ফটাঢোল

চিনেমাহলত -মানৱজ্যেতি   বৰা

শিৱসাগৰৰ জিলাৰ কথা ৰাইজে জানেই, সেই ঐতিহাসিক শিৱসাগৰ জিলালৈকে এদিন মই গৈছিলো । মোৰ লগত আছিল মোক আবৃত্তি শিকোৱা গুৰু গোলাপ বৰা ছাৰ। ছাৰ গৈছিল আবৃত্তি ৰ  পৰীক্ষা লবলৈ শিৱসাগৰৰ কালুগাঁওলৈ আৰু ছাৰৰ মৰমৰ ছাত্ৰ হোৱা বাবে মোকো লৈ গৈছিল লগতেযাতে ছাৰৰো অলপ সহায় হয় । আমাৰ প্লেন মতে সেইদিনা শিৱসাগৰত অলপ ঘুৰি ফুৰি (লগতে পৰীক্ষাৰ কামটোও সমাধা কৰি ) আমি পিছ দিনা নামৰূপলৈ যাত্ৰা কৰাৰ কথা । যথাসময়ত ছাৰ আৰু মই বাছেৰে গৈ শিৱসাগৰৰ কালুগাঁৱত উপস্হিত হলোগৈ. যেহেতু আমাৰ প্ৰধান উদেশ্য আবৃত্তিৰ পৰীক্ষা লোৱা,  গতিকে আমি সেই ফেৰা কাম সুকলমে সমাধা কৰি ঐতিহাসিক শিৱসাগৰ জিলা ফুৰিবলৈ ওলালো. ইফালে সিফালে কিবাকিবি ফুৰি ঘুৰি ছোৱাৰ পাছত আমি দুজন গৈ ওলালোগৈ শিৱসাগৰ ৰ এটা চিনেমা হলৰ সন্মুখত ।
ছাৰে কলে “ব’ল চিনেমা চাও” মইতো ভালেই পালো  হ’লত চিনেমা এখন চাব পাম তাতে টিকটৰ মূল্য ছাৰে দিব । গাখীৰতে মহৰ খুটিৰ দৰে কথা হোৱাত ছাৰৰ প্ৰস্তাৱটো একে চাটে হা কৰি মই টিকেট কাউন্টাৰৰ ফালে আগবাঢ়িলো. কাউন্টাৰৰ পৰা দুটা দামী টিকট কাটি হলৰ ভিতৰত আমি দুয়োজনে এন্ট্ৰি মাৰিলো। তেতিয়ালৈকে মই সেই হ’লটোত কি চিনেমা চলি আছে বা আমি কি চিনেমা চাবলৈ গৈ আছো একোৱেই নাজানো ।কাৰন চিনেমা চোৱাৰ আনন্দত মই কাউন্টাৰত কি চিনেমা দি আছে বুলি সুধিবলৈও পাহৰিলো,  চিধাই গৈ দুটা টিকেট দিয়ক বুলিহে ক’লো
বাৰু,  সময়ত চিনেমা আৰম্ভ হল । চিনেমাৰ কাহিনীৰ আৰম্ভনিৰ লগে লগে আমাৰ আমনিও বাঢ়ি আহিল. হামিয়াই হিকটিয়াই আমি দুয়োজনে পৰ্দাত চকু দি আছো. অলপ পাছতে মোৰ কাষৰ পৰা নাকৰ শব্দ অহাত দেখিলো যে ছাৰ পুৰা গভীৰ নিদ্ৰাত । দিনটোৰ ভাগৰ আৰু তাৰ পাছত চিনেমাৰ আমনি দায়ক কাহিনীয়ে যে ছাৰৰ গভীৰ নিদ্ৰাৰ মুল কাৰন বুজিলো।
ছাৰৰ টোপনি অহা মুখ খন চাই মইও যে কেতিয়া চকু জপাই টোপনিৰ কোলাত ঢলি পৰিলো গমেই নাপালো. হঠাতে বাহিৰত হোৱা বিকট শব্দ এটাত মই চকু মেলি বহিলো. লেলাৱতী বৈ পৰা মোৰ মুখ আৰু চকু মোহাৰি ঘড়ীটোলৈ চাই দেখো ৯ টা বাজিলে.  ইফালে সিফালে চাই মগজুটো অলপ সক্ৰিয় হোৱাত মই ঢহমহাই উঠিলো মানে ৰাতিৰ ৯ টা বাজিলে. চিনেমা চাবলৈ আহি আমি এটা দৰ্শনী নহয় দুটা দশনী টোপনি গলো । বাপৰে!! লাহেকৈ ছাৰক টোপনিৰ পৰা উঠাই ক’লো ” ছাৰ বলক,  কিবা এটা খাই এতিয়া একেবাৰে হোটেলতে সোমগৈ আৰু” . ছাৰেও টোপনিৰ জালত প্ৰথমে একো ধৰিব পৰা নাছিল যদিও লাহে লাহে হয়তো মোৰ দৰে সক্ৰিয় হ’ল.তাৰ পিছত আমি দুয়োজনে ইচ্ আছ্ কৰি  ইফালে সিফালে চাই লাহেকৈ হ’লৰ পৰা বাহিৰ ওলাই আহিলো। চিনেমা হলৰ বাহিৰৰ দুৱাৰ মুখতে ৰৈ থকা গাৰ্ড জন আমাৰ দুজনক ওলাই অহা দেখি আগবাঢ়ি আহিল আমাৰ ফালে হাহিঁ মাৰি লাহেকৈ কলে ” আপোনালোক দুয়োজন ইমান ধুনীয়া ভিতকৈ শুই আছিলে মোৰ টোপনিৰ পৰা উঠাবলৈ মন নগল “। আমিও হাহিঁৰে প্ৰত্তুত্যৰ দি খোৱাৰ বাবে হোটেল বিচৰাত লাগিলো.বাহিৰলৈ ওলাই ছাৰে এটা কথাই কলে কথাতো বেলেগক নকবি ডাঙৰ হ’লে কেতিয়াবা ক’ৰবাত লেখিবি আমাৰ লটিঘটিৰ এই কাহিনীটো
☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *