি ওচৰত আনিলোঁ। চামুচখনেৰে গোটেই নিমখ তল ওপৰ কৰি পেলালোঁ কিন্তু  নিমখৰ বৈয়ামটোত এতিয়া নেমুৰ টুকুৰা বিচাৰি নাপাওঁ। ইয়ে হৰি, কি ক’ৰো এতিয়া? ভয়ত অণ্ঠ-কণ্ঠ শুকাই যোৱাৰ উপক্ৰম হ’ল মোৰ। ভয়ে ভয়ে মাত দিলো- “মহা ক’ত আছেনো? মই বিচাৰিয়েই পোৱা নাই দেখোন !”
মহাৰ চিধা উত্তৰ- “তাতেই আছে চা, আচাৰৰ বৈয়ামৰ লগত।”
মই  আৰু কৰ’বাত নিমখৰ বৈয়াম বেলেগকৈ থৈ দিবও পাৰে বুলি আচাৰ থকা শাৰীটো চাৰি-পাঁচবাৰ চকু ফুৰালোঁ আৰু বিচাৰি নাপাই “ক’তনো আচাৰৰ লগত নিমখৰ বৈয়াম ডাল আছে? গোটেইবোৰ দেখোন আচাৰেই!” বুলি মনতে খং কৰিলোঁ, কিন্তু আকৌ এবাৰ নাই দেখা বুলি মুখেৰে ক’বলৈ সাহ নহ’ল মোৰ। এইফালে মহাক ভাত দাইল কিবা লাগে নেকি সুধিবলৈ আহিবলৈও পাকঘৰতেই মোৰ ভৰিত শিপা ওলাল। লৰচৰেই হ’ব নোৱাৰা হ’লোঁ ভয়তে। বহুপৰ ওলাই নহা দেখি  মহাই “নাই পোৱা যদি হ’ব দে। মাহীয়েৰেনো নেমুৰ বৈয়ামটো ক’ত নোপোৱা ঠাইত থৈ দিলে” বুলি গালি দি দি ভাত খাই থাকিল।  ঠিক তেনেতে মাহী আহি ওলালহি। মই যেন জীৱটোহে ঘূৰাই পালোঁ। পিছে দুখৰ বিষয় মাহীয়ে ‘এণ্ট্ৰি’তেই মহাৰ গালি শুনিব লগা হ’ল। গালি খাই মাহী পাকঘৰ পালে। আচাৰৰ বৈয়ামবোৰৰ মাজত ট-টকৈ  জিলিকি থকা নিমখত দিয়া নেমুৰ বৈয়ামটো দেখুওৱাই খং কৰি  ক’লে- “এয়া দেখোন নিমখত দিয়া নেমু। তই ক’ত বিচাৰি আছিলি?”
 মই চকুকেইটা ডাঙৰকৈ মেলি চালোঁ। আৰু মনতে “খা বাপ্পেকে, সেয়া দেখোন নেমুৰ আচাৰ হে! সেইটোকে নিমখত দিয়া নেমু বুলি কয় নেকি!” বুলি সেপ ঢুকি লাজে ভয়ে  হালধি মিঠাতেলৰ মাজত  থকা নিমখৰ বৈয়ামটো দেখুওৱাই ক’লো- “এএএহ! মই এইটো নিমখৰ বৈয়ামত হে বিচাৰি আছিলো নেমু।”
তাৰ পিছত মাহী আৰু মহাই মোৰ মূৰ্খামিত খুব হাঁ‌হিলে৷ ইফালে লাজত মোৰ কি অৱস্থা হ’ল নিজেই কল্পনা কৰি লওক আৰু।
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *