কুকুৰ-উষামনি কাকতি
আমাৰ ঘৰত কুকুৰ আছে চাৰিটা৷ তাৰে তিনিজনী মাইকী আৰু এটা মতা৷ ঘৰত চাৰিটা কুকুৰ পোহাৰ কাৰণ হৈছে- দেউতাৰ কুকুৰপ্ৰীতি৷ সেই কুকুৰপ্ৰীতিতে এটা এটাকৈ ঘৰলৈ চাৰিটা কুকুৰ আহিবলৈ পালে৷ এনেয়ে কুকুৰৰ লগত মোৰ একেবাৰে ৰাহি যোৰা নাহে৷ দেউতাৰ কিন্তু সন্তান প্ৰীতিতকৈ কুকুৰপ্ৰীতি দেখি দেখি ফিল্মফেয়াৰত বলিউদীসকলক দেখুৱাই জুবিন দাই মুখ্যমন্ত্ৰীৰ লগত ৰিলেচন মেণ্টেইন কৰাৰ দৰে আমিও মানে কুকুৰ চাৰিটাই আৰু ময়ে মেণ্টেইন কৰোঁ৷ দেউতা নথকাৰ সময়ত ময়ে কুকুৰে ইটোৱে সিটোক ৰাওচি জুৰি জুৰি ভুকো৷
জন্মৰ পাছতে ভাইটি আৰু মোৰ নাম থ’লে গাঁৱৰ গণকে৷ সেই মান্ধাতা যুগৰ গণকে দিনে হেজাৰজনৰ সুখ-দুখ, অতীত-ভবিষ্যত গণনাৰ ফাঁকতে ৰামায়ণ-মহাভাৰতৰ পৰাই মনলৈ অহা ’ঊষা ’নামটো থাওকতে থৈ আজৰি হ’ল বাৰু। কিন্তু দেউতাৰো বাৰু নিজাকে এটা ধুনীয়া নাম থোৱাৰ দায়িত্বটো আছিল নে নাই? আমাৰ নাম দিয়াত যিমান গাফলতি কৰিলে ঘৰলৈ অনা কুকুৰকেইটাৰ নামকৰণৰ ক্ষেত্ৰত দায়িত্ববোধ হ’লে পাৰ উপচি পৰা৷ প্ৰথমজনী কুকুৰৰ নাম দিওঁতেই এসপ্তাহ লাগিল৷ পুৱাৰ চাহকাপত চুমুক দিয়ে দেউতাৰ কুকুৰৰ নামকৰণৰ পৰ্ব আৰম্ভ হয়
:মাইনা৷
মই বোলো কি?
মানুহ নে কুকুৰৰ নাম ৰাখিবা মাইনা? কেনেকুৱা লাগিব বাৰু শুনিবলৈ ৰাতিপুৱাই দেউতাই মোক ক’ব…
:অই ঊষা, মাইনাক গা ধোৱালি নে?
নিজকে কামৱালী বাই আৰু কুকুৰটোক ঘৰৰ আটাইতকৈ মৰমৰ নুমলীয়া সন্তানটি যেন নেলাগিব নে?
মোৰ উৎপাতত ঘৰুৱা সদনত মাইনা নামটো পাছ নহ’ল৷ মই বোলো দিয়ে যদি বগী, টমী, ডগী দিয়ক৷ দেউতাৰ মতে সেইবোৰ কুকুৰৰ নাম৷ মই বোলো কুকুৰক কুকুৰৰে নাম নিদি কি নাম দিব লাগে৷ মাইনাৰ পাছত নাম দিলে …
: লাইলী৷
মই বোলো ইটো চুকৰ ধৰণীৰ জীয়েকৰ নাম লাইলী। বাপেকৰ কাণত পৰিলে কুকুৰৰ দৰে খেদি আহিব৷
সদনত সেইটো নামো পাছ নহ’ল৷ নহ’ল যদিও দেউতাই কুকুৰজনীক আমি “আহ.. কুতি কুতি …” বুলি মতা দেখিলে উৰি আহি বোলে কি কুকুৰৰ দৰে কুতি কুতি কৰি আছ’৷ ঘৰৰ বাকী তিনিওটা সদস্যই কুকুৰজনীলৈ এনেকুৱাকে চাওঁ যেন কুকুৰ নহয় যদি সেইজনী কি?
দেউতাৰ অশেষ বিচাৰ আৰু সদনত বহু বিতৰ্কৰ পাছত ঘৰলৈ অহা প্ৰথমজনী কুকুৰৰ নামকৰণ হ’ল – বিউটি৷ সিমানখিনি লৈকে ঠিকে আছিল৷ আমি সৰুতে দেউতাৰ কোলাত কিমান উঠিবলৈ পালোঁ মনত নাই, বিউটিৰ হ’লে দেউতাৰ কোলাত অবাধ ৰাজত্ব৷ মন গ’লেই হ’ল মাথোন৷ দেউতাও কম নহয়, টিভি চাওঁতে বিউটি আহ অ’, বেহাৰবাৰীত বিউটি ওলাইছে৷ আবেলি চাহ খাবৰ সময়ত বিউটি অ’ আহ বায়েৰে চাহ দিছে৷
মই বোলো বায়েৰ কোন, মা নে মই? মাৰ লগত মুখ লাগি ল’ব নোৱাৰি দেউতাই মোকেই কয় বোলে চাহ তইহে দিছ৷ ঘৰৰ মানুহকেইটাৰ আগত বাৰু কয়, আলহীৰ আগতো কোলাত বহুৱাই লৈ কয়….
:আমাৰ ঊষাৰ ভনীয়েক দেই ‘বিউটি’৷
আলহীয়ে বিউটিফুল ছোৱালী এজনী দেখাৰ আশাত ইফালে-সিফালে মূৰটো ঘূৰাই চায়৷ তেতিয়াই নেজ জোকাৰি আলহীৰ আগত দেউতাৰ কোলাৰ পৰা বিউটিয়ে নিজৰ বিউটি প্ৰদৰ্শন কৰি দেখুৱায়৷ আলহীয়ে যেতিয়া নিজৰ নাৰ্চাৰীলৈ যোৱা সন্তানৰ টুইংকল টুইংকল লিটিল ষ্টাৰ কাব্য প্ৰতিভা প্ৰদৰ্শনত ব্যস্ত হয়, দেউতাই তেতিয়া বিউটিৰ নেজ জোকৰা প্ৰতিভা দেখুৱাই দিয়ে৷
মুঠতে চলি থাকিল৷ বিউটিৰ পাছত চুইটি আহিল৷ দিনৰ দিনটো কোলাই বোকোচাই উঠি থকা বিউটিৰ লগ এজনী লাগে বুলিয়ে দেউতাই চুইটিক আনিলে৷ বিউটিৰ লেওহেও স্বভাৱৰ বিপৰীতে চুইটি একদম চেকচেকীয়া৷ ঘৰৰ পদূলিৰ আগেদি একো এটা পাৰ হৈ যাব নোৱাৰে, চেকচেকাই ধৰে৷ ঘৰলৈ অহাবোৰৰ অৱস্থাৰ কথানো কি কম।
কুকুৰ পুহিছে বুলি আলহী নহাকৈ নেথাকেতো৷ আলহী আহি থাকে৷ কোনোবা যদি পদূলিতে থৰ লাগি ৰয়, আন কোনোবা মৰসাহ কৰি দুখোজ আহি আকৌ দুখোজ পিছুৱাই ‘এহ কুকুৰজনী আছে’ বুলি সেমেনাসেমেন কৰি ৰয়৷ দেউতাৰ হ’লে চুইটিক লৈ ফুল কনফিডেঞ্চ …
:নেকামুৰে …নেকামুৰে৷ অনা এবছৰে হ’বৰ হ’ল৷ আজিলৈকে কাকো কামুৰা নাই, হাঁহ দুজনীমানহে বখলিয়াই থৈছে৷
মই বোলো ৱাহ ৰে ৱাহ, আজিলৈকে কাকো কামুৰা নাই, হাঁহহে দুজনীমান বখলিয়াই থৈছে৷ তাহানি টেষ্ট পৰীক্ষাত ভালকৈ পাছ কৰাৰ পাছতো মেট্ৰিক পৰীক্ষা কেনেকুৱা কৰিছো বুলিলে দেউতাই আলহীৰ আগত “যি মূলা বাঢ়ে দুপাততে চিন” বুলি টেষ্টত বেয়া কৰিছো যেতিয়া মেট্ৰিকো বেয়াই হৈছে বুলি কৈছিল৷ কুকুৰৰ ক্ষেত্ৰত হ’লে হাঁহহে কামুৰিছে, মানুহতো নাই কামোৰাৰ যুক্তি৷ আলহীক বাৰু সান্ত্বনা দিয়ে তেনেকে৷ কিন্তু মোৰ ক্ষেত্ৰতো একেই৷ ভুলতেও যদি কওঁ বোলো চুইটিয়ে মোক কামুৰিবলৈ লৈছিল৷ দেউতাই মোকহে ধমক দিয়ে… আৰু আমনি কৰি থাকিবি৷
চুইটিৰ পাছত আহিল কিউটি৷ একদম থুপুকী মৰমলগা কুকুৰ এজনী৷ আজিকালি দেউতাই কিউটিক কান্ধত, চুইটিক কোলাত আৰু বিউটি কাষতে বহুৱাই লৈ দিনচৰ্চা চলাই নিয়ে৷ আলহীৰ আগতো সগৌৰৱে মোৰ তিনিজনী ভনীৰ চিনাকী পৰ্ব চলি থাকে৷ পি.এইচ.ডি. কৰা জীয়েকক কথা সুধিলে দেউতাই মুখখন বিকটাই কয়…
:নাই বুজিছে, আজিকালি ডক্টৰেট হ’লেও চাকৰি নাই৷
অথচ বিউটিহঁতৰ কথা সুধিলে দেউতাই একদম গাটোত হাত ফুৰাই কয়…
:এই বিউটি, ইমান ধুনীয়াকৈ নেজ জোকাৰে৷
অতিথি শ্ৰোতাই শুনি মিচিকিয়াই থাকে৷ তেওঁৰ মিচিকিয়াটো দেখি মোৰ এনে লাগে যেন তেওঁ দেউতাৰ কথাষাৰ আচলতে কি বুলি শুনিছে৷
:এই আইমী, ইমান ধুনীয়াকৈ বিহু নাচে নে এই বিউটি, ধুনীয়াকৈ নেজ জোকাৰে৷
দেউতাৰ কুকুৰপ্ৰীতি আৰু মন্ত্ৰী-বিধায়কৰ পত্নীপ্ৰীতিৰ ওচৰত আন উপায়ো নাই৷ যি শুনে শুনক আৰু যি দেখে দেখক কৰি ৰৈ থাকোঁ৷
বিউটি, চুইটি আৰু কিউটিৰ পাছত ঘৰলৈ আহিল ভলু৷ এইবাৰ এটা মতা কুকুৰ। একদম নামে কামে মতা আৰু দেই৷ দেউতাক সুধিলোঁ বোলো ইয়াৰ নামটো যে কুকুৰৰ নামৰ লগত মিলাই ভলুহে ৰাখিলে যে কিয়? দেউতাই বোলে আমাৰ মতা মানুহবোৰৰ নাম, কাপোৰ আদি চে কি মতলব? নাম হৰেণ ভবেন কিবা এটা হ’লেই হ’ল৷ কাপোৰো একেই, বিয়ালৈ যোৱাযোৰো একেযোৰে, মাছৰ বজাৰলৈও একেযোৰে। মতা কুকুৰৰো একেই দে, ইহঁত কিজনীকহে ভাল নাম নিদিলে সহাঁৰি নিদিয়ে বুলি বিউটি, চুইটি দিলোঁ৷ ইয়াক ভলু, ভোলা যি মাতিলেও দৌৰি আহিব৷
দৌৰি আহিব বুলিলেও ভলু কিন্তু তেনেকৈ দৌৰি নাহিল৷ সিও বিউটিহঁতৰ লগত ফেৰ মিলাই নাম কাঢ়ি মাতিলেহে আহে৷ মই বোলো কি আচৰিত। এইটো মতাই নে, মাইকীৰ দৰে ইমান ঠেহ পেচ? যোৱা জনমত কেনেবাকে ভলু মাইকী নাছিলতো?
মনতে ভাবিছিলোঁহে কথাষাৰ। সঁচা বুলিয়ে প্ৰমাণিত হ’ব লাগে নে বাৰু৷ এসপ্তাহমান হ’ল। কোনোবা স্বামী কুৰুচন্নস্বৰূপ নামৰ মহাজ্ঞানী সাধু পুৰুষ এজনে তেওঁৰ দিব্যজ্ঞানৰ যোগেদি জানিব পাৰিছে বোলে আগৰ জনমত মাহেকীয়া হোৱাকেইদিনত মতা মানুহক ভাত ৰান্ধি খাবলৈ দিয়া মহিলাসকলে পাছৰ জনমত কুকুৰৰূপে জন্মগ্ৰহণ কৰে৷
দেশ তোলপাৰ লগা কথা৷ তাকো স্বামীনাৰায়ণ মন্দিৰ পৰিচালনা কৰা এজন বিদগ্ধ পুৰুষৰ দিব্যজ্ঞানত লাভ কৰা তথ্য মিছা হ’ব নে? নহয় .. নহয়, কেতিয়াও নহয়।
কুকুৰপ্ৰীতিত নিমগ্ন দেউতাক কথাষাৰ জনালোঁ৷ দেউতাই বোলে মনে মনে ক মাৰে শুনিলে সৰ্বনাশ হ’ব৷ ময়ো আচৰিত হৈ সুধিলোঁ বোলো এইবিষয়ত মাৰ লগত কোনখিনিত সংগতি আছে। দেউতাই ফুচফুচাই ক’লে….
:যোৱা জনমৰ চাৰিজনী মহিলা, এই জনমত মোৰ ঘৰত কুকুৰৰূপে দিনে-ৰাতিয়ে গা ঘেলাই পৰি আছে, মাৰে গম পালে সুদাই এৰিব নেকি৷ আজিৰ যুগত এজনী সতিনী চপালেই জেলৰ ভাত খাব লগা হয়৷ মই চাৰিজনী চপাই কোলাই-বোকোচাই উঠাই আছোঁ৷।
☆ ★ ☆ ★ ☆