ফটাঢোল

বিজয় চুপাৰ- জয়ন্ত গগৈ

শ’লগুৰি আলিয়েদি গ’লেই চকুত পৰে এখন বৃহৎ খেলপথাৰৰ সৈতে চেচাসত্ৰ একাডেমি হাইস্কুলখনি। আৰু এই স্কুলৰ বিপৰীতেই আলিৰ দাঁতিতে “পূৰ্ণিমা ফেব্ৰিকেচন”ৰ দোকানখনি গঢ় লৈ উঠিছে। এক পৰম আকাংক্ষিত সুবিধা আগবঢ়োৱাৰ বাবেই বৃহৎ অঞ্চলটিৰ ৰাইজে অশেষ কৃতজ্ঞতা জনাইছিল ইন্দ্ৰ কাইটিক। নহ’লে সেই সময়ত ফেব্ৰিকেচনৰ কিবাকিবি কাম থাকিলে এই অঞ্চলৰ ৰাইজ নগৰলৈ বুলি বাটকুৰি বাই যাব লগীয়াত পৰিছিল। এতিয়া গাঁৱতে সেই কাম কৰাৰ সুবিধা পাই সকলোৱে পৰম আনন্দিত। দুৱাৰ-খিৰিকী, গেট আদি লোৰ সামগ্ৰী ওচৰতে তৈয়াৰ কৰি ল’ব পৰা হৈছে। এনেও ইন্দ্ৰ কাইটি এক সৃজনশীল মনৰ লোক আছিল। ডিব্ৰুগড়ৰ  দৰে চহৰত কেইবাবছৰো থাকি ফেব্ৰিকেচনৰ কাম নিয়াৰিকৈ শিকি আহিছিল। অইল ইণ্ডিয়া, সাৰ-কাৰখানা, গেছ কোম্পানী, নেপকু আদিৰ দৰে উদ্যোগত বহুখিনি ফেব্ৰিকেচনৰ কাম কৰাৰ অভিজ্ঞতাও লৈ আহিছে। বিয়া কৰি ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহি একাডেমি হাইস্কুলৰ তিনিআলিৰ মূৰতে দোকানখন গঢ়ি লৈছিল। তেওঁৰ সৃজনশীলতাৰ বাবেই লো,ৰ’ড,টিন,তাঁৰ আদিৰে দেখনীয়াকৈ তৈয়াৰ কৰা চোফা ,চকী, আলনা, মুঢ়া, যঁতৰ , ফুলৰ টাব থ’বপৰা ফুলদানি আদিয়ে অঞ্চলটোৰ প্ৰায় মানুহৰ ঘৰতেই শুৱনি কৰিছিলগৈ। আনকি চহৰৰ পৰা অহা আলহীৰো সেই সামগ্ৰীবোৰ চকুত পৰি, চহৰলৈও বহুজনে লৈ গৈছিল। ইন্দ্ৰ কাইটিৰ সৃজনশীলতাৰে ভঙা-চিঙা বা পুৰণি কিবা লোৰ সামগ্ৰী পালে গঢ়ি-পিটি, জোৰা লগাই এক নতুন ৰূপ দিয়াত পাকৈত আছিল । অভাৱেই আৱিষ্কাৰৰ মূল বুলি কয় নহয় ! এইয়া যেন ইন্দ্ৰ কাইটিয়ে দেখুৱাই দিছে সকলোকে। পুৰণি “বিজয় চুপাৰ” স্কুটাৰ এখন আনি সেই মেচিনৰ দ্বাৰা বিল-খাল-পুখুৰীৰ পানী সিঁচিব পৰা মেচিন হিচাপে ব্যৱহাৰ কৰিলে। টুকুৰা-টুকুৰী পাইপ জোৰা লগাই দমকল এটা তৈয়াৰ কৰি পানী উলিয়াইও ৰাইজক আচৰিত কৰালে। সাৰনগৰীৰপৰা কম টকাতে পাই আৰু এখন “বিজয় চুপাৰ” স্কুটাৰ আনি ন-কৈ তৈয়াৰ কৰি ল’লে। স্কুটাৰৰ বাৰেৰহনীয়া ৰঙৰ সমাহাৰ, ককাইটিৰ কাবুলিৱালা পোচাক আৰু হিৰ’ মিথুন চক্ৰৱৰ্তীৰ দৰে ৰখা পিছফালৰ দীঘল চুলি-টাৰিৰে – ইন্দ্ৰ কাইটিক হিৰ’ যেনেই লাগিছিল সেইসময়ত। বিজয় চুপাৰখন নহ’লে ইন্দ্ৰ কাইটিয়ে কামৰ তাগিদাত ইফালে-সিফালে ঘূৰি ফুৰাই অসুবিধা হৈছিল । কামৰ অৰ্ডাৰো পাইছিল বহুত। যোৱা কেইদিনমানৰ পৰা স্কুটাৰ খনৰ বেমাৰ এটাই লগ নেৰা হৈছিল। শীতৰ ঠাণ্ডাৰ বাবেই হয়তো পূৱাবেলা ষ্টাৰ্ট হ’বলৈ অলপ সময় ল’বলৈ লৈছে। বহু সময় যুঁজ কৰিব লগীয়া হয়। কিক্ মাৰি মাৰি হাইৰাণ হৈ যায়। পুৰণি স্কুটাৰ । বজাৰত  ইতিমধ্যেই বন্ধ হৈ গৈছে। মেকানিক সম্বন্ধীয় বুদ্ধি অলপ আছে বাবেই উপায় এটা উলিয়াইছেগৈ । হয় কাৰোবাৰদ্বাৰা স্কুটাৰ ঠেলাব লাগিব , নহয় কোনো হেলনীয়া পথ বিচাৰি ক্লাটচ্ আৰু এষ্কেলেটৰ পকাই নিজেই স্কুটাৰ হেলনীয়া পথত জোৰেৰে ঠেলি নি ষ্টাৰ্ট হবলৈ দি এক্কেজাপে উঠি চলাব লাগিব। এই অসুবিধাক অতিকৈ সুবিধাজনক কৰি তুলিছিল চেচাসত্ৰ একাডেমি হাইস্কুললৈ বাটচ’ৰাৰ পৰা সোমাই যোৱা হেলনীয়া পকী পথটোৱেও ইন্দ্ৰ কাইটিক বহুত সকাহ দিছিল। বেলেগ কাৰোবাৰ কাৰণে অপেক্ষা কৰিবলগীয়া নহৈছিল। আজিও পূৱাবেলাতে এফালে জৰুৰী কামত যাবলগীয়া থকাৰ বাবে কাহিলি পুৱাতে বিচনাৰ পৰা উঠিয়েই স্কুললৈ সোমাই যোৱা পথেৰে স্কুটাৰ খন ঠেলিবলৈ সাজু হৈছিল। ” ঐ তোৰ কি ঠাণ্ডা নাই লগা নেকি ? লুঙি পিন্ধি সুদা গাৰে স্কুটাৰ ঠেলিবলৈ বিচাৰিছ যে ? ৰহ্ মই ঠেলি দিম।”- স্কুলৰ ফিল্ডত প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা জটিল ককাইদেউৰ মাততহে ইন্দ্ৰ কাইটিৰ সম্বিৎ আহিল যে কামৰ ট্ৰেনচনত কেৱল লুঙিখন মেৰিয়াই আহিল। মুখত এটি মিচিকিয়া হাঁহি লৈ ইন্দ্ৰ কাইটিয়ে ক’লে- ” এহ্ ,হ’ব পাৰিম ককাইদেউ । এবাৰ ঠেলিলেই ষ্টাৰ্ট হৈয়ে যাব। কিমান সময়নো ? ” এই বুলি স্কুটাৰৰ ক্লাটচ্ আৰু এষ্কেলেটৰ পকাই স্কুলৰ হেলনীয়া পথেৰে এঢলীয়া কৰি স্কুটাৰ খন হুৰ হুৰাই ঠেলি লৈ গ’ল। এইয়া ককাইটিৰ নিয়মমাফিক ৰুটিনেই হৈ পৰিছে। কাকনো সদায়ে খাটনি ধৰি থাকিব । হুৰ…হুৰাই…ঠেলি লৈ যোৱাৰ পিছত হঠাতে স্কুটাৰৰ ষ্টাৰ্ট হ’ল আৰু দুয়োখন ভৰি ভাঁজ কৰি এক্কেজাপে স্কুটাৰৰ চিটত বহি গিয়েৰ সলনি কৰি স্কুলৰ ফালে আগুৱাই গ’ল। গোটেই শৰীৰৰটোতে শীতৰ হিমচেচাঁ বতাহ এঁচাতি কোবাই যোৱাত ইন্দ্ৰ কাইটিৰ হুচঁ আহিল যে – শৰীৰৰ বল আৰু দৌৰৰ কোবত স্কুটাৰ আৰু মানুহটোহে আগুৱাই গ’ল ! স্কুটাৰত জাপমাৰি উঠোতেই স্কুটাৰৰ পিছফালৰ ক’ৰবাত জোটা-পোটা খাই লুঙিখন ষ্টাৰ্ট হোৱা ঠাইতে ৰৈ গ’ল ! দিগম্বৰ হৈ স্কুটাৰৰ ওপৰত উঠি যোৱা ইন্দ্ৰ কাইটিয়ে তৎক্ষণাত স্কুলৰ ফিল্ডতে স্কুটাৰ এৰি পিছে পিছে- : ঐ…ঐ…ঐ…বুলি চিঞৰি চিঞৰি লুঙিখন লৈ দৌৰি দৌৰি অহা জটিল ককাইদেউৰ ওচৰলৈ ইমান দ্ৰুতগতিৰে দৌৰিছিল , যেন সেয়া অলিম্পিকৰ ১০০ মিটাৰ ৰীলে দৌৰহে !
☆ ★ ☆ ★ ☆

One comment

  • Minati Mahanta

    জটিল আছিল বুলিহে , নহলে ইন্দ্ৰৰ ৰাজসভাত ( নোকোৱাই ভাল ) >>>> । জমালা দেই জয়ন্ত ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *