ফটাঢোল

আহ ঐ আহ ওলাই আহ- সোমেশ্বৰ বৰা

?উস, মোৰ জাতিটোৰ হেনো মৃত্যু ঘটিছে৷ মই বিশ্বাস নকৰিলোঁহেঁতেন৷ হয়তো শুনা কথাহে বুলি তিনি টিলিকি মাৰি উৰাই দিলোঁহেঁতেন৷ কিন্তু এয়াযে মোৰ নিজচকুৰে দেখা ঘটনা৷ মই দেখিছোঁ এটা শ হৈ জহি-খহি গৈছে মোৰ জাতিটো৷ ক্ৰমাৎ বগা কাপোৰ এখনেৰে ঢাকি গৈছোঁ মোৰ জাতিৰ থৰঙা মৃতদেহটো৷ বগা কাপোৰ হেনো শুদ্ধতাৰ প্ৰতীক আৰু ই স্বৰ্গলৈ যোৱাৰ বাট প্ৰশস্ত কৰে!
?কিন্তু মই জনাত মোৰ জাতিটোৱে আত্মহত্যা কৰিবলৈ বিচৰা নাছিল৷ তাৰ পৰিবৰ্তে মৰতত সৰগ ৰচিব খুজিছিল আৰু মৰতৰ বুকুত জকমকীয়া সৰগ ৰচিছিল৷ আছিল জানো জাতিটোৰ ৰসাতলে যোৱাৰ বাসনা? তাৰবাবেই নেকি লাচিতে মোমাইক কাটিছিল, নৰিয়া গাৰেই ৰণলৈ গৈ মোগলক কচুকটা দিছিল শৰাইঘাটত!
ধিক মোৰ জাতিসত্তা৷ ধৰ্মৰ নামত বঙহৰ মঙহ ফালি বখলা বখল৷ ক্ষমতাৰ ৰাগীত বদনৰ ভাওঁ, টনা- আজোৰাত সোদৰৰ শোণিত বোৱালোঁ৷
আত্মীয় জনৰ গাঁৱলৈ গৈছিলোঁ৷ সৰু ল’ৰা এজনৰ মাক ফুট গধূলিতে ঢুকাল৷ ভৰ গাওঁ খনত মানুহ নোলাল সৎকাৰ কৰিবলৈ৷ পুতেকে কুঠাৰ মাৰি মাকৰ চিতাৰ খৰিফালি থকা দৃশ্য দেখিলোঁ৷ হায় মোৰ বঙহৰ আন্তৰিকতা৷
?আইনাত প্ৰতিবিম্বিত মোৰ নঙঠা অৱয়ব৷ মোকচোন কিবা সুকীয়া দেখিছে৷ বগা চুৰিয়া, উদং পিঠি, ডিঙিত পিন্ধিছোঁ ফটাকাণীৰ দোল৷ সকলোৰে মোতেই চকু৷ মোৰ চকুত বিষাদ৷ কান্দিছোঁ নেকি বাৰু মই? অসহ্যকৰ এটা পৰিবেশ৷ উফৰি অহা কিছুমান শব্দ৷ তাৰ দেখোন মুখৰ মাতেই নাই৷ অলপ কান্দিব লাগিছিল৷ তাৰ মূৰত কৰিয়াবিজলৰ লেও এটাকে দিয়া হ’লে ভাল আছিল৷
?সূৰুজ উঠাৰ দেশত ভেলেকা হাঁহিৰে ভেলেঙা মই৷ সঁচা অৰ্থত মই দেখা, মই পোৱা বাপতিসাহোনেৰে মোক মোৰ জাতিসত্তাত বন্দী কৰি পেলালে৷ নিঃসংকোচে বৰলুইতক সাক্ষী কৰি জলৰাশিৰ কুলুকুলু সুৰৰ সতে প্ৰতিযোগিতাত নামি শুন-নুশুনকৈ গাওঁ আমি জাতিটোৰ গান৷ আৰু সেই গানৰ মিঠা সুৰ তোক বিচাৰি বলিয়াৰ দৰে ধপলিয়াই আহে কুলি কেতেকী বসন্তৰ দেওলগা সাঁজ পিন্ধি৷ নখেৰে আঁচুৰি বখলীয়াই যেন হাতত এপাহ ৰঙাগোলাপ লৈ গুণগুনাই প্ৰকৃতি আৰু ঋতুৰ হাতেহাতে ধৰাধৰিকৈ মোৰ জাতিটোৰ উৎসৱ বোৰ আহে৷ কিন্তু…
?মই আজি হেৰুৱালোঁ মোৰ জাতি সত্তা, হেৰুৱালোঁ মোৰ পৰিচয়৷ আধুনিকতাৰ নামত খিচিৰি পগাই জাতিটোৰ সৰাধ পাতিলোঁ৷ চলন-ফুৰণ, গীত মাতত নাক-কান কাটি মুকলি সমালোচনা! সংস্কৃতিক ৰাখ অ’ বোপাই বুলিবলৈ কমিটি গঠন কৰিব লগা হ’ল৷ উৎসৱে-পাৰ্বনে জাতীয় সাঁজ জোৰ পিন্ধিবলৈ অনুনয় বিনয় কৰিব লগা হ’ল৷ দৰ-দামত পেঁপুৱা লাগি ৰংৰহইছবোৰ মুছকঁছ গ’ল৷ ধিক-মোৰ শিল্পী সত্তা৷
?পেন্দুকণাৰ পৰাই পেণ্ট উজাই উজাই শেঙুন উজাই উজাই বিহু মাৰিলোঁ৷ বিহু নাচিবলৈ, বিহু নাম গাবলৈ আকৌ কিহৰ কৰ্মশালাৰ দৰকাৰডাল পৰিল অসমীয়াৰ তেজটোপাক৷ মূৰত গামোছাখনৰ পাগটো মাৰি যেতিয়া ঢোলত চাপৰ তুলিম, জুৰীয়া পেঁপাত লহৰ তুলিম কোনজনী নেনাচ ময়ো চাই লম৷ সেইবুলি সেয়াও বতৰতহে দেই৷ হ’ল বুলি মোৰ ঢোলে কাতি বিহুত গুমনুগুমায়, তালে খমনখমায়৷ ৷
?বিহুৱানখন চেন্নাইৰ পৰা কম দামত আহিল, আমি তালফাল লগালোঁ৷ পাতমুগাৰ চানেকিৰে বেনাৰসী আহিল, প্ৰতিবাদ কৰিলোঁ৷ এইবাৰ আমি আৰু এপদ বাপতিসাহোন নিলাম কৰিলোঁ৷ ভোগালীৰ আমঠু মেজিটো মই অসমীয়াই বজাৰলৈ উলিয়াই আনি বজাৰত বিক্ৰী কৰিহে বিহুৰ খৰচ উলিয়ালোঁ৷ অৰ্থাৎ মেজিটো বেপাৰিৰ হাতত তুলি দিলোঁ৷ মেজিটো এতিয়া কেৱল অসমীয়াৰ নহয়, বেপাৰীৰ হ’ল৷
?সেয়েহে মই ব্যক্তিগতভাবে অনুভৱ কৰিছোঁ মোৰ জাতিটোৰ অপমৃত্যু ঘটিছে গতিকে মই হেনো কন্দাটো মোৰ কৰ্তব্য৷ কিন্তু মই কিয় কান্দিম? মইতো কান্দিবলৈ শিকা নাই৷ ভীৰু, কাপুৰুষজনেহে কান্দে৷ সপোনে দাপোনে মই চিঞৰিম৷
আহ ঐ আহ…
?মোৰ জাতিটোৰ শটো নিবলৈ বনোৱা সাঙীখনৰ ওচৰলৈ মই যাব বিচাৰিছোঁ, যেন সাঙীখনকে সাৱটি ধৰিম৷ বহুত মানুহে মোক বুজাইছে৷ মইচোন এওঁলোকক চিনিয়ে নেপাওঁ৷ হয়তো এওঁলোক মোৰ জাতিটোৰ দালাল, নহ’লেবা ৰাজনৈতিক দালাল৷ সাপহৈ খুটি বেজহৈ জাৰিব আহিছে৷ কি জান হেৰৌ তহঁতে, কিয়েই বা উমান পাবি আমাৰ বুকুৰ বেথা?
?আমি অসমীয়া, আমি ভালপাওঁ মনৰ স্বচ্ছতা৷ সকলোকে বুকুত সাৱটি লওঁ, যেন আঠে- বেথে মাকজনীয়ে পিয়াহ খুৱাই কেঁচুৱাটো নিপোটলতো কৰে৷ তহঁতেহে চলচাই কঠীয়া পাৰি বুকুত কামুৰি দিয়! , ,
?দে দে, ধূপকাঠী বোৰ মুঠামুঠে যিমান পাৰ সিমান জ্বলাই দে মোৰ নিঠৰ জাতিটোৰ শটোৰ কাষত৷ তেতিয়াহে যদি গোন্ধটোৱে নাকত ধৰে আৰু কিজানিবা সাৰপাই ধহমহাই বহেই৷
?ফেষ্টিভেলাইটিচ্ ৰোগী আমি:
মেৰিণজাইটিছ, ফেৰীনজাইটিছ ৰোগত কোঙা মোৰ জাতিটোৰ আজি ফেষ্টিভেলাইটিছ ৰোগ৷
শ্ৰীময় অসমীৰ
 শীতল বুকুত জাগে
উৎসৱৰ মধুৰ আলোড়ন৷
 ?খিলঞ্জীয়া বোলাবলৈ আমাৰ প্ৰতিটো জাতি উপজাতিৰ নিজ নিজ উৎসৱ জাহিৰ কৰাৰ দুৰ্বাৰ প্ৰচেষ্টা আৰু নিজ নিজ প্ৰতিটো উৎসৱত চৰকাৰী বন্ধ লাগিবই৷ নহ’লেযে নাথাকিব জাতিটোৰ মান, নহ’ব জানো অপমান?
?বহাগ মাহটো বিহু নাছিলোঁ৷ জেঠত বহাগী বিদায়৷ আহাৰ মাহত চুৱা হ’ল বসুমতি৷ শাওনত বোল-ব’ম(আমদানিকৃত)৷ ভাদমাহ ধৰ্ম-কৰ্মৰ মাহ৷ আই অসমী যেন বৈকুণ্ঠপুৰীহে৷ আহিনত সৰুবলি, বৰবলি৷ কাতিত কঙালীত কোঁচমোচ৷ আঘোণ-পুহ-মাঘ-ফাগুণত ফেঁচাই উৰুলি দিয়ে৷ চ’তত কি বাৰু?
নিলাজী চ’ত আছিলি ক’ত
বহাগী ৰাম, নাথাকো যাম৷
?ভাদত ঈশ্বৰ নাহিল৷ গতিকে গাঁৱে গাঁৱে ভাগৱত পাঠ৷ ক’ৰবাত যদি অখণ্ড ক’ৰবাত অবিৰত পাঠ৷ আন ক’ৰবাত ভাওনা সমাৰোহ, পালনাম, থিয়নাম, দিহানাম প্ৰতিযোগিতা৷ এইবাৰ শেনৰ এজাত, ঈশ্বৰ আহিবই৷
?তীৰ্থ কৰিবলৈ গ’লোঁ, লোকৰ উৎসৱবোৰ লগতে লৈ আহিলোঁ৷ নিজাকৈ পাতি বাঃ বাঃ বোলাম সমাজত৷
আমদানিকৃত ৰথযাত্ৰা, বলব’ম, গণেশ মহোৎসৱ আদি ধুম-ধামেৰে নিজা ববীয়াকৈ পাতিলোঁ/পাতিমেই৷ ৷
?জোনবিল মেলাৰ মামা-মামীৰ বিনিময় প্ৰথা, বিজনীৰ লক্ষ্মী পূজা, নলবাৰী হৰি মন্দিৰৰ ৰাসমেলা, বৰপেটাৰ দৌল উৎসৱ, ভোগালী মেলা, ৰঙালী মেলা, ভোগদৈ উৎসৱ, এইবাৰৰ পৰা নamami ব্ৰহ্মপুত্ৰ উৎসৱ৷
?তোলনি বিয়া, ন-খোৱা, ন-লগোৱা, দিপাৱলী, শিৱৰাত্ৰি, ভেকুলী বিয়া, লগুনদিয়নি, ভাত মুখত দিয়া, ঘৰ লোৱা, ওপজাদিন, বৰ সবাহ আদিৰ বকলা নেমেলোঁ৷
?ফাগুনে পলাশক ভাল পোৱাৰ দৰেই ভালপাওঁ এই ফেষ্টিভেল বোৰক৷ জীৱনটোৱেই দেখোন আখৰা ঘৰ৷ বাস্তৱত যি ঘটিছে তাৰেই আখৰা কৰিছোঁ, চং-ভাও দিছোঁ৷ বৰ ভালপাওঁ জাতিটোক৷ হৃদয়ত ৰৈ যোৱা
জলঙাৰে খেপিয়াই ফুৰিছোঁ জাতিৰ সুবাস আনে নজনাকৈ৷ নহ’লেযে হেৰ হেৰাই যাবিচোন৷
গতিকে সমস্বৰে চিঞৰো আহ ঐ আহ, ওলাই আহ৷
☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *