ফটাঢোল

শনি -শাণ্ডিল্য মহন্ত

একে আষাৰে ক’বলৈ গ’লে মই সৰুৰে পৰাই বৰ শান্ত-শিষ্ট৷ এতিয়া অলপ ঠাণ্ডা পৰিছোঁ যদিও আমুকাই ভালেখিনি বয়সলৈকে অঘাইতঙৰ টেগটো গাৰ পৰা এৰুৱাবলৈ মন কৰা নাছিলোঁ পিছে৷ সৰুকালৰ সেই আঁঠুমূৰত মৰাঠাৰি ভঙা বীৰত্বৰ চিন ঘৰৰ আগফালৰ বাৰাণ্ডাৰ চকীকেইখনত থকা নেলীয়া কটাৰীৰ ঘাপৰ দাগ আৰু আগদাঁত এটাৰ ভগা চুকটোৱে এতিয়াও সগৌৰৱেৰে বহন কৰি আছে৷ বাৰু এইবোৰ কথা পিছে পৰে হৈ থাকিব৷ ক’বলৈ ওলাইছোঁ মোৰ মামাৰ বিয়াৰ সময়ত ঘটা ঘটনা এটাৰ বিষয়েহে৷ বিয়া বুলি কওঁতেই আকৌ কেঁচুৱাকালতে কৰা সৰু কেচ এটালৈহে মনত পৰিছে৷ উপায় নাই ফটা মুখ, আগে সেইটোকে শুনাই লওঁ ৰ’ব৷ মাহঁত এবাৰ ক’ৰবাত বিয়া খাবলৈ গ’ল৷ মই তেতিয়া মোটামুটি খোজ কাঢ়িব পৰা হৈছোঁ আৰু৷ বিয়াঘৰত দিয়া বস্তুবোৰ জ্বলা পাই খাব নোৱাৰিলোঁ৷ খোৱা-বোৱা শেষ হ’ল, বাহিৰলৈ ওলাই আহি বৰদেউতাই মোক কোঁচত লৈ কথা পাতি আছিল৷ এতিয়া অমুকাতো শান্ত-শিষ্টকৈ থকা ভকত নহয়; টিপটপকৈ জ্বলি থকা লাইট কেইটামান দেখি “অইটো খাম” বুলি হাকুটিয়াবলৈ লাগিলোঁ৷ কথা বিষম দেখি লৰালৰিকৈ তাৰ পৰা ঘৰলৈ লৈ অহাতহে ৰক্ষা৷ পিছে কথাটো ইমানতে শেষ নহ’ল৷ ঘৰলৈ অহাৰ পিছতে মই নিৰুদ্দেশ, মানে একে মিষ্টাৰ ইণ্ডিয়া টাইপ৷ এঘণ্টা মান বিচাৰ-খোঁচাৰ চলিল৷ শেষত কুকুৰক দিবলৈ থৈ দিয়া শুকান ভাত মোকোৰা মোকোৰে খাই থকা অৱস্থাত উদ্ধাৰ হোৱাতহে ৰক্ষা৷
বাৰু এতিয়া মোমাইৰ বিয়ালৈ আহোঁ৷ ক্লাছ ছিক্স মানত আছিলোঁ চাগে সেই সময়ত৷ বিয়াৰ প্ৰায় এমাহ আগৰ পৰা মোমাইৰ ঘৰত বাহৰ৷ বিয়াৰ সময়লৈ গোটেই গাঁৱে ভাগিন বুলি মতা হৈছে আৰু৷ এইখিনি সময়ত কৰা কাণ্ড খিনিৰ বকলা নেমেলি চিধাই বিয়ালৈকে আহোঁ৷ যথাৰীতি ওলালোঁ দৰাৰ লগত৷ মামীৰ ঘৰ আছিল শিৱসাগৰৰ দিখৌমুখত৷ মই আৰু মোৰ জেঠাইৰ ল’ৰা দাদাটো দৰাঘৰীয়াৰ ফালৰ পৰা চাউল আক্ৰমণৰ গুৰি ধৰিবলৈ সাজু৷ এতিয়া মজাৰ কথাটো হ’ল কি, আমাক দেউতাই গুৱাহাটীৰ পৰা স্ন’ স্প্ৰে একোটা আনি দিছিল৷ সেই সময়ত এই মালটো ওলাইছেহে মাথোঁঁ৷ মহানগৰীত অলপ প্ৰচলন আৰম্ভ হ’লেও বাকী অসম মুলুকৰ বাকী ঠাইবোৰত মানুহে তেতিয়াও ইমান চিনি পোৱা হোৱা নাই৷ ৰাতি যেতিয়া দৰাঘৰৰ ফালৰ পৰা এই বস্তুটো লৈ হামলা দিলোঁ কইনাঘৰীয়াৰ মাজতটো হাঁহাকাৰ লাগিল, কি বস্তু এইটো? প্ৰতিপক্ষ বিভ্ৰান্তিত বুলি যেতিয়াই উমান পালোঁ শনি বুদ্ধি জাগিলেই নহয়৷ লাহেকৈ এজনৰ কাণ চোৱাই দিলোঁ – এয়া চাৰ্ফৰ পানী৷ বছ, তাৰ পিছত গোটেই মখা মানুহে জানুৱাৰী মহীয়া ঠাণ্ডাত ৰাতি মূৰ ধুইছেগৈ, আৰু আমি মুখ টিপি টিপি পাৰেমানে হাঁহিলোঁ৷ পিছে এই স্প্ৰে’ক ইমানতে এৰি নিদিলোঁ৷ খোবাখুবীৰ পিছদিনা মাহঁতে কইনাক চুবুৰী ফুৰাবলৈ লৈ গ’ল৷ ঘৰত থাকিলোঁ দাদা, আইতা আৰু মই৷ আমিতো শনি, ভাবিলোঁ আইতাকে জোকাই চোৱা যাওক৷ কিবা কাম কৰি থাকোঁতেই পিছফালৰ পৰা গৈ মূৰতে স্প্ৰে’ অলপ মাৰি দিলোঁ৷ আইতাই বোলে কি মাৰিলা মোৰ মূৰত৷ ক’লোঁ – ভলিনি স্প্ৰে আৰু চাবোন পানীৰ ফেন৷ লগে লগে মূৰৰ চুলি সৰি যাব বুলি যিখন হায়ৈ-বিয়ৈ লগালে কাষৰ ঘৰৰ পৰা চব দৌৰি আহিব লগাত পৰিল৷ পিছত ভালকৈ গালি এজাউৰি খালোঁ অৱশ্যে
☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *