ফটাঢোল

নীলপৰী নীলাঞ্জনা- বৰ্ণালী এছ মুদৈ

হাইয়াৰ চেকেণ্ডৰী পঢ়ি থকা সময়তে ফেচবুকত ‘নীলপৰী নীলাঞ্জনা’ আই.ডিৰ এজনী জুনিয়ৰ ভণ্টিৰ লগত প্রায়ে কথা হৈছিল। ৰাতিৰ সাঁজ খোৱাৰ পাছত তাই নিজেই মোক মেচেজ কৰিছিল। তাই কথাবোৰৰ মাজত অধিকাংশই প্রশ্ন থাকে, সেইবোৰ আকৌ মেকআপ, ড্রেচ আপ সম্পর্কে।

“আচ্ছা বা, কোন ব্রেণ্ডৰ লিপষ্টিক ভাল? বা, পিংক কালাৰ কাপোৰ ধুনীয়া লাগে নে  ব্লু কালাৰ? হাই হিল চেণ্ডেলে মোক ভাল লাগিব নে বা?”

যদিও সেইবোৰৰ সম্পর্কে মোৰ তেনে কোনো বিশেষ ধাৰণা নাছিল তথাপিও তাইক সৰু সুৰা ছাজেষ্ট কৰি দিছিলোঁ, আফটাৰ অল ভণ্টি বুলি কথা এটা আছে।

এদিন ৰাতি শুবলৈ আহি মবাইল ফোনটো হাতত লৈ দেখোঁ তাইৰ মেচেজ! লিখিছে,

: বা তোমাক এটা পাৰ্চনেল কোয়েশ্চন কৰো নে?

মই চিন্তাত পৰি গ’লোঁ, ছোৱালীজনীয়ে আকৌ কি বা পাৰ্চনেল কোয়েশ্চন কৰিব? অলপ ভাবি ক’লোঁ,

: ওকে, কৰা।

 : বা, তোমাৰ কোনোবা বি.এফ আছেনে?

দ্বিতীয়বাৰৰ বাবে চিন্তাত পৰিলোঁ। মলয়ৰ সৈতে সম্পর্কৰ কথাটো এতিয়াও তেনেকৈ কাকো জানোৱাই নাছিলোঁ। তথাপি এই ছোৱালীজনীক জনাব পাৰি।

ক’লোঁ,

: আছে, মলয় নামৰ ল’ৰা এজনৰ লগত ৰিলেশ্চনত আছোঁ৷

: ওৱাও বা! কি কিউট! আচ্ছা কতিয়াৰ পৰা তোমালোকৰ এই সম্পৰ্ক?

: এই তিনিমাহ মান হ’লেই। আশীৰ্বাদ কৰিবা৷

এইকণ লিখি চেণ্ড কৰিছোঁ নে নাই! ঠিক তেতিয়াই যেন মূৰৰ পিছফালে কোনোবাই ঠাঁচ কৈ এটা থাপৰ মাৰিলে। পিছফালে ঘূৰি চাই দেখোঁ মাজু দাদা ৰৈ আছে!

: ও..ও..ও, তোৰ মলয়ৰ লগত তিনিমাহ ধৰি প্ৰেমলীলা? ৰহ আজিয়েই যদি ডাঙৰ দাক কৈ তোৰ ব্যৱস্থা নকৰোঁ চাই থাক? এইবাৰ খেল চা তই!

মাজু দাই খংতে চিঞৰিলেই! মই মাথাটো খজুৱাই খজুৱাই ভাবিলোঁ, সর্বনাশ! ডাঙৰ দাদাই জানিলে কপালত শনিৰ লগতে বাকী সকলো গ্রহৰ দোষো ফ্রিতে লগলগাই দিব এপালি! কিন্তু কথা হ’ল, এই কথাটো কোনোৱে নাজানে! মাজু দাই কেনেকৈ জানিলে? মাজুদাৰ চকুলৈ ভয়ে ভয়ে চালোঁ৷ সি ক’লে,

: ঐ গাধী, ‘নীলপৰী নীলাঞ্জনা’ মোৰেই ফেক আইডি!

: বুজিলোঁ। কিন্তু তুমি ইনবক্সত খালী কচমেটিক্স আৰু ড্রেচআপৰ কথা কিয় সুধি থাকা?

মই সুধিলোঁ।

: আচলতে ‘এঞ্জেল মিতু’ নামৰ আইডি এটাৰ ছোৱালী এজনীৰ লগত কেইদিনমানৰ পৰা ৰিলেশ্চনত আহিছোঁ। ভাবিলোঁ এইবাৰ বিহুৰ বন্ধত তাইক লগ কৰিম আৰু কাপোৰ, কচমেটিক্স গিফ্ট কৰিম। সেইবাবে তোক সেইবোৰ সুধিবলৈকে ফেক আই.ডি খুলিছিলোঁ। মইতো আৰু সেইবোৰ চিনি নাপাওঁ!

মাজু দাৰ কথা শুনি মই পৰি পৰি হাঁহিবলৈ ধৰিলোঁ। হাঁহি আৰু বন্ধ হোৱাৰ নাম নাই! মাজু দা অবাক হৈ গ’ল,

: হাঁহিছ কিয় তই?

: আৰে মাজু দা, ‘এঞ্জেল মিতু’ ডাঙৰ দাৰেই ফেক আইডি! এইবাৰ তুমি খেল চোৱা!

☆ ★ ☆ ★ ☆

7 Comments

  • Someswar Borah

    বঢ়িয়া।তোমাৰ ফেক একাউন্ট কেইটা আছ??

    Reply
  • ৰিমঝিম ৰিমা

    বঢ়িয়া? ভাল লাগিল পঢ়ি..পিছে তোমাৰ ফেক একাউণ্ট খুলি পাইছা নে নাই?

    Reply
  • Anonymous

    ভাল লাগিল।

    Reply
  • ডলী তালুকদাৰ

    বঢ়িয়া ।

    Reply
  • ৰামানুজ জি

    কি কোৱাহে ? হাঃ হাঃ….মজ্জা কাহিনী

    Reply
  • Jyotshna Rani Das

    ভাল জমনি দেই??

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *