দ্যা জ’লী গাৰ্ল -পূজা তালুকদাৰ
“ঐ! তই এনেকৈ ঘৰলৈ গ’লে আণ্টিয়ে খং কৰিব! আজি মৃণালৰ ৰুমতেই থাকি যা।” বাৰৰপৰা মাতাল হৈ অহাৰ সময়ত ৰূপমে তাইক কৈছিল।
“ঐ গোৱালৈ যোৱাৰ বাম্পাৰ অফাৰ এটা আছে। আমাৰ পৰীক্ষাও শেষ যাবি নেকি?” ংএকে জাপে মৃণালৰ বাইকৰপৰা নামি “যাম যাম” বুলি চিঞৰি উঠিছিল তাই।
“মই ঘৰত সুধিব লাগিব।” মৃণালৰ সেমেকা উত্তৰত হাঁহি মাৰি তাই ক’লে, “আৰে, ই কি ছোৱালী টাইপ অ’! ইমান ডাঙৰ হ’ল এতিয়াও ঘৰৰ কথামতে উঠা বহা কৰে! আমাক চা না ভাই। বিন্দাছ! খাও পিও মস্তি কৰো।”
“আজি একদম গা বেয়া অ’! তহঁতে মেনেজ কৰি ল আজি। বুজ না। এনেও আজি Saturday, বেছি জুনিয়ৰ নাহে। অ’কে তহঁতৰপৰা একদম উপায় নাই, মই নহ’লে সামান্য ৰেগিংটোও তহঁতে চলাব নোৱাৰ!”
” বিক’জ ইউ আৰ আৱাৰ জ’লী গাৰ্ল…”
ফোনৰ সিটো মূৰৰপৰা বহুকেইজন ল’ৰাৰ চিঞৰ ভাহি আহিল…
“তুমি চিগাৰেট খোৱা?”
“অঃ কিয় খাবি নেকি তয়ো?”
“নাই নাই! ঘৰত গালি পাৰিব!”
“বাচ্ছা হৈ আছ ৰে তহঁত। মই চিগাৰেট, মদ যি খাওঁ ঘৰত কোনো প্ৰব্লেম নাই!”
“হেই Guys! নিউ ড্ৰেছ! কেনে লাগিছে মোক?”
“চুলিখিনি ওপৰত গাঠিবি এক্কেবাৰে আইটেম গার্ল যেন লাগিব।”
সেইখিনি সময়ত তাই ধ্বংস হৈছিল।
তাই নহ’লে তাইৰ গেংটো নচলে। তাইৰ হাঁহি, তাইৰ চিঞৰ, তাইৰ স্পৰ্শ অবিহনে সিহঁত আধৰুৱা।
“মৃণাল তোৰ লগত এটা কথা আছে, পাৰ্চনেল। প্লিজ লগ কৰ।”
“অ’কে মই গৈ আছোঁ।”
“মৃণাল! ঘৰত মোৰ বিয়াৰ কথা ওলাইছে…”
“হাৰে কি কৱ! তোৰ বিয়া? কেতিয়া? আমাক মাতিবিনে? বাদ দে নামাতিলেও যাম। আৰু ইহঁতক কৈছ নে নাই? ৰহ মই জনাই দিওঁ!”
” Shut up মৃণাল! মোৰ বিয়া আৰু তই স্ফুৰ্তি পাইছ?”
“উৱা, আমাৰ জ’লী গাৰ্লৰ বিয়া, আৰু মই সুখী নহ’ম?”
“মই তোক ভাল পাওঁ মৃণাল! ক, তই বিয়া কৰাবিনে মোক?”
“কি ক’লি তই? মোক ভাল পাৱ? হাঃহাঃহাঃহাঃ। As a friend তই অ’কে আছিলি। But বিয়া…. !”
আঁতৰি গৈছিল সি।
সংযমতা, সততা নিজে বজাই ৰখা কথা। নিজক ৰাজহুৱা কৰাৰ আগত এবাৰ ভবা উচিত, ৰাজহুৱা বস্তু সকলোৱে ব্যৱহাৰ কৰে কিন্তু কোনেও নিজৰ নকৰে।
” নাই মই এতিয়াই বিয়া নহওঁ।” ঘৰত নিজৰ দৃঢ় সিদ্ধান্ত জনাই দিছিল তাই। লগৰবোৰকো।
৫ বছৰ পিছত,
কোনোবাজনে যদি ক’ৰবাত ফুৰিবলৈ গৈছে, কোনোবাজনে ল’ৰাৰ অসুখৰ কাৰণে মেদিকেললৈ গৈছে!
তাইৰ বাবে কোনো নৰ’ল! নিজৰ নিজৰ জীৱনত সকলোৱে গতি ল’লে। তাই এতিয়া কাৰোবাৰ পেহী, কাৰোবাৰ জেঠী।
নামটো ও সলনি হৈ “জ’লী গাৰ্ল” ৰ পৰা “জ’লী পেহী” হ’ল।
☆ ★ ☆ ★ ☆
7:44 am
এটি সুন্দৰ লেখনিৰে আলোচনীখন সমৃদ্ধ কৰি তোলাৰ বাবে অশেষ ধন্যবাদ জনাইছো
9:58 am
বহুত ভাল লাগিল