এযোৰ ক’লা হাইহিল্ চেণ্ডেল- ৰিতা সোণোৱাল
মোৰ শৈশৱৰ ঘৰখন য’ত অৱস্থিত তাৰ ওচৰে-পাজৰে থকা মানুহবোৰ এসময়ত বৰ সহজ সৰল আছিল৷ আমাৰ ঘৰখন গাওঁ আৰু টাউনৰ মাজত পৰে৷ সৰুতে মনত আছে আঘোণ পুহ মহীয়া আমাৰ টাউনখনৰ মানুহবোৰ জাক পাতি ধান কাটিবলৈ গাঁৱলৈ গৈছিল৷ যিহেতু টাউনখন গাঁৱৰ পৰা নতুনকৈ উঠি অহা মানুহবোৰেই গঢ়ি তুলিছিল সেইবাবে টাউনৰ মানুহবোৰৰ নিজৰ গাঁওখনলৈ একপ্ৰকাৰৰ টান আছিল৷ মানুহবোৰে আঘোণ পুহ মাহৰ জাৰতো এন্ধাৰে-মুন্ধাৰে গাঁৱলৈ ধান কাটিবলৈ আহিছিল৷ যিহেতু আমাৰ ঘৰটো ৰাস্তাৰ একেবাৰে কাষতে আছিল, সেইবাবে আমি লেপৰ তলৰ পৰাই মানুহৰ কথা-বতৰা, হাঁহি -খিকিন্দালিবোৰ শুনি পাইছিলোঁ৷ টাউনৰ পৰা গাওঁবোৰ প্ৰায় পাঁচৰ পৰা পোন্ধৰ কিলোমিটাৰ মান আঁতৰত আছিল৷ প্ৰায়বোৰ মানুহেই খোজ কাঢ়ি নাইবা চাইকেল চলাই পথাৰলৈ গৈছিল৷ বিভিন্ন ধৰণৰ খোৱা বস্তু, ভাত, জলপান, ৰবাব টেঙা, কমলা টেঙা আদি বান্ধি নিয়া টোপোলাৰে তেওঁলোকৰ হাতবোৰ বন্দী হৈ গৈছিল৷ বাটটো পুৱাৰ সময়খিনিতে সদায় উৎসৱমুখৰ হৈ পৰিছিল৷
আনহাতে মাঘ, ফাগুনমহীয়া কথাবোৰ অলপ ওলোটা হৈ পৰে৷ আমাৰ গাওঁবোৰ, পথাৰবোৰ আছিল পাহাৰৰ ফালে৷ কিন্তু নদী অথবা খাল, বিলবোৰ পাবলৈ টাউনখন পাৰ হৈ যাব লগা হৈছিল৷ মাঘৰ বিহুৰ পাছতেই গাঁৱৰ মানুহবোৰে টাউনৰ কাষত থকা নদী আৰু খাল বিলবোৰলৈ মাছ ধৰিবলৈ যায়৷ সেই সময়ত খাল বিলবোৰত পানী প্ৰায় নাথাকেই৷ মানুহবোৰে দিনৰ দিনটো মাছ ধৰে আৰু খাবলৈ ভাত জলপান বান্ধি আনে৷ এই মানুহবোৰো কাহিলি কাহিলি পুৱাতে মাছ ধৰিবলৈ ওলাই আহে৷ তেওঁলোকেও আমাৰ ঘৰৰ কাষৰ ৰাস্তাটোৰেই মাছ ধৰিবলৈ যায়৷ মানুহবোৰে সাংঘাতিক খৰকৈ খোজ কাঢ়ি যায়৷ আমি কেতিয়াবা টিউচনলৈ গ’লে তেওঁলোকৰ পাছে পাছে গৈছিলোঁ৷ এই মাছ ধৰিবলৈ যোৱা মানুহবোৰ পুৰুষ মহিলা নিৰ্বিশেষে সকলো আছিল৷ প্ৰায়বোৰ মানুহেই হাতে হাতে ডাঙৰ চালনী আৰু জাল লৈ গৈছিল৷ কিছুমানে মূৰৰ ওপৰত কাপোৰৰ নুৰা এটা আটি আটি বান্ধে৷ তাৰ ওপৰত চালনীখন লয় আৰু চালনীৰ ওপৰত ভাতৰ টোপোলাটো থৈ হাতদুখন পুৰা একা বেঁকাকৈ আমি ব্যায়াম কৰাৰ ভংগীত মাৰি যায়৷
এদিন পুৱাই এনেকৈ গৈ থকা মানুহবোৰৰ পাছে পাছে মই আৰু লগৰজনীয়ে টিউচনলৈ বুলি গৈ আছিলোঁ৷ চকুত তেতিয়াও আমাৰ টোপনিৰ আৱেশ৷ তললৈ চাই গৈ আছোঁ৷ আমাৰ আগে আগে প্ৰায়বোৰ খালী ভৰি, এযোৰ দুযোৰ ক’ৰবাত চেণ্ডেল দেখা পাইছোঁ৷ এনেতে শুনিছোঁ এটা খট্ খট্ শব্দ৷ লগৰজনীয়ে মোক ঠেলিছে৷ তাই হাঁহি হাঁহি ক’ব নোৱাৰা হৈ মোৰ গাতে পৰি গ’ল৷ মই ভাবিছোঁ, “কি হ’ল, ময়ে কিবা উল্টা-পুল্টাকৈ পিন্ধি আহিলোঁ নেকি? ” কাৰণ এইবোৰত মোৰ তেতিয়া বহুত সুনাম আছিল৷ তাই হাঁহিছে আৰু হাঁহিছে৷ মই আগলৈ চালোঁ৷ আমাৰ সন্মুখত বয়সীয়াল মানুহ এজন গৈ আছে৷ মুৰত ডাঙৰ চালনী এখন৷ আঁঠুৰ মুৰলৈকে পৰা মলিয়ন চুৰীয়া, বগাৰ পৰা মুগা ৰঙলৈ গতি কৰা হাফ্ চাৰ্ট এটা পিন্ধি মানুহজন আৰামচে লগৰবোৰৰ লগত চন্দ মিলাই গৈ আছে৷ তেওঁ বয়সীয়াল যদিও চুৰীয়াৰ তলেৰে আটিল হৈ থকা কলাফুল দুটা ওলাই আছে৷ মোৰ চকু দুটা ক্ৰমান্বয়ে তললৈ নামি গ’ল৷ হাঁহৰ পতাহেন বহল দুখন ভৰি খামুচি, গতিত চন্দ মিলাই গৈ আছিল এযোৰ ক’লা হাইহিল্ চেণ্ডেল৷ মানে খুৰাজনে হাইহিল্ পিন্ধি মাছ ধৰিবলৈ আহিছিল৷ তেওঁৰ প্ৰকাণ্ড দেহাটোৱে হাইহিলৰ লহৰত তামাম কেবাৰে ডান্স কৰিছিল৷ আমি দুয়োজনীয়ে হাঁহি হাঁহি ঠাইতে ঠৰঙা লাগিলোঁ৷ হয়তো তেওঁৰ নিজৰ চেণ্ডেল নাছিল অথবা চিঙিছিল৷ কিন্তু তেওঁ যিটো আত্ম বিশ্বাসেৰে হাইহিল্ যোৰ পিন্ধি, কঁকাল ভাঙি ৰাস্তাত খোজ কাঢ়িছিল, আমাৰ আজিও মনত আছে৷ এতিয়াও মনত আছে এজন বয়সীয়াল মানুহৰ হাইহিলৰ খট্ খট্ শব্দ৷
☆ ★ ☆ ★ ☆
3:34 pm
ভাল লাগিল
3:53 pm
হাঃ হাঃ কৰবাৰ পৰা পোৱা আছিল ছাগে৷ ভাল লাগিল ৰীতা
4:46 pm
হাঃ হাঃ