ফটাঢোল

বৃত্ত- অভিজিত মেধি

 (১)

তেতিয়া

কেতিয়াৰ কথা আছিল জানো? বোধহয় তৃতীয়মান শ্ৰেণীত পঢ়া সময়ৰ! সহোদৰা সম্পত্তি হিচাপে পোৱা টিনৰ বাকচ এটাত কিতাপ-বহী কঢ়িয়াই ঘৰৰ কাষৰে প্ৰথামিক বিদ্যালয়লৈ যোৱা দিনৰ। এদিন লাগিল বাইদেউৰ লগত মহাৰণ এখন। তাই বোলে মোৰ বাকচ লৈ মোৰ ওপৰতেই বাহাদুৰী! লাগিল মোৰো এটা জেদ। নতুন টিনৰ বাকচ এটা মোক লাগিবয়ে। মাৰ ওচৰত দাবীটো লৈ গ’লোঁ। মা আছিল চৰকাৰৰ দৰে উদাসীন মানুহ, পাত্তায়ে নিদিলে। ইপিনে মই আছিলোঁ কেজৰীৱাল টাইপ। অনশনত বহি গ’লোঁ, কন্দা-কটা হুলুস্থূল এখন লগাই দিলোঁ। বিচৰা ফলাফল নোপোৱাত এদিন নে দুদিন ৰোহঘৰতো সোমাই আছিলোঁ।

সপ্তম শ্ৰেণীত পঢ়া সময়ৰ কথা। তেতিয়া টিনৰ বাকচ এৰি পিঠিত ওলোমাই লোৱা বেগ মোৰ ওচৰত। সন্ধিয়া চাকি-বন্তি, ধূপ জ্বলাই মায়ে প্ৰাৰ্থনা কৰে; আমাকো কৰোৱায়। প্ৰাৰ্থনা কৰি থাকোতে চকুত পৰিল দেৱালত ওলমি থকা নতুন স্কুল বেগটোৰ ওপৰত। তাৰপৰা দীঘলকৈ ওলাই আছিল অবাঞ্চিত সূতা এডাল। হয়তো কোনোবাটোৰ চিলাইত সূতা ভালকৈ কটা হোৱা নাছিল। ধূপৰ জুইৰে সেই অতিৰিক্ত সূতাখিনি পুৰি কেনে মজা লাগিব ভাবি মনটো চঞ্চল হৈ উঠিল। এনেকুৱা বুদ্ধি মূৰত খেলালে কামটো নকৰালৈকে হাত-ভৰিত পোৰণি উঠে মোৰ। এইটো স্বভাৱ এতিয়াও আছে। কোনেও নেদেখাকৈ ধূপ এডাল নি কামটো সমাধা কৰিছিলোঁ।তাৰপাছত পঢ়া টেবুলত পঢ়াৰ সুন্দৰ অভিনয়। এঘণ্টাও হোৱা নাছিল। গোটেই ঘৰত পোৰা পোৰা গোন্ধ। ফেনৰ বতাহত হয়তো ফেনে-ফোটোকাৰে বাঢ়ি উঠিছিল সূতাৰ নুনুমোৱা জুই। নতুন বেগটো পুৰি আধা ছাই হৈ গৈছিল। পাছদিনা বাৰীত অলাগতিয়াল হৈ পৰি আছিল বেগটো। যেন কোনোবা সমদলে ৰাজপথত এৰি যোৱা আধাপোৰা জুমুঠি। সেই ধ্বংসস্তূপতে জন্ম লৈছিল এক অদম্য হেঁপাহে। পিঠিত পুনঃ এটা নতুন বেগ ওলোমোৱাৰ হেঁপাহ। পুৱাৰ হেঁপাহে সন্ধিয়ালৈকে জেদৰ ৰূপ লৈছিল। তাৰ পাছত সেই একেই কাহিনী- উদাসীন চৰকাৰ টাইপ মা, কেজৰীৱাল টাইপ মই…অনশন, কন্দা-কটা হুলুস্থূল এখন…!

                    (২)

 এতিয়া

আজি ল’ৰাৰ মাক ট্ৰেইনিং এটালৈ গৈছে। মই আধাদিনৰ ছুটী লৈ অফিচৰ পৰা ওলাই আহিছিলোঁ। বাহিৰে বাহিৰে ল’ৰাক স্কুলৰ পৰা পিক্ কৰিলোঁ। সদায় তাক মাকে নিয়ে স্কুলৰ পৰা, আজি বাপেক আহিছে। ল’ৰাৰ ফূৰ্ত্তি পঞ্চম গিয়েৰত। স্কুলৰ গে’টত গাড়ীখন দেখাৰে পৰা চিঞৰিছে “দে’তা ফুফু, দে’তা ফুফু” বুলি। মনতে ভাবিছোঁ- ই কিজানি মাকতকৈ মোক বেছি ভালপায়, সেয়ে চাগে তাৰ ইমান ফূৰ্ত্তি। মনৰনো কি, মনে ভাবিয়ে লয় মনৰ ভাল লগা কথাবোৰ! বিন্দু বিন্দু মুখৰ হাঁহি ৰেখাত পৰিণত হৈছেহি! বাপ-বেটাই চেফ্ বেকাৰ্ছত পেষ্ট্ৰী খায় উঠিহে ঘৰমুৱা হৈছোঁ। গাড়ী পাৰ্কিংত লগাবলৈ লৈছোঁ, তেনেতে জাগিল নহয় আমাৰ ডেৰ ফুটীয়াৰ মনত হেঁপাহ এটা। শ্বপিং কৰিবলৈ যায় সি, ছুপাৰহিৰো পুতলা লাগে তাক! কালিও কিনিছিলে কেইটামান…স্পাইডাৰমেন, হাল্ক ইত্যাদি। লাগ বুলিলেই ইটো-সিটো কিনি দি তাৰ স্বভাৱ নষ্ট কৰাৰ বাবদ আমি ইতিমধ্যে জগৰীয়া। গতিকে তাৰ দাবীক প্ৰশ্ৰয় নিদিলোঁ। তাৰ হেঁপাহটো জেদলৈ ৰূপান্তৰ হ’বলৈ লাগিল খুব বেছি দুই ছেকেণ্ড। তাৰ পাছতনো কি আৰু! উদাসীন চৰকাৰ টাইপ মই বাপেক, কেজৰীৱাল টাইপ মোৰ ল’ৰা….অনশন, মজিয়াত বাগৰি কন্দা-কটা হুলুস্থূল এখন…ইত্যাদি ইত্যাদি!

                    (৩)

এটা কিছু বাংফেঙীয়া কাহিনী

তেতিয়া মই চেন্নাই চহৰৰ বাসিন্দা। অলপ নিৰ্জন সাগৰ পাৰত বহি চিন্তা কৰি আছিলোঁ পাৰাপাৰহীন অলেখ কথা। কাষতে বল খেলি আছিল মাছমৰীয়াৰ অৰ্ধ-নাঙঠ শিশু দুটাই, বৰ বেছি পাঁচ-ছয় বছৰ বয়স সিহঁতৰ। শৈশৱৰ কোলাহলে হঠাতে যতি পেলাইছিল মোৰ চিন্তাৰ লানিত। তেনেতে দৃশ্যপটত সোমাল এগৰাকী মেদবহুল তিৰোতা। হয়তো ল’ৰাহঁতৰ মাক। চোঁচা মাৰি খেদি আহিছে ল’ৰাহঁতক, পালে যেন মুচৰি পেলাব! তেওঁ খঙত বিৰবিৰাই থকা তামিল শব্দকেইটা নামনিৰ অসমীয়ালৈ অনুবাদ কৰিলে চাগে ‘মৰাণ ন’হা’, ‘মান্নাইমাৰা’ জাতীয় কিবা এটায়ে হ’বগৈ। মেদবহুল মানুহজনী যেন বাহুবলী, শিশুকেইটা যাঠি লোৱা সাধাৰণ সৈনিক। ভয়তে ছত্ৰভংগ দিছে সিহঁত। পৰি ৰৈছে হাতৰ বেট-বল। বাহুবলীয়ে খঙৰ কোবত একো নাই হৈ প্লাষ্টিকৰ বলটো গাৰ সমস্ত জোৰেৰে পানীলৈ দলিয়াই দিলে। ঘটনাক্ৰমৰ মই আছিলোঁ নীৰৱ দর্শক। চিনাকি ছবি দেখি অনুৰঞ্জিত মোৰ মন। তিৰোতাজনীৰ মাজত মাক দেখিছিলোঁ, ল’ৰাহঁতৰ মাজত নিজকে দেখিছিলোঁ। বলটো মোৰ চকুৰ আগেৰে উৰা মাৰি সাগৰৰ বুকু পালেগৈ। ডাঙৰ ডাঙৰ ঢৌবোৰৰ আঁৰত লুকাই থাকিল অকণমানি বলটো। ল’ৰাহঁতৰ এধানি এধানি মুখ দুখন সেমেকি উঠিল। উপায়বিহীন হৈ অৱশেষত মাকৰ পাছে পাছে ঘৰমুৱা খোজ ল’লে সিহঁতে। মোৰ চকু তেতিয়াও পানীৰ ওপৰত। ঠিকেই অনুমান কৰিছিলোঁ, ঢৌৰ আঙুলিত ধৰি সৌৱা বলটো ওভতি আহিছে। দৌৰ মাৰি সেইটো বুটলি আনিলোঁ। কিন্তু সিহঁত ইতিমধ্যে ভালেখিনি দূৰ পাইছিলেগৈ, বলটো ল’ৰাহঁতৰ হাতত তুলি দিয়া নহ’ল।

বলটো লিৰিকি-বিদাৰি ঢৌবোৰলৈ চাই ৰ’লো। কিছুমান কথা এই বলটোৰ দৰেই। আৰু জীৱন? জীৱন এই ঢৌবোৰৰ নিচিনা, বলটোৰ দৰে কথাবোৰক আমালৈ পুনঃ ঠেলি দিয়ে।

☆ ★ ☆ ★ ☆

6 Comments

  • কিছুমান কথাই সদায় মনত সাঁচ বহুৱাই যায়

    Reply
  • অভিজিত কলিতা

    বহুত ধুনীয়া লেখা। নিটোল গল্প এটা।

    Reply
  • কাবেৰী মহন্ত

    তোমাৰ লেখাত কমেণ্ট দিবলৈ শব্দৰ অভাৱ৷

    Reply
  • অনামিকা

    আপোনাৰ লিখনিত কি কমেন্ট কৰিম ভাবিয়ে নাপাওঁ…

    Reply
  • Rimjhim Borthakur

    বিৰাট ভাল লাগিল

    Reply
  • প্ৰণৱ কুমাৰ বৰা

    অতি সুন্দৰ লিখা । পঢ়ি ভাল লাগিল । জীৱনৰ চকৰি ঘূৰি ঘূৰি আকৌ একে ঠাইলৈকে আহো ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *