সন্ত্ৰাসবাদী- কাবেৰী মহন্ত
টঁঅ..অঁ..অঁ…
সন্ধিয়া চাহকাপ খোৱাৰ সময়তে কলিংবেলটোৰ কৰ্ষক মাতটো বাজি উঠাৰ লগে লগে লৰা ঢপৰা লাগিল! পেষ্ট্ৰীপিচটো প্লেটত লৈছিলোঁহে ওলালহি কোনোবা সন্ত্ৰাসবাদী! ওচৰতে থকা পেপাৰখনে লগেলগে ঢাকি দিলোঁ প্লেটখন৷ দুৱাৰখন খুলিলোঁগৈ..ধেৎ, পেপাৰৰ বিল নিবলৈহে আহিছে হকাৰজন! দিবলগীয়া পেমেন্ট কৰি দুৱাৰখন লাহেকৈ জঁপাই হাত ধুই পুনৰ পেষ্ট্ৰীপিচটো খাবলৈ আৰামত বহি ললোঁ৷
টঁঅ..অঁ..অঁ..দুৱাৰখন ঠেলি এইবাৰ নিজেই আগন্তুক সোমাই আহিল..হয়, সন্ত্ৰাসবাদীয়েই!
“ৱাহ! একদম ৰাইট টাইমত এন্ট্ৰী মাৰিলোঁ দেই..অকলে খাইছ ৰাক্ষসী?” নাকটো কোঁচাই মতলবী হাঁহিটোৰে সি ওচৰৰ চকীখনত বহি ল’লে, চকু তাৰ মোৰ প্লেটখনত৷ দিবতো লাগিবই, আৰু এখন প্লেটত চাহ একাপেৰে সৈতে তালৈকো আগবঢ়াই দিলোঁ; কুন্ধচ পেট চলক তোৰ(মনতে গুজৰিলোঁ)!
এইযে সন্ত্ৰাসবাদীটো সদায়ে গধূলি চাহখোৱাৰ সময়তে মোৰ ঘৰ আহি ওলাইহি৷ হেৰৌ কেতিয়াবা হাতত দহটকাৰ বিস্কিটৰ পেকেট এটাকে লৈ আহচোন..কনজুছ, মাখিচুছ ক’ৰবাৰ! মোৰে খাবহি আৰু মোৰ কাণকে ঘোলা কৰি ফটা লেকচাৰ এসোপা গাই থাকিবহি৷ যেন কনজুছামিৰ লগত ফটা লেকচাৰ ফ্ৰী! তাৰ ফকটীয়া উপদেশবোৰ সি নিজেও যে নামানে মই খাটাং৷
হওঁতে সি মোৰ কলেজৰ দিনৰে বন্ধু৷ বেকা আঙুলিৰে ঘি কেনেকৈ উলিয়াব লাগে তাৰ ওপৰত অলিম্পিক হ’লে ই যে গোটেই তিনিটা মেদেল আনিবই৷ কলেজৰ দিনতো প্ৰেক্টিকেলৰ সমস্ত কাম জুনিয়ৰৰ হতুৱাই কৰালে, নিজেতো অনুৰাধা, অপ্সৰাৰ আগত তিঘিলঘিলাই ফুৰিয়েই টাইম পাছ কৰি দিলে! অৱশ্যে পৰীক্ষাৰ আগে আগে বিভাগীয় চাৰৰ বজাৰৰ মোনা দাঙি দিয়া, মে’মৰ বাবে বিহুৱে সংক্ৰান্তিয়ে জেতুকাৰ পাত, কেঁচা হালধি গোটাই দিয়া, গাঁৱৰ পৰা বৰা চাউল আনি দিয়া ইত্যাদিয়ে তাৰ প্ৰেক্টিকেল আছিল৷ ই চাগে মাইক্ৰ’স্ক’পৰ তলত পোকেই দেখা পায় নে ভাইৰাছেই দেখা পায় তাকো ক’ব নোৱাৰিব৷
কলেজৰ এক্সকাৰশ্বনৰ সময়ত তাৰ অভিনয় প্ৰতিভাৰো আমি উমান পাই থৈছোঁ৷ ডিঙিত এটুপি নধৰিলেও এবাৰ সি আমাৰ গাইদক কমটি নগুৰনাগতিখন কৰিলেনে! মদ খোৱাৰ এক্টিং কৰি চাৰক গোৱালগালি পাৰিলে সেইবাৰ৷ সেইটো বোলে তাৰ প্ৰতিশোধ, এবাৰ তাক লাইন মাৰি থকা জুনিয়ৰ ছোৱালী এজনীৰ আগত চাৰে কৰি থোৱা অপমানৰ! গালি দিছিল চাগে পৰীক্ষাৰ সময়ত ছোৱালীৰ প্ৰদক্ষিণ কৰা দেখা পাই! “..ঐ জাকৈ( চাৰৰ জোকোৱা নাম)! আমাৰ পৰা মৰা পইচাৰে তোৰ ঢেপেচী ঘৈণীয়েৰলৈ ফুটপাথৰ পৰা শাৰী কিনিছ আমি কি দেখা নাই? বাচ্চা! চাবি প্ৰেকটিকেলত পাছ কৰাই নিদিলে তোৰ ৰিচেপ্ছনিষ্টজনীৰ লগত কৰা লিলিমাই ঘৈণীয়েৰৰ আগত সব ফাদিল কৰি দিম..” তাৰ বুদ্ধিয়েই আছিল এইটো আৰু সি পাছো কৰিছিল৷ আচৰিত লাগে ভগৱানে ইয়াক ভোটা নাকটোত ফুটা দুটা আগতে দিলে নে বুদ্ধিবোৰ আগত দিলে! সেইটো সিদ্ধান্ত প্ৰভু ঈশ্বৰে ল’ব নোৱাৰিলেও মোৰ পৰা লুটি খোৱাৰ পাৰ্মিচনটো ইয়াক দিয়াত পলম নকৰিলে তেৰাই!
অৱশ্যে তাক খেদোৱাৰ উপাই ময়ো চেষ্টা নকৰা নহয়, কৰি আছোঁ৷ এটা এটাকৈ বুদ্ধিবোৰ প্ৰয়োগ কৰিবলৈ ৰণক্ষেত্ৰ তৈয়াৰ কৰোঁ যদিও ইয়াক নিৰ্মূল কৰিব নাই পৰা৷ সাময়িকভাৱে তাক কিবা কাম কৰিবলৈ ক’লে অৱশ্যে তাৰ যোৱাৰ ল’ৰালৰি আৰম্ভ হয়, কেতিয়াবা প্লেটৰ ভুজিয়া হাতৰ মুঠিতে লৈ গুচি যায়৷ কিন্তু ঢপটো নিদিয়াকৈ নহয় যাতে দুদিনমানৰ পাছতে আকৌ বহিবহি পাৰে! “…হৈ যাব তোৰ কাম, অলপ টাইম ল’ব কিন্তু চিন্তা নকৰিবি৷ মই কাৰোবাক কৈ হ’লেও কৰাই দিম..” সেই কামবোৰ আজিলৈকে কেতিয়াও হৈ নুঠিল! আশাও নকৰোঁ, ক’ত এই কনজুছটোৱে লোকৰ কাম কৰি দিব? খেদিবলৈকেহে তাৰ আগত কামৰ কথা উলিয়াও৷ কিন্তু স্বাৰ্থপৰ মানুহৰ লাজ নাই, যিমানে লাট নামাৰক নিজৰ কাম কৰিবই! লাজ লাগিবলৈ ইয়াৰতো নাকেই নাই, ফেঁচাটো ক’ৰবাৰ৷
কেইদিনমান চেনি নিদিয়া চাহ খোৱালোঁ, মাত্ৰ চাহপাতৰ পানীসোপা৷ তাকো তৃপ্তিৰেই খাই ই৷ চুগাৰ বাঢ়িছে বুলি কৈছিলোঁ যদিও এদিন মুখত বুন্দিয়াৰ লাডুটো ভৰাওতেই সন্ত্ৰাসবাদী হাজিৰ৷ উপাই নাই, লাডুৰে আপ্যায়ন কৰিব লগা হ’ল৷ পাখণ্ডটোৰ আগত বেমাৰীৰ অভিনয় কৰাও বৃথা! ই নিজেই চৰকাৰী অফিচত কলা-বোবাৰ অভিনয় কৰি এটকাও ঘোচ নিদিয়াকৈ ফাইল পাছ কৰাই অনা ধুৰন্ধৰ৷ কেৰাণীজনে পুতৌ কৰিয়েই নে আপদ গুচাবলৈকে নাজানো, দুদিনতে তাৰ ফাইল পাছ কৰি দিছিল৷ আৰু ইয়াৰ আমেজ সি মোৰ ঘৰত সম্পূৰ্ণ তিনিটা জেলেপী আৰু এটা চিঙাৰাৰে ভক্ষণ কৰি ফটা ভাষণৰে সৈতে উপভোগ কৰিছিল, অৱ কৰ্ছ মোৰ বাজেটত৷
আবেলিৰ এই সন্ত্ৰাসবাদীৰ লগত মই হাইদ এণ্ড ছিক খেলিও তত নোপোৱা হৈছোঁ৷ কিন্তু এইবাৰ এক ব্ৰহ্মাস্ত্ৰ টাইপৰেই আইদিয়া মোৰ মূৰত খেলাইছে! চাঁওচোন, ক’ৰ পানী কলৈ যায়! আজি ৰঙা শুকান জলকীয়া কেইটামান থৈ দিছোঁ বাপেক্কে!
টঁঅ..অঁ..অঁ..( ইয়ৌ! আহিছে মোৰ টাৰ্গেট!)
হয়৷ বহিবলৈ ক’বৰ দৰকাৰ নাই৷ নাক কোচোৱা হাঁহিটোৰে আৰম্ভ কৰিলেই.. “ঐ চাহ একাপ খোৱা৷ তিনি কি. মি. খোজ কাঢ়ি আহিছোঁ৷ তই ঘৰতে বহি আদাৰ দৰে বাঢ়ি যা বুজিছ? অলপ মোৰ লগতে ওলাবিচোন৷ বাদ দে এতিয়া, নেলু শুকাই আহিছে!”
খোৱাম ৰহ আজি তোক৷ চাহৰ লগতে ইটো গেছত শুকান কেৰাহীত জলকীয়াকেইটাও তুলি দিলোঁ৷ চাহ হয় মানে জলকীয়াৰ এফেক্ট আৰম্ভ হৈছে.. মোৰ হাঁচি মই ৰখাব নোৱাৰা হৈ আহিছোঁ! হাঁচিয়াই হাঁচিয়াই চাহকাপ তাক দিলোঁহি, দিয়াৰ সময়তো সমস্ত জোৰেৰে এটা প্ৰচণ্ড হাঁচি চাহ কাপৰ ওপৰতে তাক দেখুৱাই মাৰিলোঁ৷ বেচেৰাই ইস্ আস্ কৰি বহাৰ পৰা উঠি দুৱাৰমুখ পালেগৈ! তাৰ হেনো মানুহ এজনক ৰখাই থোৱা আছে.. যা চিমৰন যা..কভী মত আনা…
গেৰিলা যুদ্ধত আজি সন্ত্ৰাসবাদীৰ পৰাজয়৷
☆ ★ ☆ ★ ☆
6:11 pm
ভাল লাগিল , কিছু কথা বহুততে নিমিলা নহয় । খণ্ড হিচাবে আগবঢ়াই যাবি ।
5:05 pm
ধন্যবাদ৷
11:19 pm
হাঃ হাঃ, হাঁচিত সুঁচৰিব পাৰে বুলি ভয়তে পলাল— বুদ্ধিটো বেয়া নহ’ল।
5:05 pm
ধন্যবাদ বাইদেউ
7:48 am
আজিহে পঢ়িলো, বঢ়িয়া লাগিল কাবেৰী
5:06 pm
বহুত ধন্যবাদ??
9:52 am
ৰসে চৌ চৌ। পিছে হাঁচি বেছিদিন নচলিব, কৰোণা গলেই সি আকৌ ওলাবহি
5:07 pm
হা হা হয় দাদা৷ অশেষ ধন্যবাদ
11:06 am
ৰস পালো।
?নাইট চুপাৰত আহি ভিন্ন জনে ভিন ভিন কাম কৰি যায়হি গুৱাহাটীত।চাহৰ পৰা ভাতলৈ,সোমাব নোৱাৰা বাথৰূমৰ গোন্ধ,মোজাৰ দুৰ্গন্ধ উস,,,,।
5:08 pm
হয় দাদা৷ সকলো সময়ত মন নাযায়৷ পঢ়াৰ বাবে ধন্যবাদ৷
3:51 pm
এইখন ধাৰাবাহিক কৰিব পাৰা । ধুনীয়া ব্যংগ । অহামাহত দ্বিতীয় খণ্ডটো পঢ়িবলৈ পাম ছাগে ।
5:09 pm
বহুত ধন্যবাদ পঢ়াৰ বাবে৷ চেষ্টা কৰিম বাৰু