ফটাঢোল

বিয়াৰ পিছৰ লটিঘটি – ভুপালী দেৱী

বিয়াৰ পিছতে মোৰ লগত কিছুমান আজব ঘটনা ঘটিছিল যিবোৰ আপোনালোকৰ আগত শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ ৷
(১) মই ছোৱালীজনী ( বিয়া হৈছোঁ যদিও ছোৱালীয়ে হৈ আছোঁ দেই) অলপ ঘুমে গাইৰা টাইপৰ মানে শুই অলপ বেছিয়ে ভাল  পাওঁ ৷ মোৰ বিয়া ফেব্ৰুৱাৰী মাহত হৈছিল, তেতিয়া ঠাণ্ডা প্ৰায় আছিলেই৷ দুপৰীয়া শাহুমায়ে বনোৱা ভাত বৰ তৃপ্তিৰে খাই কিবাকে মই বাচনবৰ্তনবোৰ ধুই লেপৰ তলত সোমাই মনতে ভাবিলোঁ  গধূলিৰ চাহ ময়েই বনাম ৷
“উঠা চাহ কাপ লোৱা৷ আমি গধূলিৰ চাহ একেলগেই খাওঁ”৷ মাৰ মাতত ঘকমককৈ সাৰ পাই ঘড়ীটোৰ পিনে চাই দেখিলোঁ ৭.৩০ বাজিছে ৷ নিলাজৰ দৰে দাঁত মুখ চেপি চাহকাপ লৈছিলোঁহে, সোমাল নহয় মানুহজনো ৰুমত..। তাৰপিছত মানুহজনে মোৰ পিনে যেনেকৈহে চালে। বৈদ্য লাজ পাইছিলোঁ বিদ্যা।
(২) এদিন পুৱা গা পা ধুই ভাবিলোঁ সদায় মায়ে মন্দিৰৰ কাম কৰে৷ আজি মই কৰিম। ভবামতেই মন্দিৰটো মচি চাকিগছি জ্বলাই পিছফালে ঘূৰি চাইয়েই যি বিকট চিঞৰ এটা মাৰিলোঁ ” মা মা বান্দৰ, মই কেনেকৈ যাওঁ। মোৰ পিনে দাঁত নিকটাই বহি আছে।”। মোৰ চিঞৰ শুনি মা দেউতা দুয়োটাই দৌৰি আহি মোৰ অৱস্থাটো দেখি হাঁহিব ধৰাতহে মনত পৰিল অ’ মইচোন এইখন ঘৰৰ নতুন বোৱাৰী এনেকৈ চিঞৰিব লাগেনে?? মায়ে বান্দৰটো খেদি দিয়াত নিজৰ জীৱনতকৈ লাজ ডাঙৰ নহয় বুলি ভাবি  তলমূৰকৈ ৰুমত সোমালোঁ ৷
(৩) মই মানে ৰন্ধাবঢ়াত সৰুৰে পৰা  বিৰাট এক্সপাৰ্ট আছিলোঁ৷ সেয়ে এদিন মায়ে বিলাহীৰ টক বনাব দিওঁতে মোৰ মূৰৰ ওপৰত বিলাহীবোৰে নৃত্য কৰি থকা যেন লাগিল৷ ভাগ্যে মানুহজনে আহি বনাই দিলে বুলিহে বাচিছিলোঁ।
(৪) বিয়াৰ পিছৰ প্ৰথম ভোগালী বিহু, এওঁ বৰ আগ্ৰহেৰে বজাৰ কৰি আনি কৈছে তুমি কেবল পোলাওখিনি বনাবা বাকী আমি বনাম। ময়ো হ’ব বুলি কৈ পাকঘৰত সোমালোঁ৷ পোলাওৰ কাৰণে কৰিব লগাখিনি কৰি কুকাৰৰ ঢাকোনখন মাৰি দিলোঁ। অকণমান পিছত কুকাৰৰ ঢাকোন গৈ চিলিং পালে ময়ো দৌৰি গৈ চোতাল পালোঁ৷ তাৰ পিছৰ খিনি আপোনালোকে  চাগে বুজি পাইছে কি হ’ব পাৰে৷ কিন্তু আজিলৈকে কুকাৰৰ ঢাকোনখন গৈ কেনেকৈ চিলিং পালে তাৰ ৰহস্য উৎঘাটন কৰিব কোনোৱে নোৱাৰিলে ৷
আজিলৈ এইখিনিয়ে। আৰু নকওঁ নহ’লে আপোনালোকে মোক একো নাজানো বুলি ভাবিব পাৰে। পিচে মই জনাত সকলো জানো দেই, সময়তহে খেলিমেলিখন লাগেগৈ।
☆ ★ ☆ ★ ☆

14 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *