ফটা পিয়ন- পাৰ্থপ্ৰতীম তামুলী
ঘটনাটো ১৯৯৮ চন মানৰ। মই তেতিয়া হায়াৰ চেকেণ্ডৰীত পঢ়ি আছোঁ। আমাৰ লগৰ এটা ল’ৰা আছিল। নামটো ৰাজিৱ(ছদ্মনাম)। এবাৰ সি এজনী ছোৱালীৰ প্ৰেমত পৰিল। ছোৱালীজনীৰ নাম আছিল … নালাগে দিয়ক জানিব। কিন্তু কি হ’ব ক’বলৈ সাহস নাই। উপায় নাপায় মোৰ আৰু বন্ধু এজনৰ আগত ক’লে,
“এতিয়া কি কৰোঁ তহঁতেই ক৷”
মোৰ বন্ধুজনে ক’লে,
“আগতে পাৰ্টি খোৱাম বুলি ক তেতিয়া মই এটা উপায় দিম।”
সি লগে লগে মানি ল’লে কাৰণ তাৰ ককায়েকৰ হোটেল আছিল গতিকে কিহৰ চিন্তা। গোল্লা আৰু চিঙৰা আহি গ’ল, লগতে এটা চুৰট। খাই উঠি তাক ক’লোঁ তই চিন্তা কৰিব নালাগে আমি আছোঁ, তই চিঠি এখন লিখ মানে প্ৰেমপত্ৰ৷ ই নিপাংকই (মোৰ লগৰটো) দিব ছোৱালিজনীক। পিছদিনা চিঠি আহি উপস্থিত৷ মৰ এতিয়া কত মৰ। কাৰণ আমাৰ দুয়োটাৰে ছোৱালীজনীৰ লগত চিনাকি নাই। ভাবি চিন্তি তাক ক’লোঁ হ’ব দে তই ২-৩ দিনৰ ভিতৰত উত্তৰ পাই যাবি।সি যোৱাৰ পিছত দুয়োটাই ভাবি তত পোৱা নাই কি কৰা যায় চিঠিও দিব নোৱাৰি ইফালে চাহ চিঙৰাও খালোঁ। শেষত এটা উপায় পালোঁ দুয়োটাই মিলি তাৰ চিঠিৰ উত্তৰ লিখিলোঁ, possitive উত্তৰ কাৰণ আকৌ চাহ, চিঙৰা আৰু…। উত্তৰ পাই ল’ৰা পাগল আৰু লগে লগে পাৰ্টি। তাৰ পিছৰ পৰা চিঠি ওপৰত চিঠি। আমি দুয়োটাই পিয়ন আৰু লিখক দুয়োটা কাম পূৰ্ণগতিত চলাই নিলোঁ আৰু লগতে পাৰ্টিও চলি থাকিল। মাজে মাজে ল’ৰাই লগ কৰাৰ কথা চিঠিত লিখে যদিও আমি নানা অজুহাত দেখোৱাই পিছোৱাই থওঁ। লাহে লাহে চিঠিৰ লগতে উপহাৰ আহিবলৈ ধৰিলে ইফালে পাৰ্টিও চলি থাকিল। মাজে মাজে আমিও ৫-১০ টকাৰ উপহাৰ চিঠি লগত দিলোঁ। এনেকৈ প্ৰায় ৫-৬ মাহ দুয়োটাই দকচি পাৰ্টি খালোঁ ৰাজিৱৰ পৰা। কিন্তু কয় নহয় এশ গৰু মাৰিলে বাঘৰো মৰণ আমাৰো একে হ’ল। আহি আহি সৰস্বতী পূজা পালেহি৷ ল’ৰা এইবাৰ নাচোৰবান্দা৷ সি পূজাত ছোৱালীক লগ কৰিবই ইফালে আমাৰ দুটাৰ অৱস্থা ফাট মেলা বসুমতী পাতালে লুকাওঁ। শেষত উপাই নাপাই তাক ক’লোঁ হ’ব দে আমি কথা পাতি দিম তই পূজাৰ দিনা স্কুল ফিল্ডত লগ কৰিবি। তাকহে ক’লোঁ পিচে ছোৱালী ……। তাৰ পিছৰখিনি কি হ’ল জানিবলৈ অপেক্ষা কৰক……… মুঠতে এটা কথা জানি থওক সেই বছৰ আমি দুয়োটাই জীৱনত প্ৰথম বাৰৰ বাবে স্কুলৰ সলনি কলেজত পূজা খালোঁ।
☆ ★ ☆ ★ ☆