যেতিয়া কথাবোৰে মূৰত ধৰে- বাসৱদত্ত দাস
হঠাৎ এদিন যদি এনেকুৱা হৈ যায়, আপুনি লগ পোৱা মানুহবিলাকৰ দেহত যদি সাংবাদিকসকলৰ স্বভাৱবিলাক সুঁচৰিবলৈ ধৰে, তেন্তে তেওঁলোকৰ আচৰণবোৰনো কেনেকুৱা হʼব? ধৰা হওক, আপোনাৰ এজন প্ৰিয় বন্ধু, তেওঁৰ ঘৰলৈ আলহী খাবলৈ গৈছে৷ হঠাৎ তেওঁ যদি এজন সাংবাদিকৰ নিচিনাকৈ আচৰণ কৰিবলৈ ধৰে, আপোনাক আদৰি অনা পৰিৱেশটো অলপ এনেকুৱাধৰণৰ নহʼবনে :
: এয়া আমাৰ সৈতে আহি ইতিমধ্যে উপস্থিত হৈছেহি আমাৰ বন্ধু; বন্ধু, কেনে লাগিছে আপোনাৰ ইয়ালৈ আহি?
: ………………………
: নিশ্চিতভাৱে কʼব লাগিব যে বন্ধুবৰে মুখেৰে একো নামাতিলে৷ এয়া বন্ধুৱে মোনাত হাত ভৰাইছেহি, আৰু এয়া চাওক – এটা বিগ ব্ৰেকিং! মোনাৰ পৰা মিঠাইৰ পেকেট ওলাইছে! দৰ্শকসকলক আমি জনাই দিব বিচাৰিছোঁ যে মিঠাইৰ এটা বৃহৎ পেকেট বন্ধুৰ মোনাৰ পৰা ওলোৱা দৃশ্য প্ৰত্যক্ষ কৰা হৈছে৷ এটা ডাঙৰ মিঠাইৰ পেকেট! এয়া চাওক, নিশ্চিতভাৱে কʼব লাগিব যে এয়া গোল্লা নাইবা লালমোহনৰ এটা সুবৃহৎ পেকেট, এয়া বন্ধুৱে নিজ হাতেৰে – এয়া আমাৰ হাতলৈ – এয়া আগবঢ়াইছে৷ এটা বিগ ব্ৰেকিং! দৰ্শকসকলক আকৌ এবাৰ জনাব বিচাৰিছোঁ, বন্ধুৰ হাতৰ পৰা এক বৃহৎ পৰিমাণৰ মিঠাই আমাৰ হাতত ইতিমধ্যে আহি পৰিছেহি৷
আৰু এয়া চাওক, আমাৰ পৰিবাৰে বন্ধুক ভিতৰলৈ আদৰি নিছে। মই কেমেৰামেনক দৃশ্যটো জুম কৰি দেখুৱাবলৈ অনুৰোধ কৰিম৷ এয়া চাওক, এটা বৃহৎ মিষ্টান্নৰ টোপোলা – আমাৰ পৰিবাৰৰ হাতত – যিটো অলপ আগলৈকে আমাৰ হাততে আছিলহি৷ আপোনালোকক পুনৰবাৰ জনাইছোঁ ইতিমধ্যে আমাৰ বন্ধু আহি আমাৰ আলহী বহা কোঠা পাইছেহি৷ এইখিনিতে আকৌ এটা বিগ ব্ৰেকিং নিউজ! বন্ধুৱে এয়া আহি আমাৰ চোফাতে তপিনা দুখন পাতি লৈ বহিছেহি৷ দৰ্শকসকলক পুনৰবাৰ আমি জনাব খুজিছোঁ, বন্ধুৱে আমাৰ চোফাৰ ওপৰতে আহি বহি লৈছে৷
তাৰ পৰা চাহ-তাহ খাই ওলাই আপুনি হয়তো ঘৰলৈ বাট পোনাইছে৷ বাটত আপোনাৰ চিনাকি-অচিনাকি অনেক মানুহক আপুনি লগ পাইছে; কিছুমানৰ সৈতে কথাও পাতিছে। এতিয়া যদি তাৰে এজনে আপোনাক দেখি দূৰৈৰ পৰাই তলৰ লেখিয়া আচৰণ কৰিবলৈ ধৰে!
: এয়া চাওক, মেধি ডাঙৰীয়া আমাৰ ঘৰৰ সমুখেৰে পাৰ হৈ যাবলৈ ধৰিছে। আমি আমাৰ দৰ্শকসকলক জনাই দিব খুজিছোঁ যে এইমাত্ৰ মেধি ডাঙৰীয়া আমাৰ ঘৰৰ আগেদি পাৰ হৈ গʼল৷ মেধি ডাঙৰীয়াই আমাৰ ঘৰ পাৰ হৈ আগবাঢ়ি গৈ আছে.. আৰু এটা বিগ ব্ৰেকিং নিউজ! আমি আমাৰ দৰ্শকসকলক জনাই দিব খুজিছোঁ যে মেধি ডাঙৰীয়া খালত পৰিল! মেধি ডাঙৰীয়াই অবাক নেত্ৰে আমাৰ পিনে ঘূৰি ঘূৰি চাই গৈ থাকোঁতে বাইকেৰে সৈতে গৈ খালত পৰিল! আৰু এয়া আপোনালোকক ভূঞা লাইভ চেনেল যোগে দেখুৱাই আছোঁ, মেধি ডাঙৰীয়াৰ গালত বীৰেন বাবুৰ এলচেচিয়ানটোৱে দʼকৈ বহুৱাই দিয়া কামোৰৰ চিনৰ এক্স্ক্লুচিভ ফুটেজ!
তাৰ পৰা লাজে-অপমানে, জ্বৰে-বিষে, কেঁকাই-গেঁথাই আপুনি হয়তো পোনেই ওচৰৰ ডিচপেনচাৰীখনত বহা ডাক্তৰজনক দেখাবলৈ গʼল৷ তাত যদি ডাক্তৰজনে আপোনাক দেখি মাতষাৰ এনেধৰণে লগায়!
: আমাৰ মাজত আজি উপস্থিত আছে আমাৰ এজন ৰোগী, মিষ্টাৰ মেধি। মেধি ডাঙৰীয়া, কেনে লাগিছে আপোনাৰ ইয়ালৈ আহি?
: ভাল, ভাল, আয়ৈহ্৷
: গোপন সূত্ৰৰ পম খেদি আমি জানিব পাৰিছিলোঁ আপোনাৰ গালত হেনো কুকুৰে কামুৰিছিল, এয়া কিমান দূৰ সত্য?
: সম্পূৰ্ণ মিছা কথা! এয়া মোৰ বিৰুদ্ধে এক ৰাজনৈতিক ষড়যন্ত্ৰ, উস্৷
: কিন্তু আপোনাৰ গালততো কিহবাই কামুৰি দাঁত বহুৱাই দিয়া চিন স্পষ্ট; আমাক সঠিক তথ্যৰ যোগান ধৰক৷ আপুনি গণতন্ত্ৰৰ ৪২০ নং স্তম্ভক ফাঁকি দিব নোৱাৰে, আমাৰ হাতত উপযুক্ত তথ্য-প্ৰমাণ মজুত আছে৷
: নʼ কমেণ্ট! আআআহ্!
: আমি আমাৰ দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ যে মিষ্টাৰ মেধিয়ে এটা বিয়াগোম কেলেংকাৰী গাপ দিবলৈ প্ৰয়াস কৰিছে৷ মেধি ডাঙৰীয়া, মনে মনে নাথাকিব; আপুনি মুখ খোলক – আপোনাৰ মুখাখন খুলি পেলাবই লাগিব৷ বাটত আপোনাৰ কি হৈছিল? আপুনি এনে কি অনৈতিক কাৰ্য কৰিবলৈ আগবাঢ়িছিল, যাৰ বাবে আপোনাক কুকুৰে গালত কামুৰিবলগীয়া অৱস্থা হʼল! স্পীক আপ্, মেধি ডাঙৰীয়া, স্পীক আপ্! ইণ্ডিয়া ওৱাণ্ট্চ্ টু নʼ!
তেতিয়ালৈকে আপুনি হয়তো মূৰ ঘূৰাই ৰোগী চোৱা বিচনাখনতে থৰ লাগি পৰি আছেগৈ৷
ডাক্তৰৰ পৰা অৱশেষত চিকিৎসাখিনি লৈ আপুনি ওলাই আহিছে; তেতিয়াই যদি আপুনি দেখিবলৈ পায় – ডাক্তৰৰ চেম্বাৰটো আগুৰি শতাধিক মানুহ! প্ৰত্যেকৰে এখন হাতত একোটাকৈ মাইক আৰু আনখনত একোটাকৈ কেমেৰা৷ আপুনি ওলাই অহা দেখা পায়েই চিনেমাত দেখুওৱা সেই যে জʼম্বীয়ে সুস্থ মানুহক আক্ৰমণ কৰাৰ দৰে এওঁলোকেও আপোনাক টাৰ্গেট কৰি যদি খেদি আহে ওচৰলৈ, তেতিয়া আপোনাৰ প্ৰতিক্ৰিয়া বাৰু কেনেকুৱা হʼব? আহকচোন বাৰু, কল্পনা কৰোঁ৷
: মিষ্টাৰ মেধি, মিষ্টাৰ মেধি! আপোনাক কুকুৰে কামুৰিলে কিয়? উত্তয় দিয়ক৷
: মেধি ডাঙৰীয়া, কামোৰা কুকুৰটো দেখিবলৈ কেনেকুৱা আছিল, তাৰ ৰেবীজ আছিল নেকি?
: ডাঙৰীয়া, ডাঙৰীয়া! প্ৰথমে মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক, কুকুৰটোৱে আপোনাক কেনেকৈ কামুৰিবলৈ পালে, আপুনি হেল্মেট পৰিধান কৰা নাছিল নেকি?
: ওৱেৰ হেল্মেট এট দা বেক্ অল্চো!
কোনোবাই দূৰৈৰ পৰাই চিঞৰি দিলে৷
:সেয়া কোন? আইলা!
: মেধি ডাঙৰীয়া, কুকুৰে আপোনাক খালত থাকোঁতে কিয় কামুৰিলে? আপুনি এতিয়াও মুকলিতে মলত্যাগ কৰে নেকি?
: এয়া চাওক, প্ৰধানমন্ত্ৰীৰ ‘স্বচ্ছ ভাৰত’ৰ প্ৰকৃত ছবিখন! এতিয়াও মেধি ডাঙৰীয়াৰ দৰে দেশৰ গৰিষ্ঠসংখ্যক নাগৰিকৰে ঘৰত শৌচাগাৰ এটাৰ সুব্যৱস্থা নাই৷ দুৰ্নীতিৰ কʼলীয়া ডাৱৰে দেশৰ আকাশ গোটেইখন এতিয়া ছানি ধৰিছে । দেশৰ শতকৰা চৌৰানব্বৈজন নাগৰিকেই স্বচ্ছতাৰ প্ৰতি বাৰ শতাংশও সচেতন নহয়৷
: ঐ, কালি দেখোন ভূঞাৰ পুতেকে জি.এফ.ৰে ডেটিঙৰ খৰচ উঠাবলৈ ফটা-ছিটা কানি পিন্ধি ফুটপাথত ভিক্ষা খুজিবলৈ ওলাই আহি দেৱালত মূতিবলৈ লওঁতে তই তাক আগুৰি ধৰি পাৰ্ছেণ্টেজকিটা বেলেগ মাতিছিলি এ!
: এ, কোন! অহ্!
হেই বাদ দিয়া হে! এনে ভঙ্গীত
: কেমেৰা পাৰ্চন ডম্বৰুৰ সৈতে মই ঘাম্বৰু, ‘দিনেপতি নিউজ’৷
: ইনাফ!
হঠাৎ আপোনাৰ অন্তৰাত্মাই যেন শত্ৰুঘ্ন সিন্হাৰ নিচিনাকৈ গৰজি উঠিব৷ আপুনি হয়তো মই ভবাটোৱেই কৰা উচিত হʼব বুলি স্থিৰ কৰিব৷ আৰু এক মুহূৰ্তও পলম নকৰাকৈ এক মূৰৰ পৰা সাংবাদিকতাই মূৰত ধৰা মানুহবিলাকৰ হাতে-ভৰিয়ে যʼতে পায় এফালৰ পৰা আপুনি কামুৰি গৈ থাকিব । ডাক্তৰকো নেৰিব, ডম্বৰু-ঘাম্বৰুকো নেৰিব৷ ভূঞাকো নেৰিব, আপোনাৰ বন্ধুজনকো নেখেমিব৷ এফালৰ পৰা কামুৰি কামুৰি যেতিয়া দেখিব যে কোনো বাকী নাই, সকলোৱে আতংকত যিয়ে যেনি পায় ডাক্তৰ বিচাৰি দৌৰিহে ফুৰিছে; তেতিয়া পৰি থকা আটাইবোৰ কেমেৰা আপোনাৰ মুৱাকৈ অন কৰি ৰেকৰ্ডিং মোডত ৰাখি আচল সাংবাদিকসকলক উদ্দেশ্যি মাত্ৰ এই এষাৰ সাৱধানবাণী শুনাই তাৰ পৰা ভিলেইনমাফিক আঁতৰি যাওক,
: বি স্কেয়াৰ্ড, আয়ম কামিং… ডিছ টাইম, ফৰ য়ু!
টিলিকি-টিলিকি-টিলিকি! উঠক উঠক, চকু মোহাৰক৷ ইমান পৰে সেই দুটা অমৰা হেনকৈ মেলি এইবোৰ কি আচহুৱা কথা পঢ়ি আছিল? আহক, দিঠকলৈ ঘূৰি আহক! আৰু একো নাই – মাথা খাবলে।
☆ ★ ☆ ★ ☆
12:27 pm
সাংবাদিকৰ দৰে সুৰ লগাই পঢ়িলোঁ। আলহি পলাব হাঃ হাঃ।
1:37 pm
জমালে দেই৷
4:41 pm
সুন্দৰ লেখা৷ ভাল লাগিল