এটা ভূতৰ কাহিনী- কমল মজুমদাৰ
কানৈ কলেজত পঢ়ি থকা দিনৰ এটি সত্য ঘটনা। চন ১৯৭৫। কানৈ কলেজৰ নতুন হোষ্টেলৰ প্ৰথম মহলাত ভূত ওলাইছে। কেইবাজনো আবাসীয়ে স্বচক্ষে দেখিছে। মাজৰাতি হোষ্টেলৰ অন্ধকাৰ কৰিডৰত এটা বগা ‘আন্দাৰ ওৱেৰ’ শূন্যতে ওপঙি ঘূৰি ফুৰে। এইলৈ হোষ্টেলত সৰব আলোচনা। মাজৰাতি ‘বাথৰূম’ত প্ৰস্ৰাব কৰিবলৈ যোৱা প্ৰায় সকলোৱে দেখিছে। দুই-এজনেহে মাথো দেখা নাই। শচীন দাস (জোকোৱা নাম ‘নিগ্ৰো’) বোলাজনে বুকু ফিন্দাই ক’লে,
: ভয়েই ভূত। সাহসী মানুহে কেতিয়াও ভূত নেদেখে, এইবিলাক সব অন্ধবিশ্বাস। মোৰতো সদায় মাজৰাতি ‘বাথৰূম’লৈ যোৱাটো এটা পুৰণি অভ্যাস, মই কিয় ভূত নেদেখোঁ। এইবোৰ সব মিছাকথা।
হোষ্টেলৰ চুপাৰ (হৰেণ গগৈ ছাৰ) আৰু চকীদাৰ ঘিটিক কাই প্ৰমুখ্যে কেইবাজনো আবাসীয়ে শচীনক সমৰ্থন কৰিলে। কিন্তু ইয়াৰ পিছতো ‘আন্দাৰ ওৱেৰ’ ভূত আৰু বহুকেইজন আবসীয়ে দেখিবলৈ পালে। লাহে লাহে কথাটো গোটেই কলেজখনতে বিয়পি পৰিল। অৱশেষত চুপাৰ ছাৰে কাকো একো নোকোৱাকৈ চকীদাৰ ঘিটিক কাইক লগত লৈ অতি গোপনে ভূত ধৰাৰ ফন্দি পাতিলে। এদিন সকলো আৱাসী শোৱাৰ পিছত মাজৰাতি দুয়োজনে দুটা পাঁচবেটেৰীয়া টৰ্চলাইট লৈ কৰিডৰৰ দুয়োমূৰে বেলেগে-বেলেগে চোপ ল’লে। শেষৰাতি প্ৰায় দুইমান বজাত দেখিবলৈ পালে, সঁচাকৈয়ে এটা বগা ‘আন্দাৰ ওৱেৰ’ শূন্যতে ওপঙি অন্ধকাৰ কৰিডৰৰ মাজেৰে বাথৰূমৰ ফাললৈ আগবাঢ়ি গৈ আছে। ছাৰে ‘STOP’ বুলি কৈ টৰ্চটো জ্বলাই দিলে। লগে লগে সিটোমূৰৰ পৰাও টৰ্চলাইট জ্বলাই ঘিটিক কাই আগুৱাই আহিল। দুটা পাঁচবেটেৰীয়া টৰ্চলাইটৰ পোহৰত দেখা গ’ল কিচকিচীয়া ক’লা ক্ষীণ মানুহ এটা একমাত্ৰ ঢকঢকীয়া বগা আন্দাৰ ওৱেৰ এটা পিন্ধি কৰিডৰৰ মাজত থিয় হৈ অবাক দৃষ্টিৰে চাই চিঞৰি উঠিল,
: কি হ’ল ছাৰ, হঠাৎ ইমান ৰাতি যে আপোনালোক, কৰবাত কিবা অঘটন ঘটিল নেকি?
: চুপ থাক, কোন তই?
: মই শচীন ছাৰ।
: অৰ্দ্ধ উলঙ্গহৈ কৰিডৰত কি কৰি ফুৰিছ?
: নহয় ছাৰ গৰমৰ বাবেহে। এইখিনি সময়তে সদায় প্ৰস্ৰাব কৰিবলৈ যোৱাটো মোৰ পুৰণি অভ্যাস ছাৰ৷
শচীনে লাজ- লাজকৈ ক’লে।
ইতিমধ্যে হোষ্টেলৰ আবাসীসকলো হুলস্থূল শুনি এজন-এজনকৈ গোট খালেহি। কথাবোৰ প্ৰথমে সকলোৰে বাবে ৰহস্যজনক হৈ পৰিছিল যদিও পিছত প্ৰকৃত কথাটো জানিব পাৰি সকলোৱে একেলগে অট্টহাস্য কৰিবলৈ ধৰিলে। লাজত শচীনৰ “ফাট মেলা বসুমতী পাতালে লুকাওঁঁ” অৱস্থা হ’ল।
☆ ★ ☆ ★ ☆
11:02 pm
ভাল লাগিল
10:06 am
মোৰ এটা আত্মাৰ অনুসন্ধান নামৰ ভৌতিক গ্ৰুপ আছে,যদি কোনোবাই ভৌতিক কাহিনী সত্য ভৌতিক ঘটনা দিব বিচাৰে দিব পাৰে।