মাটি পানীৰ বিলৈ-অভিজিৎ গোস্বামী
মাটি পানী লোৱা মানে বহুতে হয়তো নুবুজিব পাৰে, আগৰ দিনত চাবোন যিহেতু সহজলভ্য নাছিল, গতিকে অসমীয়া সমাজত শৌচ প্ৰেছাৱ কৰাৰ পাছত নিকা হ’বৰ বাবে হাতত মাটি ঘঁহি, পানীৰে ধুই, হাত ভৰি নিকা কৰাৰ নিয়ম আছিল আৰু এই নিয়মটো সহজ ভাষাত মাটি পানী লোৱা বুলি জনা গৈছিল।
ঘটনাৰ নায়ক আমাৰ ঘৰৰে ওচৰৰ ককাইদেউ এজন।মানুহজনৰ বয়স প্ৰায় তিনিকুৰি মানহে হৈছে, কিন্তু তেখেত এজন ধৰ্মপ্ৰাণ আৰু সদায় নিয়ম নীতি মানি চলা লোক। সাধাৰণ উদাহৰণ হিচাপে ক’ব পাৰোঁ, তেখেতে আজিৰ দিনলৈ চাগে পুৱা গধূলিৰ ভাতসাজ ডাইনিং টেবুলত খাই পোৱা নাই, তেখেতে সদায় মজিয়াত বহিহে খায়। এবাৰ গুৱাহাটীৰ পৰিয়ালৰ মানুহ এঘৰৰ হাউচিংৰ ফ্লেটত গৈ ডাইনিং টেবুল খোলাই মজিয়াত বহি ভাত খাইহে শান্তি পাইছে। তেখেতে অসমৰ বাহিৰলৈ ফুৰিবলৈ যাওঁতেও প্ৰায় পোন্ধৰ-বিছ দিন ভাত নোখোৱাকৈ, ৰুটি বা বেলেগ ধৰণৰ আহাৰ খাই ঘূৰি আহিছে। তেখেতে আজিৰ দিনতো শৌচ কৰাৰ পাছত মাটি পানীহে লৈ নিজকে শুদ্ধিকৰণ কৰি ভাল পায়। গতিকে এনেদৰে ফুৰিবলৈ বা চিকিৎসাৰ বাবে ঘৰৰ বাহিৰলৈ যাওঁতে তেখেতে প্ৰায়ে বেগত এটা ডাঙৰ মাটিৰ লদা লৈ যায়। যিহেতু আজিৰ দিনত সকলো ঠাইতে গৈ মাটিৰ লদা বিচাৰি ফুৰাটো কঠিন। ইয়াৰ পাছত এটা বিশেষ কাহিনী আছে মই সেইতো শেষৰ ফালে আপোনালোকক জনাম বাৰু। এনেদৰে বেগত মাটি লৈ গৈ, কেইবাবাৰো বিমান বন্দৰত নিৰাপত্তা বাহিনীৰ ওচৰত বেগ খুলি দেখুৱাই ভঙা হিন্দীৰে প্ৰশ্নৰ উত্তৰ দিয়াৰ অভিজ্ঞতা আছে তেখেতৰ। কিন্তু সেইবোৰ অসুবিধা লৈ তেখেত মূৰ ঘমোৱা মানুহ নহয়।
এতিয়া আহোঁ তেখেতৰ মাটি বেগত লৈ ঘূৰি ফুৰাৰ পাছৰ কাহিনী ভাগলৈ। এবাৰ আমাৰ ঘৰৰ ওচৰৰ প্ৰায় পয়ত্ৰিছজনমান মানুহ অসম চৰকাৰৰ ধৰ্মজ্যোতি আচনিৰ অধীনত নামনি অসমৰ তীৰ্থস্থানসমূহ দৰ্শন কৰিবলৈ গৈছিল সেই দলতে আমাৰ এই ককাইদেউ গৈছিল। ইয়াৰ পৰা গৈ প্ৰথম নিশা তেওঁলোক গুৱাহাটিৰ বশিষ্ঠ মন্দিৰত থকা ধৰমশালাত ৰাতি যাপন কৰিছিল। পিছদিনা পুৱাই তেখেত উঠি নিত্যকৰ্ম কৰি মাটি পানী ল’বলৈ বশিষ্ঠ মন্দিৰৰ ওচৰতে থকা নদীখনত শুকান মাটি বিচাৰি ফুৰিছিল। কিন্তু সকলোফালে বালিৰে ভৰি থকাৰ বাবে সহজতে পোৱা নাছিল। বহুপৰ বিচৰাৰ পাছতহে, অলপমান শুকান যেন মাটি এচপৰা দেখি ভালদৰে ঘঁহি পিহি ধুই থাকোতেই অলপ ভেকেটা ভেকেট গোন্ধ পাই, ভালদৰে চাই দেখে যে তেখেতে হাতত ঘঁহি থকা বস্তুটো মাটি নহয় মানুহৰ শুকান মলহে।
সেই দিন ধৰি তেখেতৰ মনত এনেকুৱা ঘিণ ভাব সোমাল যে, বেগত ৰঙা মাটি এচপৰা লৈহে ফুৰিবলৈ যায়। পৰিস্থিতি যিয়ে নহওক কিয় বেগত মাটিৰ লদা থাকিবই।
☆ ★ ☆ ★ ☆
12:55 pm
ছিঃ, ভাল বিলৈখন হ’ল।
1:05 pm
বাইদেউ তেওঁৰ কাহিনী বহুত, ধূতি নিতী বহুত বেছি কাৰণে বহুবাৰ বিপদত পৰিছে।
1:31 pm
এই মাটি পানীৰ কথাটো মনত পেলোৱাত মোৰ কিবা অৰিহনা আছে নেকি বাৰু বন্ধুবৰ ? বাকী তোমাৰ কাহিনী তামাম । ছিঃ ছিঃ । ভগৱানৰ কৃপাদৃষ্টিয়ে পৰিল ।
2:24 pm
নাই হে, এইটো মাৰ্চৰ প্ৰথম সপ্তাহত ঘৰলৈ যাওঁতে দেউতাৰ লগত কথা পাতি থাকোতে ওলাইছিল। মানুহজন তুমি চিনি পাবও পাৰা।
11:18 pm
ধেই! তেনেকুৱাহে বিলৈ হ’লনে?