দুটা কণমানি গল্প : আদিত্যজ্যোতি বৰঠাকুৰ
ৰমণী ‘চেল্ফড এম্পলয়ড’৷ বুদ্ধিত বৃহস্পতি, অতি সিয়ান ৰমণীৰ কামৰ অভাৱ নাই৷ পঢ়া শুনাৰ ক্ষেত্ৰত বৰ বেছি মাথা মাৰি ভাল চাকৰি বাকৰি এটা কৰাৰ ধাণ্ডাত নথকা ৰমণীৰ আৰ্থিক অৱস্থা আন দহটা ডেকা ল’ৰাতকৈ ভাল৷ তাৰ বাবে উপাৰ্জনটোৱেই মূল কথা৷
এইহেন বিহুৱে তালৈ লৈ অনা উপাৰ্জনৰ সুবৰ্ণ সুযোগ সি হেৰুৱাব নোৱাৰে৷ এইবেলি বিহুত গাঁৱৰ ল’ৰা ছোৱালী এজাক গোটাই চহৰত হুঁচৰি মৰাৰ পৰিকল্পনা ৰমণীৰ৷ চহৰৰ নিৰ্বাচিত কিছুলোকৰ ঘৰলৈহে হুঁচৰিৰ দল লৈ যাব ৰমণীয়ে৷ হুঁচৰিৰ দলৰ প্ৰস্তুতি তুংগত…ৰমণীয়েও নিজৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ তাৰ নিৰ্বাচনত উঠা মানুহৰ ঘৰে ঘৰে ৰমণীয়ে হুঁচৰিৰ দল লৈ যাব বুলি চিঠি প্ৰেৰণ কৰিছে….হুঁচৰি দলৰ মাননী ‘ফিক্সড’৷
এইবোৰ অংকত ৰমণী ভাল৷
চহৰখনৰ আঢ্যৱন্ত মানুহৰ তালিকাত চলিহাহতঁৰ ঘৰখনো লেখত ল’বলগীয়া৷ চাহ বাগান, চাৰি-পাঁচখন নাইট চুপাৰ বাচ, ট্ৰাক, চহৰৰ মাজমজীয়াত এখন বিয়াৰ বজাৰ হোৱাকে খুলি ৰখা প্ৰকাণ্ড গেলামালৰ দোকানখনৰ মালিক চলিহা৷ ধনী যদিও গপ ভেমৰ নামমাত্ৰও নথকা চলিহা ডাঙৰীয়া এজন সৰবৰহী লোক৷
এই চলিহাৰ ঠিকনাতে বিহু হুঁচৰি দলৰ এখন চিঠি আহিল৷ হুঁচৰি দলৰ মাননী ‘ফিক্সড’৷ মাত্ৰ ১০,০০০ টকা৷ চিঠিখন পঢ়ি চাই চলিহাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে৷ সময়ত চলিহাৰ পদূলিত হুঁচৰিৰ দল৷ চলিহাৰ ভলভলীয়া কথা,
: ১০,০০০ টকা মাননী দিয়া যাব, কিন্তু চুবুৰিটোৰ ধনী দুখীয়া প্ৰতিঘৰ মানুহৰ চোতাল হুঁচৰিয়ে গৰকিব লাগিব৷
10:36 am
ভাল লাগিল কিন্তু পাল মাৰিলে যেন ফিল এটা আহিল বৰঠাকুৰ।
8:54 am
চলিহা ভাৰছেছ ৰমণী… ৱাও
10:01 pm
চেঙাতেল! ?
11:20 pm
দিলে। সৰল অংক।