ফটাঢোল

নাথুৰ সংসাৰ-ৰূপাংকৰ চৌধুৰী

দূৰৰ পাহাৰৰ পৰা বৈ অহা নৈখন নাথুৰ গাওঁখনৰ মাজেৰে বৈ গৈছে৷ আঘোণত ধাননি নোদকা হয় আৰু নৈখন শুকাই-খীনাই যায়৷ পকা আঘোণৰ ভৰা পথাৰৰ মাজেৰে বিলাস ভ্ৰমণত ওলাই গ’ল নাথু৷ সাৰথি দেউতাকৰ পুৰণি ৰেলী চাইকেলখন৷ ডিঙিত ওলমাই লৈছে ফিলপছৰ ৰেডিঅ৷ ফুল চাউণ্ডত চলি আছে এটাৰ পিছত আনটো সুৱদি পুৰণি অসমীয়া গীত গীতিমালিকা অনুষ্ঠানত৷ প্ৰত্যেক গীতৰ লগত নাথুৰ আৱেগ জড়িত হৈ আছে৷ কোনোবাটো যদি সুখৰ আন কোনোবাটো গীতে কিছু বিষাদ ঢালি দিয়ে নাথুৰ চিন্তাত৷
চাইকেল চলাই গৈ আছে নাথু এক মধ্যম গতিত৷ একেই গতিত চলি গৈ আছে নাথুৰ জীৱন গতানুগিতকভাৱে৷ সৰু মানুহ, সুখী মানুহ৷ সৰু সৰু সপোন- নফলিয়ালেও কোনো আপচোচ নাই নাথুৰ৷ পৈতৃক সম্পত্তি হিচাপে থকা খেতি মাটিখিনিত সোণালী শইচ সিঁচি জীৱন ৰঙীন কৰাৰ সপোন দেখে নাথুৱে৷ দুজন ভায়েক আৰু তিনিজনী ভনীয়েক৷ দেউতাক ঢুকোৱা দহ বছৰ হ’ল৷ নাথুৰ বিয়াখন পাতি দিছিল দেউতাকে৷ নাথু ঘৰৰ ডাঙৰ, তাৰ পিছত ভায়েক দুজন আৰু ভনিয়েক তিনিজনী৷ সৰুজনী ভনীয়েক জন্মাৰ দুবছৰ পিছত মাক অচিন ৰোগত ঢুকায়৷ ভায়েক দুজন চৰকাৰী চাকৰিয়াল আৰু ভনীয়েক তিনিজনী নিজ-নিজ সংসাৰত ব্যস্ত৷ গাঁৱলীয়া নাথুৰ শহুৰেকৰ ঘৰ চহৰত৷ সকলোৱে নিজ-নিজ ভাগে সুখী৷ নাথুৰ আয় বুলিবলৈও নাই আৰু ব্যয় কৰিবলৈও নাই৷ খেতিৰ ফচল বিক্ৰী কৰি দৈনন্দিন প্ৰয়োজনৰ বয়-বস্তুখিনি কিনি চলি যায় নাথুৰ৷ পুতেক প্ৰাইমেৰী স্কুলত পঢ়ি আছে৷ জীয়েকজনীৰ দুবছৰ৷ নাথুৰ ঘৈণীয়েকে ছাগলী পোঁহে আৰু তাঁতত কাপোৰ লগাই৷ সৰু-সুৰা প্ৰয়োজন ছাগলী আৰু কাপোৰ বিক্ৰী কৰি পোৱা ধনেৰে চলি যায়৷
চাইকেলৰ গতি কিছু কম কৰে নাথুৱে৷ এই যিখিনি ঠাইত নাথু ৰৈ আছে, এই ৰাস্তাৰ দুয়োকাষে থকা পথাৰৰ সোণগুটিয়েই নাথুৰ সম্পদ৷ মাজে-মাজে ঘৈণীয়েকে তাগিদা দি নথকা নহয়- অকল খেতিৰ ধানেৰে সংসাৰ চলোৱা দিগদাৰ হ’ব৷ দিনক দিনে বয়-বস্তুৰ দাম বাঢ়ি গৈ আছে৷ ভায়েকদুজনৰ চিন্তা নাই৷ সদ্যহতে সকলোৱে বিপদে-আপদে মিলিজুলি আছে৷ সময়ত নিজ-নিজ সংসাৰ বাঢ়ি অহাৰ লগে-লগে সকলোৱে নিশ্চয় নিজৰ ল’ৰা-ছোৱালীক লৈ ব্যস্ত হ’ব৷ এইয়া সমাজৰ নিয়ম৷
তথাপি নাথু উদাসীন৷ পুনৰ তীব্ৰগতিত চাইকেল চলাই গৈ থাকে নাথুৱে৷ ৰেডিঅত আঞ্চলিক বাতৰি চলি আছে৷ নাথুৰ ল’ৰাটো এইবাৰ হাইস্কুলত নাম লগাব৷ প্ৰাইমেৰী স্কুলৰ বৃত্তি পৰীক্ষা দিছে৷ পৰীক্ষা বেয়া হোৱা নাই৷ ৰহমান মাষ্টৰে তাৰ ইংৰাজীখিনি চাই দিব বুলি কৈছে৷ পঢ়া-শুনাৰ বাদেও নাথুৰ পুতেকে খেলা-ধূলা কৰি বৰ ভাল পায়৷ নাথুৱে বাধা নিদিয়ে৷ মিতব্যয়ী নাথুৱে প্ৰত্যেকটো ক্ষেত্ৰতে জুখি-মাখি চলে৷
চিত্ৰগীত আৰম্ভ হ’ল৷ নাথুৱে চাইকেলত ওভটনি যাত্ৰা আৰম্ভ কৰিলে৷ অহা সপ্তাহৰ পৰা ধানখিনি কাটিবলৈ আৰম্ভ কৰিব৷ পথাৰ খালী হৈ পৰিব৷ নাথুৰ ভঁড়াল ভৰি থাকিব কিছু দিন৷ ……………
তীব্ৰগতিত মসৃণ পকী পথেৰে আহি বহল চকাৰ দীঘল গাড়ীখন নাথুৰ ঘৰৰ জপনাৰ সন্মুখত ৰ’ল৷ চকুত ক’লা গগলচ, দামী জোতা, জিনচ আৰু বগা টি-শ্বাৰ্ট পৰিহিত ব্যক্তি এজন গাড়ীৰ পৰা নামিল৷ তেওঁৰ কাষৰ ছীটৰ পৰা প্ৰায় ডেৰ বছৰীয়া শিশুটিও চকুত ক’লা গাগলচ, দামী জোতা, দামী কাপোৰ পিন্ধি নামি আহিল৷ পিছ ছীটৰ পৰা এজনী মহিলা নামি আহিল৷ পিন্ধনত দামী শাৰী৷
গাড়ীৰ পৰা নমা দম্পতীহাল নাথুৰ পুত্ৰ-বোৱাৰী আৰু লগত নাতি ল’ৰা৷ নাথুৰ ঘৰৰ জপনাখন আজিকালি প্ৰকাণ্ড লোহাৰে নিৰ্মিত৷ ঘৰৰ সন্মুখৰ কেঁচা ৰাস্তা গুছি মসৃণ পকী হ’ল৷ ঘৰৰ চোতালখনো পকী হ’ল৷ ঘৈণীয়েকে আজিকালি দিনৰ বেছি ভাগ সময় টিভিৰ সন্মুখত বহি ‘বৰলা-কাই’ আৰু ‘বেহৰবাৰী আউটপোষ্ট’তে সুমুৱাই থাকে৷ পুৱা-গধূলি কাম কৰা তিৰোতা আহি ঘৰৰ সকলো কাম কৰি যায়৷ ব্যক্তিগত কোম্পানীৰ শীৰ্ষ বিষয়া পুত্ৰ-বোবাৰীয়ে সকলো ব্যৱস্থা কৰি দিছে৷ নাথুৰ ঘৈণীয়েকে নাথুক পুৱা জলপানত চিৰা-গাখীৰৰ সলনি ওটচ আৰু গাখীৰ দিয়ে৷
নাতিয়েকৰ লগত কিছু সময় ধেমালি কৰি নাথুৱে পুতেক-বোৱাৰীয়েকৰ লগত কিছু কথা পাতি ওলাই গ’ল৷ চাইকেলখন সলনি হ’ল৷ নাথুৰ পুতেকে গীয়েৰ থকা চাইকেল এখন আনি দিছে বাপেকক৷ সেইখন চলাই নাথুৱে একেই পুৰণি ষ্টাইলত ডিঙিত ৰেডিঅটো ওলমাই ওলাই গ’ল৷ দিনৰ কল্পতৰু অনুষ্ঠান আৰম্ভ হৈছে৷ পথাৰৰ ধানবোৰ কাটি আজৰি হৈছে নাথু৷ কাইলৈ ভোগালীৰ উৰুকা৷ নিজৰ পথাৰত থকা সৰু পামতে কাইলৈ ৰাতিৰ সাজ ঘৰৰ মানুহে একেলগে খাব৷ নাথুৱে পথাৰ নৰা কাটি ভেলাঘৰ সজাত লাগি গ’ল৷
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *