ফটাঢোল

সম্পৰ্ক- ঋতুপৰ্ণা মহন্ত

বকুলনী বুঢ়ী বোলে ঢাৰীয়ে পাটীয়ে লাগিল। মাকে এমাহমানৰ আগতেই তাক খবৰটো দিছিল। সি বিশেষ গুৰুত্ব দিবলগীয়া কথা বুলি নাভাবিলে। বুঢ়ী মানুহ, হ’বই বেমাৰ আজাৰ। তাৰ মাকজনীয়েহে পিছে ধৰফৰাবলৈ ধৰিলে। বোলে, ভৰিৰ বিষৰ প্ৰতাপত খোজ কাঢ়িব নোৱাৰাৰ কাৰণেহে তেওঁ নোযোৱাকৈ আছে। গাঁওখনৰ সিমূৰলৈ ঘৰখন। যাওঁ বুলিলেই নোৱাৰি যাব। তাৰপাছত মাকে তাক কুটুৰিবলৈ ধৰিলে, ৰত্নেশ্বৰৰ পুতেক ভাইটিৰ মটৰ চাইকেলখন খন্তেকৰ কাৰণে আনি তেওঁক বকুলনী খুৰীয়েকৰ ওচৰলৈ লৈ যাব লাগে। সি মাকৰ কথাষাৰ শুনিয়েই নোৱাৰো বুলি গেঙেৰি মাৰি উঠিল। দুদিনৰ পাছতে ভাইটিৰ মটৰ চাইকেল লৈ সি অৰ্পণাৰ সৈতে মন্দিৰলৈ যোৱাৰ কথা। কেতিয়াবাই কৈ থৈছে তাক। এতিয়াও আকৌ কেনেকৈ খোজেগৈ। সন্মানৰো কথা এটা আছে। ভাইটিয়েওনো হ’ল বুলি ইমান ঘনে ঘনে তাক মটৰ চাইকেলখন দিব কেলৈ? তাৰপাছত মাকৰ বকনি বাঢ়ি আহিছিল। একেবাৰে তাৰ জন্মৰ আগৰ, পিছৰ সময়ৰ কথাও আজুৰিছিল। তাৰ জন্মৰ সময়ত যে মাকে বৰ কষ্ট পাইছিল, সেই মানুহজনীয়ে বাটকুৰি বাই আহি আহি আলপৈচান নধৰা হ’লে যে তেওঁ যমৰ দুৱাৰমুখ গছকিলেহেঁতেন, সেই কথা কৈছিল। সি সৰুতে নিশকটীয়া হৈ থকাৰ কাৰণে, তাক খুৱাবলৈ আৰ বাৰীৰ শাক দুডালমান, তাৰ বাৰীৰ কল দুটামান লৈ কেনেকৈ মানুহজনী ঘৰ ওলাইছিলহি তাৰ বৰ্ণনা আৰম্ভ কৰিছিল। তেজৰ সম্পৰ্ক নাথাকিলেও মানুহজনীয়ে তেওঁক নিজৰ বোৱাৰী হেন জ্ঞান কৰাৰ কথা কৈ মাকে বিননি জুৰিছিল। মাকৰ বকনিত অতিষ্ঠ হৈ সি হেডফোনডাল কাণত লগাই গানৰ ভলিউমটো বঢ়াই দিছিল। এইবাৰ কিমান বক বকি থাক ভাৱেৰে। তাৰপাছত মাকজনী কাৰ লগত কেনেকৈ গৈছিল সি সেই খবৰ নাৰাখিলে। মাকে তাকো ক’লে এবাৰৰ কাৰণে হ’লেও পাক এটা মাৰি আহিবলৈ। সি যাম বুলি নভবা নহয়। পিছে যাম যাম বুলি ভাবি থাকোতেই আজি মানুহজনী সিফলীয়া হোৱাৰ খবৰটো আহিল।
মাকৰ মুখেৰে খবৰটো পায়েই সি তাৰ মোবাইলত থকা ফটোবোৰ এফালৰপৰা চাবলৈ ধৰিলে। যোৱাবেলি গাঁৱৰ বছৰেকীয়া সবাহৰ দিনা তোলা ফটোবোৰৰ মাজত ওলায়েই কিজানি বকুলনী বুঢ়ীৰ ফটো এখন। পিছে নোলাল। আনকি গ্ৰুপ ফটোবোৰত থকা মুখবোৰৰ মাজৰপৰা crop কৰি ল’বলৈকো ক’তো নোলাল মানুহজনী। খন্তেক তভক মাৰি ৰৈ সি এইবাৰ জ্বলি থকা মমবাতিৰ ফটো এখন ডাউনলোড কৰিলে। ফেচবুকত ফটোখন আপলোড কৰিবলৈ লৈ সি লিখিলে, “Amar moromor Bokuloni aaitai amak konduwai ei prithivir pora gusi gol.. May her soul rest in peace.” তাৰ অকণমান বেয়াও লাগিল। মানুহজনীৰ ফটো এখন থকা হ’লে আৰু বেছি ভাল হ’লহেঁতেন। হ’ব আৰু, এতিয়া উপায়তো নাই। এইবুলি সি নিজকে  সান্তনা দিলে।
তাৰপাছত দিনটো ঘনে ঘনে তাৰ মোবাইলটোৱে ফেচবুকত নটিফিকেচন অহাৰ জাননী দি থাকিল। মানুহবোৰে লাইক মাৰিলে, চেড বুলি ৰিয়েক্ট কৰিলে। কমেণ্ট ইটোৰ পাছত সিটো আহিয়েই থাকিল, RIP,  RIP, RIP…
☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *