ফটাঢোল

লোকেল মাছ-মৌচুমী গগৈ

বীৰেণ দত্তই অফিচলৈ বুলি সাজু হৈ দ্ৰয়িং ৰূমৰ স্কুটাৰখন উলিয়াই তেওঁ অফিচলৈ ৰাওনা হ’ল আৰু নিজৰ মাজতে ভোৰভোৰাই কৈ গ’ল, “চাকৰি শেষ হ’বলৈ আৰু দুবছৰো নাই তথাপিও আজিলৈকে সময় মতে এদিনো অফিচ নাপালোগৈ।সদায়েই কিবা নহয় কিবা এটা লেঠা ঘৰখনত থাকিবই।ঘৰখন কেনেকৈ চলাই আছোঁ মইহে জানো। মোৰ ঘৰখন এতিয়া বিসম্বাদীৰ ঘাটি। ল’ৰা -ছোৱালী হাল হ’ল বিসম্বাদী, শ্ৰীমতী হ’ল বিসম্বাদীৰ লিডাৰ। ঘৰখনত মোৰ নেতৃত্বক লৈয়েই লাহে লাহে শংকা হৈছে। সিহঁতৰ দিনে দিনে বেলেগ বেলেগ ডিমাণ্ড।ইফালে শ্ৰীমতীৰতো ডিমাণ্ড আছেই। শ্ৰীমতীয়ে মুখৰ আগতে কয়, ‘তুমি কি জানা? “ল’ৰা -ছোৱালীয়ে সিটো ৰূমৰ পৰা কয়, ‘বুঢ়াই কি জানে?’ ল’ৰা -ছোৱালীবোৰ সৰু হৈ থকালৈকে ভাল। ডাঙৰ হৈ আহিলেই বিপদ। যিবোৰ বাপেকৰ পৰা সহজে টকা সৰকাব নোৱাৰি, সেইবোৰ বাপেকেই হৈছে পৃথিৱীৰ আটাইতকৈ কৃপণ বাপেককেইটা। ইফালে ল’ৰাৰ কলেজত যোৱাৰ পৰা ষ্টাইল কি চাবা। এখন কাণত কাণফুলি, চুলিবোৰ থিয়, তললৈ হাউলি নাথাকেই, শুই উঠি আহিলেও থিয়দঙা দি থাকে। জন্মৰ সময়তটো এনেকুৱা নাছিল। এবছৰৰ ভিতৰতে চুলিয়ে এনেকুৱা কি সাৰ গোৱৰ পালে যে ইমান লহপহকৈ বাঢ়িছে। পিছতহে শুনিলো মাকৰ মুখত, কিবা জেল লগাই বোলে। পেণ্টটোও চাবলগীয়া। আমি পেণ্টটো টানি টানি ওপৰলৈ পিন্ধো। তাৰ পিছতো ককালত বেল্ট। সি আকৌ পেন্টটো টানি টানি তললৈ পিন্ধে। সি খোজ কাঢ়িলেই মোৰ ভয় লাগে -কিজানি পেণ্টটো সৰি পৰে। কিন্তু নপৰে। এইদৰে পেণ্ট পিন্ধাতোও এটা আৰ্ট দেই।”
‘চাৰ, কাৰ লগত কথা পাতি আছে? ‘অফিচৰ পিয়ন ৰমেশৰ মাতত দত্তৰ চিন্তাত আউল লাগিল।
 দত্তই পকেটৰ পৰা পাচঁ টকা এটা উলিয়াই ৰমেশক তামোল দুখন আনিবলৈ দি অফিচলৈ সোমাই গ’ল।
  দত্তই শ্ৰীমতী আৰু ল’ৰা -ছোৱালীৰ হেচাঁত নিজকে অলপ আপটুডেট কৰিবলৈ চেষ্টা কৰিছে। আগৰ ন’কিয়া মোবাইলটোৰ ঠাইত সিদিনা মানুহজনীয়ে নগদ ৪০০০ দি মাইক্ৰমেক্সৰ মোবাইল এটা আনি দিছে। এইটোত আগৰটোৰ দৰে টিপি টিপি লিখিব নালাগে। হাতেৰে চুই গ’লেই হৈ যায়। আঙুলিকেইটা খৰকৈ নচলে যদিও ম’বাইলত মেছেজ কৰিবলৈ লাহে লাহে শিকিছে। ম’বাইলত মেছেজ পঠালে এটাই সুবিধা, বানানবোৰ নাজানিলেও চলি যায়। চুটিকৈ কিবা এটা লিখি থ’লেও মানুহে শুদ্ধ বুলিয়েই ভাবে। কিবা এটা অনুষ্ঠান হ’লেও আজিকালি শুভেচ্ছা  বা ওলগ জনাবলৈ মানুহৰ সময় নাই। হেপ্পী বিহু, হেপ্পী পূজা, হেপ্পী মাডাৰ্ছ ডে’, হেপ্পী ফাদাৰ্ছ ডে’। মুঠৰ ওপৰত হেপ্পী।
     সিদিনা গাওঁৰ ঘৰৰ ওচৰতে থকা কমলৰ মাক ঢুকাল। শ্ৰাদ্ধৰ বাবে ঘৰলৈ আহি নিমন্ত্ৰণো দিছিলে পিছে অফিচ খোলা থকাৰ বাবে যাব নোৱাৰিলোঁ।ভাবিলো! ফোন কৰি তাক যাব নোৱাৰোঁ বুলি কোৱাতকৈ মেছেজ এটাকে পঠাই দিওঁ। ‘হেপ্পী মাৰৰ শ্ৰাদ্ধ’ বুলি মেছেজ এটাকে দিলোঁ। গধুলিলৈ কমলে মোক ফোন কৰি যিহে জাৰণ দিলে, এতিয়া মেছেজ লিখিবলৈও ভয় লগা হ’ল।
  পিছদিনা বাৰাণ্ডাতে বহি দত্তই বাতৰি কাকত খন মেলিছিলহে। তেনেতে গেটৰ মুখত চিনাকি মাছ বেপাৰীটোক দেখি মাতিলে।
‘কি মাছ আছে অ’। ভাল মাছ কি আনিছ?’
‘সৱ ভাল মাছ ছাৰ। ৰৌ,বাহু কি লাগে? একদম তাজা।’
‘তোৰ তাজা মাছ বাদ দে।লোকেল মাছ কি আছে ক।’
‘ৰৌ,বাহু সৱ লোকেল।’
‘দেখাত লোকেল যেন লগা নাই। ক’ৰ মাছ?’
‘লোকেল হয় ছাৰ,অন্ধ্ৰৰ।’
দত্তই আচৰিত হৈ তাৰ ফালে চাই ক’লে,’হেৰ’, অন্ধ্ৰৰ মাছ কেতিয়াৰ পৰা লোকেল হ’ল অ’?’
দত্তক আচৰিত কৰি সি গহীনত উত্তৰ দিলে,- ‘কি কথা কয় ছাৰ? এইকেইটা মাছ অন্ধ্ৰত থাকোঁতে লোকেলেই আছিল।এইখিনি আহোঁতেই চালানী হৈ যাব নেকি? আমাৰ অসমৰ পৰাও দেখোন বহুত ল’ৰা গৈ অন্ধ্ৰত চাকৰি কৰিছে, সিহঁতক যদি তাত চালানী বুলি কয়, আমি জানো ভাল পাম?’
তাৰ কথাষাৰ মিছা বুলি উৰুৱাই দিবও নোৱাৰি -দত্তই ভাবিলে।
‘ছাৰ, আৰু এটা কথা কওঁ নে?’
‘সোনকালে ক।’
‘ছাৰ, ভাত খাবৰ সময়ত আপুনি কেতিয়াবা সুধি চাইছে জানো -লোকেল দাইল নে চালানী দাইল? চাহ কাপ খাবৰ সময়ত সুধিছে জানো‌ঁ, লোকেল চেনিৰ চাহ নে চালানী চেনীৰ চাহ? ইমান সুধিলে দেখোন চাহ, ভাত একো খাবই নোৱাৰিব।’
‘এতিয়া আধা কিলো ৰৌ মাছ দে আৰু যা। মোৰ অফিচলৈ দেৰী হ’ব নহ’লে।’
লেতেৰা দাতঁকেইটা উলিয়াই হাহিঁ এটা মাৰি সি আধা কিলো মাছ জুখি দি গুচি গ’ল। দত্তই মাছখিনি শ্ৰীমতীৰ হাতত গতাই গা ধুৱলৈ সাজু হ’ল।।।
☆ ★ ☆ ★ ☆

8 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *