ফটাঢোল

চৰমা ৰ’ল- নিভা কাকতী

‘Grill Republica’ ৰ চৰমা ৰ’ল খাইছেনে? হয় গুৱাহাটীৰ এ.বি.চিৰ ফুটপাথৰ ৰেষ্টোঁ‌ৰাখনৰে কথা কৈছোঁ। আজি ওলাই গ’লো সদলবলে। খেলি-মেলি সব। তাতে বায়ে গাড়ী চলাইছে। কলিজাটো পাৰ্চৰ ইন পকেটত ভৰাই থৈছোঁ। স্পীডব্ৰেকাৰ, ডিভাইদাৰ, পুলিচ পইণ্ট ইত্যাদি ৰাস্তাৰ কাঁ‌টাবোৰ দেখুৱাই দিয়াৰ দায়িত্ব আগছিটত পাইলটৰ লগত বহাজনৰ লগতে পিছত বহাবোৰৰো। একোবাৰ কথাৰ চলতে পাইলটে ফুটপাথৰ ওপৰত, এবাৰ গাঁ‌তত আৰু এবাৰ আইন চিগনেলক বৃদ্ধাঙ্গুষ্ঠ দেখুৱাই সুকলমে গৈ আছে। ৰাস্তাৰ চাৰিওফালৰ বিৰিয়ানী, ওলমাই থোৱা তন্দুৰ চ্চিকেন আদিয়ে মোক-খা, মোক-খা বুলি মাতি আছে। ৰাক্ষসগণ হোৱা বাবে চলন্ত গাড়ীখন ৰাস্তাৰ কাষত ৰখাই গোন্ধবোৰ দীঘলকৈ টানি পেট পোৱাইগৈ। আমাৰ লক্ষ্য ‘চৰমা দাৰ ৰ’ল’। বহুত যান-জঁ‌টৰ সৃষ্টি কৰি অৱশেষত আমি গন্তব্য স্থান পালোগৈ।

গাড়ীৰ পৰা নামিয়েই একপ্ৰকাৰৰ দৌৰি ….”শৰ্মাদা আপোনাৰ চ্চিকেন ৰ’ল দিয়ক” বুলি বায়ে সাধাৰণ ভাৱে ক’লে। ওৰেটো ৰাস্তাই ময়ো অৱশ্যে শৰ্মাদাৰ ৰ’লটো ইমান ফে’মচ হোৱাৰ কাৰণটোৱে ভাবি আছিলোঁ। যাহওক, শৰ্মাদাৰ দোকানৰ ল’ৰাবোৰ তবধ লগাৰ পাল এতিয়া। মই লাহেকৈ মাত দিলোঁ‌- শৰ্মাদা চ্চিকেন ৰ’ল চাৰিটা দিব। অলপ খেলি-মেলি যেন লাগিল। তেনেতে চাৰিওফালে য’ত-ত’ত চেলেকি ইতিমধ্যে খোৱা-লোৱাৰ ক্ষেত্ৰত উচ্চ আসনত থকা শূৰ্পনখা সদৃশ ভন্টীজনীয়ে কেচটো উদ্ধাৰ কৰে।আমাক অতি বিনম্ৰভাৱে নাকৰ আগকেইটা কাটি কলাখাৰ অলপ ঘহি দিলে। “তোমালোকক কোনে কৈছে শৰ্মাদাৰ ৰ’ল বুলি? এয়া শৰ্মাদাৰ ৰেষ্টোঁ‌ৰাও নহয় শৰ্মাদাৰ ৰ’লো নহয়। মই Grill Republicaৰ ‘swarma roll’ বুলিহে কৈছিলোঁ। ভালকৈ নুশুনাকৈ তেলা…..”

তাত থকা সকলোৱে মুখ টিপি হঁ‌হাটো আমি দেখিও নেদেখাৰ ভাও জুৰিলোঁ‌। মোৰ অলপ লাজ বেছি বাবে ৰ’ল নাখালো। বাকী নিলাজবোৰে কাগজখনো চেলেকিলে।
☆ ★ ☆ ★ ☆

One comment

  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    হাঃ হাঃ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *