ফটাঢোল

আইনা ভগাদি ভাগে হিয়াখনি -অপৰাজিতা দাস

মনোৰঞ্জন শইকীয়াৰ আজি খুব ফূৰ্তি। পত্নী নিহাৰীকাৰ পেহীয়েকৰ জিয়েক জিলমিলৰ আজি বিয়া। শইকীয়া দম্পত্তিয়ে আগদিনাই সপৰিয়ালে আহি বাহৰ পাতিছেহি বিয়া ঘৰত। চাৰিওফালে উদুলি মুদুলি পৰিৱেশ। শইকীয়াৰো দিল গাৰ্ডেন গাৰ্ডেন হৈ আছে। বিয়ালৈ জিলমিলৰ বান্ধৱী কেইজনীমান আহিছে। তাৰে মাজৰে এজনীয়ে লুকাই লুকাই শইকীয়ালৈ যিটোহে চাৱনি দিছে। উফ কলিজাটো যেন ওলাইহে আহিব। ‘এনেকুৱা চাৱনি নিদিবি অ’ কলিজাজনী! প্ৰেমতে পৰি যাম’ – মনে মনে আওঁৰাইছে তেওঁ। হওঁতে শইকীয়াও ডেকা কালত দহ-বাৰজনী ছোৱালীক একেলগে প্ৰেমত হাবু ডুবু খোৱাব পৰা ধৰণৰে আছিল। ঈৰ্ষণীয় চেহেৰা, সুন্দৰ ব্যক্তিত্ব। অৱশ্যে এতিয়াও শইকীয়া handsome হৈয়ে আছে। মানে নিজক maintain কৰি ৰাখিছে। মাথো চুলিকেইডালহে আগতকৈ অলপ কমিল। কোনো কথা নাই বাৰু। শইকীয়াই জেল লগাই চুলিকেইডাল ডেকা ল’ৰাৰ দৰে অলপ উঠাই লৈছে। ব্লু জিনচ আৰু হুৱাইট চাৰ্টটোৰে শইকীয়াই ৰভাতল শুৱনি কৰি আছে। পেণ্ডেলৰ এচুকত বহি থকা তেওঁ কইনাৰ বান্ধৱীকেইজনীৰ লগত লাইন পোনাই আছে। ছোৱালীহঁতৰো যে কি চাৱনি! ঘনে ঘনে চকুত চকু পৰে আৰু শইকীয়াৰ বুকুলৈ হিৰ হিৰকৈ নামি আহে ফাগুন। নিহাৰীকাৰো ব্যস্ততাৰ সীমা নাই। একমাত্র পেহীয়েকৰ একমাত্র জীয়ৰী জিলমিল। বিয়াখনৰ বহু দায়িত্ব তাইৰ ওপৰতে পৰিছে। নিহাৰীকাৰো চকুত নপৰাকৈ থকা নাই গিৰিয়েকৰ কাণ্ডবোৰ। শইকীয়াৰ হিয়ালৈ উজাই অহা পাৰ ভাগো ভাগো প্ৰেমৰ বতৰাৰ বিষয়ে ভালদৰেই বুজিছে তাই। খঙে ভমক ভমক মাৰিছে। উঃ কি চাল দিছে অ’ এইজনে। যেন পচিশ বছৰীয়া ডেকাটোহে! ক’বওতো নোৱাৰে একো, সন্মানৰ কথা আছে। ভাবিলে তাই, সন্ধিৰে নোৱাৰা কাম বুদ্ধিৰেহে কৰিব লাগিব। এপাকত নিহাৰীকাই সিহঁতৰ যমজ সন্তানহালক কেকো-জেকোকৈ লৈ শইকীয়াৰ কাষ পালেগৈ –

“হেৰা, চম্ভালা মৌ-কুঁহিক। মই অকলে নোৱাৰিছোঁ আৰু।”

উঃ প্ৰভু! তাতকৈ যদি মোক এই সংসাৰৰপৰাই উঠাই নিলা হয়! এই লীলা কিয় দেখুৱালা প্ৰভু! লাজে অপমানে ঘনে ঘনে মুখৰ ৰং সলনি হৈছে শইকীয়াৰ। ছোৱালীহঁতো কম নহয়। সিহঁতেও যেন শইকীয়াৰ অৱস্থাটো চাই ৰংহে পাইছে। ইফালে মৌ-কুঁহিক লৈ শইকীয়াৰ অৱস্থা ফাঁট মেলা বসুমতী পাতালে লুকাওঁৰ দৰে হৈছে। তাকে দেখি নিহাৰীকাৰ ওঁঠৰ ফাঁকেৰে এটি সন্তোষৰ হাঁহি ওলাই আহিল।

☆ ★ ☆ ★ ☆

5 Comments

  • প্ৰণামী ডেকা

    মজা | ভাল লাগিল |

    Reply
  • Anonymous

    বঢ়িয়া দিলে দেই

    Reply
  • Pranita Goswami

    বেচেৰাৰ আশাত বৰফপানী পেলাই দিলে—হাঃ হাঃ। ভাল লাগিল।

    Reply
  • চন্দন গগৈ

    নেপাই দেৱ মৌকুঁহিৰ মাক,নেপাই…

    Reply
  • চন্দন গগৈ

    নেপাই দেই মৌকুঁহিৰ মাক,নেপাই…

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *