ডুগ ডুগ ডুগ ডম্বৰু বজায়- প্লাবিতা বৰদলৈ
পুৱাই পুৱাই পাৰ্বতীৰ কাউৰী হেন চিঞৰত মহাদেৱে একেজাঁপে বিছনাৰপৰা উঠি বহিল। বোলে, কেচটো কি! সৰু পুতেকে শূঁৰডালেৰে বাঁহৰ দৰ্জাখনেৰে লাহেকৈ মূৰটো উলিয়াই ক’লে, “দৌতি, মাইৰ জ’ক উঠিছে।” মহাদেউৰ ফাট মেলা বসুমতী পাতালে লুকাওঁ অৱস্থা। অ’ বোলো আইদেউৱে আজি কি নাটক দেখুৱাই ঠিক নাই। “দৌৰি দৌৰি যাম, পাৰ্বতীক মনাম” ধৰণে জাপ এটা দি দেউৱে বাহিৰলৈ লৰ ধৰিলে। শেঙুন উজাই থকা নাক মচি গণেশেও পিছ ল’লে। চোতালত বহি থকা পাৰ্বতীক দেখি দেউৰ চকু কপালত। আজি দেখোন শেনৰ এজাত। এনেয়েতো এইটো চুবুৰীৰপৰা সৌটো চুবুৰীৰ নন্দীহঁতৰ ঘৰলৈকে সকলোৱে জানেই পাৰ্বতীক। ৰাতিপুৱাই চোতালত চুলি মেলি বহি লয় পাৰ্বতী। সূৰ্যদেৱতা মূৰৰ ওপৰ নোপোৱালৈকে কোনেও পাৰ্বতীক লৰ-চৰ কৰিব নোৱাৰে সেই ঠাইৰপৰা। কিবা বোলেনে চান বাথ্। ভৃংগীহঁতৰ চেপেটা টিভিটোত দেখিছে নহয় পাৰ্বতীয়ে সেয়া কৰিলে বোলে সৌন্দৰ্য বাঢ়ি গৈ থাকে। বাৰু যি কি নহওক, আজিৰ মূৰ্তিটো অলপ ভয়ানক যেন লাগিল। শামুকটোৰ নিচিনাকৈ ওচৰলৈ গৈ মহাদেউৱে মাত লগালে, ‘হে..ৰা’। মাতষাৰ মাতি কাউৰীৰ বাঁহটোতহে যেন কোনোবাই জুই একুৰা লগালে। দেহি ঐ, সেমেকা পৰা দেউৰ চেহেৰাটো দেখিলে সূৰ্যদেৱতাইও যেন এক ঘটি চকুপানীহে উলিয়াব। জোকোৰা মাৰি আহিলেই নহয় সৌজনী। খেচখেচকৈ ধৰিছে ঐ উভতি উভতি।
“নন্দীৰ পুতেকটোক চাব। টাই মৰা স্কুললৈ যায়। মোৰ এই সোণৰ পুতলা দুটিক চ’কাৰী ইস্কুলত দি তেনেই জীৱনটো চেচ্ হ’ল অ’।”
খন্তেক সময় তভক মাৰি ৰ’ল মহাদেউ। উৱ’, কেচটো নগেন।
“অ’ বোলে তোক আ-অলংকাৰ দুটামান বেচিকে দিম বুলি ভাবিছিলো। চ’কাৰী ইস্কুলত পইচা নেলাগেই। খোৱা বোৱাও ফিৰিতে হৈ যায়। তই আক’ মোৰ গালে লাগি আহিছ’। ” মহাদেউৰ কণা ফৰ্মূটি ঠিক ঠাইতে পৰিল। অলংকাৰৰ নামত লেউ-সেউ হৈ তেনেই পাৰ্বতী আই কুমলি গ’ল।
আহিল ইস্কুলৰ দিন।
পাৰ্বতীৰ মনটো অকণমান বেয়াও, অকণমান ভালো।
অলংকাৰ দুটি পাব বুলি মনৰ বেথাকন মনতে সামৰি গণেশ আৰু কাৰ্তিকক মিঠাতেল অকণমান চুলিত দি আছে। কাৰ্তিকে বোলে, “মাই অ’, খিছিৰি খাবৰ সময়ত তই থালখন লৈ যাবি। নেপাহৰিবি।”
“অ’ মাই, মোলেও নিবি।” মাকৰ স্ন’ টেমাটো জোকাৰি মুখত সানি থকাৰ পৰায়ে গণেশে মাত দিলে।
দুয়োকে স্কুললৈ পঠিয়াই ঘৰলক্ষীয়ে এইপিনে মহাদেউক বিচৰাত লাগিল। পিছে পাই ক’ত? অলংকাৰৰ টকাকেইটা লৈ মহাদেউ ভৃংগীৰ ভাঙৰ খোলাত বহি দিলে। ভৃংগীৰো চকু টিপিক টিপিক টকাৰ টোপোলাত, এচিলিম দুচিলিমকৈ ভাংকন খাই মানে টকা শেষ। নিচা ভগাৰ পিছত মহাদেউৱে গম পাইছে আজি তেঁৱো শেষ। লাহেকৈ মহাদেউৱে ঠাইতে নাকটো মোহাৰি গাৰ কাপোৰ সোলোকালে। ডাঙৰ খোলাৰপৰা ছাঁই লৈ গোটেই গাতে সানিলে। বাঘৰ ছাল এটুকুৰা ভৃংগীৰ ঘৰৰপৰায়ে গোটালে। (সেয়াও অন্য এক বাঘৰ ছালৰ কাহিনী) তাৰপাছত গোটেইটো নাচি নাচি ঘৰলৈ ৰাওনা হ’ল। সেই পগলা মূৰ্ত্তি দেখি পাৰ্বতীয়ে অলংকাৰ বিচৰাতো বাদেই মহাদেউৰ মগজুৰ বিকাৰ ঘটিল বুলি বনদৰৱ আনিবলৈহে লৰ দিলে। মহাদেউৱে বোলে মনতে, ভাল বাচিলো এইবাৰলৈ।
☆ ★ ☆ ★ ☆
9:47 am
আজি কৈলাসত মহাদেৱে বিনালে !!