মোৰ অৰ্গেনিক খেতিডৰা- কমলা দাস
ঘৰতে শাক পাচলিৰ খেতি অলপ কৰি ভাল পাওঁ। ফচল ধৰিলে খোৱাতকৈও চাই বেছি ভাল পাওঁ। বতৰৰ খেতি কিবা নহয় কিবা অলপ লগাওঁৱেই। এনেও ঘৰত সাৰ নিদিয়াকৈ কৰা অৰ্গেনিক খেতিৰ ফচল মানৱ দেহৰ কাৰণে উপকাৰী বুলি সচেতন লোকে বহুল ভাবে প্ৰচাৰ কৰি থাকেই দিয়কচোন! তাৰেই অনুপ্ৰাণিত হৈ অৰ্গেনিক খেতি কৰি আছোঁ আৰু!
এবাৰ ভোল লগাইছিলোঁ বুইছেনে। সুন্দৰ দীঘল দীঘল ভোল লগাত মনত বৰ আনন্দ লাগিছিল। নিজে ৰোৱা গছৰ ফল লাগিলে মনটো বৰ ভাল লাগে। সেই বছৰ ভাল ফল পোৱা কাৰণে পিছৰ বছৰতো দুগুণ উৎসাহেৰে লগালোঁ৷ ভোলৰ গছেও প্ৰথমতে লহপহকৈ বাঢ়ি আধাতে মৰকুচিয়া লাগিলেও ফচল দিবলৈ নেৰিলে কিন্তু৷ পিছে সময়ত সেইকিটা চিঙিবলৈ গৈ ইমান যে দুখ লাগিল ঐ! কেইটা যে ভাজ ধৰি কেকোৰা মেকোৰা হৈ মোলৈকে চাই আছে! দেহি ঐ! গালত বৰলে বিন্ধাবোৰ কাটি পেলাই দুআঙুল মান ওলালেও ভাজি খালোঁ। অৰ্গেনিক খেতিৰ যে!
ঘৰৰ ওচৰৰে মানুহ এঘৰে প্ৰতি বাৰে মাকৈ লগায়। দীঘল ওখ পাখ গছবোৰত মাকৈবোৰ লাগি থকা দেখিলে বৰ ভাল লাগে। তাকে দেখি এবাৰ ময়ো লগালোঁ মাকৈখেতি! এমুঠি গুটি সিঁচাৰ পাছত চাৰিজোপা গছ গজিল! মনটো ভাল লাগিল। হওক তেও, চাৰি জোপা হ’লেও গজিছে যে! ভালদৰে লাগিলে কোনে কিমান খাব! সদায় চাই থাকোঁ। পানী দিওঁ! পিছে কিবা নাবাঢ়েহে নাবাঢ়ে! চাওঁতে চাওঁতে এবেগেত মান বাঢ়িল যদিও আৰু নাবাঢ়িবলৈ যেন বিদ্ৰোহ ঘোষণা কৰিলে। পিচে নাবাঢ়িলেও ফল দিয়া গছ যেতিয়া সময়ত ফল দিবই! মোৰ টেপেৰা মাকৈ গছতো বুঢ়া আঙুলিটোৰ সমান মাকৈ ফুলিল গছে প্ৰতি এটাকৈ। গছৰ বদন, ফুলৰ ৰূপ দেখি মনটো টেঙাই গ’ল! তথাপিও তাকেই মাজে মাজে চাই থাকোঁ কিমান বা ডাঙৰ হয় বুলি! মোৰ প্ৰচণ্ড আগ্ৰহক নেওচিব নোৱাৰি মাকৈত গুটি ধৰিলে প্ৰতিটোত তিনি চাৰিটাকৈ। পুৰঠ হোৱাৰ পাছত গোটেই কেইজোপা গছৰ পৰা মুঠ মাকৈ গুটি পালোঁ -১৭ টা! তাকেই সিজাই খালোঁ নিমখ চতিয়াই! ইমান ভৰপুৰ শস্য, নাখাই পাৰোঁনে!
মৰিচাৰ (আমি ডাঠা বুলি কওঁ) চৰ্চৰি খাই খুব ভাল পাওঁ। সদায় কিনি আনিয়েই খাওঁ। সেইবাৰ আকৌ ঘৰতেই লগালোঁ। গোবৰ সাৰ দি গুটি চতিয়াই দিলোঁ। সদায় অলপ অলপ পানী চতিয়াওঁতে নিৰিখি নিৰিখি চাওঁ, গজিলে নেকি বুলি। একো নেদেখি আশাত পুনৰ পানী চতিয়াই গুছি আহোঁ! এনেদৰে প্ৰায় পোন্ধৰ দিন মান চোৱাৰ পাছত চুলিৰ সমান মিহি কিবা দেখা পালোঁ। মনত উৎসাহ আহিল। সেইখিনি এসপ্তাহ পাছত এক আঙুল মানহে বাঢ়িল। কিবাকে দুপতীয়াৰ পৰা তিনিপতীয়া হ’ল। চাৰিপতীয়া নহয় হে নহয়! উৎসাহ কমি আহে। ইফালে যিমান পানী দিলেও মাটি শুকাই খৰখৰীয়া মাৰিলে। আশা বাদ দিলোঁ যি হয় হওক বুলি। এমাহ মান পাছত দেখিলোঁ সেই খিনি চাৰিপতীয়া হৈ মাটিতে ককাই বুলি আছে!
লাউ লগালোঁ। সুন্দৰ চেহেৰাৰে লহপহকৈ বগাই একেবাৰে হেডালি ঢাকি ধৰিলে। অজস্ৰ ফুল ফুলিল। পিচে কলিবোৰ ডাঙৰ হ’বলৈ নৌপাওঁতেই পচি যোৱাৰ ফলত এটাও গোট নৰয়। হিতাকাংখীৰ উপদেশ মতে মাছ ধুৱা পানী দিলোঁ, গুৰিটো ফালিও দিলোঁ! তথাপিও উপকাৰ মানে গোট এটাও নৰ’ল! শেষত অন্য শাকৰ লগত লাউৰ আগবোৰ মিলাই ভাজি খাইহে হেঁপাহ পুৰাইছিলোঁ।
তথাপিও হাৰ নেমানি পুনৰ জলকীয়া পুলি লগাইছিলোঁ কেইটামান। বৰ ধুনীয়া চেহেৰা ধৰি সুন্দৰ কৈ অজস্ৰ ফুল ফুলিল। ভাবিলোঁ ফুল ধৰা মতে লাগিলে এইবাৰ জলকীয়া নিকিনিলেও হ’ব! উৎসাহতে কাষৰ ঘৰৰ পৰা ছাগলীৰ বিষ্ঠা আনিও গুৰিবোৰত দিলোঁ! দুদিনমান পাছত দেখা পালোঁ ফুলবোৰ হালধীয়া ৰঙ ধৰি এটা দুটাকৈ সৰি পৰিবলৈ ধৰিছে। পাতবোৰৰ তলফালে ক’লা ক’লা চাহি পোকেও ধৰিছে। এজনে ক’লে ফুটচাই চতিয়াবলৈ। চতিয়ালোঁ! কেইদিনমান পাছত ফুলে পাতে সকলোবোৰ শুকাই সৰি পৰি লঠঙা গা-গজডাল ওলাই থাকিল। কোন বিধ সাৰ বেছি হ’ল বুজিয়েই নাপালোঁ।
এইদৰে কৰি আছোঁ আৰু মোৰ অৰ্গেনিক খেতি খোলা। সেই বুলি সকলোবোৰ বেয়াই হৈ নাযায় দেই। এয়া দুই এবিধৰ কথাহে কৈছোঁ। বাকীবোৰ পাচলি নদন, বদন হৈ ফচল উৎপন্ন কৰি আমাক বহুতো খুৱাইছেও।
☆ ★ ☆ ★ ☆
6:53 pm
খুব ভাল লাগিল মাহী আপোনাৰ অৰ্গেনিক খেতিডৰা।
7:15 pm
একদম বাস্তবৱ কথা লিখিলে। বৰ ভাল লাগিল, সহমৰ্মী। এইবাৰ পিছে লকডাওনৰ সুবিধাত স্কোৱাছ আৰু ভাতকেৰেলা দুজোপা ডাল পাত মেলাই হে এৰিছো, গুটি কি লাগে নেজানো আৰু
2:29 pm
একদম আমাৰ ঘৰৰ বাৰীখনলৈ মনত পৰি গ’ল। কোনোবা এবছৰ গছডালহে লহপহকৈ বাঢ়ে।