গল্পৰ দৰে-বৰ্ণালী দত্ত
দৃশ্যপট ১
সেই কেইটা দিনত নতুনকৈ অনা, ডাঙৰ ডাঙৰ আখৰেৰে লিখি থোৱা ‘ফিলিপ্চ’ কোম্পানীৰ দূৰদৰ্শন যন্ত্ৰটিয়ে পোহৰ কৰি ৰাখিছিল আমাৰ ঘৰখন।
: উস্ ৰক্ষা!
: কিমাননো আৰু দেউতাই গম নোপোৱাকৈ আৰু মাৰ হকা-বধা অমান্য কৰি লোকৰ ঘৰৰ মজিয়াত সেমেনা সেমেনিকৈ বহি টিভি চাবলৈ ঢপলিয়াম।
তেতিয়াও গাঁৱৰ বহুতৰে ঘৰত দূৰদৰ্শন যন্ত্ৰৰ প্ৰৱেশ ঘটা নাছিল। দেওবাৰৰ দিনটো টিভিৰ অনুষ্ঠান চাবলৈ অহা মানুহেৰে প্ৰায়ে আমাৰ ঘৰ ভৰি থাকিছিল। অনাবিল আনন্দত ফুলি উঠিছিল তেতিয়া মোৰ কণমানি গৌৰাৱান্বিত বুকু।
শীতকালৰ এটি সেমেকা নিশাৰ কথা। সময় প্ৰায় ন বাজিছে। সন্ধিয়াৰে পৰা দি থকা নেৰানেপেৰা বৰষুণজাক শাম কাটিছিল মাত্ৰ।ফেৰফেৰীয়া বতাহে শৰীৰৰ ভিতৰৰলৈকে শিৰশিৰাই তুলিছিল। ঘৰৰ মূধচত তেতিয়াও নাৰিকল গছৰ পৰা সৰা পানীৰ টপ্-টপ্, টং-টং শব্দ।
সকলো খোৱা টেবুলত ব্যস্ত।ভাতৰ কাঁহী আগত লৈ আটাইৰে চকু টিভিত নিৱদ্ধ।জটাধাৰী শিৱই নিজস্ব ভঙ্গিমাৰে তাণ্ডৱ নৃত্য আৰম্ভ কৰিছে। নেপথ্যত বাজি আছে সুমধুৰ কণ্ঠত ‘ওম নম: শিৱায়’।
ঠিক সেই সময়তে পিছ ফালৰ দুৱাৰখনত কোনোবাই জোৰকৈ
টুকুৰিওৱা শব্দ।
: টক্ টক্ টক্
: টক্ টক্ টক্
মাৰ নিৰ্দেশত মই দুৱাৰখন খুলিবলৈ গৈ এটা চকু মুদি আনটো চকুৰে দুৱাৰৰ ফাঁকেৰে লক্ষ্য কৰিলো।
: এই ৰাতিখন কোন বা আহিল!
: আই অ’ …..মৰিলোঁ অ’, অ’ মাআআআ…
মোৰ ডিঙি ফাটি ওলোৱা বিকট চিঞৰ শুনি ঘৰৰ সকলোবোৰ চক্ খাই উঠিল।লগে লগে দুৱাৰৰ সিপাৰে থকা ছায়ামূৰ্তিটোৱেও সমান ভয়ত চিঞৰি উঠিল।
: মাই ঐ….মইলুং ঐ … মইলুং
এক মুহূৰ্তও নৰৈ একে দৌৰে আহি টিভি থোৱা কোঠাৰ মুখতে পোৱা বেতৰ চোফাখনত উঠি চিঞৰিব ধৰিলোঁ। মোৰ কাণ্ড দেখি মা আৰু বায়েও আধা চোবোৱা ভাতেৰে এমুখ হৈ থকা অৱস্থাৰে মোৰ ফালে চাই চিঞৰি উঠিল।
মুহূৰ্ততে ঘটি গৈছিল ঘটনাটো। কোনেও একো টলকিব পৰা নাছিল।
মালৈ চাই গহীন মাতেৰে দেউতাই ক’লে_
:ৰ’বাছোন।
:হুলস্থূলখন নকৰিবা।
তাৰ পিছত মোলৈ চাই অলপ খঙেৰে সুধিলে, “কোন আহিছে অ’, কি দেখিলি তই?”
ভয় মিহলি কণ্ঠৰে চোফাৰ পৰা নামি লাহেকৈ ক’লোঁ_
: দুৱাৰমুখত ……. ভূ …… ভূতৰ নিচিনা মানুহ এটা ৰৈ আছে?
: ভূত….
সকলো অবাক হ’ল। মায়ে উঠি গৈ দুৱাৰখন খুলি দিলে।সন্মুখত ভীতিগ্ৰস্ত হৈ ৰৈ আছে ‘জয়া বা’। মানে জয়া দলে।আমাৰ ঘৰৰ পিছফালেৰে যাব পৰা ৰাস্তাটোৰ কাষতে লাগি থকা ঘৰটোত থাকে মিচিং সম্প্ৰদায়ৰ বাইদেউজনী। ন বজাৰ ধাৰাবাহিকখন চাবলৈ আমাৰ ঘৰলৈ আহিছিল।
মায়ে আথে-বেথে জয়া বাক ভিতৰলৈ মাতি আনিলে।
ঠাণ্ডাৰ বতৰত নীলা ক’লা আঁচ টনা মেখেলা এখন পিন্ধি, মূৰলৈকে গৰম কাপোৰেৰে ঢাক খাই মাথো চকু দুটা ওলাই থকা জয়া বা জনীক দেখি কি বুলি যে ভাবিছিলো মই!
বেচেৰী, মোৰ ভয়ংকৰ আৰ্তনাদত তাইৰো প্ৰাণবায়ু উৰু উৰু অৱস্থা।
লগে লগে ঘটনাৰ ওৰ পৰাত সমস্বৰত হাঁহিৰ ৰোল উঠিল।তাৰ পিছত সকলোৰে পোন্দোৱা দৃষ্টি মোৰ ওপৰত।
মাৰ লগতে সকলোৱে ধমক দিলে।
: তই মানুহ মাৰিবি দেই।
★★★
দৃশ্যপট ২
Attention please …..
নিকুবাৰ মাতত ডাইনিং হলৰ হুলস্থূলীয়া পৰিৱেশ মুহূৰ্ততে নোহোৱা হ’ল। সকলোৰে কৌতূহলী দৃষ্টি নিকু বা, সংগীতা বা আৰু কবিতা বাৰ ওপৰত। মুখত গহীন প্ৰলেপ সানি মনিট্ৰেছ সংগীতা বাই ক’লে-
“আজি বৰুৱা ছাৰ আৰু বাইদেউ হোষ্টেলত নাথাকে।ৰাতিপুৱাহে আহিব। গতিকে কোনেও হুলস্থূল নকৰাকৈ নিজৰ নিজৰ কোঠাত ভালকৈ থাকিবা।”
গুমগুমনি এটা আকৌ আৰম্ভ হ’ল। এইবাৰ কবিতা বাই ধমক দি কৈ উঠিল-
“ৰহ এ। কথা গিলা মন দি শুনচ’ না। গম পাচ্ছা না কি কচ্ছা তুহুনহানাক?”
আচলতে ঘটনাটো কি জানিবলৈ কেইবাখনো মুখে একেলগে প্ৰশ্ন কৰি উঠিল।সংগীতা বাই পুনৰ ক’লে-
“বাইদেউৰ মাকৰ অসুখ।চিৰিয়াচ। সেয়ে ছাৰ-বাইদেউ দুয়ো মেডিকেললৈ গৈছে।এঘাৰটা বজাৰ পিছত যাতে কোনো ৰুমৰ পৰা হাল্লা শুনিবলৈ নাপাওঁ।”
হোষ্টেলৰ ৰান্ধনী দেৱী বাইদেউ, অনু বাইদেউ আৰু ববি বাইদেউ তিনিও জনী ওচৰ চাপি আহিল।
“শুনিছ নহয় ছোৱালীহঁত?পেক পেক কৰি থাকিলে মুখ চিলাই থম তহঁতৰ।”
কথাৰ লগে লগে হাতেৰেও আকাৰ-ইংগিত দেখুৱাই দেৱী বাইদেৱে ক’লে। মুখত হাঁহি মিহলি কৃত্ৰিম কঠোৰতা।এমোকোৰা হাঁহিৰে ৰুকিয়াই টপককৈ মাত দিলে –
“কি কয়, আমি দানা কেনেকৈ খাম তেনেহ’লে?”
