ফটাঢোল

এজন চিত্ৰকৰৰ আত্মকথা-ধুৰ্যতি কাকতি

সৰুতে পঢ়িছিলোঁ যি লোকে ভাল ছবি আঁকিব পাৰে তেওঁলোকৰ হেনো হাতৰ আখৰো ভাল হয়৷ মোৰ ক্ষেত্ৰত সমস্যাটো হ’ল মোৰ দুয়োটাই বেয়া৷ বহীত লিখা আখৰ যদি কিবা কাৰণত ফটোষ্টেত কৰিবলগীয়া হয় কোনো গুপ্তধনৰ সাংকেতিক নক্সা যেন লাগে৷ ভাগ্য ভাল যে মই শিক্ষক নহ’লোঁ৷ নহ’লে ক’লা বোৰ্ডত বগা চকেৰে লিখিলে জেব্ৰাৰ ছবি অঁকা যেনহে লাগিলে হয়৷ কি লিখিছোঁ বুজাতো বহুত দূৰৰ কথা৷ নিজে লিখা বস্তু কেইমাহমান পাছত চালে কেতিয়াবা নিজে ধৰিব নোৱাৰোঁ, কি লিখিছিলোঁ৷  সেয়া বাৰু মোৰ হাতৰ আখৰৰ দুৰৱস্থা, আজি অৱশ্যে মই মোৰ ছবি অঁকা প্ৰতিভাৰ কথাহে ক’বলৈ গৈ আছোঁ৷

সৰুৰে পৰা ছবি অঁকাত মই বৰ ভাল আছিলোঁ, মানে আম আঁকি উঠি তলত যদি লিখি নিদিওঁ আম বুলি,  সেইটো কঁঠাল, আম নে পনিয়ল কোনেও ধৰিব নোৱাৰে৷ এবাৰ সপ্তম মান  শ্ৰেণীত থাকোঁতে ডাইন’চৰ আঁকিছিলোঁ৷ তেতিয়া জুৰাছিক পাৰ্ক চিনেমাখনত ডাইন’চৰ দেখিছিলোঁ৷ শিক্ষকে ছবিখন দেখি সুধিলে এইটো কি জাতৰ কুকুৰ? ছাৰক ক’লোঁঁ, “ছাৰ এইটো ডাইন’চৰ৷” ছাৰে ক’লে, “অহ পুষ্টিহীনতাত ভূগিছে চাগে৷”

ছবি অঁকাক লৈ আটাইতকৈ সমস্যা হ’ল মেট্ৰিকৰ সমাজ অধ্যয়নৰ পৰীক্ষাত৷ প্ৰশ্নত ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভ আঁকিবলৈ আহিলে, লগত লৈ যোৱা এক টকা এটাৰ পৰা চাই চাই অশোক স্তম্ভ আঁকি আছিলোঁ৷ কিবা কিবি কৰি সিংহকেইটা আঁকিলোঁ, পাচে সমস্যা হ’ল অশোক স্তম্ভৰ তিনিটা সিংহৰ এটা সিংহই অলপ  মিচিকিয়াই হাঁহি থকা যেন হ’ল, অলপ ৰবৰেৰে মোহাৰি মুখখন ঠিক কৰি দিবলৈ ওলালোঁ, পাচে উলোটাই  মুখখন আৰু মেল খালে, মানে মিচিকিয়া হাঁহি গৈ একেবাৰে দাঁত নিকটোৱা হাঁহি হ’লগৈ, ফেচবুকৰ ভাষাত ক’ব গ’লে smily গৈ LOL হ’লগৈ৷ কি কৰিম উপায় নোহোৱা হ’ল, তাতে চাৰি নম্বৰৰ প্ৰশ্ন৷ সম্ৰাট অশোকৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ সিংহই হাঁহি থাকিলে কেনেকৈ হ’ব৷ মোহাৰি মোহাৰি ঠিক কৰাৰ পুৰা চেষ্টা কৰিলোঁ, পিচে এনেই ছবি অঁকাত পণ্ডিত৷ মেৰামতি কৰোঁতে কৰোঁতে সিংহ গৈ ফেঁচা হ’লগৈ৷ উপায় নেপাই আৰু সিংহ তেনেকে এৰি দিলোঁ৷ ভাবিলোঁ বহী চোৱা শিক্ষকজনে চাগৈ বাগৰি বাগৰি হাঁহিছিলে মোৰ সিংহৰ দুৰ্গতি দেখি৷ তাতকৈ লিখি থৈ আহিব লাগিছিলে, কিবা জোক মনত পৰা কাৰণেহে সি হাঁহি আছিলে৷

☆ ★ ☆ ★ ☆

4 Comments

  • Pranita Goswami

    হাঃ হাঃ, পুষ্টিহীনতাত ভোগি ডাইনচল আৰু হাঁহি থকা সিংহ বহুতে আঁকিব নোৱাৰে কিন্তু।
    বিৰাট হাঁহিলোঁ।

    Reply
  • জ্যোতিৰ্ময়

    কি ফাল্টু ৰে ???

    Reply
  • ৰিণ্টু

    কাকতী, তামাম লিখিলা দেই।

    বঢ়িয়া লাগিল

    Reply
  • Barbie Punnag

    আমাৰ স্কুলতো যদি আম এটা আঁকিব কওঁ তেন্তে গোল এটা আঁকি তলত আম বুলি লিখি থৈ আহে ..বচ হৈ গ’ল আম?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *