ফটাঢোল

ৰিয়াৰভিউ- প্ৰীতম

সেই চাৰি বজাতে ভাতগাল গিলি চকটোলৈ বুলি ওলাই আহিছিলো, কলেজৰ পুৰণা লগ দুটামানক লগ পাই আড্ডা দিওঁতে কেতিয়ানো সন্ধিয়া নামি আন্ধাৰ হ’ল গমকে নাপালো। গোটেইমখাক বিদায় দি যেতিয়া ৰাস্তাত ভৰি থওঁ তেতিয়া নিশা আঠমান বাজিছে। মানুহ-দুনুহ সেৰেঙা। বেচ কুঁৱলী পৰিছে এইকেইদিন, এক-ডেৰমিটাৰ দূৰত কি আছে মণিব নোৱাৰি। মাজে মাজে কুঁৱলী ফালি দুই-এখন গাড়ী বা মটৰচাইকেল পাৰ হৈ যায়। চকটোৰপৰা আমাৰ ঘৰলৈ খোজ কাঢ়ি গ’লে আধাঘণ্টাৰ বাট, মটৰ-চাইকেলত পোন্ধৰ মিনিটতকৈ বেছি নালাগে।
“কে@$” – ৰাস্তাৰ শিল এটাত উজুতি খাই অসমীয়া শক্তিবাচক মাতষাৰ ওলাই আহিল, “ৰাস্তা বনাইছে ঠিকাদাৰে, এইবাৰ আহিলে ফৰ্মুটিয়াই তাৰ ….. (শৰীৰৰ অংগ-প্ৰত্যংগ) ভাঙিম।”
আকৌ লাহে লাহে খোজ আগবঢ়ালো। এনেতে ঘ্যেচ কৈ ব্ৰেক কৰি বাইক এখন কাষতে ৰ’লহি। ফুলমাস্ক হেলমেট পিন্ধি থাকিলেও আৰোহীক চিনি পালো, কলেজত আমাতকৈ দুবছৰ জুনিয়ৰ আছিল। শুনিছোঁ যোৱাবছৰ কম্পিউটাৰ চায়েন্সত মাষ্টাৰ্ছ কৰি নিজাকৈ কিবা এটা ইনষ্টিটিউড খুলিছে।
“দাদা ঘৰলৈ যাব হ’বলা? বহক, আপোনাক বাটত নমাই থৈ যাম।”
বহিলো। প্ৰথম একমিনিটমান নীৰৱতা। নীৰৱতা ভাঙি মই লাহেকৈ সুধিলো তাক, “ইনষ্টিটিউডৰপৰা আহি আছা নে?”
“ইনষ্টিটিউড বন্ধ কৰিলো দাদা।” – সেমেকা মাতেৰে সি ক’লে।
“কিয়?” – আচৰিত হৈ প্ৰশ্ন কৰিলো।
“কম্পিউটাৰ শিক্ষাক অসমত কেতিয়াও গুৰুত্ব দিয়া হোৱা নাই দাদা। সেইকাৰণেই চাগে বাহিৰৰ দেশবোৰৰ ল’ৰাই যি বয়সত নিজাকৈ বায়’মেটিক্স ছফটৱেৰ ডেভেলপ কৰিব পৰা হয় সেইবয়সত আমাৰ ইয়াৰ ল’ৰাবিলাকে মাইক্ৰছফ্ট ৱৰ্ড অফিচত বায়’ডাটা বনাবলৈ শিকিবলৈহে আৰম্ভ কৰে।” তীব্ৰ হতাশাৰে সি কৈ গ’ল, “এটা কথা মন কৰিব দাদা, কম্পিউটাৰ শিকিবলৈ আগ্ৰহী ল’ৰা-ছোৱালীৰ অসমত অভাৱ নাছিল, এতিয়াও নাই, অভাৱ মাথো সীমিত খৰচত ভাল কোৱালিটি ইডুকেশ্বন দিব পৰা ইনষ্টিটিউডৰ। লোকেল কম্পিউটাৰ চেণ্টাৰবোৰৰ পালমৰা মান্ধাতা যুগৰ ষ্টাডি মেটেৰিয়াল আৰু কোৰ্চ দেখি বেয়া লাগে, সেইকাৰণেই মাল্টিনেচনেল ক’ম্পেনীত ছিষ্টেম ইঞ্জিনিয়াৰৰ চাকৰি এৰি থৈ আহি ইয়াত ইনষ্টিটিউড খুলিছিলো দাদা। ভাবিছিলো কম খৰচতে আগ্ৰহী ল’ৰাবোৰক বেছিক প্ৰগামিং লেংগুৱেজখিনি শিকাম। পইছাৰ আশাত বেপাৰ পতা নাছিলো ইয়াত, ইয়াত ইনষ্টিটিউড নুখুলি চাকৰি কৰি থাকিলেও মাহে অন্তত ৩০-৩৫ হেজাৰকৈ দৰমহা পাই থাকিলোহেঁতেন।”
সন্মুখৰপৰা অহা গাড়ীখনৰ পোহৰ চকুত লাগিছিল, সেইখন পাৰ হৈ যাবলৈকে সি বাইকখন সামান্য শ্লো কৰি দিলে। উশাহটো সলাই আকৌ লাহে লাহে সি আৰম্ভ কৰিলে, “পাছে নাই, আজি বোলে অমুক পূজা, কাইলৈ বোলে তমুক উৎসৱ, তাৰ পাছদিনা বোলে ভুচুক সন্থাৰ বাৰ্ষিক অধিৱেশন …. চান্দা, চান্দা আৰু চান্দা । চাল্লা ইনকাম হয় কেইটকা? তাতে এশ টকাৰ কামত যদি চান্দাৰ নামতেই ৭০-৮০ টকা যায় তেন্তে সেইঠাইত কোনে কাম কৰিব? কিয় কৰিব? আৰু নেক্সট কাম কৰিব কোনোবা আহিবই বা কিয়?”
এইখিনিত ৰাস্তাতো ভঙা, ব্ৰেক কৰাৰ সুযোগেই নাপালে সি। এটা প্ৰচণ্ড ঠেকেচা খালো। ৰাস্তাৰ কাম কৰা অজ্ঞাত ঠিকাদাৰজনলৈ বুলি পুনৰবাৰ গালি এষাৰ প্ৰয়োগ কৰিবলৈ মুখ মেলোতেই তাৰ মাতষাৰ কাণত পৰিল, “অগত্যা ঠিকাদাৰজাতীয় কোনোবাই চান্দাৰ নামত পইছা দিব লাগিলেও নিজৰ পকেটৰ পৰা নিদিয়ে, লাগিলে তেওঁ ১০০ টকাৰ টেণ্ডাৰ মাৰি ৮০ টকাৰ কাম কৰি ২০ টকা চান্দা দিব, ফলত অঞ্চলটোৰ শতকৰা উন্নয়ন ২০% কমি যাব। কথাবিলাক আটায়ে সোনকালে বুজিলে ভাল, নুবুজিলে কাল।”
ৰাতিৰ আন্ধাৰতো ৰিয়াৰভিউত তাৰ ক্ষোভ ভৰা মুখখন জিলিকি উঠা অনুমান কৰিলো। অথনিতে মতা বেয়া মাতষাৰ যেন এইবাৰ মোৰ নাক-কাণেৰেহে ভিতৰলৈ সোমাই গ’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *