ঈৰ্ষা-মৌচুমী গগৈ
আপুনি কেতিয়াবা কাৰোবাক ঈৰ্ষা কৰি পাইছেনে?
সাধাৰণতে আমি যিমানেই মানুহৰ আগত বুকু ফিন্দাই কওঁ যে,
: আমি আজিলৈকে কাকো ঈৰ্ষা কৰি পোৱা নাই বা কোনো কথাই আমাক ঈৰ্ষান্বিত কৰা নাই, কিন্তু প্ৰকৃততে এই কথাষাৰ কিমানদূৰ সচাঁ বা গ্ৰহণযোগ্য?
ধৰি লওক, আপুনি এতিয়ালৈকে চাকৰিৰ ক্ষেত্ৰখনত নিজৰ নাম লিখিবলৈ সক্ষম হোৱা নাই অৰ্থাৎ নিবনুৱা হৈ আছে৷ এদিন ঘৰত বহি বহি আমনি লগাত লগৰে চাকৰিয়াল বন্ধু এজনৰ খবৰ কৰিবলৈ গ’ল৷ বন্ধুৰ ঘৰৰ গেট খোলাৰ লগে লগে বন্ধুৰ মাক বা দেউতাক কোনোবা এজন ওলাই আহিব৷ আপুনি তেওঁৰ মুখখন ভালদৰে লক্ষ্য কৰিব আৰু ধাৰণা কৰিবলৈ চেষ্টা কৰিব যে সেই মুহূৰ্তত সন্মুখৰ মানুহগৰাকীয়ে আপোনাৰ বিষয়ে কি ভাবিছে, “আহি গ’ল আৰু এই কাম-বন নোহোৱাটো৷ মোৰ ল’ৰাটো যে ইয়াৰ লগত থাকি জহন্নামে নগ’ল৷ কেতিয়া যে ঠিক হ’বি৷” তথাপিও আপুনি ভদ্ৰতাৰ খাতিৰত কৃত্ৰিম হাঁহি এটা পিন্ধি দাঁতকেইটা দেখুৱাব লগা হৈছে আৰু সিগৰাকীয়েও অনিচ্ছাকৃতভাৱে হাঁহি এটা মাৰি আপোনাক ভিতৰলৈ নিমন্ত্ৰণ কৰিব লগা হৈছে৷
এইবাৰ বহা কোঠাত সোমাঁওতেই ভিতৰৰ পৰা ব্যস্ত বন্ধুৰ আগমন। আজিকালি সি কিমান ব্যস্ত, তাৰ অফিচত কিমান কাম কৰিব লগা হয় আদি বিভিন্ন কথাৰে আপোনাৰ কাণ ঘোলা কৰিব৷ ইমান কথাৰ মহলা মাৰিলেও তাৰ মাজতেই আপোনাক তাৰ যোৱা সপ্তাহত হোৱা প্ৰমোচনটোৰ কথা ক’বলৈ কিন্তু নাপাহৰে৷ আপুনি আকৌ এবাৰ বন্ধুক সম্ভাষণ জনাব, যেন বন্ধুৰ ভাল খবৰটো শুনি আপুনিয়েই আটাইতকৈ বেছি সুখী হৈছে৷ অথচ আপোনাৰ মনত এক মুহূৰ্তৰ বাবেও ঈৰ্ষাৰ ভাৱ অহা নাই, নহয়জানো ?
এইবাৰ বন্ধুৰ সুন্দৰী পত্নীয়ে আপোনাৰ বাবে চাহ একাপ আৰু বিস্কুট দুটা লৈ আহিব৷ নিজৰ স্বামীৰ নিবনুৱা বন্ধুক তাতকৈ বেছি দিয়াৰ প্ৰয়োজন অনুভৱ নকৰে৷ এনেই আপোনাৰো বিয়া পতাৰ বয়স নোহোৱা নহয় পিচে কইনা নোপোৱাৰ বাবেই বৰলা উপাধিৰে বিভূষিত হৈ আছে৷ এনেতে আপোনাৰ বন্ধুৰ সৰু ল’ৰাটোৱে কৰবাৰ পৰা খেলি আহি হাতত লাগি থকা লেতেৰাখিনি আপোনাৰ চাৰ্টত মচি আপোনাৰ কোলাত উঠি মোবাইলটো টানিবলৈ লৈছে৷ আপোনাৰ খঙ উঠিলেও বাহিৰত নেদেখুৱাই ল’ৰাটোক মৰম কৰি দেখুৱাব৷ এইবাৰ বন্ধু পত্নীয়ে সুখী দাম্পত্য জীৱনৰ মনোৰম কাহিনী আপোনাৰ আগত ব্যক্ত কৰিব৷ যোৱা মাহত ফুৰিবলৈ যোৱা ফেমিলি ট্ৰিপৰ ফটোবোৰ আনি আপোনাক দেখুৱাব৷ আপুনি ইচ্ছা নাথাকিলেও মুখত হাঁহি এটা লৈ ফটোবোৰ চাই প্ৰশংসা কৰিব লাগিব৷ বন্ধুৱে নতুনকৈ লোৱা গাড়ীখনৰ বিষয়েও আপোনাক কাণ চোৱাব৷ তথাপিও আপোনাৰ মনত এবাৰলৈও ঈৰ্ষাৰ ভাৱ নাহে, নহয়জানো?
ইমানখিনি সহ্য কৰি আহি আপুনি যেতিয়া নিজৰ ঘৰত উপস্থিত হৈ ঘৰৰ মানুহখিনিৰ আগত এই কথাখিনি ক’ব, তেতিয়া আপোনাৰ ঘৰৰ মানুহখিনিৰো প্ৰতিক্ৰিয়া এনে ধৰণৰ হ’ব, “তই কেতিয়াকৈ তাৰ দৰে উপাৰ্জন কৰিবি! অলগৰ্ধ কৰবাৰ৷ তোৰো যদি বিয়াখন হৈ গ’লহেঁতেন, তেন্তে তয়ো আজি দুটামান ল’ৰা-ছোৱালীৰ বাপেক হ’ব পাৰিলিহেঁতেন৷”
এতিয়াও আপুনি ক’ব বিচাৰে নেকি যে আপোনাৰ মনলৈ কেতিয়াও ঈৰ্ষাৰ ভাৱ নাহে?
3:51 pm
হয়, বাস্তৱৰ ছবি এইখন। সুন্দৰ থিম।
9:46 am
সত্য ঘটনা এটাকে উপস্থাপন কৰিছে।