ছোৱালীবোৰৰ গিৰ্জনি মৰা হাঁহিৰ শব্দত ডাইনিং হলটো গুঞ্জৰিত হৈ থাকিল বহুসময়লৈ৷
সংগীতা বাৰ নিৰ্দেশ মৰ্মেই খোৱা-বোৱাৰ অন্তত সকলোৱে নিজৰ নিজৰ কোঠাত প্ৰৱেশ কৰিলে।
হোষ্টেললৈ আহি প্ৰথমে ডাইনিং হলৰ ঠিক কাষৰ বাৰ(১২) নম্বৰ কোঠাটো মোৰ হৈছিল। মোৰ ৰুমমেট আছিল দেইজী, দীপা, পূৰৱী আৰু পিংকুমনি। খিৰিকী খুলি দেখা পাইছিলো দূৰৰ ছাইৰঙী পাহাৰটোত সোণবৰণীয়া পথাৰ এখন লগ লাগিছে।সূৰ্যটোৱে জীয়াবলৈ বাচি লৈছিল পাহাৰৰ এঢলীয়া গাটো। সময় বাগৰাৰ লগে লগে মনালিছা, তুলিকাহঁতৰ সৈতে আত্মিক সম্পৰ্ক এটা গঢ়ি উঠিল। সেই বছৰৰেই শেষৰ ফালে তুলিকাহঁতৰ একান্ত ইচ্ছাত চাৰৰ অনুমতি সাপেক্ষে এক নম্বৰ কোঠাত উঠিলোঁহি।
দুখন বিচনা জোৰা লগাই এখন কৰি লৈছিলোঁ।কৰৱী, মনালিচা, তুলিকা, গীতাঞ্জলী আৰু মই আমি পাঁচোজনী একেলগে শুইছিলোঁ। পাহাৰীয়ে নিজৰ বিছনাত অকলে শুইছিল। মৰম লগা পাহাৰী কইনাৰ দৰে ছোৱালীজনী। আমাতকৈ দুবছৰ মান সৰু। তাই নাই।ঘৰলৈ গৈছে। মোমায়েকৰ বিয়া। ৰাতি গহীন হৈ আহিছে।
“ঐ, আজি বৰুৱা নাই বুজিছ।ভয় নকৰিবি, মই আছোঁ।” তুলিকাৰ ফিতাহি।
“থ হেৰৌ, ভয়ত ভিজা মেকুৰী হোৱা জনীৰ আকৌ কথা শুনা।”
মনালিচাৰ কথা শুনি গীতঞ্জলিয়ে ধমক দি ক’লে,
“ৰহ অ’, হুলস্থূল নকৰিবি।বহুত কথা পাতিম আজি।গোটেই ৰাতি। তহঁতৰ হুলস্থূলত সকলো পণ্ড হ’ব এতিয়া।”
কৰৱীয়ে ল’ৰালৰিকৈ পঢ়া টেবুলত বহিল,
“ৰ’বি হা… এচাইনমেন্টখন অলপ বাকী আছে, কমপ্লিট কৰি লওঁ, প্লিজ?”
“কৰ কৰ। তোৰ সেয়াই কাম।আৰে আজি সম্পূৰ্ণ অমৰাৱতী আমাৰ। আহ, ফুলে-পাতে জাতিষ্কাৰ কৰোঁ আমাৰ কাৰেং৷”
মোৰ নাটকীয় ভংগিমাৰে কোৱা কথা শুনি আটাইকেইজনী খিলখিলাই উঠিল।
দুৱাৰত মৃদু টোকৰ পৰিল।মফিদা সোমাই আহিল।জৰ্দাৰে ৰাঙলী ওঁঠত এটি সহজ হাঁহি। ভাল কবিতা লিখে তাই।
“হিংসাই লাগে তঁহতলৈ ভাই। মোৰ ৰুমমেট কেইজনীহে মস্ত কিতাপৰ পোক। একো ৰস-জীপ নাই সিহঁতৰ গাত।তঁহতৰ স’তে থাকিব পোৱা হ’লে মইও!”
অলপ সময় আড্ডা দি তাই গ’লগৈ।
অলপ উৎপতীয়া বুলি হোষ্টেলত আমাৰ নাম আছে।মিঠা মিঠা হাঁহিৰে নিৰ্দোষ উৎপাত কৰি হোষ্টেলৰ চৌপাশ সততে সতেজ কৰি ৰাখোঁ আমি।
ৰাতি ক্ৰমে গাঢ় হৈ আহিল।চাৰিওফালে নিস্তব্ধতা। কাষৰ কোঠাৰ পৰা উফৰি অহা কথা আৰু হাঁহিৰ টুকুৰাবোৰ নোহোৱা হ’ল। ছাৰ আৰু বাইদেউবিহীন হোষ্টেলৰ পৰিবেশ বহুখিনি জয়াল হৈ পৰিল। আমি তেতিয়াও কথাত মছগুল হৈ আছিলোঁ।অৱশ্যে প্ৰায় ফুচফুচাই।তেনেতে হঠাৎ কাৰেন্ট গ’ল।আন্ধাৰে নিমিষতে কোঠাটো গিলি পেলালে। ভয়ত বুকুবোৰ ধপধপাবলৈ ধৰিলে।ঠিক সেই সময়তে বাহিৰৰ পৰা দেৱালত কোনোবাই টুকুৰিয়াই থকাৰ দৰে শব্দ শুনা পালোঁ।
“ঐ কেণ্ডেল জ্বলা না ভাই, মোৰ ভয় লাগিছে।” তুলিকাই সেপ ঢুকি লাহেকৈ ক’লে।
পিছে ভয়ত এজনীও বিছনাৰ পৰা নামিব নোৱাৰা হ’লোঁ।শেষত মোৰ বুদ্ধি মতে গোটেই কেইজনী হাতত ধৰাধৰিকৈ একেলগে নমাৰ সিদ্ধান্ত ল’লো। সকলো নামিবলৈ সাজু হৈছোঁ মাত্ৰ হঠাৎ টেবুলৰ পৰা কিবা এটা সৰি পৰাৰ দৰে শব্দ হ’ল।আচম্বিতে আটাইকেইজনীৰ ভয়ত ওলোৱা আৰ্ত চিঞৰত গোটেই হোষ্টেলটো সাৰ পাই উঠিল। আচৰিত, আমি গোটেইকেইজনী বিচনাত থাকোঁতে টেবুলৰ পৰা কোনে কি পেলালে?
“ঐ বুৰ্বকহঁত, মনে মনে থাক।মই হে, হাত লাগি কিতাপ দুখনমান পৰিল। তাতে ইমান চিঞৰ দিব লাগেনে? বৰ ভয়াতুৰ দেই তহঁত।”
দিয়াচলাইত কাঠি মাৰি মাৰি মনালিচাই দাঁত নিকটাই ক’লে।
ভয় গুচি আমাৰ মুখবোৰত খঙে আগুৰি ধৰিলে। মমবাতি জ্বলাব লগা নহ’ল। কাৰেন্ট আহিল। লগে লগে দুৱাৰত কেইবাখনো হাতৰ টোকৰ পৰিল। গীতাই দুৱাৰ খুলি দিলে। সন্মুখত হোষ্টেলৰ প্ৰায় আধাখিনি ছোৱালী।
“কি হ’ল তহঁতৰ, কিয় চিঞৰিছিলি?”
সংগীতাবাই গহীনাই সুধিলে।
“সংগীতা বা, মা …মানে কাৰেন্ট যোৱাৰ পাছত আমাৰ ৱালত কোনোবাই খট্ খটোৱাৰ দৰে শব্দ শুনি আটাইকেইজনী একেলগে বিছনাৰ পৰা নামি কেণ্ডেল জ্বলাব খুজিছিলোঁ, কিন্তু মনালিচাই সাহসৰ পৰিচয় দিবলৈ মনে মনে আমাতকৈ আগতে গৈ টেবুল পালেগৈ আৰু তাইৰ হাত লাগি কিতাপ পৰাৰ শব্দত আমি………”
কথাখিনি আধৰুৱা কৰি সেমেনাসেমেনকৈ মাটি লেখি লেখি বাহঁতৰ ধমক শুনিবলৈ আমাৰ কাণকেইখন মুকলি কৰি দিলোঁ।
☆ ★ ☆ ★ ☆
9:57 pm
সুন্দৰ লেখনিৰে আলোচনীখন উজলাই তোলাৰ বাবে ফটাঢোল ই-আলোচনীৰ হৈ আন্তৰিক কৃতজ্ঞতা জনাইছো