ফটাঢোল

লটিঘটি – ববিতা শৰ্মা 

আমাৰ ল’ৰা ছোৱালীহালৰ বয়স তেতিয়া দুবছৰ। এইটো বয়সত শিশুবোৰৰ সাধাৰণতে অলপ উৎপাত বাঢ়ে। ঘৰৰ মানুহ কিছু সাৱধান নহ’লে কেতিয়াবা বিপদত পৰাৰ সম্ভাৱনা থাকে। তাতে আমাৰ দুয়োটাই সুবিধা পালেই উৎপাত আৰম্ভ কৰি দিয়ে। আমি দুয়োজন দিনটো অফিচত থাকো আৰু দুইটা ককাক আইতাকৰ লগত ঘৰত থাকে। সেইসময়খিনিৰ সুবিধা দুইটাই ভালকৈয়ে লয়। দিনটো ককাক আইতাকক দম দি যিকোনো কাম কৰি থাকে। আৰু আবেলি আমি আহি পোৱাৰ পিছত আকৌ ওলোটাই দুইটাৰে দিনটোৰ ওজৰ আপত্তি আৰম্ভ।
প্ৰস্তাৱনা শেষ কৰি এতিয়া আহো আচল কথালৈ। এদিন মই অফিচৰ পৰা আহি পাইছো প্ৰায় সন্ধিয়া লাগি গৈছে। দুইটাই আইতাকৰ লগত ফুৰিবলৈ যাবলৈ ওলাইছে। মোক দেখা পাই সি নোযোৱাটো হ’ল আৰু মোৰ টেটুত ওলমি দিলে। উপায় নাপায় মই তাক লগতে লৈ ৰুমলৈ আহিলোঁ। এতিয়া সি কি কৰিব, মোৰ বেগটো খুচৰাত লাগিল। ময়ো বোলো সি অকণ ব্যস্ত হওঁতেই মই হাত মুখ ধুই আহোঁ।
তাক এবাৰ চাই নিশ্চিন্ত হৈ মই শোৱাৰুমৰ সংলগ্ন বাথৰুমত সোমালো। অকণমান সময়ৰ পিছতে সি মা মা কৈ মাতি থকা শুনি ওলাবলৈ চাওঁ পুত্ৰই দুৱাৰত বাহিৰফালৰ পৰা হুক লগাই দিলে। ৰাম কৃষ্ণহে  বুলিলো আৰু। কি কৰো এতিয়া মই, তাক লাহে লাহে ক’লো দু্ৱাৰখন খুলি দিয়া বুবুমাইনা। তাক বৰ মৰমেৰে জান সোন দেহা মাতি মাতি দুৱাৰখনৰ হুকটো খুলি দিবলৈ ক’লো। নাই, সি কিয় জানো খুলিব নোৱাৰিলে। আগতেও দুইটাই মাজেমাজে তেনেকৈ দু্ৱাৰত হুক লগাই আকৌ খুলি তেনেকৈ থাকে।ছোৱালী অলপ ল’ৰাতকৈ ওস্তাদ।তাই হোৱা হ’লে খুলি দিব পাৰিলেহেঁতেন। তাই যিহেতু নাইয়ে মাতিও লাভ নাই। কিন্তু মই কি কৰিম এতিয়া?
লাহে লাহে বিপদৰ আগজাননী দেখি মই অলপ জোৰেৰে তাক চিঞৰি দুৱাৰখন খুলি দিবলৈ ক’লো। কিন্তু সি খোলা নাই বোধহয় ভয় খাইছে কি হ’ল বুলি।  ময়ো ভাবিলো কি কৰা যায় এতিয়া ঘৰৰ মানুহ কোনো সেইসময়ত ঘৰত নাছিল। মানুহজন অফিচৰ পৰা আহি পোৱাহি নাছিল। তথাপি কোনোবা আছে বুলি মই জোৰেৰে চিঞঁৰিলো। বাথৰুমৰ ভেণ্টিলেটৰৰ ফালে মুখ কৰি  কোনোবা পিছফালে আছে নেকি বুলিও মাত দিলো। নাই কোনো নাই। ইফালে ল’ৰাৰ কান্দোন লাহে লাহে বাঢ়ি আহিল। তাক মনে মনে থাকিবলৈ ক’লো। তাৰ কান্দোন বাঢ়িলহে। মোৰ নিজৰ মূৰটোকে খুন্দিয়াবলৈ মন গ’ল।
সি বাহিৰৰ পৰা দু্ৱাৰত ঢকিয়াই মা মা কৈ কান্দি আছে তথাপি ইমান সহজ দু্ৱাৰখন খুলি দিবলৈ তাৰ মনলৈ অহা নাই। ময়ো শেষত একো উপায় নাপায় দুৱাৰখন গাৰ জোৰেৰে থেলি দিছো ভাগে যদি ভাগক অন্ততঃ মুক্তি পাব লাগে। ইমান জোৰ দিওঁতেও দুৱাৰখন খোলা নাই। ইফালে ল’ৰাৰ কান্দোনে গগন ফালিছে। এবাৰত গাৰ জোৰ লগাই দুৱাৰখন ঠেলিলো কেৰেককৈ শব্দ এটা হৈ  দুৱাৰখন খুলিল যেনিবা কোনোমতে। হুকটো আধা ভাঙিল। বাথৰুমৰ দুৱাৰ বুলিহে। ঘৰৰ বেলেগ দুৱাৰ হোৱাহ’লেতো সাধ্য নাছিল খুলিবলৈ।
বাৰু যি হওক বাচিলো কোনোমতে। ওলাই লৈ লগে লগে কান্দি প্ৰায় অৰ্ধচেতন হোৱা ল’ৰাক তুলি ল’লো। তাৰ তেতিয়াহে উশাহটো ঘূৰি আহিছে। লগতে মোৰো। বহুত অভিজ্ঞতা হ’ল সেইঘটনাটোৰ পৰা। তাৰ পিছত বহুত সাবধান হ’লো। এতিয়া দুইটাৰ চাৰে তিনিবছৰ হ’ল। সেইদিনা ভয় খোৱাৰ পিছৰপৰা বাথৰুমত গ’লে তাক ৰুমৰপৰা আঁতৰাই থৈহে যাওঁ। অৱশ্যে সি ৰুমত থাকিলে মই তালৈ নোযোৱাই হ’লো। বেলেগ কোনোবা  লগত ৰুমত থাকিলেহে মই বাথৰুম যাওঁ। এতিয়া যেনিবা সেইবোৰ নকৰা হ’ল। তথাপি ভয়টো সোমাই গ’ল যি গ’লেই।
এইটো লটিঘটি হোৱাৰ পিছতে মোবাইলটো হাতৰ পৰা নেৰাই হ’লো। ল’ৰা ৰুমত থাকিলে মোবাইল লৈহে বাথৰুমলৈ যোৱা হ’লো।
☆ ★ ☆ ★ ☆

3 Comments

  • Anonymous

    ভাল লাগিল

    Reply
  • Ronjon Baruoh

    ভাল লাগিল পঢ়ি

    Reply
  • Barbie Punnag

    হে হে….মোৰ লৰাইও বাপেকক এবাৰ বাথৰুমৰ হুক মাৰি দিছিল,মই স্কুলত থকা সময়ত। পিছত কাষৰ ঘৰৰ ভাৰাতীয়াই শুনি মাহতক চিঞৰোতেহে ওপৰৰ পৰা মা আহি পুতেকক উদ্ধাৰ কৰিছিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *