বলক আমি যাত্ৰাটো আৰম্ভ কৰোঁঁ- দিম্পল কলিতা
বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে সকলোৱে জ্ঞাত। ঘৰৰ পৰা ওলাই যোৱাটো নিজৰ লগতে পৰিয়ালৰ সকলোৰে বাবে বিপদজনক। সকলো ঠিক হ’লে, সময়বোৰ ভাল হ’লে আমি আকৌ মন খুলি হাঁহিম, মন খুলি ফুৰিম৷ তেতিয়ালৈকে ব’লকচোন মোৰ শব্দৰ মাজেৰে আমি এটা যাত্ৰা আৰম্ভ কৰোঁ৷
“গুৱাহাটীৰ পৰা লামডিং অভিমুখী ** নম্বৰৰ যাত্ৰীবাহী ট্ৰেইনখন চাৰি নম্বৰ প্লেটফৰ্মত ৰৈ আছে৷”
উফ কি যে শুৱলা মাত সেই ঘোষিকাগৰাকীৰ মোৰ মনটো সেই মুহূৰ্তত তেওঁক দৰ্শন কৰাৰ বাবে চঞ্চল৷ চকুৰে বিচাৰিবলৈ চেষ্টা কৰিছোঁ ক’ত আছে সেই মাতৰ গৰাকী। পিছপিনৰ পৰা বিদ্যুৎৰ পৰামৰ্শ,
: টিকট হৈ গ’ল৷ ট্ৰেইন এৰিব এতিয়া ছীট পাম যে সন্দেহ আছে। ব’ল ব’ল সোনকালে৷
বিদ্যুৎলৈ মোৰ প্ৰশ্ন,
: আমি পইচা দি টিকট কাটিছোঁ ভাই গতিকে আমাৰ ছীটত কোন বহিব?
: ২৯ টকাৰ টিকটত তোৰ বাবে জেনেৰেল ডবাত নিজৰ বাবে ছীট ৰিজাৰ্ভ নাথাকে প্ৰভু, ইয়াত দখল কৰি নিজৰ ছীট উলিয়াব লাগিব বুলি কয়৷
বিদ্যুৎ আগুৱাই গ’ল প্লেটফৰ্ম নম্বৰ চাৰিলৈ৷ এইখিনিতে ৰ’ব মোৰ লগৰকেইজনৰ লগত আপোলোকক চিনাকিতো কৰিয়ে দিয়া নাই নহয়। মই দিম্পল, মোৰ সোঁহাতে এয়া বিদ্যুৎ, বাওঁহাতে জিণ্টু আৰু লগত আছে ওখকৈ যে ল’ৰাজন তেওঁ ভাৰ্গব৷ ভাৰ্গব আমাৰ এই যাত্ৰাটোত বৰ বিশেষভাৱে জড়িত নহয় যদিও যিহেতু তাৰ ৰূমতে আমি গৈ থাকিম গতিকে তাৰ নামটো লৈ থোৱাটো একপ্ৰকাৰ ভাল হ’ব। জিণ্টু বিদ্যুৎ মোৰ সৰুকালৰে বন্ধু৷ বন্ধু মানে বৰ সাংঘাতিক বন্ধু বুলিয়েই ক’ব পাৰি। য’তেই তিনিজনৰ প্ৰৱেশ তাতেই হয় কিবা বিপদ, নহয় কিবা ডাঙৰ খেলি মেলি।
বিদ্যুৎ নগাঁও আই টি আইৰ ফাইনেল পৰীক্ষা দি আজৰি হোৱা ছাত্ৰ। বহুতদিন ঘৰত বহি ভাবিলে ৰিজাল্টৰ আগতে নগাঁৱৰ ৰূমতে থকা বস্তু দুই এপদ ঘৰলৈ আনি থোৱা হওক। ভাৰ্গব বিদ্যুৎৰ ৰূম একেটাই আছিল৷ বিদ্যুতে ৰূম এৰাৰ পিছত সি অকলে সেই ৰূমৰ ভাড়াতীয়া। আমাৰ মেইন মানুহ জিণ্টু আকৌ বিদ্যুৎৰ লগতে একেলগে এডমিচন লোৱা ছাত্ৰ নগাঁও আই টি আইত। তিনিমাহমান বৰ কষ্টৰে থাকিলে নগাঁঁৱত। এদিন ৰাতি মাক দেউতাকলৈ বৰকৈ মনত পৰাত পিছদিনা অকলে ঘৰ ওলালেহি। আৰু যি আহিলে তাৰ পিছত নগাঁও অভিমুখে কেতিয়াও নগ’ল।
মোৰ বাবে প্ৰথম আছিল এই যাত্ৰাটোৰ সকলো৷ ট্ৰেইনত এনেকৈ বন্ধুৰ লগত অহা প্ৰথম অভিজ্ঞতা। কিন্তু বিদ্যুৎ আৰু জিণ্টুৰ অভিজ্ঞতাই মোৰ বাবে সাহস আৰু বিন্দাচ আছিল সময়খিনি। গধূলি ৭ মান বজাত হয়বৰগাঁও ষ্টেচনত ট্ৰেইনখন ৰ’ল। বতৰ বৰ এটা ভাল নাছিল। দুই এটোপ বৰষুণ আৰু মিহি বতাহ এজাকে আমাক আদৰণি জনাইছিল। সিহঁতৰ ৰূমলৈ ষ্টেচনৰ পৰা চাৰি কি:মি: দূৰত্বৰ বাট। গতিকে খোজ কাঢ়ি যোৱাৰ সিদ্ধান্ত লৈ আগবাঢ়িলোঁ। অলপ দূৰ আগবাঢ়ি যোৱাৰ পিছত বতৰটোৱে হঠাৎ ৰূপ সলালে। বৰষুণৰ প্ৰকোপ ইমান বাঢ়িল যে আমি ৰৈ দিব পৰাকৈ ঠাই অলপ বিচাৰিবলৈ সময় নাপালোঁ। অলপ দূৰ দৌৰি বন্ধ দোকান এখনৰ বাৰাণ্ডাত চাৰিওটা ৰৈ দিলোঁ। বহুত সময় ৰৈ দিয়াৰ পিছতো বৰষুণৰ খং নকমা দেখি মইয়ে ক’লোঁ,
: এনেকৈ ৰৈ থাকিলে নহ’ব। ন বাজিবৰ হ’ল৷ গৈ ভাত ৰান্ধিবও লাগিব গতিকে আমি পিন্ধি যোৱা ভাল কাপোৰ কেইযোৰ বেগত ভৰাই হাফ পেণ্ট আৰু গেঞ্জীটো পিন্ধি বাকী ৰাস্তা দৌৰিম।
কথা মতেই কাম৷ চাৰিজন অৰ্ধ-উলংগ ল’ৰাক তেনেকৈ ৰাস্তাৰে দৌৰি থকা দৃশ্যটো বাট পথৰ কোনো মানুহে নোচোৱাকৈ নাথাকিল। মাজতে জিণ্টুৰ মুখত বিহু, বিদ্যুৎৰ খালী পানী বটলৰ মিউজিক আৰু মই যেন বৰ বিহুৱতীহে
১০ বাজি গৈছিল৷ ভাড়াঘৰৰ গেটেৰে আমাৰ প্ৰৱেশ। বাৰাণ্ডাত এহাল দম্পত্তি। বিদ্যুতে ফুচফুচাই কৈছিল,
: মালিক মালিকনী। একদম চুপ চাপ থাকিবি। আমি ওচৰ চাপিলোঁ৷ মালিকনীৰ মুখত লাজৰ হাঁহি।
বিদ্যুৎ : খুড়া ভালে আছে। চিনি পাইছে নে মই বিদ্যুৎ৷ বস্তুবোৰ লৈ যাওঁ বুলি আহিছোঁ।
: ইহঁত কোন?
আমালৈ আঙুলিয়াই খঙেৰে মালিকৰ প্ৰশ্ন। বিদ্যুতে আৰম্ভ কৰিলে চিনাকি পৰ্ব,
: খুড়া এইজন জিণ্টু তিনিমাহ যে প্ৰথমে আমাৰ লগত আছিল৷
ভাৰ্গবে লাজ লাজকৈ আগুৱাই আহি নিজে চিনাকিটো দিলে যিটো তাৰ প্ৰয়োজন নাছিল ভয়তে দি দিলে চিনাকি পৰ্ব। বিদ্যুতে মোৰ পিনে দেখুৱাই,
: এইজন মোৰ সৰুকালৰ বন্ধু দিম্পল। নগাঁওখন বোলে দেখাই নাই সেইবাবে ভাবিলোঁ অলপ ফুৰাই লৈ আহোঁ ইয়াক।
: এইখন মই ধৰ্মশালা খুলি থৈছোঁ? যিটি মানুহ আনি ঘৰ সোমোৱাবলৈ। পানী এনেই আহে? সময়ত পইচা দিবলৈ এৰি ঘৰ দৌৰিবি আৰু এতিয়া এনেকৈ আধা নাঙঠ হৈ মোৰ ঘৰলৈ আহিবি? সন্মান আছে মোৰ এই অঞ্চলত৷
মালিকৰ খং৷ মালিকৰ এই কথাবোৰ মোৰ গাত বৰ এটা বিশেষ লগা নাছিল৷ লাগিবনো কিয়, ৰাস্তাত ৰাতি খাবলৈ কিনি অনা ৰুটি আৰু বইল কণীকেইটা কেতিয়া ৰূমত গৈ খাব পাৰোঁ সেইটো চিন্তাই মোৰ মূৰত সেই মুহূৰ্তত। বিদ্যুৎৰ খং আৰু লাজ জিলিকি উঠিছে কপালত। গোটেই ৰাতি মালিকক গালি।
নিশা প্ৰায় ডেৰ বাজিছিল। আমাৰ আড্ডা তেতিয়া গম্ভীৰ৷ দুজনীয়া বিছনাত চাৰিজন মানুহ শুই থাকিবলৈ কিমান কষ্ট সকলোৱে বুজিছে৷ ইফালে ভাৰ্গবৰ ৰূম যেতিয়া সি ৰজাৰ দৰে হাত ভৰি মেলিয়েই টোপনিত লাল কাল। গতিকে কথা পাতি ৰাতিটো পাৰ কৰাৰ বাহিৰে বৰ এটা বিশেষ কাম নাই আমাৰ৷ কষ্ট হ’ব অলপ সেয়া জানো তাতে আকৌ ৰাতিপুৱা শুই উঠি নগাঁও দেখুৱাবলৈ নিব মোক৷
আড্ডাৰ টপিক তেতিয়া ভূতৰ৷ সিহঁতে থকা ৰূমটোৰ কাষৰ ৰূমটোত বোলে কোনোবাই চুইছাইড কৰিছিল৷ আই টি আইৰে ছাত্ৰ আছিল৷ কিবা প্ৰেমৰ খেলি মেলিত ফেনত ওলমি দিছিল৷ আৰু তেতিয়াৰ পৰা সেইটো ৰূম তেনেকৈয়ে বন্ধ হৈ থাকিল। এই কথাটো জিণ্টু থকা সময়ছোৱাত গম পোৱা নাছিল৷ জনা হ’লে সি আৰু আগতে ঘৰ ওলালে হয়, তাৰ কপালৰ ঘামেই কৈছিল৷ দিনটোৰ দৌৰা দৌৰিৰ ভাগৰত কেতিয়া মোৰ টোপনি আহিল গমেই নাপালোঁ। বেৰখনত আউজিয়ে শুই পৰিলোঁ৷
হঠাৎ বিদ্যুৎৰ ফোনৰ ৰিং৷ ৰিংটনটো আছিল, “তুমি দুচকুতে কাজল ল’লে, তুমি দুবাহুতে বাহু থ’লে”৷ সাৰ পালোঁ মই। বিদ্যুতে ফোনটো হাতত লৈ ভাবি আছে কথা কি ইমান ৰাতি মালিকনীৰ ফোন। ৰিচিভ কৰিবলৈ লওঁতে জিণ্টুৰ বাধা। কি হৈছে একো বুজা নাই মই৷ ফোনৰ ৰিংটো সম্পূৰ্ণ বজাৰ পিছত কাট খালে তেতিয়াই জিণ্টুৱে