ফটাঢোল

ৰংমিলীৰ মিচিকিয়া হাঁহি- মৌচুমী হাজৰিকা

: মিলী! মিলী ঔ! হ’ল নে তোৰ। হঞে, শুনিছনে মিলী ঔ। ইমান দেৰি লাগেনে বাৰু? ৰাইজখন আহিলেই চাগে ঐ! মিলী! মিলী….

: ঐ মিলী! জুলী ঐ! ঐ পাহি কপৌফুল লাগে যদি বিহুৱান এখন এখন লৈ আহিবি হ’লে! নহ’লে নেপাৱ কিন্তু দেই!

বুলি উকিয়াই থৈ যোৱা মাতটো শুনি বুকুখন যেন ধুক কৈ গল ৰংমিলীৰ! উস্‌! হয় সেয়া যে ৰংমন! তাইৰ ৰংমন!
শোৱা কোঠাৰ সৰু বাঁহৰ খিৰিকীখনৰ চিল্ক কাপোৰৰ পৰ্দাখনৰ চুক এটা দাঙি ডিঙিটো উজাই চালে তাই। চাইকেল লৈ পাৰ হৈ যোৱা ল’ৰাৰ জাকটোৰ পৰা কেৱল পিঠিখনৰ সৈতেহে দেখা পালে তাই ৰংমনক৷ তাৰ বহল পিঠিখনলৈ চাই চাই তাইৰ বুকুখনৰ পৰা ৰৈ ৰৈ মিঠা বিষৰ অনুভৱ এটিয়ে পেটলৈ কৰা গতিটো খুব সন্তৰ্পণে অনুভৱ কৰিলে।

: মিলী ঐ কুঁৱা পাৰতে মোৰ চাদৰখনৰ সৈতে দেউতাৰৰ বনিয়ানটো আৰু ধুতিখন আছিল। আজি মাহ-হালধিৰে গা-ধোৱা কাৰণে গোটেই হালধি হালধি হল অ’। খাৰ চাবোন অকণ দিয়ে ধুই দিবিচোন আই। দেউতাৰ গ’লেই।  মই নামঘৰলে যাওঁ৷ বছৰৰ বিহুটোত প্ৰভুৰ আশীৰ্বাদ অকণ নহ’লে মোৰ যে মনটোৱেই যে বেয়া লাগি থাকিব অ’ আইজনী।
বুলি মাকে মূৰটো আঁচুৰি আঁচুৰি কোৱা কথাখিনিয়ে ৰংমিলীৰ অলপ আগৰ উচাহত যতি পেলালে।

: হ’ব তই যা৷ মই কৰিম বাৰু৷ তাৰ পিছত মই বিহু অকণ নাচিবলৈ যাম নে আই? জুলী, পাহি, পখিলাহঁতো যাব। ময়ো যাম দে না আই!

মাকৰ ডিঙিটোত সাৱটি কোৱা আব্দাৰখিনি না কৰিব নোৱাৰিলে মাকে।

: যাবি বাৰু! বাকী কিজনী যায় যদি। কিন্তু বেলি পাতত বহাৰ আগতে ঘৰ পাবহি লাগিব দেইবা। সেইটো হ’লে মনত ৰাখিবি। নহ’লে পিতাৰক জানই নহয় আই।

বুলি মাক নামঘৰলৈ ওলাই গ’ল।

ৰংমিলীয়েও বিহু এফাঁকি গুণগুণাই কালিয়ে লগাই থোৱা হাতৰ জেতুকাখিনি গুন্ধি গুন্ধি কুঁৱাৰ পাৰলৈ গ’ল। কাপোৰখিনি ধুই অতাই মেলি তাই চাফাকৈ গাটো আকৌ এবাৰ ধুলে। বহাগ মহীয়া গুপ-গুপীয়া গৰম এটাই পৰিছে। কাপোৰখিনি ধোওঁতেই তাই ঘামি আজৰি হ’ল। গাটো ধুই তাই এইবাৰ শোৱা কোঠালৈ আহি মাকৰ ট্ৰাংকটো খুলি ল’লে। বাচি বাচি মাকৰ লগতে তায়ো বোৱা ৰঙা ফুল বচা মূগাৰ মেখেলাখন আৰু মামাকৰ ঘৰৰ আইতাকে তাইক নোৱাই তোলনি বিয়াত দিয়া হাতে বোৱা মূগাৰ ৰিহাখন উলিয়াই ল’লে। ৰঙা ব্লাউজটোও উলিয়াই তাই ট্ৰাংকটোৰ তলাটো মাৰিবলৈ বাৰু তাই নাপাহৰিলে। ৰাতি পুৱাই খাৰ পানীৰে ধুই থোৱা দীঘল চুলিটাৰি মেলিহে তাইৰ গৰমত ছাটি ফুটি লাগিল। ফণিখনেৰে জট ভাঙি ভাঙি তাইৰ ভাগৰেই লাগি গ’লগে। আঁতি আঁতি খোপাটো বান্ধিহে শান্তি পালে তাই। হাত ভৰিকেইখন আজি যে সোণালীমুৱা হৈ আছে। মাহ হালধীৰে পিহি পিহি ধোৱা গাটো  মাহ বটাখিনিয়ে নিমজ কৰি থৈছে। মাকৰ হিমানী ক্ৰীমৰ টেমাটোৰ পৰা ক্ৰীম অকণ সানি হাতটো গুন্ধি চালে এবাৰ তাই। মাকৰ গাৰ সুগন্ধিয়ে অকণমান আতুৰ কৰি তুলিলে তাইক। এইবাৰ  মাকৰ সেন্দুৰৰ টেমাটোৰ পৰা সেন্দুৰ অকণ হাতত লৈ তেল এটোপ দি অলপ তেলেতীয়া কৰি ডাঙৰকৈ ৰঙা ফোঁট এটা লৈ নিজকে আইনাখনলৈ চাই  কিয় জানো তাইৰ লাজ এটা লাগি আহিল। মিচিক কৈ হাঁহি এটাও ওলাই আহিল। এইবাৰ তাই সন্তপৰ্ণে তাইৰ সৰু ভেনিটি বেগটোৰ পৰা হাতৰ মুঠিতেই ৰঙা টেমা এটা উলিয়ালে।

: এইটো ল।

: কি এইটো?

: ওঁঠত ঘঁহা ৰং। চহৰৰ ছোৱালীবোৰে ঘঁহা দেখিছোঁ। বৰ ধুনীয়া লাগে।

: তুমি চহৰলৈ দোকানৰ বস্তু আনিবলৈ যোৱানে ছোৱালী চাবলৈ যোৱা। ইমান ধুনীয়া দেখিবলৈ?

কপট খং এটাৰে তাই মুখ ওন্দোলাইছিল।

গাঁৱৰ একমাত্ৰ মেট্ৰিক পাছ ৰংমনে গাঁৱতেই তাৰ ঘৰৰ মুখতে দোকান এখন দি আকালো নাই ভঁৰালো নাইকে চলি আছে। ঘৰত সি, মাক আৰু ককায়েক। ককায়েকে বিয়া পাতিলে আৰু বেলি। ভতিজা এটিও হৈছে।

: ধেই! কেনে কৰে চা এইজনীয়ে। তাই ভাল পাওক বুলিয়ে আনি দিওঁ ইটো সিটো। তাইৰ আকৌ ঠেহেই নুগুচে। চাওঁ গুচ। নালাগে সানিব যা। মই পাহীকে দি দিম এইটো।

সিও অলপ চুপতি মাৰিছিল তাইক জোকাবলৈকে। এইবাৰ তাই চকুলো ওলাইছিল।

: কেলেই তেনেকৈ কোৱা বাৰু।

বুলি তাৰ হাতৰ পৰা আজুৰি লৈছিল সুশীল মালতীৰ টেমাটো। তাইৰ পুটুক পুটুক ওলোৱা চকু পানীখিনিয়ে সকলো গলাই পেলাই ৰংমনৰ। তাইৰ হাতখনত ধৰি মুখখন বুকুৰ মাজলৈ লৈ গৈছিল সি৷ ছয় ফুটীয়া ওখ বহল বুকুখনত সোমাই পোৱা তাৰ পুৰুষত্বৰ নিৰাপত্তাৰ সুঘ্ৰাণটোৱে যে তাইক বলিয়া কৰি তুলিছিল। কিন্তু ৰংমন সদায় সংযম….

টেমাটো উলিয়াই কথাখিনি মনত পৰি লাজত বগা গাল দুখন আকৌ ৰঙা গুলপীয়া হৈ উঠিল তাইৰ। আইনা চাই ওঁঠত টিকটিকীয়াকৈ সুশীল মালতী অলপ সানি ল’লে তাই। এইবাৰ যে তাই সঁচাকৈ সুন্দৰী হৈ উঠিল। তেনেতে বাহিৰত পখিলাৰ মাত শুনি তাই ৰংমনলৈ বুলি নিজে বোৱা বিহুৱানখন হাতৰ মুঠিতে লৈ বিহু নাচিবলৈ লৱৰি ওলাই গ’ল। যাওঁতে অৱশ্যে দুৱাৰত দাং ডাল আঁতি আঁতি বান্ধি থৈ গ’ল। গাঁৱত সঁচাৰ কাঠি দূৰৰ চহৰলৈ গ’লেহে লগোৱা হয়৷

ৰংমিলীহঁত পথাৰৰ মাজতেই থকা আঁহত জোপাৰ তল পায়গৈ মানে বেলি মূৰৰ ওপৰ পাবলৈ এপৰ মানহে আছিল। দিনত ছোৱালীখিনিয়ে অকলে কেৱল টকা লৈহে জেং বিহু মাৰে। তালৈ সাধাৰণতে ডেকা বা মতাখিনি নাযায়। সেয়ে বাটতে তাই লৈ ৰৈ আছিল ৰংমন। বাহনিডৰাৰ কাষলৈ গৈ তাই বিহুৱানখন দি এইবাৰ কিয় জানো সেৱা এটি জনাবলৈ মন গ’ল। হাউলি দুইখন ভৰি চুই সেৱাটো জনাওঁতে সিও অলপ আবেগিক হৈ পৰিল। তাইক বাহুত ধৰি ডাঙি ধৰিলে সি।

: কেলেই কৰ এইবোৰ৷ তই মোৰ ভৰিত নহয়। বুকুতহে আছ। ইয়াতেই থাকিবি সদায়েই।

তাৰ বুকুৰ মাজত আকৌ এবাৰ মতলীয়া হৈছিল তাই। তাইক পিছমুৱা কৰি খোপাত কপৌফুল পাহ বান্ধি দিছিল৷ সযতনে। সুলকি নপৰাকৈ।

: যা। নাচি আহ এপাক। মন ভৰাই! হিয়া জুৰাই! মই আছোঁ যা ইয়াতে৷

ইয়াতকৈ আৰু কি লাগে ৰংমিলীক। হেঁপাহেৰে নাচিছিল তাই। টাকুৰী ঘূৰাদি ঘূৰি ঘূৰি নাচিছিল। এনেয়ো তাই এজনী পাকৈত নাচনী বুলি অঞ্চলটোত নামেই আছে।

         অতিকৈ চেনেহৰ মূগাৰে মহুৰা
               তাতোকৈ চেনেহৰ মাকো
                    তাতোকৈ চেনেহৰ বহাগৰ বিহুটি
            নেপাতি কেনেকৈ থাকোঁ!!

           জাকি মাৰি ওলালে মোৱা মাছ এছাটি
                  জাকি মাৰি ওলালে তৰা
                      আমাৰে নাচনী জাকি মাৰি ওলালে
                সমাজৰ মাজৰে পৰা!!

……কৃষ্ণাইৰ মূৰতে বকুল ফুল এজুপি
          গোন্ধে মলে মলাই ঐ
             গোবিন্দাই ৰাম!!

গধূলি অহা গাঁৱৰ মূল হুঁচৰি জোৰাত ৰংমনৰ ঢোলৰ গমগমনীয়ে গোটেই গাঁও ৰজনজনাইছিল৷ ৰংমিলীৰ দেউতাকৰ উথপথপ লাগিছিল।

: হয়নে হঞে শুনিছনে? ৰাইজখন পালেহিয়েই চোতাল। ফটচেনে জলপান মুঠি যোগাৰ কৰ হক ঔ। এইজোৰা  হুঁচৰিৰ আশীৰ্বাদেই বহাগবিহুটিৰ মূল কথা৷

দেউতাকৰ উথপথপত মাক জীয়েকে থৰকাছুটি হেৰুৱাইছিল। গোটেই হুঁচৰিৰ মানুহখিনিক পিঠা জলপান খুৱাই বিহুৱান দি দীঘলকৈ আশীৰ্বাদ এজোলোকা লৈহে বিদায় দিছিল। এয়া যে পৰম্পৰা। বাপতিসাহোন বিহুটিৰ ঐতিহ্য এয়া।

: শুনিছানে তুমি। পিতায়ে মোলৈ দৰা বিচাৰিছে। চহৰৰ। চাকৰি কৰা। গৰমেণ্টত কৰা কেৰাণী। মই কি কৰোঁ মন?

ৰংমিলীয়ে ৰংমনক মৰমতে মন বুলি মাতে।

: কি কৰোঁ মানে? সুধিছ যদি কওঁ৷ বিয়া হৈ যা গৈ।

: কি!! কি ক’লা তুমি। উস! কি ক’লা তুমি আকৌ এবাৰ কোৱাচোন। তাতকৈ মোক বিহ এখিনি দি নতুবা বৰপুখুৰীটোলৈকে ঠেলা এটাকে মাৰি পঠিয়াব লাগিছিল।

চিঞৰি কান্দিব নোৱাৰা কান্দোনত কঁপি কঁপি  তাইৰ মূৰ ঘূৰাই গৈছিলগৈ।

: তেতিয়া হ’লে সুধিছ কিয়? সুধিছ মানে তোৰো মন আছিল চাগে। তই কিয় নকলি যে ঘৰত এনেকুৱা কিবা হৈছে। তুমি মোক কেতিয়া নিবা কোৱা? বুলি নকলি কিয়?

ৰংমনৰ কৌতুকপূৰ্ণ খং!

এইবাৰ মেলেক কৈ বেঙীৰ নিচিনাকৈ হাঁহি এটা মাৰি কুৰুকি কুৰুকি ৰংমনৰ বুকুৰ মাজলৈ সোমাই গৈ দীঘলকৈ উশাহ এটা লৈছিল৷ ইয়াৰ ঠিক পিছৰ বহাগটোলৈ, ৰংমিলী আৰু ৰংমিলী বৰা হৈ নাথাকিল। ৰংমিলী বৰুৱা হৈ ৰংমনৰ ঘৰ শুৱনি কৰিলেগৈ। হওঁতে ৰংমিলীৰ দেউতাকৰ কাণ ছোৱাইছিলগৈ ৰংমনৰ মাকে। চাকৰি এটা নথকা ৰংমনলৈ একেষাৰে নিদিওঁ বুলিলে তেওঁ।

: চাকৰি এটা নাই। খেতি খোলাও সেয়াহে। বছৰটো যেনে তেনেহে যোৱা দেখোঁ। দোকানখনেৰে ডাঙৰটোৱেই চলিব নে সৰুটোৱেই চলিব। আপুনি বেয়া নাপাব। মোৰ চাফ চাফ কথা। ছোৱালী মই টনা টনা সংসাৰলৈ দিব নোৱাৰিম।

অলপ আত্ম গৌৰৱত কোৱা কথাখিনিয়ে ৰংমন আৰু মাকৰ সন্মানত বাৰুকৈয়ে আঘাত দিলে। আৰু সেই বেলিৰে মাঘ মাহৰ উৰুকাৰ দিনাই ৰাইজখনে ভোজ ভাত খাই মানে ৰংমনৰ মনৰ কোঠা পোহৰ কৰি থকা ৰংমিলী গৈ তাৰ শুৱনি কোঠাও শুৱনি কৰিলেগৈ৷ মাঘবিহুৰ দিনাই নামঘৰত বিহু বুলি গোট খোৱা ৰাইজখনৰ আগত সেৱা ল’লেগৈ দুয়ো। কিন্তু কথাটোতো সামাজিক নহ’ল। সেয়ে ৰাইজে দণ্ড ভৰিলে ৰংমনৰ পৰিয়ালক। এটি ভোজ ভাত আৰু নামঘৰৰ মাননিৰে দণ্ড মৰিষণ হ’ল ৰংমন-ৰংমিলীৰ। ৰংমনৰ সজ চৰিত্ৰৰ বাবেই ৰাইজে দুয়োকে আশীৰ্বাদ দিলে৷ ইফালে ৰংমিলীৰ দেউতাকে তৰ্জন গৰ্জন কৰি,

: এই জনমত ছোৱালীৰ মুখ নাচাওঁ! যি কষ্ট মোৰ সন্তানে মোক দিলে তায়ো সেই কষ্টই পাওক৷

বুলি খঙৰ ভমকত নক’বলগীয়া কৈ পেলালে। পিছলৈ ক্ষমা কৰিলে যদিও বাপেকৰ শাও যেন তাইৰ গাতে লাগিল। এটি সন্তানে ৰংমিলীৰ কোলা শুৱনি নকৰিলেহি। নানা বেজ জ্ঞানী চিকিৎসা কৰিও সুফল নাপাই এয়া অদৃষ্টৰ লিখন বুলি দুয়ো মানি লৈ ৰংমনৰ ভতিজাহঁতকে নিজৰ সন্তানৰ মৰম সোপাকে ঢালিলে। মাজতে এবাৰ ৰংমিলীয়ে ৰংমনক পুনৰ বিবাহৰ কথা উলিয়াইছিল। ৰংমনে,

: এই সংসাৰেই তেজিম তোৰ ঠাইত বেলেগ আহিলে৷

বুলি এনে ভাবে গৰজিলে যে ৰংমিলী সেইফালেই তেনেই তাপ মাৰিলে। তাৰ মাজতে কিন্তু ৰংমনে ঢোল বাদন নেৰিলে। দুজন ওজাৰ ওচৰলৈ গৈ ঢোলৰ ব্যাকৰণিক তালিমো শিকি আহিলগৈ। আৰু নিজেও আহি গাঁৱৰ সৰু চামটোক ঢোলৰ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিলে। পিছলৈ চহৰলৈও মতা হ’ল ৰংমনক প্ৰশিক্ষণ দিবলৈ। ঢোলৰ ওজা হিচাপে ৰংমনে এদিন শিল্পী পেঞ্চনো পালেগৈ৷

এনেদৰেই এদিন ৰংমন ৰংমিলী ককা আইতাও হ’লহি। ভতিজা নাতিহঁতৰ কলকলনিয়ে দুয়োকে পূৰ্ণতা প্ৰাপ্তিৰ অনুভৱ দিয়ালে।

: ককা ককা! কি ভাবি আছে আপুনি। ব’লক আকৌ।

ভতিজা নাতি বোৱাৰী অৰন্যাৰ মাতত যেন যুগান্তৰৰ পৰা উভটিল ৰংমন বৰুৱা।

: ওহ, নহয় ঔ৷ মানে মই …বাৰু ব’লহক। কিন্তু খুৰীয়েৰৰ ইমান দেৰি লাগিছেনে। বুঢ়ীৰ সাজোন কাচোন বুঢ়ী হৈছে মানে বাঢ়িছে!! হয়নে! হ’লনে তোৰ… মিলী ঐ?

বুলি ভিতৰলৈ চাই ৰিং এটা মাৰিলে ৰংমন বুঢ়াই৷

এইবাৰ অৰন্যাই মাত দিলে,

: ককা, আইতা অথনিয়ে গ’ল। আপুনি কিবা ভাবি আছিল যে তেতিয়াই৷ এতিয়া ব’লক। আইতাই ৰৈ থাকিব পাই তালে গৈ।

বুলি অলপ জোৰ কৰিয়ে ৰংমন বৰুৱাক গাড়ীখনত উঠাই দিলে।

: আও এই দেখোন মই নহ’লে ক’লৈকো নেযায়৷ আজি কেনেকৈ গ’ল!

বুলি গাড়ীত বহিল ককা। বিহু তলি পাইহে যেন হুঁচটো আহিল ৰংমন বৰুৱাৰ।

: অস অস! এইয়া দেখোন…

ইতিমধ্যে মাইকত ঘোষণা আৰম্ভ হৈছিল,

: এইয়া আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ অঞ্চলৰ গৌৰৱ আমাৰ অতিকৈ সন্মানীয় ককা ঢোলৰ ওজা শ্ৰীযুত ৰংমন বৰুৱা দেৱ। তেখেতৰেই প্ৰচেষ্টাত তেখেতৰেই শিল্পী পেঞ্চনৰ এতিয়ালৈকে লাভ কৰা সমুদায় বৰঙনিৰে আজি আমি আমাৰ অঞ্চলৰ সাংস্কৃতিক সামাজিক ভাবে এখন পূৰ্ণাঙ্গ আৰু স্থায়ী মঞ্চ পাবলৈ সক্ষম হৈছোঁহক। এয়া তেখেতৰ শুভ হাতেৰেই আজি আমি এই স্থায়ী মঞ্চৰ শুভাৰম্ভ কৰিবলৈ লৈছোঁ। এয়া তেখেতৰেই জীৱন সঙ্গিনী স্বৰ্গীয়া ৰংমিলী বৰুৱা সোঁৱৰণী সাংস্কৃতিক মঞ্চৰ ষ্টেজত আমাৰ ওজা ককা ৰংমন বৰুৱা৷

যোৱাটো আহিনত সামান্য চেলু এটা লৈয়েই নেদেখা জনৰ ওচৰলৈ গতি কৰা ৰংমিলী ঢুকোৱা এতিয়াও সহজ ভাৱে ল’বই পৰা নাই ৰংমনে। সেয়ে এতিয়াও অলপ বিচলিত হ’লেই পাহৰি পেলাই তেওঁ, ৰংমিলী যে এই সংসাৰত নাই তেওঁৰ সৈতে।

ৰংমিলীৰ আবক্ষ ফটোখনৰ অবগুণ্ঠন আঁতৰ কৰি ৰাইজলৈ বুলি সেৱা জনালে ৰংমনে। ভাষণত অলপ কিবা কৈ তেওঁ পুনৰ ৰংমিলীৰ ওচৰলৈ গ’ল।

: তোৰ ফটো আজিহে দেখিলোঁ মই মিলী। ওচৰত থাকোঁতে কেতিয়াও এনেকৈ চায়ে নেপালোঁ ঐ। এনেনো শুৱনি আছিলিনে ঐ মোৰ মানুহজনী। ৰঙা ফোঁটটিৰে তই দেখোন মোৰ সেই আগৰ মিলীজনীয়ে ঐ। তোৰ হাঁহিটি দেখিয়েই ভূপেনদাই গাইছিল হ’বলা…
          ৰংমিলীৰ হাঁহি হ’ল
            ..চিৰ জ্যোতিষ্মান হে…

তোৰ কথা তই ৰাখিলি। সেন্দুৰ কণেৰে সৈতে যাব পাৰিলেই হয় বোলা তোৰ কথা প্ৰভুৱে ৰাখিলে। সন্তান এটাৰে হাবিয়াস কৰিও তই যে মোৰ ইমান দিনে লগ দিলি তোৰ লগতেই যাব পৰা হ’লেই ভাল পালোঁহেঁতেন। কিন্তু এইখিনি কামো যে কৰিবলগীয়া আছিল ঐ ৰংমিলী। চাচোন ৰাইজখনে এনেনো সন্মান যাঁচিছে আজি তোকে-মোকে। মই আজি বৰ সুখ পাইছোঁ মিলী। তই থাকিলে মোৰ সুখ আৰু দুগুণ হ’লহেঁতেন ঐ। ৰাইজখনক দি মই তোৰ নামটোকে অজৰ অমৰ কৰি থলোঁ৷ তই গ’লি …যা বাৰু। পিচে কেৱল আগলৈকে চাই নেযাবি৷ পিছমুৱাও দিবি। কোনোবাদিনা মইও ওলামগৈ ৰ। তোৰ হাতৰ পোৰা মাছৰ পিটিকা কণ, তোৰ হাতৰ মাটি ডালিৰ ঔ টেঙাখন মই পাহৰিবই পৰা নাই ঐ মিলী। গৈ থাক। গৈ আছোঁ ময়ো৷

মঞ্চতে বহি পৰিল ৰংমন বৰুৱা। ষ্টেজৰ ঠিক সন্মুখৰ সোঁমাজতে ৰংমিলীৰ ৰঙা ফোঁটটিৰে হাঁহিটোৰে সৈতে আবক্ষ ফটোখনে যেন মঞ্চখন পোহৰ কৰি তুলিছিল। ঠিক ৰংমনৰ বুকুখন পোহৰ কৰি তোলাৰ দৰে….মঞ্চৰ পিছফালে আৱহসংগীত বাজি আছিল তেতিয়া। ভূপেন দাৰ কালজয়ী গীতটি…
               …..ৰংমিলীৰ হাঁহি হ’ল
                 ……চিৰ জ্যোতিষ্মান হে
                     …..ডিফু হ’ল তোমাৰে ….

☆ ★ ☆ ★ ☆

2 Comments

  • ৰাজশ্ৰী শৰ্মা

    খুব ভাল লাগিল।

    Reply
  • প্ৰাঞ্জল বৰ্মন

    সুখপাঠ্য

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *