জানমনি তোমাৰ বাবে- ৰীতা লীনা সোণোৱাল
আজিকালি মা সলনি হৈছে। পুৱাৰপৰা গধূলিলৈকে মোৰ লগত লাগি নাথাকে আগৰ দৰে। মোৰ মনটো বেয়া লাগি যায়। কি হৈছে বাৰু মাৰ? আজি শুই উঠিয়েই চকুদুটা মোহাৰি দেখিছোঁ, মা একদম ফিটফাট হৈ ক’ৰবালৈ ওলাইছে। মাৰ তিতি থকা চুলিখিনিৰপৰা সুগন্ধি আহি নাকত লগাত হাঁচি দুটা মাৰি দিলোঁ। মা ভয় খাই উঠিল। কপালখন চুই সুধিছে, “কি হৈছে অ’ জানমনি?” মোৰ বয়সে পয়ত্ৰিশ পাৰ কৰিলে, তথাপিও মায়ে মোক এতিয়াও জানমনি বুলি মাতে। সেইলৈ যে মই খুৰা খুৰী, মাহী পেহীহঁতৰপৰা কিমান কথা শুনিব লগীয়া হয়! কোনে বুজিব মোৰ দুখ? যিবা এজনী মৰমী মা আছিল, সেয়াও আজি মোৰ পৰা যেন দূৰ হৈ গৈ আছে? কথাষাৰ ভাবি মোৰ চকুদুটা সেমেকি উঠিল। তথাপিও মাক লাহেকৈ এবাৰ সুধিলোঁ, “ক’লৈ যোৱা মা? ”
“ৰাজ আংকলৰ তালৈ যাওঁ। ”
হটকেছ এটা দেখুৱালে। “আলু পৰঠা বনাইছিলো, ৰাজ আংকলকো দি আহোঁ”। – মায়ে পটাপট দুৱাৰখন খুলি ওলাই গ’ল। মা ওলাই যোৱাৰ লগে লগে ময়ো পাছে পাছে দৌৰ মাৰিলো।
“মা ময়ো যাওঁ তোমাৰ লগত।” – মাৰ চকুৰ সন্মুখত যেন আকাশখনহে খহি পৰিল।
“কি সৰু ছোৱালীৰ নিচিনা ময়ো যাওঁ, ময়ো যাওঁ কৰিছ? মুখখন ধুলি নে শুই উঠি? ব্ৰাছ কৰি ল যা।”
মুখখন সেমেনা সেমেনি কৰি মাৰ ওচৰৰপৰা উলটি আহিলোঁ। আচলতে মায়ে ৰাজ আংকলৰ কথা ক’লেই মোৰ চিন্তা বাঢ়ি যায়। মানুহজন দিনে দিনে মোৰ দেখিবলৈ মন নোযোৱা হৈ আহিছে। এই মানুহজনে মাক মোৰ কাষৰপৰা কাঢ়ি নিব নেকি? ডাঙৰ মামায়ে লৈ আহিছিল ৰাজ আংকলক আমাৰ ঘৰলৈ। তেওঁৰ পুৰণা ঘৰটো ভাঙি নতুনকৈ ঘৰ সাজি আছে। সেয়েহে আমাৰ তলৰ মহলাত থকা ভাৰাঘৰটোলৈ তেওঁক লৈ আহিছিল মামাই। এজন মানুহ থাকিবলৈনো ইমান ডাঙৰ ঘৰ এটা কিয় লাগে? মই ভাবি পাৰ নাপাওঁ। মাকো কওঁ, “এজন মানুহ থাকিবলৈ ইমান ডাঙৰ ঘৰ এটা কিয় লাগে মা? তাতকৈ পৰিয়াল এটাকে দিব পাৰিলা হয়”। মা মনে মনে থাকে। ডাঙৰ মামাৰ চিনাকি মানুহ।
আজিকালি মন চন বেয়া লাগি থকা হৈছে। অফিচত থকা সময়খিনিও চিন্তাত থাকো। লগৰবোৰে মোক দেখি আচৰিত হৈ যায়। মোক সিহঁতে কেতিয়াও ইমান চিন্তাক্লিষ্ট অৱস্থাত দেখিয়ে পোৱা নাই। আজিলৈকে মই প্ৰেমত পৰা কি, ল’ৰা এটাৰ চকুলৈ চায়ো ভালকৈ কথা এটা ক’বলৈ নিশিকিলো। যিকেইটা লগৰ আছিল সিহঁতেও সদায় মোক সিহঁতৰে লগৰ এটা বুলিয়ে ভাবিলে। এতিয়া এই বয়সত মই, মোৰ মাৰ প্ৰেম কাহিনী শুনাই কাৰ ওচৰত হাঁহিয়াতৰ পাত্ৰ হ’বলৈ যাম? ভগৱান মোক মাৰি নিনিয়া কিয়!
দাঁত ঘঁহি থকা ব্ৰাছডাল হাতৰপৰা সৰি পৰিল। সেইখিনি সময়তে মা আহি বেচিনৰ কাষত ৰ’লহি।
“জানমনি, সচাঁকৈয়ে গা বেয়া নেকি তোৰ?”
মা ব্যস্ত হৈ পৰিল মোৰ লগত। ময়ো মিছাকৈয়ে কৈ দিলোঁ – “উম্ বেয়া লাগিছে অলপ।”
যি হ’লেও মাৰ মই একেটিয়ে সন্তান। দেউতাৰ প্ৰতিচ্ছবিখনো বুকুৰ মাজত ধোঁৱা ধোঁৱাকৈহে কঢ়িয়াই লৈ ফুৰিছোঁ। দেউতা ঢুকুৱাৰ পাছত মোৰ মায়ে গাত টোপ এটা পৰিবলৈ নিদিয়াকৈ ডাঙৰ কৰিছে।
“ওটচ্ খিনি গৰমে গৰমে খাই লহি আহ।” – মায়ে খাবলৈ মাতিলে। আজিও ওটচ্! লোকে দেওবাৰৰ দিনটোত বন্ধবাৰ বুলিয়েই কিমান স্পেচিয়েল খাবলৈ পায় আৰু মই সেই বিজলুৱা ওটচ্ সোপা খাই মৰিব লাগে। ৰাজ আংকললৈ আকৌ আলু পৰঠা আৰু মোলৈ ওটচ্! খং উঠি আহিছিল যদিও নক’লো একো। নহ’লে মায়ে দুঘণ্টামান মোৰ সুগোল চেহেৰাটোৰ ওপৰত লেকচাৰ দিব। এই আধুনিক যুগতো ইমান ডাঙৰ মহানগৰী এখনত থাকি আজিলৈকে যে ল’ৰা এটা ঠিক কৰিব নোৱাৰিলো সেই বিষয়ে সবিস্তাৰে নিন্দা কৰিব। মনতে ভাবো, “হুহ্ ল’ৰা ঠিক কৰাতোনো কি ইমান টান কাম? এই বিষয়ত মোৰ একো ৰাপো নাই দেখিহে।” বিন্দাচ খাইছোঁ, শুইছোঁ, অফিচলৈ গৈছোঁ, মন গৈছে ক’ৰবালৈ ওলাই গৈছোঁ, ইয়াৰ পাছতো কোনে আৰু বন্দী জীৱন এটা আঁকোৱালি ল’ব বিচাৰিব? এয়া মোৰ লজিক। কিন্তু মা, আইতা, খুৰা-খুৰী, মামা-মামী, মাহী-পেহীহঁতৰ লজিক বেলেগ। তেওঁলোকৰ মতে বিয়া হ’বই লাগিব৷ নহ’লে মোৰ ভাগৰ স্বৰ্গৰ জেগাটুকুৰা বেলেগে লৈ ল’ব। স্বৰ্গত জেগা আছে বুলি ক’লে মনটো অলপ দুৰ্বল হৈ নোযোৱা নহয়। পিছে লগৰবোৰৰ বিয়া পতাৰ পাছৰ অৱস্থা দেখি মনটো কোঁচ খাইয়ো যায়। হ’লেও লগৰ বিয়া পতাবোৰক আজিকালি আমাৰ ঘৰলৈ আহিবলৈ মানা কৰি দিছোঁ। সিহঁত আহিলে মই পাছৰ তিনিদিনমানলৈ মাৰপৰা কৰ্কথনা শুনিব লাগে। বোলে লগৰ ছোৱালীয়ে নিজৰ ল’ৰা ছোৱালীক স্কুললৈ টিফিন বনাই পঠিয়াব পৰা হ’ল আৰু মই তোলৈ টিফিন বনাই অফিচলৈ পঠিয়াব লাগে।
মাৰ কথা শুনি কাণ ঘোলা হৈ যোৱাৰ পাছত দুমাহমান হ’ল জিম জইন কৰিছোঁ। অফিচৰপৰা আহিয়েই জিমলৈ যাওঁ। জিমৰ প্ৰশিক্ষকজন সাধাৰণ মানুহ নহয় যেন ডব্লিউ ডব্লিউ এফৰ ৰিঙৰপৰা ডাইৰেক্ট নামি অহা যোদ্ধাজনহে। সকলোতে এনেকৈ কঠোৰ হ’লে কি মানুহৰ জীৱন চলে? তাতে ভূতৰ ওপৰত দানহ পৰাদি ৰাজ আংকল আহিল। অফিচৰপৰা ঘূৰি আহি কেতিয়াবা দেখো ৰাজ আংকল বহি মাৰ লগত কথাৰ মহলা মাৰি আছে। ফুচফুচাই মাক কিবা মন্ত্ৰণা দি থকা যেন লাগে। ৰাজ আংকলৰ বয়স প্ৰায় সত্তৰৰ ওচৰা ওচৰি। কিন্তু এতিয়াও পঞ্চাশ বছৰীয়াজন যেন হৈ আছে। চুলিবোৰ বগা যদিও মুখৰ পকা ঠেকেৰাৰ দৰে ৰংটোৱে সোণত সুৱগাহে চৰাইছে। চেহেৰাটোও ওখ হটঙা। বিয়াও নাপাতিলে। হ’লেও এই বয়সত প্ৰেমত পৰিবলৈ মোৰ মাকহে পালে নে? মোৰ মা সহজতে গলি যোৱা মানুহ নহয়। দেউতা ঢুকুৱাৰ সময়ত মাৰ বয়স হেনো মাথোঁ পঁচিশহে আছিল। মই থকা স্বত্বেও বহু মানুহে মাক বিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু মায়ে মোক লৈ অকলশৰেই থাকিল। কি যে ধুনীয়া মোৰ মা! আইতাৰ মতে মই যদি মাৰ আধাখিনি গুণো পালো হয় তেন্তে ইমান দিনলৈ বুঢ়ী কেঁচুৱা হৈ থাকিব নালাগিল হয়। আইতাৰ মতে মই বুঢ়ী কেঁচুৱা। মামাহঁতৰ ঘৰলৈ থকাকৈ গ’লে আইতাই এতিয়াও মাক সোধে, “উষা, বুঢ়ী কেঁচুৱা তোৰ লগতেই শুব নে? ” আইতাই ভাবে মায়ে লাই দি মোক নষ্ট কৰিলে। কাম এখনো ভালকৈ কৰিবলৈ নিশিকিলি বুলি আইতাহঁতৰ তালৈ গ’লেই মোক গালি পাৰে।
মোক কিবা বেয়াকৈ ক’লে আগতে মাৰ মনটোও মৰি গৈছিল। কিন্তু ৰাজ আংকল অহাৰপৰাই আইতা, মামাহঁতে কিবা ক’লে মায়েও লগত সহযোগহে কৰা হ’ল। মায়ে প্ৰথমতে মোক দিয়া খাদ্যৰ পৰিমাণটো কমাই দিলে। তাৰপাছত জিমত নামভৰ্তি। ৰাতি নিজৰ খোৱাখিনি নিজেই ৰান্ধি খাব লাগিব। কামকৰা মানুহজনীক মোৰ কাপোৰ ধুবলৈ মানা কৰি দিলে। মাহত এবাৰ পাৰ্লাৰলৈ গৈ ফেচিয়েল কৰিব লাগিব। মোৰ মেগীৰ নিচিনা চুলিখিনি লাডু লাডুকৈ নথৈ আঁচুৰি চিজিলকৈ বান্ধি থ’ব লাগিব ইত্যাদি এশ এটা চৰ্ত বান্ধি দিলে। এইবোৰে মোক জলাকলা খুৱাইছে। আগতে চুলিখিনি লাডু কৰি ওপৰত খোপা এটা বান্ধি থওঁ। একোতো বেয়া দেখা নাছিল। ওলোটাই সদায় খুৰীয়ে মোক নুদুকা পুতলা বুলি মাতিছিল। এতিয়া অলপ খীনাইছো কিন্তু মুখৰ সেই কিউটনেচ যেন নাইকিয়া হৈ গ’ল। মানুহবোৰেনো কি বুজিব সদায় আধাপেটিকৈ থাকি ফিগাৰ মেইনটেইন কৰাৰ বেদনা কিমান!
এইকেইদিন কৰ’ণা জ্বৰে পৃথিৱীখন কঁপাইছে। মোৰ প্ৰাইভেট কোম্পানীৰ চাকৰি। কাইলৈৰপৰা আমাকো ঘৰৰপৰাই কাম কৰিবলৈ দিছে। চেনিটাইজাৰেৰে হাতখন মচি ভিতৰ সোমাইছো, দেখিলো ৰাজ আংকল বহি আছে। লগত ল’ৰা এজন। ল’ৰা বুলিলে ঠিক হ’ব নে নাই ক’ব নোৱাৰোঁ। কিন্তু যৌৱনৰ বিয়লি বেলাত যে আহি উপস্থিত হৈছেহি বুজিব পাৰি। দেখিবলৈ ৰাজ আংকলৰ কাৰ্বন কপি যেন লাগিল। চুলিখিনি ৰাজ আংকলৰ দৰে পূৰা বগা নহয়। ক’লা আৰু বগা, যাক আধুনিক ভাষাত চল্ট এণ্ড পেপাৰ লুকচ্ বুলি কয়। মায়ে বৰ আতৌ পিতৌকৈ চাহেৰে আপায়্যন কৰি আছিল। অচিনাকি মানুহ এজন দেখিয়েই মূৰটো টিঙিচকৈ মাৰিল। চৰকাৰে মানুহক সজাগ কৰি কৰি তত্ পোৱা নাই, পাব্লিক দিচটেন্সিং বুজাই বুজাই তত্ পোৱা নাই, এওঁলোক আকৌ আলহী খাবলৈ আহি লেকেটা লাগি বহি আছেহি। মায়ে মোক দেখি ওচৰলৈ মাতিলে, “জানমনি আহ আলহীৰ লগত চিনাকি কৰি দিওঁ।” মই হেহু নেহু কৈ কাষ চাপি গ’লো। মাক এবাৰ লাহেকৈ ক’লো, “গাটো ধুই আহো নেকি।”
মায়ে বুলে, “ধুবি ৰহ। আংকলহঁতে তোৰ কাৰণেই ৰৈ আছিল। এইয়া আংকলৰ ভতিজা ল’ৰা অৰুণ, দিল্লীত থাকে।”
“কি ক’লে! এওঁ দিল্লীৰপৰা আহিছে! কৰ’ণাৰ কথা গম পোৱা নাই নেকি? ”
মই ৰুমালেৰে মুখখন লাহেকৈ ঢাকি ল’লো। মোৰ কাণ্ড দেখি মা অবাক। ৰাজ আংকলৰ ভতিজায়ে লাহেকৈ ক’লে, “মই ইয়ালৈ অহা এমাহৰো ওপৰ হ’ল। জ্বৰ চৰ তেনেকৈ নাই। ঘৰ সজাৰ কাম চাবলৈ আহিছিলো। আমি মানে ঘৰৰ লগতে বৃদ্ধাশ্ৰম এখন গঢ়াৰ কথাও ভাবিছোঁ। সেয়েহে মই ঘৰ সজা জেগাতেই ৰুম দুটা ঠিক কৰি লৈ তাতেই থাকোঁ। আজি খুৰাৰ তালৈ আহোতে আপোনালোকৰ ঘৰলৈ লৈ আহিল। বৰ ভাল লাগিল আপোনাক লগ পাই। আপুনি সচেতন নাগৰিক।”
মোৰ মুখৰ ৰুমালখন মনে মনে হাতৰ মুঠিত সোমাল। মুখত বেঙা হাঁহি এটা লৈ বহু দেৰি ঠাইতে ৰৈ থাকিলোঁ। মায়ে ক’লে, “গা ধুম বুলি কৈছিলি নহয়, ধু গৈ যা।” মাৰ মাতটো অন্য দিনতকৈ কঠোৰ। মই সেমেনা সেমেনিকৈ, “আপোনালোক বহকচোন দেই” বুলি আঁতৰি আহিলোঁ।
ৰাতি মাৰ আগত বৰকৈ লেনচেলাই থাকিবলৈ ভয় লাগিল। নিজেই পাকঘৰলৈ গৈ, মা আৰু মোৰ কাৰণে ৰুটি চাৰিখন আৰু দাইল ভাজি ৰান্ধিলো। মাক খাবলৈ মাতিবলৈ যাওঁতে পাছফালৰপৰা মনে মনে শুনিলো, মায়ে কাৰোবাক ফোনত কৈ আছে, “ৰাজদাৰ যে ভতিজা ল’ৰা অৰুণ, সি জানমনিক পচন্দ কৰিছে অ’।”
বিহুলৈ বেছিদিন নাই। মায়ে কথা পাতি থকা ৰুমৰ টিভিটোত কোনোবা এটা অসমীয়া চেনেলত লাগি আছিল, “জানমনি তোমাৰ বাবে… ”
☆ ★ ☆ ★ ☆