খিড়িকীখনলৈ দেখুৱাই বাওঁ হাতৰ কেঞা আঙুলিটো আমালৈ দেখুৱাই দিলে। বুজিবলৈ বেছি সময় নালাগিল। ভূতৰ কাহিনী প্ৰভাৱে খিৰিকীৰে কামফেৰা কৰিবলৈ বাধ্য কৰালে তাক। আৰু সেই শব্দত মালিকনী সাৰ পালে। ৰাতিয়েই বিদ্যুতৰ জৰুৰীকালীন নিৰ্দেশ৷ সকলো কাপোৰকানি বান্ধি ৰেডী থাকিবলৈ দিলে মালিক মালিকনী উঠাৰ আগতে আমি এই ৰূম এৰিব লাগিব। সেইমৰ্মে আমি ৰেডি যেনেকৈ বোৰ্ডাৰ চিনামেখনৰ শেষ সময়ত জেকী শ্ৰফে পোহৰ হ’লেই ফাইটাৰ প্লেনখন উৰুৱাই যুদ্ধলৈ যাবলৈ ৰাতি পোহৰ হোৱালৈ ৰৈ আছিল আমাৰো সেই একেই অপেক্ষা ৰাতিটো পাৰ কৰাৰ৷ কাৰণ ৰাতিপুৱা উঠি ৰাতিৰ হৈ যোৱা কাণ্ডটোৰ বাবে মালিক- মালিকনী পৰা পাব লগা পুৰস্কাৰ লোৱাৰ হেঁপাহ আমাৰ নাছিল।
ভাৰ্গব এই কাহিনীৰ পৰা বহুত দূৰত। সি টোপনিত তাৰ সপোনৰ ৰাজ্য ঘূৰিছে। ছয় বজাতে আমি গেট খুলি ৰূম ত্যাগ কৰিলোঁ৷ বিদ্যুতে নিজৰ প্ৰয়োজনীয় ঘৰলৈ আনিব লগা বস্তু কেইবিধমান ৰাতিয়েই পেক কৰি থৈছিল। আৰু সেই টোপোলাবোৰৰ এটা টোপোলাৰ দায়িত্ব মোৰ৷ য’ত আছিল এখন কেৰাহী আৰু হাতত কেৰাহী এখনৰ সৈতে মই তেতিয়া ৰাতিপুৱাৰ ৰাজপথত৷ ক’ত যাম, কি খাম একো নাজানো৷ মাত্ৰ যিমান পাৰোঁ আঁতৰি আহিছোঁ সেই ঠাইখিনিৰ পৰা। এনেকৈ খোজ কাঢ়ি বিদ্যুতে আমাক তাৰ কলেজ কেম্পাছ পোৱালে। আই টি আই নগাঁও। বৰ ডাঙৰ কেম্পাছ। ছাগলী সোমোৱা বেৰখনেৰে আমাক ভিতৰলৈ লৈ গ’ল। আৰু তাৰ ক্লাছ ৰূম, আড্ডা দিয়া ঠাই, কমন ৰূম সকলো চিনাকি কৰি দি গ’ল। আমি তিনিজনৰ বাহিৰে কোনো এটা প্ৰাণী নাছিল কলেজ কেম্পাছত। সকলোখিনি দেখুৱাৰ পিছত এইবাৰ তাৰ লক্ষ্য এজন অভিনেতাৰ ঘৰ দেখুৱা। আৰু অভিনেতাজনৰ নামটো মোক নকয় অলপ চাচপেন্সত ৰাখিলে৷ আৰু ক’লে,
: কপাল ভাল যদি আজি তই দৰ্শন কৰিবও পাৰিবি আমাৰ অসমৰ এই হিৰোজনৰ।
যিহেতু সিহঁতে মোক নগাঁওখন দেখুৱাৰ আশাৰে ইয়ালৈ লৈ আহিছে গতিকে যিমান পাৰে এই সময়খিনিত মোক এফালৰ পৰা দেখুৱাই যাব। ৰাতিপুৱাৰ সময় বাবে গম নাপালোঁ যদিও বহুত সময় খোজ কাঢ়ি অৱশেষত বিদ্যুতে এটা বিল্ডিংলৈ আঙুলিয়াই দিলে। বৰ ধুনীয়া পৰিৱেশৰ মাজত ঘৰটো। সন্মুখভাগত সেউজীয়া গছ-গছনি৷ এক কথাত ক’বলৈ গ’লে অলপ চকুত লগা৷ সন্মুখত কোনো মানুহ নেদেখিলোঁ ঘৰটোৰ। বিদ্যুতলৈ প্ৰশ্ন,
: কাৰ ঘৰ?
বিদ্যুতে অলপ গৌৰৱেৰে ক’লে,
: এইটো যতীন বৰাৰ ঘৰ। ইয়াতে যতীন বৰা থাকে৷
মনটো ভাল লাগি গ’ল সকলো গালি, কষ্ট পাহৰি পেলালোঁ পলকতে। সেইজন যতীন বৰাৰ ঘৰ, যাক আমি টিভিত দেখোঁ। এবাৰ ওলাই অহা হ’লে? চহী এটা কৰিবলৈ ক’ত কম তাকো ভাবি থলোঁ। সেই সময়খিনিত কেৰাহীখন জিণ্টুৱে ল’ব লাগিব বুলি তাক কৈ থলোঁ। প্ৰায় দুঘণ্টাৰ বেছি সময় তেনেকৈ ৰৈ থাকিলোঁ এটা আশাৰে যতীন বৰা আহিব এটা চহী ল’ম। কিন্তু কোনো এটা মানুহ নেদেখিলোঁ। ধনী মানুহ গুৱাহাটীতো ঘৰ আছে। হয়তো তাতো ৰাতি থাকিব পাৰে বুলি জিণ্টুৰ সান্তনা মোলৈ। ওলাই আহিলোঁ ঠাইখিনিৰ পৰা নিৰাশ মনে।
আমি যে দিনৰ দিনটো ঘূৰি ফুৰিছিলোঁ সেই সময়খিনিত বিদ্যুতৰ ফোনত ত্ৰিশবাৰৰ ওপৰত ফোন আহিছিল ভাৰ্গব আৰু ঘৰৰ মালিকনীৰ। আমি ভাবিছিলোঁ সেয়া কালিৰ ঘটনাটোৰ বাবে খাব লগা গালিৰ ফোন। ইফালে ভাৰ্গব গোটেই কাহিনীটোৰ পৰাই দূৰত সেয়ে তালৈ অলপ বেয়া লাগিছিল। তাৰ লগত কি বা ব্যৱহাৰ কৰিছে মালিকে ভগৱানে জানে৷
দিনটো ৰাস্তাই ঘাটে তেনেকৈ ঘূৰি সেইদিনাই আবেলি ট্ৰেইনএখনত উঠিলোঁ গুৱাহাটী অভিমুখী৷ ট্ৰেইনখন ষ্টেচন এৰাৰ লগে লগেই বিদ্যুতে পকেটৰ পৰা চাবি দুটা উলিয়াই আমালৈ দেখুৱালে। আৰু জোৰকৈ চিঞৰি, “অহিংসাই পৰম ধৰ্ম” বুলি কৈ দলিয়াই দিলে গৈ থকা ট্ৰেইনখনৰ পৰা৷ আৰু সেয়াই আছিল বিদ্যুতৰ মালিকৰ প্ৰতি থকা বদলা৷ এটা মালিকৰ গেটৰ আৰু এটা ভাড়া ৰূমৰ বাথৰূমৰ চাবি। আৰু সেই দুটা চাবিৰ বাবেই সেই ফোনকলবোৰ আছিল দিনটো। ভাৰ্গবৰ লগত আমাৰ মাতবোল বহুত দিনলৈ নাছিল। সঁচাকে ক’বলৈ গ’লে পলাই থাকিলোঁ তাৰ পৰা। কি ঠিক পিছপিনৰ পৰা ইটা দলিয়াব পাৰে গালৈ। কাৰণ তাক মালিকনীয়ে ৰাতিপুৱা কেতিয়াবা মৰমত ৰুটি চাহ খাবলৈ দিয়া ল’ৰাটোক নমতা হৈ থাকিল ঘটনাটোৰ পৰা। গতিকে ইমানখিনি ত্যাগ আৰু গালিৰ বিনিময়ত সি পাৰিলে আমাক পাঁচ মাহ ফাঁচীৰ ঘোষণা কৰি দিলে হয়৷
11:03 am
উফ!এনে অঘাইতং লৰা হত।ভাল লাগিল পঢ়ি।
1:46 am
ধন্যবাদ বা
11:28 am
বৰ অঘাইতং দেই তহঁত, আমাৰ দৰে শান্তশিষ্ট কিয় নহ’লি।
বঢ়িয়া লাগিল পঢ়ি
11:39 am
টামাম লাগিল ভাইটি
1:47 am
হে হে দাদা একদমেই অঘাইতং আছিলোঁ। ধন্যবাদ আপোনাক
11:30 am
দিম্পল মজা লাগিল দেই পঢ়ি
11:37 am
বঢ়িয়া দিম্পল। ভাল লাগিল পঢ়ি?
11:50 am
বৰ ঘুটমুটাই ফুৰা লৰা ঐ৷ ভাল লাগিল৷
11:51 am
অহিংসাই পৰম ধৰ্ম ??
আৰম্ভণিৰ পৰা হাঁহিলো একেবাৰে শেষলৈকে ??
❣️ধন্যবাদ বন্ধু ❣️ স্মিতিবোৰ জীপাল কৰি তোলাৰ বাবে ।।
বাকী লিখনি ???
11:53 am
অহিংসাই পৰম ধৰ্ম ??
আৰম্ভণিৰ পৰা হাঁহিলো একেবাৰে শেষলৈকে ??
❣️ধন্যবাদ বন্ধু ❣️ স্মিতিবোৰ জীপাল কৰি তোলাৰ বাবে ।।
বাকী লিখনি ???
11:55 am
এনেই যাযাবৰ নাম পাইছা নে পিতাই
12:08 pm
Bodmashibur vl lgil
12:12 pm
মজ্জা লাগিল পঢ়ি..বদলাটো তামাম???
12:58 pm
bhal lagil …pohi
1:29 pm
প্ৰথম কথা ধুনীয়া লিখা, দ্বিতীয় কথা মজাৰ কাহিনী। ভাল লাগিল
1:55 pm
হাঃ হাঃ
2:24 pm
দিম্পল পিছৰ খিনি ও লাগিছিল ।। বিনা টিকটৰ ঘৰমুৱা যাত্ৰা ??
2:59 pm
ভাল লাগিল পঢ়ি
4:10 pm
???
ইমান বদমাছি!
6:04 pm
কৃষ্ণ হে বুলিলো।
8:42 pm
কি অঘাইটং! জীন্দেগী না মিলে দুবাৰা..
বঢ়িয়া লাগিল!
9:03 pm
তুমি এনেকুৱা হয় জানো , ভাল লাগিল পঢ়ি …..
10:50 pm
ভাল লাগিল
10:51 am
বৰ ৰস পালো দেই দিম্পল..লিখি থাকিবা..
7:38 pm
হাঁহি হাঁহি পেট বিষায় গৈছে,
11:24 pm
?? porhi val lagil
11:25 pm
???? prhi val lagil…
10:59 am
পঢ়ি ভাল লাগিল…কম অঘাইতং নাছিলে??