ফটাঢোল

এক্স প্লাচ ওৱাই ইজুকুৱেলটু এ চি – অংকুমনি ডেকা

শিৰোনাম দেখি ভাবিছে চাগৈ কিনো এয়া৷ মানে সৰুতে অংকত “ধৰা হ’ল” লৈছিলোঁ যে ইয়াতো ধৰি ল’ব লাগিব৷ ধৰা হ’ল এক্স এজন ল’ৰা, ওৱাই এজনী ছোৱালী৷ এতিয়া সেই দুটা যোগ হ’ব লাগিছিল, নহ’ল৷ হ’ল পূৰণ৷ ইয়াত আকৌ যোগেৰে এযোৰ প্ৰেমিক -প্ৰেমিকা আৰু পূৰণেৰে ভাই -ভনীক বুজোৱা হৈছে৷ গতিকে ৰাইজসকল ওপৰোক্ত “ধৰা হ’ল”বোৰ বুজিবলৈ পঢ়ি চাব লাগিব মোৰ লটিঘটিটো৷ মোৰ মানে লটিঘটিটো বুজিবলৈ হ’লে অলপ পাতনি জুৰিব লাগিব৷
 এতিয়া প্ৰেম মানে কি কওকচোন ৰাইজ? আমি এই শব্দটো শুনিলে এক শৰীৰত বেলেগ বিক্ৰিয়া ঘটিব লয়৷ নহয় জানো? সচৰাচৰ প্ৰেমিক -প্ৰেমিকা বুলিলে আমি ভবা প্ৰথম কথাটো হ’ল- হাতে হাত ধৰি নতুবা কাষে-কাষে গৈ খোজ কঢ়া, পাৰ্কত বহা নতুবা চিনেমা হলত চিনেমা চোৱা৷ মানে সমবয়স যেন লগা তেনে যোৰা দেখা পালেই আমাৰ দুচকুত, মনত বেলেগ ধাৰণা আহি যায় স্বয়ংক্ৰিয়ভাবেই৷
 এই অমুকীৰো মনলৈ তেনে যোৰা দেখিলে তেনে ধাৰণা এটি আহি যায়৷ পিছে নিজেই পাই থৈছোঁ যে, পিছ মুহূৰ্ততে ধাৰণাটো চালি -জোকাৰি চাওঁ -নহ’বওটো পাৰে৷
 প্ৰেম বোলা অনুভূতিকণ আজিলৈ কিমানবাৰ আৰম্ভণি হ’ল, শেষো হ’ল ঠিক নাই৷ পিছে ৰোমাঞ্চ কৰাৰ সুযোগকণ প্ৰভু ভোলানাথৰ এমহীয়া ব্ৰত ৰাখিও পোৱা নাই৷ নহ’বনো কিয় যিহে দীঘলীয়া শাৰী৷ তাতে আকৌ আমিবোৰৰ ধৈৰ্য্য দেখি বোলে তহঁতে ৰৈ দে, বাকীবোৰক চেটিং কৰাই লওঁ বুলি থওঁতে আমিবোৰ মানে ফটাঢোলৰ বৰলা -বৰলীবোৰ পিছলৈ গৈ আছোঁ৷ পিছে হ’ব ভোলানাথ এনেই নে৷ ধৈৰ্য্যৰ ফল মিঠা বুলি কথা এষাৰো আছে নহয়৷
 হেইয়া দেখিছেনে বাৰু ক’ৰ কথা ক’ত গৈ আছে৷ আজিকালি মানে ক’ৰবাত কথা ক’ৰবাত পাই গৈ৷ বাৰু উভতি আহিছোঁ মোৰ লটি-ঘটিলৈ৷
 ২০১৬ ত মই মাহীহঁতৰ ঘৰত থকা হ’লোঁ৷ মাহীৰ দুটা ল’ৰা৷ এটাৰ বয়স পঁচিছ আৰু আনটো তাতকৈও সৰু৷ তথাপিও ভাল বন্ধু৷ বন্ধু বুলি কওঁতে কাজিয়া কৰাৰ পৰা প্ৰেমৰ টপিকলৈকে আলোচনা কৰোঁ৷ সেইবাৰেই মাহীহঁতৰ তাত নাৰায়ণ পূজা থকা বাবে সৰু ভাইটি আৰু মোক আন এজনী মাহীৰ ঘৰত মাতিবলৈ পঠালে৷ বোলো ফুৰি আহ অলপ৷ মাহীহঁতৰ ঘৰৰপৰা চাহ খাই উভতি আহিলোঁ৷ মন ফূৰ্তিত আছে৷
 সেই সময়খিনিত মই আকৌ প্ৰাইভেট স্কুলত কাম কৰি আছিলোঁ৷ আমি দুয়ো বাইহাটা চাৰিআলিৰ চকত টেম্পোৰপৰা নামি খোজ কাঢ়ি আহি আছোঁ ঘৰলৈ বুলি৷ তেনেতে মই এবাৰ ঘূৰি চাই দেখিছোঁ আমাৰ স্কুলৰে চাৰ এজনে বাইক লৈ আহি আছে৷ মই ভাবি আহিছোঁ তেখেতক মাত দিম৷ মই জনাত তেওঁ দেখিলে মোক৷ মই দুই তিনিবাৰ মাতিবলৈ চেষ্টা কৰিলোঁ৷ তেখেতে দেখিও নেদেখাৰ ভাওঁ ধৰিছে৷ মই ভাবি থ’লোঁঁ সঁচাকে নেদেখিলে মোক কিজানি৷ কথাতো ভাইটিকো ক’লোঁ৷ গ’ল কথা গুছিল৷ পিছদিনা স্কুলত গৈহে ওৰহীৰ ওৰ ওলাল৷ শ্ৰেণীলৈ যোৱাৰ বাটত ক্লাছৰুমৰ পৰা ওলাই আহি চাৰে ক’লে-মই তোমাক কালি ডিষ্টাৰ্ব নকৰিলোঁ৷ চকত দেখিছিলোঁ৷ মই অবাক -কিহৰ ডিষ্টাৰ্ব চাৰ? তেওঁ ক’লে-কালি দেখোন একেলগে আহি আছিলা তোমাৰ জনাৰ লগত৷ মই মানে বসুমতী ফাট মেলা পাতালে লুকাও অবস্থা৷ তেওঁক ক’লোঁহে ক’লোঁ ভাইটি আছিল মানিবই নোখোজে৷ সন্দেহৰ ডাৱৰে মনত বেয়াকে ছানি ধৰিছিল চাগে তেখেতক৷ ময়ো বোলো এইবোৰ আমাৰ বিক্ৰিয়াৰ ফলত হৈছে বুলি মনত অকণ দুখ লৈ ক্লাছলৈ গ’লোঁ৷ পিছে দুখটো কিহৰ আছিল জানেনে ভাইটিৰ ঠাইত সঁচাকে মোৰ জনাক চাৰে দেখা হ’লে৷ ইমাজিনেছন বুজিছে ইমাজিনেছন আমাৰ দৰে বৰলা -বৰলীবোৰৰ বাবে৷
 দ্বিতীয়তেও তেনে ঘটনাই হ’ল৷ এইবাৰ লগৰ এজনীৰ বিয়া৷ লগ নায়েই যাবলৈ৷ সম‌য় নিমিলে আমিবোৰৰ৷ বিয়াখনত যাবলৈ মন আছিল৷ প্ৰাকে প্ৰকাৰে এইবাৰ ডাঙৰ ভাইটিক লগ ধৰিলো৷ সিয়ো মান্তি হ’ল৷ মই আৰু বিয়া বুলি ষ্টাইল অকণ দি গৈছোঁ৷ ভাইটিও ফাট -ফিট৷ জালুকবাৰীৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত ৰৈ লগৰজনীক ফোন কৰি ঠাই জানি ল’লোঁ৷ আজাৰাৰ ফালে যাবলৈ টেম্পোত আহিবলৈ ৰাস্তাতো পাৰ হৈছোঁ৷ তেনেতে তাৰ কোনোৱা চিনাকি লগ পালে৷ মাত দিলে দুয়োটাই৷ মই যিহেতু আগতে লগ পোৱা নাই গতিকে মাত নিদিলোঁ৷ আগলৈ আহিছোঁহে তেনেতে পিছফালৰ পৰা ভাইটিক লগৰটোই সূধিছে – বিয়া কৰালি নেকি? ভাইটিয়ে কৈছে -নাই৷
 মই মানে লাজেই কৰিম নে কি কৰিম ভাবি পোৱা নাই৷ বহুত বন্ধুত্ব আছে বুলিহে আমি কেইটাৰ মাজত৷ মই ভাইটিক কৈছোঁ -বোলো বায়েৰৰ লগত যে আহিছ কৈ লবি আগতীয়াকৈ৷
 এতিয়া মানে কথাটো হ’ল ভায়েক -বায়েক গ’লেও আমাৰ মনত ঘটা বিক্ৰিয়াটোৱে কিবা প্ৰেমিক -প্ৰেমিকাহে বিচাৰে৷ এয়াই মোৰ লটিঘটি আৰু বুজিছে নহয়৷
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *