গুড গুডাৰ গুডেষ্ট – ৰক্তাভ কুমাৰ
” ফুউউউউ…….(কেটেঙকৈ কাণত লগা মাইকৰ চৰ্চৰণি)
নমস্কাৰ। জুবিলী ক্লাৱৰ উদ্যোগত আৰু সদৌ অসম নাট্য সন্মিলনীৰ পৃষ্ঠপোষকতাত অহা ১৮ মাৰ্চ, ২০০৪ ইং তাৰিখে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এলানি একাংকিকা নাট সন্ধিয়া আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানত ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ। ধন্যবাদ…..
“অ নবৌ অ অ অ….. মোলৈ এজনী ছোৱালী চালি নে নাই……..কঁকাল খামুচিয়া লিহ ই ৰ ক ……….(মাইকৰ পৰা ক্ৰমান্বয়ে লুপ্তপ্ৰায় হৈ অহা জুবিনৰ বিখ্যাত গানটোৰ কলি)
: অ মাআআআ…….. কালি নাটক চাবা যাম কিন্তু! আজিয়ে কৈ থলু, কালি দিনত পঢ়িম ভালকে……
অটোখনৰ ওপৰত ডাঙৰ মাইক এটা লগাই ঘোষণা কৰি ফুৰা মানুহজনৰ মাতটোৰ প্ৰতি কিবা এটা বেলেগ ধৰণৰ আকৰ্ষণ আছে। ঘৰৰ পৰা এমাইলমান আঁতৰৰ পৰাই হওক ৰাস্তাৰে যেতিয়া কোনোবাই ৰাজহুৱা ঘোষণা এটা কৰি যাব, মই ঘৰটোৰ যিটো কোণতেই যেনেকুৱা অৱস্থাতেই নাথাকোঁ কিয় গামোচাখনেৰে গাটো আৱৰি হ’লেও বাহিৰ ওলাই যাম সেই দৃশ্য চাবলৈ। এনেকুৱা নিচা অকল দুটা পৰিস্থিতিৰ প্ৰতিয়েই আছে, প্ৰথমটো হ’ল আকাশমাৰ্গত উৰা হেলিকপ্টাৰ অথবা এৰোপ্লেন আৰু আনটো হৈছে অটোগাড়ীত উঠি কৰা ৰাজহুৱা ঘোষণা, সেয়া নিৰ্বাচনৰ সময়ৰেই হওক, ভ্ৰাম্যমাণ থিয়েটাৰেই হওক, জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত হ’বলগীয়া ফুটবল খেলেই হওক বা বিহু ফাংচনেই হওক। চোৱাটো চামেই আৰু নিৰ্দিষ্ট দিনা নিজৰ পদধূলি অকণ দিবলৈও যাম, লাগিলে মায়ে যিমানেই এই নিৰীহ শৰীৰৰ ওপৰত স্কেলাঘাট, হস্তাঘাত নচলাওক কিয়!
: দৰ্জা খুলি এই ৰাতি বাহিৰ কিয় অলে গেইছা?
“থাপ-থুপ, ঠাচ-ঠুছ…” ( প্ৰথমটো স্কেলাঘাত, দ্বিতীয়টো দুইগালত হস্তাঘাত )
সোঁহাতেৰে বাওঁগাল পিহি আৰু বাওঁহাতেৰে সোঁ বাহু পিহি পেন্দোৱাকৈ মাৰ ফালে চাই তেওঁক আৱেগিক কৰি তোলাৰ চেষ্টা মোৰ। মোৰ চকুৰ কাতৰতা দেখি কিজানিবা নুমলীয়া পো বুলি মৰম অকণ কৰি চায়েই বেছিকৈ দুখ পালোঁ নেকি বুলি!
পিচে নাই। এইবাৰ চিধাই দুৱাৰ খুলি একেটানে ৰুমৰ পৰা বাহিৰত উলিয়াই দি দুৱাৰ বন্ধ কৰিলে। মোৰ মনৰ ভিতৰত স্তুপিকৃত সমগ্ৰ আৱেগ চকুপানী আৰু কণ্ঠনলীৰ পৰা অশ্ৰাব্য কান্দোনৰ সুৰেৰে বাহিৰ ওলাই আহিল। পাঁচমিনিটমান তেনেদৰে কান্দি যেতিয়া দেখিলোঁ মাতৃৰ পুত্ৰস্নেহে কোনো কাম নিদিলে তেতিয়া আগফালৰ বাৰাণ্ডাৰ লগত লাগি থকা আনটো ৰুমৰ খিৰিকীৰ কাঁচত আঙুলিৰে আঘাত কৰি ককাইদেউক মাতিলোঁ। সেইপিনৰ পৰাও মোক নিৰাশ কৰি পূজনীয় মাতৃৰ কঠুৱা মাতেৰে মোক সম্ভাষণ,
: বাহিৰত থাকি ভাল পা নহয়, থাক! যিমেন ইচ্ছা সিমেন বাহিৰত থাক।
পুনৰাই মোৰ কণ্ঠনলীৰ সমস্ত জোৰেৰে মাতৃক কাতৰ প্ৰাৰ্থনা। এনেদৰে কিছুপৰ সাময়িক ক্ৰন্দন-গালিবৰ্ষণ প্ৰক্ৰিয়া চলি থকাৰ পিছত দেউতাৰ গৃহ আগমনৰ অৱকাশত মোৰো গৃহপ্ৰৱেশ ঘটিল। দেউতায়ো সমস্ত ঘটনাৰ তদন্ত কৰি মোক দোষী ঘোষণা কৰি শাস্তি হিচাপে পিছদিনাখন ৰাতিপুৱাৰ পৰা আবেলিৰ সময়ৰ ভিতৰত অংকৰ চাৰিটা অধ্যায়ৰ অভ্যাস আৰু ইংৰাজীৰ ১০৮টা ধাতুৰূপ মুখস্থ কৰাৰ নিৰ্দেশ দি নাটক চাব যোৱাৰ অনুমতি প্ৰদান কৰিলে। ইয়াৰ তদাৰকীকৰণৰ দায়িত্বত থাকিল অগ্ৰজ ককাইদেউ। মুৰব্বীৰ পৰা ঘৰুৱা আদালতত মোক শাস্তি প্ৰদান কৰি থকা সময়ত আচামীৰূপী মইজনক চকু-মুখেৰে ভেঙুচালি কৰি থকা ককাইদেউৰ মোৰ প্ৰতি চাক্ষুষ নিৰ্দেশনা,
: কেনে পাইছা হা, বৰ উৎপাত বাঢ়ছে তোৰ। ইবিলাক সব তোৰ উৎপাতবিলাক জমা লাগি লাগি পাবা লাগা শাস্তিৰ ফল।
যি নহওক, ৰাতিৰ ভাতসাজ পিচে মায়েই খুৱাই দিলে। কি কৰিব, সৰু পুতেক যেতিয়া মৰমখিনি থাকিবই বাৰু! পিছে এবাৰো গাল আৰু বাহু পৰীক্ষা কৰি নাচালে দুখ বেছিকৈ পালোঁৱেই নেকি বুলি, মোৰ দুখটো তাতেই ৰৈ গ’ল।
পিছদিনাখন ৰাতি পুৱাল। ছয়টা বজাতেই ঠেলি-হেঁচি গাত মেৰিয়াই লোৱা কম্বলখন আঁতৰাই একে ঠেলাই বিচনাৰ পৰা গতিয়াই দিলে।
: মুখ ধু আৰু পঢ়া টেবুলত বহ। অলপ পাছত চাহ দি আছোঁ।
মোৰো পিচে আদেশ অমান্য কৰাৰ কোনো উপায় নাই, ৰজাৰ মৌখিক আদেশ আৰু ৰাণীৰ আদেশ পালন কৰোৱাৰ কুচকাৱাজ। শাস্তি লাঘৱ কৰাই গধূলি নাটক চাব যোৱাৰ সুবিধা মিলোৱাৰ বাবে বিচনা এৰাৰ বাহিৰে কোনো গত্যন্তৰ নাই। পৃথিৱীৰ সবাতোকৈ দুখী ব্যক্তিজনৰ অনুভৱ বুকুত কঢ়িয়াই ময়ো লাগি গ’লো আদেশ পালনত।
অংক কৰি আছোঁ কৰি আছোঁ, কোন মুহূৰ্তত চকুৰ পতা জাপ খাই মূৰটো হালি গৈ পঢ়া টেবুলত ঠেকেছা খালে ক’বই নোৱাৰিলোঁ। লগেলগেই পিছৰ পৰা দুখন হাতে কাণৰ কাষেৰে মেল খাই আহি মূৰটো পুনৰ আগৰ অৱস্থালৈ ঘূৰাই লৈ গ’ল। পিছফালে ঘূৰি দেখিলোঁ স্বয়ং তদাৰকী সেনাপতি ককাইদেউ!
: যা তই ইয়াৰে পৰা, মই পঢ়িম নহয়!
: তই পঢ়ি থাক, মই এতে আছু, নহলি মাক কৈ দিম তই পঢ়বা এৰি ঘুমে আছা বুলি!
সঁচাকৈ বহুত কষ্ট পাইছোঁ সিদিনা, বহুত! এঘৰীয়া কৰা বুলি শুনিহে আছিলোঁ, সিদিনা এঘৰীয়া হ’লে কেনেকুৱা অনুভৱ হয় মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। কিন্তু ময়ো কম নহয়, প্ৰস্বাৱ-পায়খানা সব উপেক্ষা কৰি একে বহাতেই ভগ্নাংশৰ তিনিটা অধ্যায় আৰু গড়ৰ এটা অধ্যায় সমাপ্ত কৰি ইংৰাজীৰ ধাতুৰূপ মুখস্থ কৰি অঁতালো। মনত সন্তুষ্টি আৰু মুখত বিজয়ৰ হাঁহি এমোকোৰা লৈ গণিতৰ অধ্যায়ৰ অনুশীলন বহীটো লৈ মাৰ ওচৰত হাজিৰ।
: হ’ল তোৰ?
: উম মা।
: যা দাদেক দেইখো
ময়ো ককাইদেউৰ ওচৰত উপস্থিত হৈ বহীখন আগবঢ়াই দিলোঁ। গণিতত পিছে ভুল উলিয়াব নোৱাৰিলে, ভালেই আছিলোঁ সেইটোত।
এতিয়া আহিল ইংৰাজী ধাতুৰূপ, সেইটোত আকৌ সি এখোপ চৰা। আৰম্ভ কৰিলে,
: অল্ড – অল্ডাৰ অল্ডেষ্ট
বিগ – বিগাৰ বিগেষ্ট
ফাষ্ট – ফাষ্টাৰ ফাষ্টেষ্ট
……….
……….
……….
……….
গুড – গুডাৰ গুডেষ্ট…..
: হো মা, ইয়াৰ নাটক চাৱা আজি বন্ধ……..
( আচলতে মোৰ গোটেইকেইটা ধাতুৰূপ শুদ্ধ হৈ গৈয়েই আছিল। সি গুড বুলি মোক প্ৰশংসা হে কৰিছিল। ময়ো ইমান সময়ে “আৰ” আৰু “এষ্ট”ৰে সমাপ্ত হোৱা ধাতুৰূপৰ উত্তৰ দি থাকি সেইটো ধৰিব নোৱাৰি তেনেকৈয়ে কৈ পালোঁ…….)
☆ ★ ☆ ★ ☆
8:05 pm
পঢ়ি বৰ ভাল লাগিল
6:13 pm
জমনি
9:28 pm
বৰ অন্যায় কৰা হৈছিল নহয়? লিখাটো পিছে পঢ়ি মজা লাগিল৷