ফটাঢোল

ৰেখাৰ লটি-ঘটি – অনামিকা বড়া

বিক্ৰমৰ মাক মানে ৰেখাই ফোনটো হাতত লৈয়েই মালতীৰ ওচৰ পালেহি। দুয়োখন ঘৰৰ মাজত মাত্ৰ নতুনকৈ খোলা ব্যক্তিগত খণ্ডৰ বিদ্যালয়খন। সম্বন্ধত মালতী ৰেখাৰ ভাইবোৱাৰীয়েক। বংশৰ হোৱাৰ  লগতে চুবুৰীয়াও দুয়োঘৰ। অৱশ্যে ৰেখাহঁতৰ ধন-ধানৰ তুলনাত মালতীহঁতৰ পৰিয়ালটো কোনোমতে পেটে-ভাতে খাই থকাহে। ইফালে নতুনকৈ ধনী হোৱা মানুহৰ কথাতো ক’বই নালাগে। সকলো বৈশিষ্টই যেন ৰেখাৰ ওচৰত আছে। হওঁতে ডাঙৰ চাকৰি কৰিছিল ৰেখাই, এতিয়া ৰিটায়াৰ হ’ল। চাকৰি কৰি থকাৰ সময়ত কোনোদিন দৰমহা সংক্ৰান্তীয় কথাত ‘আছে’ শব্দটো কৈ নাপালে। কিজানি কোনোবাই বিচাৰি দিয়ে। এইবোৰত মিছা কথা চলি যায় আৰু। সেইবাবে মুখত ‘নাই’, ‘নায়েই হোৱা পাই’, ‘চলিবলৈকে টান’ জাতীয় কথাবোৰ জিভাৰ আগতে থাকে। তাকো অভিনয় কৰাতো এনে ওস্তাদ যে মানুহে প্ৰশংসা কৰিবলৈহে বাকী। সকলোৰে এনে বিৰল প্ৰতিভাবোৰ নাথাকেতো। সমাজখনত নিজকে মহান সজাই থোৱাটো তেখেত যি নিপুণ, মানুহে পাত্তাই নাপায় তেখেতৰ অন্তৰ্নিহিত উদ্দেশ্যবোৰ কি। ভাইবোৱাৰীয়েক মালতী গাঁৱৰ পৰা অহা হোজা, সৰল হ’লেও লাহে লাহে অলপ জনা বুজা হৈছে কথাবোৰ। বিক্ৰমৰ মাকৰ প্ৰতিভাৰ কথাও একেবাৰে ধৰা নেপেলোৱাকৈ থকা নাই। টকা পইচাৰ কাৰণে মানুহ কেনেকৈ সলনি হৈ যাব পাৰে আচৰিত হয় মালতী ভাবি ভাবি। মুখেৰে একো নকয়।
হাতত ফোনটো লৈ বৰ খৰখেদাকৈ সোমাই অহা ৰেখা বাইদেউক দেখি মালতী তাঁতশালৰ পৰা উঠি গৈ টুল এখন আগবঢ়াই দিলে।
ৰেখাই সুধিলে, “মায়ে ফোন কৰিছিলনিকি অ’, আজি?”
অলপ আচৰিত হৈ মালতীয়ে ক’লে, “নাই কৰাতো বাইদেউ, কিবা আছিল নেকি। “
“তিনিচুকীয়াৰ পৰা আলহী আহিছে হেনো তহঁতৰ তালৈ, মায়েৰে আকৌ আমাৰ ঘৰলৈ পঠিয়ায় বোলে। এনেকৈ হঠাতে চাৰিটা মানুহক থকাৰ ব্যৱস্থা কৰাটো কি মুখৰ কথা।” পিছলৈ ৰেখাৰ কথাষাৰত অলপ অসন্তুষ্টি আৰু খঙৰ প্ৰভাৱ ফুটি উঠিল। মালতীয়ে মন নকৰাকৈ নাথাকিল। ইফালে চতুৰ ৰেখাই কথাটো ধৰিব পাৰি কথাৰ সুৰ পতককৈ সলাই মিহিকৈ কৈ উঠিল, “হওঁতে একো নাছিল। মই বেয়া নাপাওঁ মানুহ আহিলে, কি বা দৰকাৰত আহিছে, সহায় কৰিব পাৰিলে ভালেই। আমাকে সহায় নিবিচাৰি বাৰু কাকনো বিচাৰিব। (শেষৰশাৰীত ফুটনি এটা দি দিছে লাহেকৈ যেনিবা) কিন্তু ইয়াৰ কথাই জানই নহয়।”
মালতীয়ে মাত দিলে এইবাৰ, “বিক্ৰমৰ কথাই কোৱা নাই জানো, তাৰ দিগদাৰ হয় বাৰু, ইমান ৰাতি আহি পাইহি কামৰ পৰা… ” মালতীৰ কথা শেষ হ’বলৈকে নিদি ৰেখাই একে সুৰতে কৈ যোৱাৰ সুযোগটো ল’লে, “অ,দিনটো কিমান যে মন্ত্ৰী, বিধায়কক লগ কৰিবলৈ দৌৰি ফুৰিব লগা হয়, সিহে জানে। ঠিকাদাৰ কৰাটো ইমান সহজ নহয়। তাতে ইয়াৰ আকৌ কামবোৰ বৰ ভাল। ৰাতি বিয়লি আহি টি ভিটো নাচালে তাৰ টোপনিয়েই নাহে দেখি ময়ো একো নকওঁ, সেইকণ সময়েই যি পায় জিৰণি। এতিয়া হঠাতে আলহীখিনি গুচি আহিলে তাৰ অশান্তি নহ’বনে ক’চোন।”
মালতীয়ে সামান্য সঁহাৰি দি থ’লে। ৰেখাই আকৌ ক’লে, “সেইটোও যেনিবা কিবাকৈ মেনেজ হ’ব, পিছে মন্দিৰাও মাকৰ ঘৰৰ পৰা কাইলৈহে পাবহি। মণিজনীকো মাকে আজি লৈ গ’ল। তাই নাথাকিলে বাৰীয়ে, চোতালে, কাঁহীয়ে, বাতিয়ে গোটেই সোপাকে মোৰ মূৰতেচোন। এনেকৈ আলহী ৰাখিবলৈ অশান্তি হয় নে নহয় ক’চোন।”
“নোহোৱা নহয় কথাটো, তাতে ইমান হঠাতে আৰু কষ্টকৰ।” – মালতীয়ে ভিতৰৰ পৰা তামোলৰ বঁটাটো আনিবলৈ গ’ল।
ৰেখাই ভাবিলে, হোজী মালতীজনীক অঁকৰা বনাব পাৰিলোঁ নিশ্চয়। এতিয়া চিন্তা নাই। অলপ আৱেগৰ অভিনয় ঢালি দি আলহী নহাটো ফাইনেল কৰিবই লাগিব। মালতী ওলাই অহাৰ লগে লগে ৰেখাই ক’লে, “তই আক’ মাৰক নক’বি বুইছ, মায়ে ভুল বুজিবও পাৰে। কিমান আশাৰে কথাষাৰ সুধিলে, মই এতিয়া না ক’বলৈকো বেয়া পাইছোঁ নহয়। হাজাৰ হ’লেও আমাৰ আছে দেখিহে কৈছে। আহিলেও আহক, তই ভাতকেইটাতে লাগি দিবিগৈ মোৰ লগত। সেইটো ক’বলৈহে আহিছিলোঁ মই।” মালতীয়ে তামোল গুচাই গুচায়ে ক’লে, “এ, নালাগে বাইদেউ, মই কামততো লাগি আপুনি নক’লেও লাগি দিলোহেঁতেন। কিন্তু বিক্ৰমেও গম নোপোৱাকৈ থকাকৈ আলহী আনিলে কি বা কৰে ঠিক নাই, যদি তেওঁলোক আহে আমাৰ ঘৰতেই থাকিবলৈ ক’ম। সোণ আৰু ধুন আপোনালোকৰ তাতে শুবগৈ। “ৰেখাৰ অন্তৰখন একদম যুদ্ধজয়ৰ প্ৰাপ্তিৰ দৰেই নাচিবলৈ ধৰিলে। সযতনে সেয়াই প্ৰকাশ নকৰি মাথোঁ ক’লে, “পাৰিবি জানো! তোৰো কষ্ট হ’ব নিকি.. !”
“নহয় বাইদেউ, আপুনি চিন্তা নকৰিব। তামোল খাওকচোন”
তামোল এখন হাতত লৈ ৰেখাই “বাৰু দে তেন্তে, ইহঁত দুটাক পঠাই দিবি, ভাত তাতে খাব দে, সিহঁতলৈ ভাত নালাগে বনাব।” বুলি কৈ ঘৰলৈ খোজ ল’লে।
আলহীৰ ধুমুহাৰ পৰা নিজকে বচোৱাৰ সুখত সৰু পোৱালি দুটাক ভাত খুওৱাক লৈ চিন্তা কৰা নাই ৰেখাই।
ৰেখা যোৱাৰ পিছতে মালতীয়ে মাকক ফোনালে, “মা, তই বাইদেউলৈ নোসোধা নেমেলাকৈ কিয় ফোন কৰি দিয়? আলহীক ইয়ালৈকে পঠিয়াবি, আমাৰ ঘৰতে থাকিব। তাত বাইদেউৰ কষ্ট হ’ব। বোৱাৰীয়েক, কাম কৰাজনী কোনোৱেই নাই আজি।”
মাকে “কিন্তু ৰচোন.. “বুলি ক’বলৈ লওঁতেই মালতীয়ে “হ’ব, বেলেগ কথা বাদ দে, মুঠতে মই যিটো কৈছোঁ সেইমতে কৰ” বুলি ফোনটো কাটি দিলে।
সেইখিনিলৈকে ঠিকেই আছিল। আলহী আহিল, থাকিল আৰু পুৱালৈ গ’লগৈ। আলহী যোৱাৰ পিছতে সোণ আৰু ধুনে স্কুললৈ বুলি ওলাইছে। তেনেতে দৌৰি দৌৰি বিক্ৰম আহিছে, পদূলিমুখৰ পৰাই মামীয়েকক চিঞঁৰিলে, “মামী, অ’ মামী, বৰুৱাদাহঁত আছেনে?” মালতী ওলাই আহিল। “অলপ আগত গৈছে, পিছে ৰ’বাচোন, আমাৰ ঘৰলৈ আলহী আহিছিল বুলি কেনেকৈ গ’ম পালানো? বাইদেৱে ক’লে হ’বলা”, বিক্ৰম আচৰিত হোৱাৰ পাল। “মায়ে? মায়ে গম পায় নিকি তেওঁলোক অহাৰ কথা?” মালতীয়ে থতমত খালে। ই আকৌ কি কথা কয়। মাকেও কোৱা নাই, মাকে গম পায় বুলিও সি নাজানে, অথচ সি বৰুৱাদাহঁতক বিচাৰি আহিছে। মালতীৰ মগজুৱে কথাবোৰৰ আঁত পোৱা নাই। “মামী নকয় কিয়, মায়ে মানে তেওঁলোক অহাৰ কথা গম পায়? অথচ মোক আপোনালোক কোনেও এবাৰো কোৱা নাই!” মামীয়েকে কিবা উত্তৰ দিয়াৰ আগতেই বিক্ৰম ঘৰ গৈ মাকক ক’লেগৈ, “মা, তই মামীহঁতৰ ঘৰলৈ আলহী অহাৰ কথা জানিছিলি? “
“অ’, তোক কোৱাই নাই নহয়, কিমান বুধি কৰি নথকাটো কৰিছোঁ কি বুজিবি। নহ’লে আমাৰ ঘৰতে থাকিলহেঁতেন।” নিজকে একদম সুনিপুণ খেলুৱৈৰ দৰে লুক এটা দি পানীৰ টেপটো বন্ধ কৰি বিক্ৰমলৈ চাই দেখে মূৰে কপালে হাত দি ল’ৰাটো চকীখনতে বহি পৰিল। “কি হ’ল আকৌ তোৰ? “
“ইমান ভাল সুযোগটো হাততে পায়ো হেৰুৱালোঁ, শেষ কৰি দিলি তই”
“মানে হ’ল কি? “
“বৰুৱাদাহঁত কোন আছিল জাননে? মই দলংখনৰ ঠিকাৰ কাৰণে যিজন মন্ত্ৰীৰ ওচৰলৈ গৈ আছোঁ, তাঁত-বাতি কৰি আছোঁ, সেইজনৰে হ’বলগীয়া জোঁৱায়েকৰ খুৰায়েক। মই কালি ৰাতি খবৰ পালোঁ যে তেওঁলোক আমাৰ ঠাইতে আছেহি। কিন্তু ক’ত আছে বহুত খবৰ কৰিও নাজানিলোঁ।”
“তাৰ পিছত গম কেনেকৈ পালি?”
“তেওঁলোকৰ ফটো এখন লগৰ এটাই দিছিল ম’বাইলত, ৰাতিপুৱা সেইখন উলিয়াওঁতে ধুনে দেখি মোক ক’লে এই মানুহজন কালি সিহঁতৰ ঘৰত থাকিল। তেতিয়াহে লগে-লগে গৈছোঁ ধুনৰ পিছে পিছে সিহঁতৰ ঘৰলৈ।”
“লগ পালিনে?”, মাকে সুধিলে।
বিক্ৰমে “নাপালোঁগৈ” বুলি হুমুনিয়াহ কাঢ়িলে।
বিক্ৰমৰ মাকহে ঠাইতে থৰ লাগি ৰ’ল। অলপ দেৰি আগলৈকে নিজৰে চতুৰতাত ফুলি থকা মানুহজনী একেবাৰে ভিজা মেকুৰীৰ দৰে হৈ পৰিল।
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *